পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী পেজাৱাৰা মথৰ শ্ৰী বিশ্বেশা তীৰ্থ স্বামীজীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ “উড়ুপীৰ শ্ৰী পেজাৱাৰা মথৰ শ্ৰী বিশ্বেশা তীৰ্থ স্বামীজী লাখ লাখ লোকৰ মন-মগজুত সদায় জীয়াই থাকিব, যাৰ বাবে তেওঁ আছিল মাৰ্গদৰ্শক৷ সেৱা আৰু আধ্যাত্মিকতাৰ ভৰালস্বৰূপ স্বামীজীয়ে নিৰন্তৰভাৱে ন্যায়পূৰ্ণ আৰু দয়ালু সমাজৰ বাবে কাম কৰিছিল৷ ওম শান্তি৷
মই ব্যক্তিগতভাৱে সৌভাগ্য অনুভৱ কৰো যে, মই শ্ৰী বিশ্বেশা তীৰ্থ স্বামীজীৰ পৰা শিক্ষা লাভৰ অনেক সুযোগ লাভ কৰিছিলো৷ শেহতীয়াকৈ গুৰু পূৰ্ণিমাৰ দিনা মই তেওঁক সাক্ষাৎ কৰাৰ দিনটো স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ নিখুত জ্ঞান সদায় পৃথক আছিল৷ তেওঁৰ অগণন অনুগামীলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷
****
VRRK/KP/MS
Sri Vishvesha Teertha Swamiji of the Sri Pejawara Matha, Udupi will remain in the hearts and minds of lakhs of people for whom he was always a guiding light. A powerhouse of service and spirituality, he continuously worked for a more just and compassionate society. Om Shanti. pic.twitter.com/ReVDvcUD6F
— Narendra Modi (@narendramodi) December 29, 2019
I consider myself blessed to have got many opportunities to learn from Sri Vishvesha Teertha Swamiji. Our recent meeting, on the pious day of Guru Purnima was also a memorable one. His impeccable knowledge always stood out. My thoughts are with his countless followers. pic.twitter.com/sJMxIfIUSS
— Narendra Modi (@narendramodi) December 29, 2019