পি এম ইণ্ডিয়া
মহামহিম ৰাষ্ট্ৰপতি ৰনীল ৱিক্ৰমসিংহ ডাঙৰীয়া, মহামহিম প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ ডাঙৰীয়া, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ ডাঙৰীয়া, শ্ৰীলংকা, মৰিচাছ আৰু ভাৰতৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰসকল আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ সকলো সন্মানীয় অংশগ্ৰহণকাৰী!
ভাৰত মহাসাগৰ অঞ্চলৰ তিনিখন বন্ধুত্বপূৰ্ণ দেশৰ বাবে আজি এইটো এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। আমি আমাৰ দীৰ্ঘদিনীয়া ঐতিহাসিক সম্পৰ্ক বৃদ্ধিৰ বাবে আধুনিক ডিজিটেল সংযোগ গঢ়ি তুলিছো। এই পদক্ষেপে আমাৰ জনসাধাৰণৰ প্ৰগতিৰ প্ৰতি আমাৰ অটল সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফিনটেক সংযোগৰ জৰিয়তে আমি কেৱল সীমা অতিক্ৰম কৰি লেনদেন বৃদ্ধি কৰাই নহয়, সীমান্তৰ সিপাৰে আন্তঃব্যক্তিগত সম্পৰ্কও শক্তিশালী কৰাৰ লক্ষ্য হাতত লৈছো৷ ইউপিআই নামেৰে পৰিচিত ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছে এতিয়া– ভাৰতৰ সৈতে অংশীদাৰক একত্ৰিত কৰাৰ নতুন ভূমিকাত অৱত্তীৰ্ণ হৈছে।
বন্ধুসকল,
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে ভাৰতত এক বৈপ্লৱিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিছে। আনকি আমাৰ দূৰ্গম গাঁওসমূহতো সৰু সৰু ব্যৱসায়ীসকলে নিজৰ সুবিধা আৰু কাৰ্যক্ষম গতিৰ বাবে ডিজিটেল পেমেণ্টক আকোৱালি লৈছে। কেৱল যোৱা বছৰ ইউপিআইয়ে অভিলেখ ভংগকাৰী ১০০ বিলিয়ন লেনদেনৰ সুবিধা প্ৰদান কৰিছিল, যাৰ পৰিমাণ আছিল ২ লাখ কোটিৰো অধিক। যিটো ৮ ট্ৰিলিয়ন শ্ৰীলংকা আৰু ১ ট্ৰিলিয়ন মৰিচাছ টকাৰ সমান৷ আমি জেম ট্ৰিনিটি-অৰ্থাৎ বেংক একাউণ্ট, আধাৰ আৰু মোবাইল ফোনৰ জৰিয়তে প্ৰান্তীয় লোকসকলক সুবিধা প্ৰদান নিশ্চিত কৰিছো। এতিয়ালৈকে এই ব্যৱস্থাৰ জৰিয়তে ৩৪ লাখ কোটি টকা অৰ্থাৎ ৪০০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হৈছে। ক’ভিড মহামাৰীৰ সময়ত ভাৰতে কো-উইন(CoWin) মঞ্চৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান সম্পন্ন কৰা হৈছিল। প্ৰযুক্তিৰ ব্যৱহাৰে স্বচ্ছতা বৃদ্ধি কৰিছে, দুৰ্নীতি হ্ৰাস কৰিছে, অন্তৰ্ভুক্তিক উপকৃত কৰিছে, চৰকাৰৰ ওপৰত জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিছে।
বন্ধুসকল,
ভাৰতৰ ‘প্ৰতিৱেশী প্ৰথম’ নীতি আৰু ‘সাগৰ’ৰ আমাৰ সামুদ্ৰিক দৃষ্টিভংগী অৰ্থাৎ ‘অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু বৃদ্ধিয়ে অঞ্চলটোৰ শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতাক আলোকপাত কৰে। ভাৰতে স্বীকাৰ কৰে যে ইয়াৰ উন্নয়ন চুবুৰীয়া দেশসমূহৰ সৈতে জড়িত। আমি বিভিন্ন ডমেইনত শ্ৰীলংকাৰ সৈতে সংযোগ ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আছো। যোৱা বছৰ ৰাষ্ট্ৰপতি ৱিক্ৰমসিংহৰ ভাৰত ভ্ৰমণৰ সময়ত আমি এটা দৃষ্টিভংগীৰ নথি গ্ৰহণ কৰিলোঁ, য’ত বিত্তীয় সংযোগৰ সম্প্ৰসাৰণ ইয়াৰ এক উল্লেখযোগ্য দিশ। আজি এই সংকল্প সাৰ্থক হোৱা দেখি মোৰ বৰ আনন্দ লাগিছে। তদুপৰি, আমি যোৱা বছৰ প্ৰধানমন্ত্ৰী জগন্নাথৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈছিলো, আৰু মই এইটো জানিবলৈ পাই আনন্দিত হৈছো যে তেওঁ জি-২০ শীৰ্ষ সন্মিলনত আমাৰ বিশিষ্ট অতিথি আছিল। মই নিশ্চিত যে শ্ৰীলংকা আৰু মৰিচাছক ইউপিআই ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিলে দুয়োখন দেশৰ লাভ হ’ব। ডিজিটেল ৰূপান্তৰৰ গতি ত্বৰান্বিত হ’ব। স্থানীয় অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন আহিব। তদুপৰি, ই আমাৰ দেশসমূহৰ মাজত পৰ্যটন বৃদ্ধি কৰিব, ভাৰতীয় পৰ্যটকসকলে ইউপিআইৰ সুবিধা থকা গন্তব্যস্থানসমূহক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে। তদুপৰি, শ্ৰীলংকা আৰু মৰিচাছত বাস কৰা ভাৰতীয় মূলৰ ব্যক্তিসকলৰ লগতে তাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও এই পদক্ষেপৰ পৰা বিশেষ সুবিধা লাভ কৰিব। মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে নেপাল, ভূটান, ছিংগাপুৰ আৰু ইউএইত সফলতাৰে মুকলি কৰাৰ পিছত এতিয়া আফ্ৰিকাৰ মৰিচাছত ৰুপে কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ দ্বাৰা মৰিচাছৰ পৰা ভাৰতলৈ যাত্ৰা কৰা ব্যক্তিসকলৰ বাবে লেনদেন সুশৃংখলিত হ’ব, যাৰ ফলত মুদ্ৰা ক্ৰয়ৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। ইউপিআই আৰু ৰুপে কাৰ্ড ব্যৱস্থাই আমাৰ নিজ নিজ মুদ্ৰাত সঠিক সময়ৰ, ব্যয়-বহনক্ষম আৰু সুবিধাজনক পেমেণ্টৰ সুবিধা প্ৰদান কৰিব। আমি অদূৰ ভৱিষ্যতে ব্যক্তিৰ পৰা ব্যক্তিলৈ (পিটুপি) পেমেণ্টৰ সুবিধাৰ জৰিয়তে সীমা অতিক্ৰম কৰি ৰেমিটেন্সৰ দিশত আগবাঢ়ি যোৱাৰ কল্পনা কৰিছো।
মহামহিম,
আজিৰ এই শুভাৰম্ভণি গ্ল’বেল ছাউথৰ সহযোগিতাৰ সফলতাৰ সাৰ্থক। আমাৰ সম্পৰ্ক কেৱল লেনদেনত সীমাবদ্ধ নহয়, ই এক ঐতিহাসিক সম্পৰ্ক। ই আমাৰ জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় কৰে। বিগত দশকত ভাৰতে সংকটৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ প্ৰতি অদম্য সমৰ্থন প্ৰদৰ্শন কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাই হওক, স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ প্ৰতি সঁহাৰি জনোৱাই হওক, অৰ্থনৈতিক প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনোৱাই হওক বা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহায় আগবঢ়োৱাই হওক, ভাৰতে ধাৰাবাহিকভাৱে প্ৰথমে সহায় আগবঢ়াই আহিছে আৰু আগবঢ়াই যাব। আনকি জি-২০ অধ্যক্ষ হিচাপেও আমি গ্ল’বেল ছাউথৰ উদ্বেগক সম্বোধন কৰাত অগ্ৰাধিকাৰ দিছিলো। তদুপৰি, আমি ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সুবিধাসমূহ গ্ল’বেল ছাউথৰ দেশসমূহলৈ সম্প্ৰসাৰণৰ বাবে সামাজিক প্ৰভাৱ পুঁজি গঠন কৰিছো।
বন্ধুসকল,
এই শুভাৰম্ভণি অনুষ্ঠানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে ৰাষ্ট্ৰপতি ৰণীল ৱিক্ৰমসিংহ আৰু প্ৰধানমন্ত্ৰী প্ৰৱীন্দ জগন্নাথক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই শুভাৰম্ভণি অনুষ্ঠান সফল কৰি তোলাৰ বাবে এই সুযোগতে তিনিওখন দেশৰ কেন্দ্ৰীয় বেংক আৰু সংস্থাসমূহক ধন্যবাদ জনাইছো। ধন্যবাদ৷
***
DS/VJ/IG/AK/DB
The launch of India's UPI services in Sri Lanka and Mauritius underscores the robust linkages between our countries. https://t.co/u9da79j7L2
— Narendra Modi (@narendramodi) February 12, 2024
A special day for digital connectivity between India, Sri Lanka and Mauritius. pic.twitter.com/Ra0FPTN4qy
— PMO India (@PMOIndia) February 12, 2024
भारत का Unified Payments Interface, यानि UPI, अब नया दायित्व निभा रहा है – Uniting Partners with India: PM @narendramodi pic.twitter.com/Xj9OOJOJIp
— PMO India (@PMOIndia) February 12, 2024
भारत में Digital Public Infrastructure से एक क्रांतिकारी परिवर्तन आया है: PM @narendramodi pic.twitter.com/q5LfOBlvLm
— PMO India (@PMOIndia) February 12, 2024
भारत की नीति है Neighbourhood First: PM @narendramodi pic.twitter.com/vcqS8e0DoC
— PMO India (@PMOIndia) February 12, 2024
मुझे विश्वास है कि श्रीलंका और मॉरीशस का UPI प्रणाली से
— PMO India (@PMOIndia) February 12, 2024
जुड़ने से, दोनों देशों को भी लाभ मिलेगा: PM pic.twitter.com/ZT6A98EAg5
चाहे आपदा प्राकृतिक हो, हेल्थ संबंधी हो, economic हो या अंतर्राष्ट्रीय पटल पर साथ देने की बात हो, भारत first responder रहा है, और आगे भी रहेगा: PM @narendramodi pic.twitter.com/FMr92Zj9zG
— PMO India (@PMOIndia) February 12, 2024