পি এম ইণ্ডিয়া
মান্যবৰ প্ৰধানমন্ত্ৰী ফিৎচো,
দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,
সংবাদ মাধ্যমৰ বন্ধুসকল,
নমস্কাৰ!
“দুব্ৰী দেন”
এই আন্তৰিকতাপূৰ্ণ আদৰণিৰ বাবে মই প্ৰধানমন্ত্ৰী ফিৎচোক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
তেওঁ এজন অভিজ্ঞ নেতা হোৱাৰ লগতে ভাৰতৰ এজন প্ৰকৃত বন্ধু। ভাৰত-শ্লভাকিয়াৰ সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ বন্ধুত্ব আৰু দৃঢ় প্ৰতিশ্ৰুতিৰ বিশেষ গুৰুত্ব আছে। মই আনন্দিত যে আজি তেওঁক লগ পাই আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱাৰ সৌভাগ্য মোৰ হৈছে।
মোৰ এই ভ্ৰমণ হৈছে যিকোনো এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম শ্লভাকিয়া ভ্ৰমণ। মই অতিশয় আনন্দিত যে এই ঐতিহাসিক ক্ষণত আমি আমাৰ সম্পৰ্কক ‘সামগ্ৰিক অংশীদাৰিত্ব’-ৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছোঁ। এয়া আমাৰ উমৈহতীয়া বিশ্বাস, উমৈহতীয়া অগ্ৰাধিকাৰ আৰু যৌথ ভৱিষ্যতৰ প্ৰতীক।
বন্ধুসকল,
আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।
তথাপিও আমাৰ সম্ভাৱনীয়তা অপৰিসীম আৰু আমাৰ আকাংক্ষাও তাতকৈ বহু বেছি। যান-বাহন উদ্যোগ, ৰে’লৱে, উন্নত উৎপাদন আৰু সেউজ প্ৰযুক্তি হৈছে আমাৰ বিশেষ আগ্ৰহৰ ক্ষেত্ৰ। এই সকলোবোৰ বিষয়তে আজি আমি আমাৰ শক্তি সন্মিলিত কৰি দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়াত শ্লভাকিয়াই আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰীক বিশেষ ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ ক্ষিপ্ৰ ৰূপায়ণৰ বাবে কাম কৰিম যাতে দুয়োখন দেশৰ উদ্যোগ, নতুন ষ্টাৰ্টআপ আৰু ব্যৱসায়ীসকলে ইয়াৰ সৰ্বাধিক লাভ উঠাব পাৰে।
বন্ধুসকল,
প্ৰযুক্তি হৈছে আমাৰ ভৱিষ্যতৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। ডিজিটেল প্ৰযুক্তিৰ সন্দৰ্ভত আজি স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিব।
মই আনন্দিত যে শ্লভাকিয়াৰ এখন বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ৰ ওপৰত ভাৰতীয় আসন বা ‘ইণ্ডিয়া চেয়াৰ’ স্থাপন কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা মানৱতাৰ সেৱা আৰু প্ৰগতিৰ এক শক্তিশালী মাধ্যম হওক, এয়াই আমাৰ যৌথ চিন্তাধাৰা। আমি বিশ্বাস কৰোঁ যে ইয়াৰ ভৱিষ্যত কেৱল নতুন উদ্ভাৱনৰ ওপৰতে নহয়, বৰঞ্চ বিশ্বাস, দায়িত্ববোধ আৰু মানৱীয় মৰ্যাদাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব।
মহাকাশ খণ্ডত আমাৰ মাজত সহযোগিতা বৃদ্ধিৰ বিপুল সম্ভাৱনা আছে। ২০১৭ চনত শ্লভাকিয়াৰ প্ৰথমটো উপগ্ৰহ ভাৰতেই উৎক্ষেপণ কৰিছিল। আজি ভাৰতৰ মহাকাশ খণ্ডই এক অভূতপূৰ্ব গতিৰে নতুন উচ্চতা স্পৰ্শ কৰিছে। মই শ্লভাকিয়াৰ কোম্পানীসমূহক এই উন্নয়ন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।
অসামৰিক পাৰমাণৱিক শক্তিও দুয়োখন দেশৰ বাবে এক মুখ্য অগ্ৰাধিকাৰৰ ক্ষেত্ৰ। আমি এই ক্ষেত্ৰত দুয়োখন দেশৰ উদ্যোগ আৰু বিশেষজ্ঞসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত জোৰ দিছোঁ।
প্ৰতিৰক্ষা সহযোগিতা হৈছে আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাস আৰু কৌশলগত সংগতিৰ প্ৰমাণ। মই আনন্দিত যে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজি আমি এক সন্মতি পত্ৰ স্বাক্ষৰ কৰিলোঁ। ইয়াৰ ফলত যৌথ গৱেষণা, যৌথ উৎপাদন আৰু প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত সহযোগিতাই এক নতুন গতি লাভ কৰিব।
বন্ধুসকল,
বিশ্ব মঞ্চতো ভাৰত আৰু শ্লভাকিয়াই ঘনিষ্ঠ সমন্বয়ৰে আগবাঢ়িছে। আমি একমত হৈছোঁ যে সকলো বিবাদ আৰু উত্তেজনাৰ সমাধান শান্তিপূৰ্ণ পদ্ধতিৰে হ’ব লাগে। আমি সকলো অংশীদাৰৰ সৈতে মিলি এই দিশত আগবাঢ়ি যাম।
আমি এই কথাতো একমত যে গোলকীয় প্ৰতিষ্ঠানসমূহে একবিংশ শতিকাৰ বাস্তৱতা আৰু প্ৰত্যাহ্বানসমূহৰ সৈতে সংগতি ৰাখি নিজক নতুনকৈ গঢ়ি তুলিব লাগিব। এই বিষয়ত আমি গোলকীয় প্ৰয়াসক শক্তিশালী কৰাৰ দিশত কাম কৰিম।
বন্ধুসকল,
দুয়োখন দেশৰ মাজত থকা গভীৰ সাংস্কৃতিক আৰু সুদৃঢ় সামাজিক সম্পৰ্কই আমাৰ বন্ধুত্বক এক শক্তিশালী ভিত্তি প্ৰদান কৰিছে। ভাৰতৰ প্ৰাচীন উপনিষদসমূহ ‘শ্লভাক’ ভাষালৈ অনুবাদ কৰাটো আমাৰ সাংস্কৃতিক ঘনিষ্ঠতাৰ এক উৎকৃষ্ট উদাহৰণ।
শ্লভাকিয়াত বসবাস কৰা ভাৰতীয় মূলৰ লোকসকলে ইয়াৰ অৰ্থনীতি আৰু সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। দুয়োখন দেশৰ মাজত পেচাদাৰী আৰু দক্ষ শ্ৰমিকৰ যাতায়াত বৃদ্ধিৰ বাবে আজি আমি শ্ৰম প্ৰব্ৰজনৰ সন্দৰ্ভত এক বুজাবুজি চুক্তি ঘোষণা কৰিছোঁ। আমি অতি সোনকালে সামাজিক নিৰাপত্তা সম্পৰ্কীয় বুজাবুজি চুক্তিকো চূড়ান্ত ৰূপ দিম।
মান্যবৰ,
আজিৰ এই অত্যন্ত ফলপ্ৰসূ আলোচনা আৰু ভাৰতৰ প্ৰতি আপোনাৰ ইতিবাচক দৃষ্টিভংগীৰ বাবে মই পুনৰ এবাৰ আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মই ১৪০ কোটি ভাৰতবাসীৰ হৈ আপোনাক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আৰু মই আনন্দিত যে আপুনি ৰাজহুৱাভাৱেও এই আমন্ত্ৰণ গ্ৰহণ কৰিছে। আমি আপোনাক আদৰিবলৈ অত্যন্ত আগ্ৰহেৰে অপেক্ষা কৰিছোঁ।
মই নিশ্চিত যে আমাৰ এই ‘সামগ্ৰিক অংশীদাৰিত্ব’ আগন্তুক বৰ্ষসমূহত নতুন সুযোগ, উমৈহতীয়া সমৃদ্ধি আৰু আমাৰ জনসাধাৰণৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰ হৈ পৰিব।
বহুত বহুত ধন্যবাদ। নমস্কাৰ।
***
MJPS/SS/ST/DB
Addressing the joint press meet with PM Robert Fico of Slovakia.@RobertFicoSVK https://t.co/qP50HdYhUO
— Narendra Modi (@narendramodi) June 15, 2026
मेरी यह यात्रा किसी भी भारतीय प्रधानमंत्री की स्लोवाकिया की पहली यात्रा है।
— PMO India (@PMOIndia) June 15, 2026
मुझे खुशी है कि इस ऐतिहासिक अवसर पर हमने अपने संबंधों को Comprehensive Partnership का दर्जा देने का निर्णय लिया है।
यह हमारे साझा विश्वास, साझा प्राथमिकताओं और साझा भविष्य का प्रतीक है: PM @narendramodi
India-EU FTA को अंतिम रूप देने में स्लोवाकिया से मिले सहयोग के लिए मैं प्रधानमंत्री जी का विशेष आभार व्यक्त करता हूँ।
— PMO India (@PMOIndia) June 15, 2026
हम इसके जल्द से जल्द implementation के लिए काम करेंगे ताकि दोनों देशों के उद्योग, स्टार्टअप्स और traders इसका अधिकतम लाभ उठा सकें: PM @narendramodi
मुझे खुशी है कि स्लोवाकिया की एक यूनिवर्सिटी में AI के विषय पर India Chair स्थापित की जा रही है।
— PMO India (@PMOIndia) June 15, 2026
AI मानवता की सेवा और प्रगति का सशक्त माध्यम बने, यही हमारी साझा सोच है।
हमारा मानना है कि AI का भविष्य केवल innovation से नहीं, बल्कि trust, responsibility और human dignity पर…
रक्षा सहयोग हमारे गहरे आपसी विश्वास और strategic convergence का प्रमाण है।
— PMO India (@PMOIndia) June 15, 2026
मुझे खुशी है कि इस महत्वपूर्ण क्षेत्र में आज हमने Letter of Intent sign किया।
इससे joint development, joint production और defence industries के बीच सहयोग को नई गति मिलेगी: PM @narendramodi
दोनों देशों के बीच गहरे सांस्कृतिक और people-to-people ties हमारे संबंधों को मज़बूत आधार प्रदान करते हैं।
— PMO India (@PMOIndia) June 15, 2026
भारत के प्राचीन उपनिषदों का “स्लोवाक” भाषा में अनुवाद किया जाना हमारी सांस्कृतिक निकटता का उत्कृष्ट उदाहरण है।
स्लोवाकिया में रह रहे भारतीय मूल के लोग यहाँ की economy और…