Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী মনোহৰ পাৰিকৰ আছিল এগৰাকী অতুলনীয় নেতা। এগৰাকী প্ৰকৃত দেশপ্ৰেমী আৰু অনবদ্য তথা ব্যতিক্ৰমী প্ৰশাসক, যাক সকলোৱেই অনুকৰণ কৰিছিল, অনুসৰণ কৰিছিল। দেশৰ প্ৰতি থকা তেওঁৰ নিস্বাৰ্থ সেৱাৰ কথা অনাগত প্ৰজন্মই মনত ৰাখিব। তেওঁৰ মৃত্যুত গভীৰ শোক পাইছো। তেওঁৰ শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা যাঁচিছো। ঔঁম শান্তি।

শ্ৰী মনোহৰ পাৰিকৰ আছিল আধুনিক গোৱাৰ খনিকৰ। তেওঁৰ অনিন্দ্যসুন্দৰ ব্যক্তিত্ব আৰু সুমধুৰ স্বভাৱে তেওঁক মানুহৰ মাজত জীয়াই ৰাখিব, দেশৰ অতিকৈ পচন্দৰ নেতা হিচাপে নাম ৰৈ যাব। তেওঁর জনমুখী নীতিসমূহে গোৱাক প্ৰগতিৰ পথেৰে ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈছিল।

আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ কৰি যোৱা সেৱাৰ বাবে দেশে সদায়েই শ্ৰদ্ধাৰে সুঁৱৰিব তেওঁৰ নাম। তেওঁ যেতিয়া প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালি আছিল তেতিয়া ভাৰতৰ সুৰক্ষা সামৰ্থ্যসমূহ বৃদ্ধি কৰা এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। দেশৰ স্থানীয় প্ৰতিৰক্ষা সংক্ৰান্তীয় উৎপাদন আৰু অৱসৰপ্ৰাপ্ত সামৰিক বাহিনীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত হৈছিল।”

*****

AKT/KP/RD