Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ধন্যবাদসূচক ভাষণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ অসমীয়া অনুবাদ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত আজি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ প্ৰত্যুত্তৰত ধন্যবাদ জনাই ভাষণ প্ৰদান কৰে৷ টুইটাৰৰ এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

‘‘এখন চৰকাৰে ভাৰতীয়ৰ বাবে কাম কৰিব লাগে, এখন চৰকাৰে জনসাধাৰণৰ প্ৰত্যাশাক গুৰুত্ব দিব লাগে৷ ইয়াত দুৰ্নীতিৰ বাবে কোনো স্থান নাই৷

আজি বহু লোকে সংসদত ভাষণ প্ৰদান কৰিছে৷ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷

২০১৯ চনৰ সংসদীয় নিৰ্বাচনত প্ৰথমবাৰলৈ ভোট প্ৰদান কৰিবলৈ ব্যক্তিসকলক শুভেচ্ছা জনাইছো৷ একবিংশ শতিকাত জন্ম লাভ কৰা ব্যক্তিসকল এতিয়া ভোটাৰলৈ পৰিৱৰ্তিত হৈছে আৰু সেয়ে তেওঁলোকে ভাৰতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

এই বিশ্বাস আৰু বীক্ষণে আমাৰ ৰাষ্ট্ৰক আগুৱাই লৈ যাব৷ আমি সেইসকল লোক নহয় যি প্ৰত্যাহ্বানৰ মুখামুখি নহয়৷ আমি প্ৰত্যাহ্বানৰ মুখামুখি হও আৰু জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ বাবে কাম কৰো৷

কংগ্ৰেছৰ আমাৰ বন্ধু সকলে দুটা পৰ্যায়কাল প্ৰত্যক্ষ কৰিছে৷ বিচিবিফৰ কংগ্ৰেছ অৰ্থাৎ কংগ্ৰেছৰ পূৰ্বে, যেতিয়া একো হোৱা নাছিল৷ এডিআফটাৰ ডায়নেষ্টি অৰ্থাৎ পৰিয়ালতন্ত্ৰৰ পিছতত সকলো হৈছিল৷

যোৱা চাৰি বছৰত ভাৰতে উল্লেখযোগ্য বিকাশৰ মুখ দেখিবলৈ সমৰ্থ হৈছে৷ বিনিয়োগ, ষ্টীল, ষ্টাৰ্টআপ, দুগ্ধ আৰু কৃষি, বিমান সকলো পৰিধিতে ভাৰতৰ বিকাশ চকুত লগা বিধৰ হৈছে৷

মোদীক ঘৃণা কৰাৰ জৰিয়তে বিৰোধীয়ে ৰাষ্ট্ৰক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে৷ সেয়ে তেওঁলোকৰ নেতাই লণ্ডনলৈ গৈ সংবাদ মেলত ভাৰতৰ বিষয়ে বেয়াকৈ কৈছে৷

আপোনালোকে জানেনে তেওঁলোকৰ বাবে মোৰ অপৰাধ কি?দুখীয়া পৰিয়ালত জন্মা এজন ব্যক্তিয়ে তেওঁলোকৰ শাসনক প্ৰত্যাহ্বান জনাইছে৷

তেওঁলোকৰ ৫৫ বছৰত অনাময়ৰ ব্যাপ্তি আছিল ৩৮% আৰু আমাৰ ৫৫ মাহত ৯৮% স্পৰ্শ কৰিছে৷ তেওঁলোকৰ ৫৫ বছৰত গেছৰ সংযোগ আছিল ১২ কোটি আৰু আমাৰ ৫৫ মাহত এয়া হৈছেগৈ ১৩ কোটি৷ আমি আমাৰ পাঁচ বছৰত দ্ৰুত গতিত কাম কৰিছো৷

এবাৰ ভাবক, কংগ্ৰেছে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছিল কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে আৰ্মীক অপমান কৰিছে, আৰ্মীৰ মুখ্যক গুণ্ডা বুলি কৈছে কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছৰ নেতাই কৈছে যে ভাৰতীয় আৰ্মীয়ে আঘাতৰ সৃষ্টি কৰিছে….কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷

কংগ্ৰেছে নিৰ্বাচন আয়োগ আৰু ইভিএমৰ বিৰুদ্ধে প্ৰশ্ন কৰিছে কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে ন্যায়পালিকাক নস্যাৎ কৰিছে কিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷ কংগ্ৰেছে পৰিকল্পনা আয়োগক বহুৱাৰ দল বুলি কৈছেকিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷

কংগ্ৰেছে অনুচ্ছে ৩৫৬ৰ কেইবাৰো দুৰ্ব্যৱহাৰ কৰিছেকিন্তু মোদীয়ে বিধান ধ্বংস কৰিছে৷

ভাৰতৰ জনতাই দেখিছে যে সম্পূৰ্ণ বহুমতৰ এখন চৰকাৰে কেনেধৰণে কাম কৰিব পাৰে৷ তেওঁলোকে এনডিএৰ কাম দেখিছে৷ তেওঁলোকে কলকাতাত একত্ৰিত হোৱা মহাভেজালচৰকাৰ নিবিচাৰে৷

২০১০ চনৰ কমনৱেলথ ক্ৰীড়াৰ সময়ত আমাৰ খেলুৱৈসকলে ভাৰতৰ বাবে পদক জিকিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ কিন্তু কংগ্ৰেছৰ বাবে কমনৱেলথ ক্ৰীড়া আছিল ব্যক্তিগত সম্পদ আহৰণৰ আহিলা৷

ইউপিএৰ ফোন বেংকিঙে বন্ধু আৰু তেওঁলোকৰ নেতাসকলৰ বাবে আচৰিত কাম কৰিছিল৷ সেই প্ৰিয়ভাজনৰ বাবেই আমাৰ বেংকিং ব্যৱস্থাই লটিঘটিৰ সন্মুখীন হবলগীয়া হৈছে৷

মই এই সংসদৰ মজিয়াত কব বিচাৰিছো যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে আমাৰ সৈন্যবাহিনীক শক্তিশালী হোৱাটো নিবিচাৰে৷ তেওঁলোকে আমাৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী হোৱাটো নিবিচাৰে৷ কোন কোম্পানীৰ বলত তেওঁলোকে এনে লজ্বাজনক আচৰণ কৰিছে?

ডঃ বাবাচাহেব আম্বেদকাৰ সদায়েই তেওঁৰ সময়তকৈ আগৰণুৱা আছিল৷ তেওঁ কৈছিল যে কংগ্ৰেছত যোগদান কৰাটো আত্মহত্যাৰ লেখীয়া৷

বিভিন্ন সংগঠনে প্ৰবাসৰ পৰা পুঁজি লাভ কৰিছিল৷ আমি এই প্ৰক্ৰিয়াত স্বচ্ছতা বিচৰাত বহু এনে সংস্থা বন্ধ হৈ পৰিল৷ তেনে ধন কোনো হিচাপ নোহোৱাকৈ কিয় আহিবলৈ দিয়া হৈছিল?

মূল্যবৃদ্ধি আৰু কংগ্ৰেছ এটা দলৰ দৰে৷ যেতিয়াই কংগ্ৰেছ আহে তেতিয়াই মূল্যবৃদ্ধি হয়৷ এনডিএ চৰকাৰে সৰ্বদা মূল্যৰ ওপৰত নজৰ দি আছে৷

ইউপিএ চৰকাৰৰ সময়ত এলইডি বাল্বৰ মূল্য কিয় ইমান বেছি আছিল?

আমাৰ চৰকাৰে জনতাৰ সুস্বাস্থ্য আৰু কল্যাণৰ বাবে সদায়েই কাম কৰি আছে৷ ষ্টেণ্ট, আঠুৰ অস্ত্ৰোপচাৰ আৰু ঔষধৰ মূল্য হ্ৰাস হৈছে৷ ইয়াৰ দ্বাৰা দৰিদ্ৰসকল উপকৃত হৈছে৷

২০১৭ চনৰ পৰা আৰম্ভ কৰি ২০১৮ চনৰ নৱেম্বৰ মাহলৈ এই ১৫ মাহত প্ৰায় ১ কোটি ৮০ লাখ লোকে প্ৰথমবাৰলৈ ভৱিষ্য নিধিৰ টকা কৰ্তন কৰোৱাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰেও ৬৪ শতাংশৰে বয়স ২৮ বছৰতকৈ কম৷

ইয়াৰোপৰি আন এক তথ্য আমাৰ লগত আছে৷ আমাৰ দেশত ২০১৪ চনৰ মাৰ্চ মাহত প্ৰায় ৬৫ লাখ লোকে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এনপিএছ)ত পঞ্জীয়ন কৰিছিল৷ যোৱা বছৰৰ অক্টোবৰ মাহত এই সংখ্যা বৃদ্ধি হৈ প্ৰায় ১ কোটি ২০ লাখ হৈছে৷ এয়া কি বিনা চাকৰিৰ ফলত হৈছে নেকি?

আৰু এটা হিচাপ আছে৷ প্ৰতিবছৰে আয়কৰ দাখিলৰ সময়ত অনাঔদ্যোগিক কৰদাতাই নিজৰ আয় ঘোষণা কৰে৷ তেওঁলোকে নিজে দৰমহা নাপায় কিন্তু তেওঁলোকৰ অধীনত কাম কৰা লোকসকলক দৰমহা প্ৰদান কৰে৷

যোৱা চাৰিটা বছৰত দেশত এনেকুৱা ৬ লাখ নতুন পেছাদাৰীলোক সংযুক্ত হৈছে৷ আপোনালোকে এনেকৈ ভাবে নেকি যে এজন চিকিৎসকে নিজৰ এখন ক্লিনিক বা নাৰ্ছিং হোম খুলিছে আৰু তাত এজন ব্যক্তিকেই চাকৰি দিছে, অথবা কোনো এজন চাৰ্টাৰ্ড একাউণ্টেণ্টকেই চাকৰি দি নিজৰ কাৰ্যালয় চলাই আছে? নহয়৷

হাজাৰ কোটি টকাৰ ব্যয়েৰে ৯৯টা ওলমি থকা সিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে৷

ভাৰত ইজৰাইল আৰু পেলেষ্টাইনৰো বন্ধু, ভাৰত ছৌদি আৰব আৰু ইৰাণৰো বন্ধু৷ আমাৰ বৈদেশিক নীতিয়ে ভাৰতৰ স্থিতি বিশ্বদৰবাৰত ক্ৰমে শক্তিশালী কৰি তুলিছে৷

আমি সদায়েই ভাৰতৰ জনতাৰ প্ৰত্যাশা পূৰণ কৰিম৷

মই আপোনালোকক নিশ্চিতি প্ৰদান কৰিছো যে যিসকলে দেশক লুট কৰিছে তেওঁলোকে নৰেন্দ্ৰ মোদীক ভয় কৰিবলৈ আৰম্ভ কৰিছে৷

‘‘সূৰ্য গলেও কলৈ যাব

সি ইয়াতেই থাকিব লাগিব

ইয়াতেই আমাৰ উশাহত

আমাৰ শিৰাত

আমাৰ সংকল্পত

আমাৰ নিশাত

তুমি উদাস নহবা

এতিয়া মই কোনো সূৰ্যকে অস্ত যাবলৈ নিদিও৷’’

 

***

AKT/SH/MANN