পি এম ইণ্ডিয়া
জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল শ্ৰীমান এম.এন. ভোহৰাজী, মুখ্যমন্ত্ৰী মেহবুবা মুফটিজী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰীমান নীতিন গাডকাৰীজী, জিতেন্দ্ৰ সিংজী, আৰ.কে. সিংজী, জম্মু আৰু কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীমান কবীন্দ্ৰ গুপ্তাজী, শক্তিমন্ত্ৰী শ্ৰীসুনীল কুমাৰ শৰ্মাজী, বিধানসভাৰ উপাধ্যক্ষ নজীৰ আহমদ খানজী, সাংসদ আৰু দেশৰ জ্যেষ্ঠ নেতা সন্মানীয় ড০ ফাৰুক আব্দুল্লাজী, সাংসদ শ্ৰীমান মুজ্জফৰ হুছেইন বেইগ জী, ইয়াত উপস্থিত হোৱা সন্মানীয় নেতৃবৃন্দ তথা ৰাজ্যখনৰ মোৰ প্ৰিয় ভাই-ভনীসকল।
আকৌ এবাৰ জম্মু আৰু কাশ্মীৰলৈ আহি আপোনালোকক লগ পোৱাৰ সৌভাগ্য হল। বিগত চাৰিটা বছৰত এনেকুৱা এটা বছৰ নাই যিটো বছৰত মই ইয়ালৈ অহা নাছিলো। শ্ৰীনগৰত হোৱা বানৰ পিছত উদযাপিত দেৱালী উত্সৱ মই উদযাপন কৰিছিলো বানপীড়িতসকলৰ লগত। তদুপৰি সীমান্তত নিয়োজিত হৈ থকা জোৱানসকলৰ লগত দিপাৱলী উদযাপনৰো সৌভাগ্য মোৰ হৈছে আৰু পৱিত্ৰ ৰমজান মাহৰ এই শুভ দিনটোত মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। এইটো মাহটোৱে দেৱদূত মহম্মদ চাহেব আৰু তেওঁৰ বাণীসমূহৰ কথা স্মৰণ কৰাৰ সুযোগ দান কৰে। তেওঁ জীৱনাদৰ্শই সমতা আৰু ভাতৃত্ববোধৰে দেশ তথা সমগ্ৰ পৃথিৱী আক্ষৰিক অৰ্থতে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দি আহিছে। পৱিত্ৰ এই ৰমজান মাহতে আমাৰ এটা ডাঙৰ সপোন সাৰ্থক হোৱা কথাটোক এটা আনন্দদায়ক কাকতালীয় সংঘটন বুলিয়ে উল্লেখ কৰিব খুজিছো। আজি কিষাণগংগা জলবিদ্যুত্ প্ৰকল্পক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ সুন্দৰ সুযোগ মই গ্ৰহণ কৰিছো। বিগত সময়চোৱাত সন্মুখীন হোৱা বিভিন্ন বাধা-বিঘিনী নেওচি অৱশেষত লাভ কৰা সাফল্যৰ ভেটিত সাজু হৈ উঠা এই প্ৰকল্পই জম্মু আৰু কাশ্মীৰৰ প্ৰগতিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজিত কৰিব। এই প্ৰকল্পই ৰাজ্যখনত বিদ্যুতৰ বিনামূলীয়া যোগান নিশ্চিত কৰিব। সম্প্ৰতি ৰাজ্যখনৰ বিদ্যুত চাহিদাৰ এটা বৃহত্ অংশ দেশৰ অন্য প্ৰান্তৰ পৰা সংগ্ৰহ কৰা বিদ্যুতৰে সম্পূৰ্ণ কৰা হয়। ৩৩০ মেগাৱাট বিদ্যুত্ উত্পাদনেৰে আৰম্ভ হোৱা প্ৰকল্পটোৱে ৰাজ্যখনৰ বিদ্যুত্ সংকট বহু পৰিমাণে প্ৰশমিত কৰিব।
ভাই-ভনীয়সকল,
প্ৰকল্পটো দেশৰ উদ্ভাসিত অভিযান্ত্ৰিক দক্ষতা উত্কৃষ্ট নিদৰ্শন হিচাপেও চিহ্নিত হৈছে। বহুসংখ্যক লোকৰ কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে প্ৰকল্পটোৰ সাফল্যৰ সৈতে। পৰ্বত কাটি নিৰ্মাণ কৰা এটা নলাৰে কিষাণগংগা নৈৰ পানী বান্দিপাৰা অঞ্চলৰ বনাৰ নলাৰে প্ৰৱাহিত কৰি প্ৰকল্পৰ কাম চলোৱা হৈছে। প্ৰকল্পটোৰে জড়িত প্ৰতিগৰাকী শ্ৰমিক, প্ৰতিগৰাকী অভিযন্তা, প্ৰতিগৰাকী কৰ্মচাৰী প্ৰকৃতাৰ্থতে প্ৰশংসাৰ গৰাকী। আপোনালোকৰ সাহসৰ বাবেহে প্ৰকল্পটো আজি সম্পূৰ্ণ হৈ উঠিছে।
শ্ৰীনগৰৰ বাবে এটা ৰিং ৰোডৰ শিলান্যাস কৰাৰ বাবেও আজি মই এই মঞ্চখন ব্যৱহাৰ কৰাৰ সুযোগ পাইছো। ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কৰি উলিয়াবলৈ ৫০০ কোটিৰো অধিক টকাৰ প্ৰয়োজন হব। শ্ৰীনগৰ মহানগৰীৰ ভিতৰুৱা পথটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পথটোৱে আপোনালোকক বাৰুকৈয়ে সকাহ দিব।
সেইদৰে ৰাজ্যখনৰ তিনিওটা গুৰুত্বপূৰ্ণ এলেকা – কাশ্মীৰ, জম্মু আৰু লাডাখৰ দ্ৰুত বিকাশো জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ জীৱনধাৰা সলনি কৰাৰ বাবে গুৰুত্বপূৰ্ণ। এই কথা লক্ষ্য ৰাখিয়েই ৮০,০০০ কোটি টকাৰ এক পুঁজিৰে ইতিমধ্যে অনুমোদন জনোৱা হৈছে। অতি কম সময়ৰ ভিতৰতে ৬৩,০০০ কোটি টকীয়া এলানি প্ৰকল্পলৈ পুঁজি আবণ্টন দিয়াৰ লগতে ২০,০০০ কোটি টকা ইতিমধ্যে ব্যয় কৰিব পাৰি মই আক্ষৰিক অৰ্থতে আনন্দ লাভ কৰিছো। এই পুঁজিৰ ধনৰে জম্মু-কাশ্মীৰত এখন আই.আই.টি. আৰু এখন আই.আই.এম. স্থাপনৰ কাম অব্যাহত ৰখাৰ লগতে ৰাজ্যখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ লগতে জিলা চিকিত্সালয়সমূহকো আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে।
নতুন ৰাষ্ট্ৰীয় ঘাইপথ, সকলো ঋতুৰ উপযোগী বাট-পথ, নতুন সুৰংগ, শক্তিৰ সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ উন্নীতকৰণ, নৈ-হ্ৰদ আদিৰ সংৰক্ষণ-উত্তৰণ, কৃষক কল্যাণ আঁচনি, শীতকালীন ভড়াল, পণ্যাগাৰ আৰু যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিব পৰা নতুন পদক্ষেপ গ্ৰহণৰ বাবেও এই পুঁজি ব্যৱহাৰ কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে আশা কৰাৰ দৰে ২১ শতিকাৰ উপযোগীকৈ ৰাজ্যখনক গঢ়ি তোলাৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি কামত আগবঢ়া হৈছে।
বন্ধুসকল,
মই যেতিয়াই পৰ্বত দৰ্শন কৰো তেতিয়াই মোৰ এটা ফকৰা-যোজনালৈ মনত পৰে। আগৰ কালত প্ৰায়েই কোৱা হৈছিল পাহাৰীয়া অঞ্চলৰ যুৱক-যুৱতী আৰু পানীৰ কেতিয়াও সদ্ব্যৱহাৰ নহয়। আধুনিক প্ৰযুক্তিৰ বাহুল্য নথকা সেইবোৰ কালত প্ৰকৃতিৰ ওচৰত মানুহৰ শক্তি তেনেই নিঃচিহ্ন যেন অনুভৱ হৈছিল বাবেই চাগৈ এনে ফকৰা-যোজনাৰ প্ৰচলন হৈছিল। সম্প্ৰতি সময়ৰ পৰিৱৰ্তন হৈছে। আপোনালোকৰ সহযোগত আমি এই ফকৰা-যোজনাক নতুনকৈ লিখিবলৈ সাজু হৈছো। জম্মু আৰু কাশ্মীৰ যুৱ শক্তি আৰু পানী উভয়েই এই অঞ্চলৰ উপকাৰৰ বাবে ব্যৱহৃত হব।
জম্মু আৰু কাশ্মীৰৰ বহুসংখ্যক নদীয়েই জল বিদ্যুত্ উত্পাদনৰ বিপুল সম্ভাষণ কঢ়িয়াই আহিছে। অঞ্চলটোৰ শক্তি উত্পাদন সম্ভাৱনীয়তাই নিজৰ বাবে কেৱল নহয় বৰং দেশৰ আন অংশৰ বাবে বিদ্যুতৰ যোগান নিশ্চিত কৰা সামৰ্থ্য দাঙি ধৰিছে। এই কথা হৃদয়ংগম কৰিয়েই বিগত চাৰিটা বছৰত আমি বহুসংখ্যক প্ৰকল্পৰ কাম আগবঢ়াই দিছো। এই অভিযানৰ অংশ হিচাপে অচিৰেই কিষ্টোৱাৰত এটা ৮০০০ কোটি টকা ব্যয় সাপেক্ষ জলবিদ্যুত প্ৰকল্পৰ কাম আৰম্ভ কৰা হব।
জম্মু আৰু কাশ্মীৰৰ প্ৰতিটো পৰিয়াললৈ নিৰৱচ্ছিন্নভাৱে বিদ্যুত্ শক্তিৰ যোগান নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। স্মাৰ্ট গ্ৰীড আৰু স্মাৰ্ট মিটাৰৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত মনোনিবেশ কৰা হৈছে। ষ্ট্ৰীট লাইটৰ আধুনিকীকৰণৰ দিহা কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ গাঁও আৰু চহৰসমূহত বিদ্যুত্ সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ উত্তৰণৰ বাবে ৪০০০ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে।
বন্ধুসকল,
গাঁও কিম্বা পৰিয়ালসমূহলৈ বিদ্যুতৰ যোগান নিশ্চিত কৰিয়েই আমি কৰ্তব্য শেষ কৰিব খোজা নাই, বৰং ইতিমধ্যে বিদ্যুতৰ সংযোগ লাভ কৰাসকলৰ বিদ্যুত মাচুলৰ বোজা হ্ৰাস কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছো। উজ্জ্বলা আঁচনিৰ অধীনত জম্মু আৰু কাশ্মীৰত ইতিমধ্যে ৭৮ লাখৰো অধিক এলইডি বাল্ব বিতৰণ কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুতৰ সংযোগ প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। এই পৰ্যন্ত বিদ্যুতৰ সংযোগ নথকা পৰিয়ালসমূহলৈ বিদ্যুতৰ যোগান নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সৌভাগ্য আঁচনিৰ অধীনত অভিযান চলাই গৈছে।
বন্ধুসকল,
জম্মু আৰু কাশ্মীৰৰ বিকাশ সম্ভৱ কৰিব পৰা আটাইতকৈ বৃহত্ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰটো হৈছে পৰ্যটন। বিগত দশকসমূহত আমি এই কথা নিৰীক্ষণ কৰি আহিছো যে ন্যূনতম বিনিয়োগেৰে সৰ্বাধিক নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিব পৰা ক্ষেত্ৰটোৱেই হৈছে পৰ্যটন। সেই অৰ্থত পৰ্যটনক জম্মু আৰু কাশ্মীৰৰ সৌভাগ্য চক্ৰ বুলি অভিহিত কৰিব পাৰি। পিচে, পুৰণি পদ্ধতিৰেই এই উদ্যোগে প্ৰগতি লাভ কৰিব বুলি আশা কৰিব নোৱাৰি। আধুনিক কালৰ পৰ্যটকসকলে অত্যাধুনিক সা-সুবিধা বিচাৰে। তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব নোখোজে, ঠেক পথত আৱদ্ধ হৈ থাকিবলৈও তেওঁলোক ৰাজী নহয়। তেওঁলোকে নিৰৱচ্ছিন্ন বিদ্যুত্ সেৱা নিশ্চিতি বিচাৰে, পৰিস্কাৰ-পৰিচ্ছন্ন পৰিবেশ তথা সুন্দৰ বিমান পৰিবহনৰ দৰে ব্যৱস্থাৰ উপস্থিতি বিচাৰে।
আধুনিক সময়ত পৰ্যটকৰ বাবে উপযোগী সকলো সেৱাৰে সমৃদ্ধ এক প্ৰেক্ষাপট গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে এলানি প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শক্তিশালী ৰূপত গঢ়ি উঠিব খোজা এই প্ৰেক্ষাপটে জম্মু আৰু কাশ্মীৰলৈ আৰু অধিক পৰ্যটকক আকৰ্ষিত কৰিব। কেৱল সেয়াই নহয়, জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকললৈ নতুন নতুন নিয়োগ সম্ভাৱনা সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধিতো অৰিহণা যোগাব।
বন্ধুসকল,
পৃথিৱীত এনে বহু অঞ্চল আছে, যিবোৰ অঞ্চলৰ অৰ্থনীতি সামগ্ৰিকভাৱে কেৱল পৰ্যটনৰ ওপৰতে নিৰ্ভৰশীল। জম্মু আৰু কাশ্মীৰৰ এনে সামৰ্থ্য আছে, যিয়ে অকলেই সমগ্ৰ দেশৰে অৰ্থনৈতিক প্ৰগতিৰ হাৰ বৃদ্ধি কৰিব পাৰে। মই যদি কেৱল পৰ্যটন ক্ষেত্ৰৰে কবলৈ যাও তেন্তে ৰাজ্যখনত এই পৰ্যন্ত ২০০০ কোটি টকাৰ বিনিয়োগেৰে ১২খন উন্নয়ন প্ৰাধিকৰণ, তিনিটা পৰ্যটন শৃংখল আৰু ৫০খন পৰ্যটক গাঁও নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। যি কি নহওক, মই ইতিমধ্যে উল্লেখ কৰাৰ দৰে এই কথা কবই লাগিব যে পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ সামগ্ৰিক প্ৰেক্ষাপটটোৰ উত্তৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবই লাগিব।
এক আদৰ্শ প্ৰেক্ষাপট গঢ়ি তোলাৰ বাবে পথ-ঘাটৰ সূচল সংযোগ নিতান্তই গুৰুত্বপূৰ্ণ। এনে কাৰণতে জম্মু আৰু কাশ্মীৰৰ পথ যোগাযোগ ব্যৱস্থাৰ উত্তৰণ উন্নয়নৰ বাবে বিশাল আয়োজন কৰা হৈছে। ৰাজ্যখনলৈ আবণ্টন দিয়া পুঁজিৰ আধাতকৈও অধিক ধনৰাশি পথ যোগাযোগ শিতানতে ব্যয় কৰা হৈছে। জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰীয় ঘাইপথৰ এক নেটৱৰ্ক স্থাপন কৰা হৈছে।
ইয়ালৈ অহাৰ আগতে দেশৰ দীৰ্ঘতম সুংৰগ পথ ৰাজিলা সুৰংগৰ পথচোৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আহিছো। অনাগত দিনত এই চোৱা সুৰংগ পথে জম্মু আৰু কাশ্মীৰৰ ইতিহাসত বিকাশৰ আন এক অধ্যায় সংযোজিত কৰিব। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নে আমাৰ জীৱন কেনেকৈ সলাব পাৰে কল্পনা কৰকচোন। সূচল বাট-পথে পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক, আত্মীয় ঘৰলৈ যোৱা যাত্ৰীক, চিকিত্সাৰ বাবে যোৱা ৰোগীক, অথবা উত্পাদিত ফচল বিক্ৰী কৰিবলৈ যোৱা কৃষক, কিম্বা বয়-বস্তু কিনিবলৈ যোৱা গ্ৰাহকক কিমান সকাহ দিব পাৰে।
শ্ৰীনগৰত নিৰ্মাণ হব লগা ৰিং ৰোডেই কওক, অথবা শ্ৰীনগৰ-ছফিয়ান-কাজিগুণ্ড ৰাষ্ট্ৰীয় ঘাইপথ কিম্বা চেংগানি-সুধ মহাদেৱ-গোহা ৰোডেই হওক, এই প্ৰকল্পকেইটাৰ নিৰ্মাণ সম্পূৰ্ণ হলে আপোনালোকৰ সময় ৰাহি হোৱাৰ লগতে সা-সমলৰ অনিষ্ট হোৱাৰ সম্ভাৱনাও হ্ৰাস পাব। তুষাৰপাতৰ সময়ত সংযোগ বিচ্ছিন্ন হোৱা অঞ্চলসমূহকো সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এনেবোৰ অঞ্চলৰ মাজত হেলিকপ্তাৰ সেৱা আৰম্ভ কৰা হৈছে। আপোনালোকে চাগৈ জানিব পাৰিছেই যে ৰাজ্য চৰকাৰে জম্মু আৰু কাশ্মীৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে আঁচনি ৰূপায়ণত ব্ৰতী হৈছে।
মহানগৰী দুখনৰ খোৱাপানী যোগান আৰু পয়ঃপ্ৰণালী ব্যৱস্থা উন্নয়নৰ বাবে ৫৫০ কোটি টকাৰ আঁচনি ৰূপয়ণ কৰা হৈছে। আধুনিক সা-সুবিধা, আধুনিক বাট-পথে কেৱল আপোনালোক দৈনন্দিন জীৱন যাত্ৰাৰ মানকে কেৱল উন্নত নকৰে বৰং জম্মু আৰু কাশ্মীৰৰ সৌন্দৰ্য বৰ্দ্ধনতো অৱদান আগবঢ়াব।
ভাই-ভনীসকল,
আমি যেতিয়া গাঁও আৰু নগৰসমূহক স্মাৰ্ট কৰাৰ কথা কওঁ, তেতিয়া পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসংগই স্বাভাৱিকতেই আগস্থান দখল কৰেহি। মই আজি গৌৰৱ কৰি কব পাৰো যে এই ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে তেওঁলোকৰ সামৰ্থ্যৰ সকলোখিনি উজাৰি দিয়াৰ প্ৰয়াস কৰিছে।
ছচিয়েল মিডিয়াত মই অলপতে এগৰাকী কাশ্মীৰী ছোৱালীৰ ভিডিঅ’ দেখিছিলো। জন্নত নামৰ ৫ বছৰীয়া ছোৱালীজনী ব্যস্ত আছি ডাল লেক পৰিস্কাৰ কৰাত। যেতিয়া দেশৰ ভৱিষ্যত প্ৰজন্মই বিষয়টো এনে এক পৱিত্ৰতাৰে আৰু সততাৰে গ্ৰহণ কৰে তেতিয়া মই আক্ষৰিক অৰ্থতে আহ্লাদিত হওঁ। বন্ধুসকল আমাৰ সমাজৰ বহুসংখ্যক ব্যক্তিয়েই নিজ নিজ পৰ্যায়ত বহুবোৰে মহত্ কাৰ্য সম্পাদিত কৰি আছে।
ভাই-ভনীসকল,
প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ধ্বংসলীলাই আপোনালোকক জীৱন সৰ্বস্বান্ত কৰি আহিছে বুলি মই জানো। এনে ক্ষয়-ক্ষতিৰ পৰা সকাহ দানৰ বাবে আমি বিভিন্ন স্থানত সৰ্বতোপ্ৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছো। আৰু সেয়া নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ নিয়মীয়াভাৱে সহায়ৰ হাত আগবঢ়াই অহা হৈছে।
বন্ধুসকল,
সাম্প্ৰতিক সময়ত জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকল দেশৰ অন্য প্ৰান্তত যুৱ প্ৰজন্মৰ বাবে ৰোল মডেল হৈ উঠা পৰিলক্ষিত হৈছে। অসামৰিক সেৱাৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণৰ তালিকাত তেতিয়া ৰাজ্যখনৰ যুৱক-যুৱতীৰ নাম দেখিবলৈ পাওঁ, তেওঁলোকৰ যেতিয়া পোনপটীয়াকৈ লগ পাও, মোৰ খুব ভাল লাগে। মোৰ মনত পৰিছে যেতিয়া বান্দিপোৰাৰ এগৰাকী ছোৱালী কিক-বক্সিঙত শ্ৰেষ্ঠ অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল, তেতিয়া সমগ্ৰ দেশবাসীয়েই অভিভূত হৈছিল। তজামূলৰ দৰে প্ৰতিভাক দেশে মৰহি যাবলৈ দিব নোৱাৰে। এনে প্ৰেক্ষাপটতে ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাসকলক উন্নত কৰি গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ লগত যুটীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে। সেইদৰে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও অহোপুৰুষাৰ্থ কৰি থকা হৈছে।
ভাই-ভনীসকল,
জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক উন্নত শৈক্ষিক পৰিবেশ প্ৰদান কৰাৰ লগতে কৰ্ম-সংস্থাপনৰ সুযোগ প্ৰদানৰ বাবে গুৰুত্ব সহকাৰে প্ৰয়াস অব্যাহত ৰখা হৈছে। এই প্ৰসঙ্গত ৰাজ্য চৰকাৰৰ সৈতে জোঁট বান্ধি বহুকেইখন আঁচনি ৰূপায়ণ কৰি থকা হৈছে। হিমায়ত্ শীৰ্ষক আঁচনিখনৰ অধীনত ৰাজ্যখনৰ ১ লাখতকৈও অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে প্ৰধানমন্ত্ৰীৰ বিশেষ জলপানি আঁচনিৰ অধীনত ১৬,০০০ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। দেশত বিভিন্ন শীৰ্ষস্থানীয় মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ পাইছে। বিভিন্ন কাৰণত আধাতে পঢ়া-শুনা এৰিবলগীয়া হোৱা প্ৰায় ৬০,০০০ ছাত্ৰ-ছাত্ৰীক পুনৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে।
দেশৰ লগতে ৰাজ্যখনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দৰে প্ৰসংগত নিজকে জড়িত কৰিব পৰাকৈ সাজু হোৱাৰ বাবে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। জম্মু আৰু কাশ্মীৰ আৰক্ষীক শক্তিৱন্ত কৰিব পৰাকৈ শেহতীয়াভাৱে ভাৰতীয় ৰিজাৰ্ভ ফোৰ্চৰ পাঁচটা বেটেলিয়ন গঠনৰ এক প্ৰস্তাৱ গৃহীত কৰা হৈছে। এই সংক্ৰান্তীয় প্ৰস্তুতিপৰ্ব সম্পূৰ্ণ হৈছে বুলি মোক জানিবলৈ দিছে, এই প্ৰক্ৰিয়া সম্পূৰ্ণ হলে ৰাজ্যখনৰ ৫ হাজাৰ যুৱকে নিৰাপত্তা বাহিনীৰ মকৰলৰ সুযোগ লাভ কৰিব।
ভাই-ভনীসকল,
এখন নতুন ভাৰত গঢ়াৰ পণ লৈ আজি দেশৰ ১২৫ কোটি জনতাই কামত ব্ৰতী হৈছে। এইখন নতুন ভাৰতত জম্মু আৰু কাশ্মীৰ আটাইতকৈ উজ্জ্বল তাৰকা হব পাৰে। জম্মু আৰু কাশ্মীৰত দেশৰ ভিতৰতে আটাইতকৈ উত্তম শিক্ষা প্ৰতিষ্ঠানখন গঢ়ি নুঠাৰ কোনো কাৰণ থাকিব নোৱাৰে, সৰ্বোত্তম চিকিত্সালয়, উত্তম পথ, অত্যাধুনিক বিমান বন্দৰ এটা গঢ়ি উঠিব নোৱাৰাৰ কথা নাই। সেইদৰে দেশৰ আটাইতকৈ ভাল ডাক্তৰজন, ভাল অভিযন্তাজন, ভাল অধ্যাপক কিম্বা ভাল বিষয়াজনো ৰাজ্যখনৰ পৰা ওলাব নোৱাৰাৰ কিবা কাৰণ থাকিব পাৰে!
বন্ধুসকল,
এনে বহু শক্তি আছে যিবোৰে জম্মু আৰু কাশ্মীৰৰ বিকাশ হোৱাটো কামনা নকৰে। ৰাজ্যখনৰ নাগৰিকসকল শান্তিত থকাটো এইবোৰ শক্তিয়ে নিবিচাৰে, যি কি নহওক আমি এনেবোৰ বিদেশী শক্তিক যথোচিত প্ৰত্যুত্তৰ দি আগুৱাই যোৱাৰ বাবে বদ্ধপৰিকৰ হব লাগিব।
মেহবুবা মুফটিজীৰ নেতৃত্বত ৰাজ্যখনত পি.ডি.পি.-বি.জে.পি.ৰ সন্মিলিত চৰকাৰে কাৰ্যনিৰ্বাহ কৰি আছে আৰু বিদেশৰ শক্তিৰ প্ৰৰোচনাত পৰি বিপথে পৰিচালিত হোৱা ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ অংশটোক মূলসূঁতিলৈ ওভতাই অনাৰ বাবে এন.ডি.এ. চৰকাৰে ধাৰাবাহিকভাৱে প্ৰয়াস চলাই আহিছে।
বন্ধুসকল,
শান্তি আৰু স্থানীয় কোনো বিকল্প নাই। বাট এৰি অবাটে যোৱা যুৱকসকলক মই মূলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছো। আৰু এই মূলসূঁতি হল তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ মাক-দেউতাক। জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ বাবে সচেষ্ট হৈ থকাসকল হল- এই মূলসূঁতি। জম্মু আৰু কাশ্মীৰৰ গৌৰৱ বৃদ্ধিত অৰিহণা আগবঢ়োৱাটো যুৱ প্ৰজন্মৰ গুৰুদায়িত্ব হোৱা উচিত। ৰাজ্যখনত ইয়াত বাবে বিশাল পৰিমাণৰ সমল সংসাধন আৰু সুযোগ-সুবিধা আছে। ভাৰতৰ অন্য প্ৰান্তৰ তুলনাত জম্মু আৰু কাশ্মীৰ পিচ পৰি ৰোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে। বিপথে পৰিচালিত হোৱা যুৱকসকলৰ হাত উঠা প্ৰতিডোখৰ পাত্থৰ, প্ৰতিটো অস্ত্ৰই বাস্তৱিকতে তেওঁলোকৰ আতিথ্য আপোন জম্মু-কাশ্মীৰখনকহে অস্থিৰ কৰি ৰাখিছে।
এনে এক অস্থিৰ বাতাবৰণৰ পৰা ৰাজ্যখন ওলাই অহাৰ সময় হৈছে। নিজৰ ভৱিষ্যত্, নিজৰ উত্তৰাধিকাৰীসকলৰ সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থতে তেওঁলোকে দেশৰ মূলসূঁতিৰ সৈতে জড়িত হোৱা উচিত। বহু সহস্ৰ বছৰ আমি ভাৰত মাতৃৰ সন্তান হিচাপে যেন বাস কৰি আহিছো। পৃথিৱীৰ কোনো শক্তিয়েই আমাৰ ভাতৃত্বৰ বান্ধোনক ছিঙিব নোৱাৰিব। যিবোৰে এই সম্পৰ্কত আউল লগাবলৈ দশকজোৰা অপচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ স্থিতি এতিয়া থৰক-বৰক হৈ পৰিছে।
ভাই-ভনীসকল,
যোৱাটো বছৰ মই দিৱালী আৰু গুৰেজ উত্সৱ উদযাপন কৰিছিলো সেনা-জোৱানসকলৰ সৈতে। এইবাৰ ৰমজানৰ এই পৱিত্ৰ উপলক্ষত মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আৰু এয়া কাশ্মীৰীসকলৰ অনুভৱ, এয়া এই ভূমিৰ তথা পৃথিৱীৰ বাবেই উপহাৰ। ইয়ালৈ সকলোকে আদৰণি জনোৱা হয়, সকলোকে ইয়াত সন্মান জনোৱা হয়। পৃথিৱীৰ আন কতো নথকা পৰম্পৰা প্ৰৱৰ্ত্তি আছে এডোখৰ ভূমিত। বিভিন্ন পন্থা কিম্বা বিভিন্ন সম্প্ৰদায়ৰ মিলন ভূমি হোৱাতকৈও ইয়াৰ অনন্য পৰম্পৰাৰেহে অধিক মহিমামণ্ডিত এইডোখৰ পৰম্পৰাৰেহে অধিক পৰম্পৰা- কাশ্মীৰীয়াতৰ এগৰাকী গুণমুগ্ধ অনুগামী আছিল অটলজী আৰু তেওঁৰ দৰে এই মোদীও। আৰু মই এই কথা লালকিল্লাৰ প্ৰশস্থ প্ৰাংগনৰ পৰাও উচ্চাৰণ কৰিছিলো।
কঠোৰ ভাষা কিম্বা বুলেটৰ প্ৰয়োগ কৰি আজিৰ সমস্যাৰ সমাধান উলিয়াব পৰা নাযাব। এই সমস্যাৰ সমাধান প্ৰতিগৰাকী কাশ্মীৰীক আপোনত্বৰ আবেগেৰে আকোৱালি ধৰিহে উলিয়াব পৰা যাব।
জম্মু আৰু কাশ্মীৰৰ বিকাশৰ লক্ষ্যৰেই কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰে নীতি-নিৰ্ধাৰণ কৰিছে আৰু আমি এই নীতিৰ পৰা এখোজো পিচুৱাই নাযাও। সেয়া লাগেল হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আদালতলৈ যোৱা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তই হওক কিম্বা পৱিত্ৰ ৰমজান মাহত ঘোষণা কৰা অস্ত্ৰ সম্বৰণৰ সিদ্ধান্তই হওক, এইবোৰ সিদ্ধান্ত নেপথ্যত প্ৰতিগৰাকী যুৱক-যুৱতী, প্ৰতিগৰাকী কাশ্মীৰীৰ সুস্থিৰতা আৰু উন্নয়নৰ প্ৰসঙ্গ নিহিত হৈ আছে।
বন্ধুসকল,
এয়া কেৱল অস্ত্ৰ সম্বৰণেই নহয়, ইয়াৰ জৰিয়তে ইছলামৰ নামত সন্ত্ৰাস চলোৱাবোৰৰ স্বৰূপ উদঙোৱাৰো প্ৰয়াস। কেনে এক সন্মোহিনৰে ৰাইজক আছন্ন কৰি ৰখাৰ বাবে অপচেষ্টা চলোৱা হৈছে সেই কথা জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব বুলি মই বিশ্বাস কৰো। ৰাজ্যখনত সুস্থিৰতাৰ পৰিবেশ গঢ়াৰ বাবে চৰকাৰে এগৰাকী মধ্যস্থতাকাৰীক ইতিমধ্যেই নিযুক্ত কৰিছে। তেওঁ ইতিমধ্যে ৰাইজে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলৰ লগতে ৰাজ্যখনৰ বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে কথা পাতিছে। মই ভাবো ৰাইজে তেওঁলোকৰ মতামত তেওঁৰ ওচৰত দাঙি ধৰিব। সকলোৰে সৈতে মত-বিনিময় কৰি তেওঁ শান্তি প্ৰক্ৰিয়াক শক্তিশালী ৰূপত আগুৱাই নিব।
ভাই-ভনীসকল,
চৰকাৰে সকলোখিনি কৰাৰ বাবে যত্পৰোনাস্তি পদক্ষেপ গ্ৰহণ কৰিবই। যি কি নহওক, মই জম্মু আৰু কাশ্মীৰৰ সকলো নাগৰিকক গণতন্ত্ৰ আৰু কাশ্মীৰীয়ত্- ৰ জোঁট-বন্ধনক অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাইছো। ইয়াৰ বাবে ৰাজ্যখনৰ অভিভাৱকসকলে, যুৱ-প্ৰজন্মই, ৰাজ্যখনৰ বুদ্ধিজীৱিসকলৰ লগতে ধৰ্মীয় নেতৃবৃন্দই গুৰুদায়িত্ব গ্ৰহণ কৰিব লাগিব।
জম্মু আৰু কাশ্মীৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমাৰ সমগ্ৰ শক্তি প্ৰয়োগ কৰাত মনোনিবেশ কৰো আহক। সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই মাত্ৰ সূত্ৰ হল- উন্নয়ন, উন্নয়ন আৰু কেৱল উন্নয়ন আৰু সেয়ে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰে সংপৃক্ত এক জীৱন অতিবাহিত কৰিব পৰা পৰিবেশ সৃষ্টিৰ বাবে থকা আমাৰ প্ৰয়াস আগুৱাই নিব লাগিব। এই প্ৰয়াসলৈ কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই যাব। সকলোৰে সহযোগত আমি আমাৰ প্ৰত্যাশিত লক্ষ্যত উপনীত হবগৈ পাৰিম বুলি মই আশাবাদী।
এই অনুভৱৰেই সেথা সেথা চুকৰিয়া, আজ দিউ ইজাজট্, খুদাই থাই নৱ খোশ্বাত্ খুছ হাল।
ধন্যবাদ।
एक बार फिर जम्मू कश्मीर में आप सभी के बीच आने का अवसर मुझे मिला है। आपका अपनापन, आपका स्नेह ही है जो मुझे बार-बार यहां खींच लाता है। बीते चार वर्ष में ऐसा कोई साल नहीं रहा जब मेरा यहां आना ना हुआ हो: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
श्रीनगर में बाढ़ के बाद की दीवाली मैंने यहां पीड़ितों के बीच बिताई थी। इसके अलावा सीमा पर तैनात जवानों के साथ दीवाली मनाने का भी मुझे सौभाग्य मिला था। और आज जब रमज़ान का पवित्र महीना चल रहा है तब भी मैं आपके बीच में हूं: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
ये महीना पैगम्बर मोहम्मद साहब की शिक्षा और उनके सन्देश को याद करने का अवसर है। उनके जीवन से समानता और भाईचारे की सीख ही सही मायने में देश और दुनिया को आगे ले जा सकती है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
ये भी सुखद संयोग है कि रमज़ान के इस मुबारक महीने में ही हम यहां एक बहुत बड़े सपने के पूरा होने पर इकट्ठा हुए हैं। आज मुझे किशनगंगा हाइड्रो पावर प्रोजेक्ट को देश को समर्पित करने का सौभाग्य मिला है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
ये प्रोजेक्ट जम्मू कश्मीर की विकास यात्रा में नए आयाम जोड़ने के लिए तैयार है। इस अवसर पर मैं आप सभी को बधाई देता हूं: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
इससे राज्य को सिर्फ मुफ्त ही नहीं बल्कि पर्याप्त बिजली मिलेगी। अभी जम्मू कश्मीर को जितनी बिजली की आवश्यकता होती है, उसका एक बड़ा हिस्सा देश के दूसरे हिस्से से पूरा किया जाता है। 330 मेगावाट की इस परियोजना के शुरु होने से बिजली की कमी की समस्या को बहुत हद तक कम किया जा सकेगा: PM
— PMO India (@PMOIndia) May 19, 2018
ये प्रोजेक्ट इंजीनियरिंग की बेजोड़ मिसाल है। इसे पूरा करने के लिए अनेक लोगों ने तपस्या की है। पहाड़ के सीने को चीरकर किशनगंगा के पानी को टनल के जरिए बांदीपोरा के बोनार नाला में पहुंचाया गया: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
अभी यहां इस मंच से मुझे श्रीनगर रिंग रोड के शिलान्यास का भी अवसर मिला है। 42 किलोमीटर की इस सड़क पर 1200 करोड़ रुपए से ज्यादा खर्च किए जाएंगे। ये रिंग रोड श्रीनगर शहर के भीतरी इलाकों में जाम की समस्या को काफी हद तक कम करने का काम करेगी, आपकी जिंदगी आसान बनाएगी: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
जम्मू-कश्मीर के लोगों के जीवन में बदलाव लाने के लिए राज्य के तीनों ही हिस्सों- कश्मीर, जम्मू और लद्दाख का संतुलित विकास बहुत आवश्यक है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
जम्मू कश्मीर का पानी और यहां की जवानी दोनों इसी धरती के काम आने वाले हैं: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
जम्मू कश्मीर में कई नदियां हैं। यहां जल विद्युत की अपार संभवानाएं हैं। ये देश का वो हिस्सा है जो ना सिर्फ अपनी जरूरतों बल्कि बाकी देश के लिए भी बिजली पैदा कर सकता है। इसी को ध्यान में रखते हुए बीते चार वर्षों से हम यहां अनेक परियोजनाओं पर काम कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
सरकार राज्य के हर घर तक बिजली पहुंचाने की मुहिम में जुटी है। सौभाग्य योजना के तहत अब जम्मू-कश्मीर के हर उस घर में मुफ्त बिजली कनेक्शन देने का काम चल रहा है, जहां अब तक बिजली नहीं पहुंची है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
जम्मू-कश्मीर में विकास का सबसे बड़ा माध्यम अगर कोई सेक्टर है, तो वो है टूरिज्म। ये दशकों से हम देखते आ रहे हैं। कम निवेश पर सबसे ज्यादा रोजगार पैदा करने वाला ये सेक्टर जम्मू-कश्मीर का भाग्यविधाता रहा है। लेकिन अब ये सेक्टर पुराने-तौर तरीकों पर नहीं चलता: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
आज का टूरिस्ट, आज की सुविधाएं चाहता है। वो एक जगह से दूसरी जगह जाने के लिए घंटों का इंतजार नहीं करना चाहता, वो संकरे रास्तों में फंसना नहीं चाहता, वो लगातार बिजली चाहता है, वो साफ-सफाई चाहता है, वो अच्छी हवाई सेवा चाहता है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
टूरिज्म के लिए जिस आधुनिक इकोसिस्टम की आवश्यकता होती है, ध्यान में रखते हुए हमारी सरकार काम कर रही है। जितना ये इकोसिस्टम मजबूत होगा, उतना ही जम्मू-कश्मीर में पर्यटकों की संख्या बढ़ेगी, उतना ही जम्मू-कश्मीर के नौजवानों को रोजगार के नए अवसर मिलेंगे, उतना ही आपकी कमाई बढ़ेगी: PM
— PMO India (@PMOIndia) May 19, 2018
यहां श्रीनगर बनने वाली रिंग रोड हो, श्रीनगर-शोपियां-काज़ीगुंड नेशनल हाईवे हो या फिर चेनानी-सुधमहादेव-गोहा रोड हो, इनके पूरा होने पर आप लोगों का समय भी बचेगा और संसाधनों की बर्बादी भी कम होगी: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
राज्य के ऐसे इलाके जो बर्फबारी में महीनों के लिए कट जाते हैं, उन्हें भी जोड़ा जा रहा है, उनके लिए हेलीकॉप्टर सर्विस मुहैया कराई जा रही है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
आज जम्मू-कश्मीर के अनेक युवा, देश के दूसरे राज्यों के नौजवानों के लिए रोल मॉडल बन रहे हैं। सिविल सेवा में जब यहां के नौजवानों का नाम देखता हूं, उनसे मुलाकात करता हूं, तो मेरी खुशी दोगुनी हो जाती है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
देश के सवा सौ करोड़ लोग आज New India के संकल्प पर काम कर रहे हैं। जम्मू-कश्मीर इस New India का सबसे चमकता सितारा बन सकता है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
यहां महबूबा मुफ्ती जी के नेतृत्व में चल रही पीडीपी-बीजेपी गठबंधन सरकार और केंद्र की एनडीए सरकार निरंतर ऐसे नौजवानों को मुख्यधारा में लाने का प्रयास कर रही है, जो विदेशी दुष्प्रचार से प्रभावित होकर अपनी ही पवित्र धरती पर प्रहार कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
शांति और स्थायित्व का कोई विकल्प नहीं होता। मेरा आग्रह है कि जो नौजवान रास्ता भटक गए हैं, वो मुख्यधारा में लौटें। ये मुख्यधारा है, उनका परिवार, उनके माता-पिता। ये मुख्यधारा है जम्मू कश्मीर के विकास में उनका सक्रिय योगदान: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
इस युवा पीढ़ी पर ही जिम्मेदारी है जम्मू- कश्मीर का गौरव और बढ़ाने की। जम्मू - कश्मीर में इतने साधन हैं, इतने संसाधन, इतना सामर्थ्य है, फिर कोई वजह नहीं कि जम्मू- कश्मीर, भारत के अपने दूसरे क्षेत्रों से रत्ती भर भी पीछे रहे: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
भटके हुए नौजवानों द्वारा उठाया गया हर पत्थर, हर हथियार, उनके अपने जम्मू कश्मीर को अस्थिर करता है। राज्य को अब अस्थिरता के इस माहौल से बाहर निकलना ही होगा। भविष्य के लिए, अपनी आने वाली पीढ़ियों के लिए, उन्हें सिर्फ कश्मीर ही नहीं, भारत के विकास की मुख्यधारा से जुड़ना होगा: PM
— PMO India (@PMOIndia) May 19, 2018
हजारों वर्षों से, हम एक भारत मां की संतानें हैं। दुनिया की कोई शक्ति ऐसी नहीं, जो भाई को भाई से दूर कर सके। जो लोग दशकों से इस प्रयास में लगे हुए थे, वो अब खुद बिखरने की कगार पर हैं: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
मैं फिर कहूंगा, पिछले वर्ष मैंने दीवाली गुरेज़ में जवानों के साथ मनाई तो इस वर्ष रमज़ान के मौके पर यहां आप सबके बीच में हूं। यही तो कश्मीर की भावना है, यही तो इस धरती की देश और दुनिया को देन है। यहां सबका स्वागत है, यहां सबका सत्कार है: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
इसी कश्मीरियत के अटल जी भी कायल रहे हैं और इसी कश्मीरियत का मोदी भी मुरीद है।
— PMO India (@PMOIndia) May 19, 2018
मैंने तो लाल किले से भी कहा था कि न गाली से समस्या सुलझने वाली है, न गोली से, समस्या सुलझेगी, हर कश्मीरी को गले लगाने से: PM @narendramodi
जम्मू कश्मीर के विकास के लिए राज्य और केंद्र सरकार के पास नीति भी है, नीयत भी है, और निर्णय लेने में भी हम पीछे नहीं रहते: PM @narendramodi
— PMO India (@PMOIndia) May 19, 2018
मैं चाहूंगा कि आप, हम, सभी अपनी सारी शक्ति सिर्फ और सिर्फ जम्मू-कश्मीर के विकास पर लगाएं।
— PMO India (@PMOIndia) May 19, 2018
हर समस्या, हर विवाद, हर मतभेद का हल एक ही है- विकास, विकास, और सिर्फ विकास: PM @narendramodi