পি এম ইণ্ডিয়া
সন্মানীয় অধ্যক্ষ মহোদয় ডাঙৰীয়া, আপোনাক এই পদত আসীন হোৱা দেখি এই সদনৰ সকলো সদস্যৰ বাবে এয়া অত্যন্ত আনন্দ আৰু গৌৰৱৰ সময়৷ এই সদনৰ পুৰণি সকলো সদস্যই আপোনাৰ সৈতে ভালদৰে পৰিচিত৷ বিধায়ক হিচাপেও, ৰাজস্থানত আপুনি যি সক্ৰিয় ভূমিকা পালন কৰিছে, তাৰ জৰিয়তেও ৰাজনৈতিক জীৱনৰ সৈতে জড়িত লোকেও আপোনাৰ বিষয়ে পৰিচিত৷
আমাৰ বাবে এয়া গৰ্বৰ বিষয় যে আজি এনে এক ব্যক্তিক আমি অনুমোদন প্ৰদান কৰিছো যি সৰ্বসন্মতিৰে নিৰ্বাচিত হৈছে৷ তেওঁ সাৰ্বজনিক জীৱনত ছাত্ৰ কালৰ পৰাই ছাত্ৰ সংগঠনৰ সৈতে জড়িত আছিল, বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ নেতৃত্ব প্ৰদান কৰি জীৱনৰ সৰ্বাধিক উত্তম সময় কোনো বিৰতি নোলোৱাকৈ অখণ্ড অবিৰতভাৱে সামাজিক জীৱনৰ গতিবিধিসমূহৰ সৈতে জড়িত আছিল৷ ভাৰতীয় জনতা দলৰ কাৰ্যকৰ্তাৰ ৰূপতো ছাত্ৰ আন্দোলনৰ পৰা বাহিৰলৈ আহি যুৱ মৰ্চা সংগঠনত প্ৰায় ১৫ বছৰ পৰ্যন্ত জিলাসমূহত, ৰাজ্যত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিছে৷ মই বহু বছৰ সংগঠনৰ কাম কৰাৰ সুবিধা পাইছিলো আৰু সেইবাবে মোৰ সহযোগীৰ ৰূপত আমি দুয়ো একেলগে কাম কৰাৰ সুবিধা পাইছিলো৷ আৰু কোটাক আজিকালি শিক্ষাৰ কাশী বুলি অভিহিত কৰা হয়৷ যাৰ হৃদয় আৰু মগজুত কেৰিয়াৰে প্ৰাধান্য পায় তেওঁলোকে কোটাক ভাল পায়৷ কোটাত থাকিব, কোটাত পঢ়িব আৰু কোটাৰ পৰাই নিজৰ জীৱন গঢ়িব৷ ৰাজস্থানৰ এটা কোণৰ এই সৰু চহৰ আজি ক্ষুদ্ৰ ভাৰতলৈ পৰিণত হৈছে আৰু কোটাৰ এই পৰিৱৰ্তনৰ নেতৃত্ব যিয়ে প্ৰদান কৰিছে, যাৰ পদক্ষেপত এয়া সম্ভৱ হৈছে, তেওঁৰ নাম হৈছে শ্ৰীমান ওম বিৰলা মহোদয়৷
সাধাৰণতে ৰাজনৈতিক জীৱনত আমাৰ এনেকুৱা এখন ছবি প্ৰদৰ্শিত হয় যে আমি চৌবিশ ঘণ্টাই ৰাজনীতি কৰো, উঠা-বহা কৰো, খিয়লা-খিয়লি কৰো, কোন হাৰিব কোন জিকিব এইবোৰতে ব্যস্ত থাকো৷ কিন্তু তাৰ উপৰিও এটা সত্য আছে যি কেতিয়াবা সন্মুখলৈ নাহে৷ বৰ্তমান দেশে অনুভৱ কৰিছে যে ৰাজনৈতিক জীৱনত যিমানেই অধিক মাত্ৰাত সামাজিক সেৱা অনুপাত বৃদ্ধি হয়, সমাজত সিমানেই স্বীকৃতিও লাভ হয়৷ গোড়া ৰাজনীতিৰ যুগৰ প্ৰায় অন্ত পৰিছে৷ ওম বিৰলা মহোদয়ৰ বৈশিষ্ট হ’ল যে তেওঁ জন প্ৰতিনিধিৰ ৰূপত ৰাজনীতিৰ সৈতে জড়িত থকাটো স্বাভাৱিক আছিল যদিও তেওঁৰ সমগ্ৰ কাৰ্যশৈলী সমাজ সেৱাতে নিবদ্ধ আছিল৷ সামাজিক জীৱনত য’তেই তেওঁ সমস্যা দেখা পাইছিল ত’তেই তেওঁ সৰ্বপ্ৰথমে উপস্থিত হৈছিল৷ মোৰ ভালকৈয়ে মনত আছে যে যেতিয়া গুজৰাটত ভয়ংকৰ ভূমিকম্প আহিছিল তেতিয়া তেওঁ বহু দিনলৈ কচ্ছত আছিল, নিজৰ এলেকাৰ যুৱ সংগীসমূহক লগত লৈ আনিছিল৷ স্থানীয় কোনো ব্যৱস্থা ব্যৱহাৰ নকৰি নিজৰ উপলব্ধ ব্যৱস্থাৰে তেওঁ দীৰ্ঘসময়লৈ সেৱা প্ৰদান কৰিছিল৷ যেতিয়া কেদাৰনাথত বান আহিছিল তেতিয়া তেওঁক উত্তৰাখণ্ডত দেখা গৈছিল৷ তাতো তেওঁ নিজৰ সংগীৰ সৈতে সমাজ সেৱাৰ কামত নামি পৰিছিল৷ নিজৰ কোটাতো যদি কাৰোবাৰ ওচৰত শীতকালি কম্বল নাথাকে তেতিয়া গোটেই ৰাতি কোটাৰ অলিয়ে-গলিয়ে ভ্ৰমণ কৰি, জন-সহযোগিতাৰে গৰম কম্বল তেওঁ প্ৰদান কৰে৷ তেওঁ এটা ব্ৰত গ্ৰহণ কৰিছিল যি সাৰ্বজনিক জীৱনত আমাৰ সকলো সাংসদৰ বাবে প্ৰেৰণাদায়ক৷ তেওঁৰ এটা ব্ৰত আছিল যে কোটাত কোনেও ভোকত শুবলগীয়া নহ’ব আৰু তেওঁ যি প্ৰসাদম নামৰ এক যোজনা প্ৰণয়ন কৰিছিল সেয়া আজিও কাৰ্যকৰী হৈ আছে৷ সেই প্ৰসাদম যোজনাৰ অধীনত জন-সহযোগিতাৰে ভোকাতুৰ লোকক বিচাৰি বিচাৰি তেওঁলোকক অন্ন প্ৰদান কৰাটো তেওঁৰ নিয়মীয়া কৰ্তব্য হৈ পৰিছিল৷ ঠিক সেইদৰে যদি কোনোবা দুখীয়া লোক আছে, কাপোৰ নাই, তেওঁলোকৰ বাবে তেওঁ পৰিধান যোজনা প্ৰণয়ন কৰিছিল৷ সেই পৰিধান আন্দোলনৰ অধীনত জন-সহযোগিতাৰে সামাজিক সংবেদনাৰে নিৰন্তৰে ব্ৰতী হৈ যদি কাৰোবাৰ ওচৰত জোতা নাছিল তেতিয়া জোতা সংগ্ৰহ কৰি জোতা প্ৰদান কৰা, যদি কোনোবা ৰোগাক্ৰান্ত হৈছে, কাৰোবাক যদি ৰক্তৰ প্ৰয়োজন হৈছে, কোনোবা চিকিৎসালয়ত সেৱা প্ৰদান কৰিব লাগে, সেই কাম তেওঁ কৰিছিল৷ এক প্ৰকাৰে তেওঁ নিজৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু জন আন্দোলনতকৈও অধিক জন সেৱালৈ পৰিৱৰ্তিত কৰিছি আৰু এনেকুৱা এক সংবেদনশীল ব্যক্তিত্ব আজি যেতিয়া অধ্যক্ষৰ আসনত আসীন হৈছে, তেওঁ আমাক সকলোকে অনুশাসিতও কৰিব, অনুপ্ৰেৰিতও কৰিব আৰু তেওঁৰ দ্বাৰা এই সদনে দেশৰ এজন অনুঘটক সদস্য লাভ কৰিব৷ মোৰ বিশ্বাস যে তেওঁ উত্তম প্ৰকাৰে এই কাৰ্য সমাধা কৰিব পাৰিব৷
সদনত ভিতৰতো দেখিছো যে তেওঁ হাঁহিলেও অতি পাতলীয়া ধৰণে হাঁহে৷ তেওঁ কথা ক’লেও লাহেকৈ কথা কয় আৰু সেইবাবে সদনত মোৰ কেতিয়াবা ভয় লাগে যে তেওঁৰ যি নম্ৰতা, তেওঁৰ যি বিবেক, তাৰে দুষ্প্ৰয়োগ যাতে অন্যই নকৰে৷ কিন্তু আজিকালি, প্ৰথমে এনেকুৱা হৈছিল যে লোকসভাৰ অধ্যক্ষৰ সমস্যা ৰাজ্যসভাৰ অধ্যক্ষৰ তুলনাত অধিক হৈছিল৷ কিন্তু এতিয়া সেয়া বিপৰীত হৈছে৷ আমি যদি পিছৰটো শাসনকালৰ সদনৰ কথা মনত পেলাও, তেতিয়া প্ৰতিজনেই ক’ব যে আমাৰ যি অধ্যক্ষা মহোদয়া আছিল তেওঁ সদায়েই হাঁহিয়েই থাকিল, কাৰোবাক খং কৰিলেও পিছত হাঁহি পেলাইছিল৷ কিন্তু তেওঁও উত্তম পন্থাৰে এক নতুন পৰম্পৰাৰ সৃষ্টি কৰিছিল৷ এই সদনৰ তৰফৰ পৰা, ট্ৰেজাৰী বেঞ্চৰ তৰফৰ পৰা, শাসন পক্ষৰ সকলো দায়িত্বশীল মন্ত্ৰী পৰিষদৰ তৰফৰ পৰা মই, অধ্যক্ষ মহোদয়, আপোনাক এই আশ্বাস প্ৰদান কৰিছো যে আপোনাৰ কাম সৰল কৰাত আমাৰ যি ভূমিকা হ’ব সেয়া এশ শতাংশই পূৰণ কৰিম আৰু আপোনাৰ এই অধিকাৰ থাকিব যে এই বেঞ্চৰ ফালেও যদি কোনো নিয়মৰ উলংঘা কৰে, ব্যৱস্থাসমূহত বাধা প্ৰদান কৰে তেন্তে আপুনি পূৰ্ণ অধিকাৰেৰে আমাকো আপুনি সেই একে আগ্ৰহেৰেই কওক৷ আমি সেয়া স্বাগতম জনাম কাৰণ সদনৰ গৰিমা বৰ্তাই ৰখাটো অতিশয় প্ৰয়োজনীয়৷ আৰু মোৰ বিশ্বাস যে প্ৰথমে তিনি-চাৰি বছৰ ভালেৰেই যায়, নিৰ্বাচনৰ বৰ্ষটোত অলপ গৰমা-গৰমি হয়, কিন্তু আজি যেতিয়া তিনি-চাৰি মাহৰ পিছত যদি কোনো নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া এনে লাগে যে ইয়াৰ পৰাই এক বাৰ্তা প্ৰদান কৰিম৷ এনে পৰিস্থিতি আপোনাৰো দায়িত্ব অধিক হ’ব৷ তথাপিও ভাল চৰ্চা হওক, সকলো বিষয়ৰ ওপৰতে চৰ্চা হওক, মিলিজুলি নিৰ্ণয় গ্ৰহণ হওক, তাত আপোনাক এই সদনে সম্পূৰ্ণ সহায় কৰিব৷ এই আশাৰেই মোৰ তৰফৰ পৰা, সদনৰ তৰফৰ পৰা, ট্ৰেজাৰী বেঞ্চৰ তৰফৰ পৰা আপোনাক অলেখ শুভকামনা জনাইছো৷ ধন্যবাদ৷
***
कंचन पतियाल / तारा/MANN
Congratulations to Shri @ombirlakota Ji on being unanimously elected the Speaker of the Lok Sabha. He has been associated with public life since his student days and has worked compassionately for the poor and downtrodden.
— Narendra Modi (@narendramodi) June 19, 2019
My best wishes to him for the tenure ahead. pic.twitter.com/NBeZxqO9GV
I propose that Shri @ombirlakota, a Member of the Lok Sabha, be considered for the post of the Speaker of the House: PM @narendramodi in the Lok Sabha
— PMO India (@PMOIndia) June 19, 2019
It is a matter of great pride for the House and we all congratulate @ombirlakota Ji on being unanimously elected as the Speaker of the Lok Sabha.
— PMO India (@PMOIndia) June 19, 2019
Many MPs know Birla Ji well. He has served in the state of Rajasthan as well: PM @narendramodi in the Lok Sabha
Shri @ombirlakota Ji has been in public life for years. He began as a student leader and has been serving society since then, without a break: PM @narendramodi in the Lok Sabha
— PMO India (@PMOIndia) June 19, 2019
Personally, I remember working with @ombirlakota Ji in the @BJP4India organisation for a long time.
— PMO India (@PMOIndia) June 19, 2019
Om Ji represents Kota, a place that is mini-India, a land associated with education and learning: PM @narendramodi in the Lok Sabha
Shri @ombirlakota's life has been devoted to service. I cannot forget how he stayed in Kutch for months when that part of Gujarat was affected by a devastating quake.
— PMO India (@PMOIndia) June 19, 2019
In the same way, he stayed in Kedarnath for months when there were floods: PM @narendramodi
One more good thing about @ombirlakota Ji is that he has worked to ensure people do not stay hungry in Kota: PM @narendramodi
— PMO India (@PMOIndia) June 19, 2019
Jan Seva has been the focal point of the politics of @ombirlakota Ji. He is a compassionate leader who will preside over the sittings of the House: PM @narendramodi in the Lok Sabha
— PMO India (@PMOIndia) June 19, 2019