পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘শ্ৰম সংহিতা’ চাৰিখনৰ ৰূপায়ণক আদৰণি জনাইছে, ইয়াক স্বাধীনতাৰ পৰৱৰ্তী কালত কৰা অন্যতম ব্যাপক আৰু প্ৰগতিশীল শ্ৰমমুখী সংস্কাৰ বুলি অভিহিত কৰিছে। তেওঁ কয় যে অনুপালন যথেষ্ট সৰল কৰাৰ লগতে ‘ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য’ প্ৰসাৰিত কৰি এই সংস্কাৰসমূহে শ্ৰমিকসকলক বহু পৰিমাণে শক্তিসমৃদ্ধ কৰিব।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘শ্ৰম সংহিতা’ চাৰিখনে সাৰ্বজনীন সামাজিক সুৰক্ষা, ন্যূনতম আৰু সময়মতে মজুৰি প্ৰদান, নিৰাপদ কৰ্মস্থলী আৰু জনসাধাৰণৰ বাবে বিশেষকৈ নাৰী শক্তি আৰু যুৱ শক্তিৰ বাবে লাভদায়ক অৱসৰৰ বাবে এক শক্তিশালী আধাৰ হিচাপে কাম কৰিব।
শ্ৰী মোদীয়ে আৰু কয় যে এই সংস্কাৰে শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশ শক্তিশালী কৰিব পৰা ভৱিষ্যতৰ বাবে সাজু পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব। তেওঁ লগতে কয় যে এইসমূহে নিয়োগ সৃষ্টিৰ হাৰ বৃদ্ধি কৰিব, উৎপাদনশীলতাক আগুৱাই নিব আৰু বিকাশিত ভাৰতৰ দিশত দেশৰ যাত্ৰা ত্বৰান্বিত কৰিব।
এলানি ‘পোষ্ট’-ত শ্ৰী মোদীয়ে কয়;
“শ্ৰমেৱ জয়তে!
আজি আমাৰ চৰকাৰে চাৰিখন ‘শ্ৰম সংহিতা’ বলবত্ কৰিলে। স্বাধীনতাৰ পৰৱৰ্তী কালত কৰা এয়া হৈছে অন্যতম ব্যাপক আৰু প্ৰগতিশীল শ্ৰমমুখী সংস্কাৰ। ই আমাৰ কৰ্মীসকলক বহু পৰিমাণে শক্তিসমৃদ্ধ কৰিব। ইয়াৰ উপৰিও ই অনুপালন যথেষ্ট সৰল কৰাৰ লগতে আৰু ‘ব্যৱসায় কৰাৰ সাচ্ছন্দ্য’ প্ৰসাৰিত কৰিব।
#শ্ৰমেৱ জয়তে
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2192463”
“এই সংহিতাসমূহে আমাৰ জনসাধাৰণ, বিশেষকৈ নাৰী শক্তি আৰু যুৱ শক্তিৰ বাবে সাৰ্বজনীন সামাজিক সুৰক্ষা, ন্যূনতম আৰু সময়মতে মজুৰি, নিৰাপদ কৰ্মস্থলী আৰু লাভদায়ক অৱসৰৰ প্ৰদানৰ বাবে এক শক্তিশালী আধাৰ হিচাপে কাম কৰিব।”
“ই ভৱিষ্যতৰ বাবে সাজু পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব, যিয়ে শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰিব আৰু ভাৰতৰ অৰ্থনৈতিক উথ্থানক শক্তি প্ৰদান কৰিব। এই সংস্কাৰে নিয়োগ সৃষ্টিৰ হাৰ বৃদ্ধি কৰিব, উৎপাদনশীলতাক আগুৱাই নিব আৰু বিকশিত ভাৰতৰ দিশত আমাৰ যাত্ৰা ত্বৰান্বিত কৰিব।”
Shramev Jayate!
Today, our Government has given effect to the Four Labour Codes. It is one of the most comprehensive and progressive labour-oriented reforms since Independence. It greatly empowers our workers. It also significantly simplifies compliance and promotes ‘Ease of…
— Narendra Modi (@narendramodi) November 21, 2025
********
MJPS/ST/KB
Shramev Jayate!
— Narendra Modi (@narendramodi) November 21, 2025
Today, our Government has given effect to the Four Labour Codes. It is one of the most comprehensive and progressive labour-oriented reforms since Independence. It greatly empowers our workers. It also significantly simplifies compliance and promotes ‘Ease of…
These Codes will serve as a strong foundation for universal social security, minimum and timely payment of wages, safe workplaces and remunerative opportunities for our people, especially Nari Shakti and Yuva Shakti.
— Narendra Modi (@narendramodi) November 21, 2025
It will build a future-ready ecosystem that protects the rights of workers and strengthens India’s economic growth. These reforms will boost job creation, drive productivity and accelerate our journey towards a Viksit Bharat.
— Narendra Modi (@narendramodi) November 21, 2025