Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক উত্তৰ প্ৰধানমন্ত্ৰীৰ br


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক উত্তৰ আগবঢ়ায়৷ সদনৰ কামকাজ সূচাৰুৰূপে আগুৱাই নিয়া আৰু সুস্থ বিতৰ্কত অংশ লৈ সদনৰ মৰ্যদা বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সদস্যক ধন্যবাদ জ্ঞাপন কৰে৷ br>
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত চাৰি বছৰত উল্লেখনীয়ভাৱে প্ৰগতি কৰিছে৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰা আৰম্ভ কৰি তীখা খণ্ড, ষ্টাৰ্ট-আপ, দুগ্ধ আৰু কৃষি, বিমান পৰিবহন আদি ক্ষেত্ৰত ভাৰতৰ প্ৰগতি অভূতপূৰ্ব৷ “আমি দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী, দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী, চতুৰ্থ সৰ্বাধিক অট’মোবাইল নিৰ্মাণকাৰী দেশ হিচাপে চিহ্নিত হৈছে৷ আমি এনেকুৱা এখন ৰাষ্ট্ৰ, য’ত বৃহৎ পৰিমাণৰ শস্য উৎপাদন হয়৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷br>
চৰকাৰৰ সফলতাৰ দিশসমূহ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৫৫টা মাহত তেওঁৰ চৰকাৰে কৰা কাম আৰু বিগত ৫৫ বছৰে পূৰ্বৰ চৰকাৰে কৰা কামৰ সমীক্ষা লক্ষ্য কৰিলেই সকলো কথা স্পষ্ট হৈ পৰে৷ ‘স্বচ্ছতা অভিযানে এতিয়া ৯৮% অতিক্ৰম কৰিছে৷ ১০ কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে৷ ৫৫ বছৰত ১২কোটি গেছ সংযোগ দিয়া হৈছিল৷ ইয়াৰ বিপৰীতে যোৱা ৫৫ মাহত ১৩ কোটি গেছ সংযোগ আৰু ৬ কোটি বিদ্যুৎ সংযোগৰ ব্যৱস্থা আগবঢ়োৱা হৈছে৷’—প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ br>
বিৰোধী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে বিপুল ভোটেৰে নিৰ্বাচিত কৰি দিয়া চৰকাৰখনে কি কাম কৰি আছে, সেয়া জনসাধাৰণে প্ৰত্যক্ষ কৰি আছে৷ তেওঁলোকে মহাঁযোটবন্ধনৰ চৰকাৰ নিবিচাৰে আৰু ইয়াক কেতিয়াও সফল হ’ব নিদিয়ে৷ br>
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁক সমালোচনা কৰিবলৈ সকলোৰে অধিকাৰ আছে কিন্তু এয়া কৰিবলৈ গৈ তেওঁলোকে দেশক সমালোচনা কৰা উচিত নহয়৷ br>
দুৰ্নীতি নাশ কৰিবলৈ চৰকাৰে বিৰামবিহীনভাৱে কাম কৰি আছে বুলিও তেওঁ কয়৷ br>
বেনামী আইনৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰেই বেনামী আইন প্ৰণয়ন কৰিছে আৰু বেনামী সম্পত্তিৰ গৰাকীক ক্ৰমান্বয়ে কৰায়ত্ত কৰিব ধৰিছে৷ br>
ৰাফেলক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো অভিযোগৰ তথ্য সহকাৰে প্ৰত্যুত্তৰ দিছে আৰু বিৰোধীয়ে অযথা বিতৰ্কৰ সৃষ্টি কৰি আছে৷ br>
এনডিএ চৰকাৰে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত সময়ছোৱাত প্ৰায় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৈছে৷ br>
এখন সৱল দেশ গঢ়িবলৈ তেওঁৰ চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দৰৱ তথা চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সৈতে জড়িত সকলো সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হৈছে৷ br>
সংস্থাপন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিবহন খণ্ডত সৰ্বাধিক চাকৰি সৃষ্টি হৈছে৷ যোৱা চাৰি বছৰত ৬ লাখৰো অধিক নতুন পেছাদাৰীয়ে কৰ্মক্ষেত্ৰত যোগ দিছে আৰু তেওঁলোকে আনৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰিছে৷ ২০১৭ৰ ছেপ্তেম্বৰৰ পৰা ২০১৮ৰ নৱেম্বৰৰ ভিতৰত প্ৰায় ১.৮০ কোটি লোক কৰ্মচাৰী ভৱিষ্যনিধি পুঁজিত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰে ৬৪%ৰ বয়স ২৮বছৰৰ তলত৷ প্ৰধানমন্ত্ৰীয়ে লোকসভাত এইকথাও প্ৰকাস কৰে যে ৰাষ্ট্ৰীয় পেঞ্চন পদ্ধতি(এনপিএছ)ৰ অধীনত ১.২০ কোটি লোক পঞ্জীভুক্ত হৈছে৷ br>
ভাৰতৰ বৈদেশিক নীতিয়ে দেশক গোলকীয় মঞ্চৰ সন্মুখলৈ লৈ গৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতে কি কয় সেয়া সমগ্ৰ বিশ্বই গুৰুত্ব সহকাৰে শুনে৷ পেৰিছ চুক্তি চূড়ান্ত হোৱাৰ পূৰ্বে বিশ্বৰ আগশাৰীৰ নেতাসকলে ভাৰতৰ সৈতে মতবিনিময় কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে এই কথাও স্পষ্ট কৰে যে ভাৰত ইজৰাইল আৰু পেলেষ্টাইনৰ সৈতে যিমান ঘনিষ্ঠ, চৌদি আৰৱ আৰু ইৰানৰ সৈতেও সিমানে ঘনিষ্ঠ৷ br>
ভাৰতৰ প্ৰগতিত নতুন প্ৰজন্মৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়—‘২১ শতিকাত জন্ম গ্ৰহণ কৰাসকল এতিয়া ভোটাৰ হ’ব, গতিকে তেওঁলোকৰ ওপৰত ভাৰতৰ প্ৰগতি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব৷’
তেওঁৰ চৰকাৰে সদায় দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি আহিছে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ সামৰে৷ br>
***

AKT/SH/BM/MS