Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ  কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে  প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম । শ্ৰী মোদীয়ে মহাবিদ্যালয় খনৰ  প্ৰতিষ্ঠাপক শ্ৰী ৰাম জীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ দৃষ্টিভংগীৰ প্ৰতি প্ৰণাম জনায়। মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে বাবে  ১০০ বছৰীয়া মাইলৰ খুঁটিৰ গভীৰ তাৎপৰ্যৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শ্ৰী ৰাম জীক শ্ৰদ্ধাঞ্জলি জনায় আৰু তেওঁৰ চিৰস্থায়ী দৃষ্টিভংগীক  প্ৰণাম কৰে। শ্ৰী মোদীয়ে কয় , “যেতিয়া এটা প্ৰতিষ্ঠানৰ ১০০ বছৰ সম্পূৰ্ণ হয়, তেতিয়া ই এক কৃতিত্ব আৰু প্ৰেৰণাৰ সাগৰত পৰিণত হয়।

দৰিয়াগঞ্জৰ এটা সাধাৰণ  প্ৰতিষ্ঠানৰ পৰা উচ্চ শিক্ষানুষ্ঠানলৈ মহাবিদ্যালয়খনৰ  উত্তৰণৰ কথা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে  মহাবিদ্যালয়খনে প্ৰজন্মক গঢ় দিছে। আজি অনুষ্ঠানটোৰ নামৰ লগত জড়িত সকলৰ বাবে  অপৰিসীম গৌৰৱক অনুভৱ কৰাৰ কথাও তেওঁ  স্বীকাৰ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আজিও ডি ইউত আপোনালোকে  এছ আৰ চি চিৰ বুলি কোৱাটো নিজৰ বাবেই এক গৌৰৱ । মহাবিদ্যালয়খনৰ উত্তৰাধিকাৰক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে এছ আৰ চি চিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠানটোক বিশ্বজুৰি উন্নীত কৰাৰ ক্ষেত্ৰত  ধ্বজাবাহক হিচাপে স্বীকৃতি দিছে। তেওঁ প্ৰয়াত অৰুণ জেটলী আৰু সঞ্জীৱ সান্যালৰ দৰে উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সৈতে কাম কৰাৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা স্মৰণ কৰে। স্নাতকসকলে শিল্পী, ৰাজনীতিবিদ, বিচাৰক হিচাপে নিজৰ পৰিচয় দাঙি ধৰাৰ কথাও শ্ৰী মোদীয়ে উল্লেখ কৰে।   “এছ আৰ চি চিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো ক্ষেত্ৰতে নিজৰ স্থান দখল কৰিছে,” শ্ৰী মোদীয়ে কয় । সাম্প্ৰতিক পৰিঘটনাক লৈ  নষ্টালজিক হৈ প্ৰধানমন্ত্ৰীয়ে  কয় যে মহাবিদ্যালয়খনত তেওঁৰ পূৰ্বৰ ২০১৩ চনৰ ভাষণটো মানুহে মৰমেৰে সামৰণ কৰিছে আৰু  সেয়া পুনৰ চাইছে । তেওঁ উল্লেখ কৰে যে সেই ভাষণটোৱে এক স্থায়ী ঢৌৰ সৃষ্টি কৰিছিল যাৰ ইতিবাচক প্ৰভাৱ ১৩-১৪ বছৰৰ পাছতো সম্পূৰ্ণৰূপে অক্ষত আছে । শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “দেশৰ প্ৰতি সম্পূৰ্ণ হৃদয়েৰে নিজকে উৎসৰ্গা কৰাটোৱেই আছিল  সেইদিনা মোৰ কথাত প্ৰকাশ পোৱা  আবেগ।”

অতীতৰ সংগ্ৰাম আৰু আজিৰ সাফল্যৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ পৰাজিত হৈছে, সশস্ত্ৰ বাহিনীয়ে আত্মবিশ্বাসেৰে শত্ৰুক নিজৰ ঘৰতে আঘাত কৰিছে আৰু জম্মু-কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ শান্তি পুনৰ ঘূৰাই আনিছে। তেওঁ কয় যে বিশ্বই এতিয়া ভাৰতৰ নীতিগত গতিশীলতা আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ মৰ্যাদাক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “পশ্চিম এছিয়াৰ যুদ্ধ আৰু বিশ্ব বাণিজ্যৰ বাধাৰ মাজত ত্ৰিমাসিকভাৱে ৭.৮ শতাংশ বৃদ্ধি লাভ কৰাটোৱে ভাৰতৰ অন্তৰ্নিহিত সামৰ্থ্যকেই প্ৰদৰ্শন কৰিছে।”

 সমালোচকসকলক প্ৰত্যুত্তৰ দি অৰ্থনৈতিক তথ্য দাখিলেৰে  প্ৰধানমন্ত্ৰীয়ে কয় যে এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত বিদ্যুৎ উৎপাদন ৯ শতাংশ বৃদ্ধি পাইছে, আনহাতে সামগ্ৰিকভাৱে বাহনৰ বিক্ৰী ২০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে, যাৰ ফলত দুচকীয়া বাহনৰ ২০ শতাংশ আৰু তিনিচকীয়া বাহনৰ প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে। তেওঁ যুক্তি দিয়ে যে তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ ৮ শতাংশ বৃদ্ধিয়ে প্ৰমাণ কৰে যে নিৰ্মাণ, গৃহ নিৰ্মাণ, আৰু বাণিজ্যিক কাৰ্য্যকলাপ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। “ইয়াৰ পিছতো ২০১৩ চনত গিলাচটো আধা খালী বুলি দেখা লোকসকলৰ বাবে আজিও তেওঁলোকৰ মানসিকতা হুবহু একেই আছে,” শ্ৰী মোদীয়ে কয়। ২০১৩ চনত জনপন্থী সুশাসন (P2G2)ৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে পূৰ্বৰ প্ৰশাসনসমূহৰ প্ৰতিক্ৰিয়াশীল দৃষ্টিভংগীক স্থায়ীভাৱে বাতিল কৰিছিল। তেওঁ জন ধন যোজনাৰ ১২ বছৰীয়া সফলতাক এক উদাহৰণ হিচাপে উল্লেখ কৰি স্মৰণ কৰে যে ২০১৪ চনৰ মাৰ্চ মাহলৈকে ভাৰতৰ ১.২৫ বিলিয়ন জনসংখ্যাৰ ৫০ শতাংশতকৈ অধিক লোকৰ বেংক একাউণ্টৰ অভাৱ আছিল, আনহাতে এই আঁচনিখনে এতিয়া প্ৰায় ৬০ কোটি নাগৰিকক একত্ৰিত কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আজি দেশৰ প্ৰায় প্ৰতিটো পৰিয়াল বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত, যিয়ে ভাৰতৰ ফিনটেক বিপ্লৱৰ ভেটি গঠন কৰিছে।” ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশক বৃহৎ আমদানিকাৰকৰ পৰা আগশাৰীৰ ৰপ্তানিকাৰকলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত লাভ কৰা কীৰ্তিচিহ্নস্বৰূপ সফলতাৰ কথা উল্লেখ  কৰে। তেওঁ গৌৰৱেৰে কয় যে স্মাৰ্টফোনৰ ৰপ্তানিয়ে  এতিয়া ২.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে, আনহাতে ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে সৰ্বকালৰ সৰ্বোচ্চ স্তৰ প্ৰায় ২ লাখ কোটি টকাত উপনীত হৈছে, যাৰ ফলত ২০১৩-১৪ চনৰ মাত্ৰ ৬০০-৭০০ কোটি টকাৰ প্ৰতিৰক্ষা ৰপ্তানি আজি ৪০ হাজাৰ কোটি টকাৰ বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘মই সৰু আৰু সহজ লক্ষ্যৰে  আগবঢ়া ব্যক্তি নহয়, দেশৰ বাবে বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি সেইবোৰ লাভৰ বাবে মোৰ হৃদয় আৰু আত্মাক নিয়োজিত কৰিছো।

২০১৩ চনত জনপন্থী সুশাসন (P2G2)ৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে পূৰ্বৰ প্ৰশাসনসমূহৰ প্ৰতিক্ৰিয়াশীল দৃষ্টিভংগীৰে স্থায়ীভাৱে বাতিল কৰিছিল। তেওঁ জন ধন যোজনাৰ ১২ বছৰীয়া সফলতাক এক উদাহৰণ হিচাপে উল্লেখ কৰি স্মৰণ কৰে যে ২০১৪ চনৰ মাৰ্চ মাহলৈকে ভাৰতৰ ১.২৫ বিলিয়ন জনসংখ্যাৰ ৫০ শতাংশতকৈ অধিক লোকৰ বেংক একাউণ্টৰ অভাৱ আছিল, আনহাতে এই আঁচনিখনে এতিয়া প্ৰায় ৬০ কোটি নাগৰিকক একত্ৰিত কৰিছে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আজি দেশৰ প্ৰায় প্ৰতিটো পৰিয়াল বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত, যিয়ে ভাৰতৰ ফিনটেক বিপ্লৱৰ ভেটি গঠন কৰিছে।”

 ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশক  বৃহৎ আমদানিকাৰকৰ পৰা আগশাৰীৰ ৰপ্তানিকাৰকলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত লাভ কৰা কীৰ্তিচিহ্নস্বৰূপ সফলতাক উদযাপন কৰে। তেওঁ গৌৰৱেৰে কয় যে স্মাৰ্টফোনৰ ৰপ্তানি এতিয়া ২.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে, আনহাতে ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে সৰ্বকালৰ সৰ্বোচ্চ স্তৰ প্ৰায় ২ লাখ কোটি টকাত উপনীত হৈছে, যাৰ ফলত ২০১৩-১৪ চনৰ মাত্ৰ ৬০০-৭০০ কোটি টকাৰ প্ৰতিৰক্ষা ৰপ্তানি আজি ৪০ হাজাৰ কোটি টকাৰ বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘মই সৰু আৰু সহজ লক্ষ্যৰে খোজকঢ়া ব্যক্তি নহয়, দেশৰ বাবে বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি সেইবোৰ লাভৰ বাবে মোৰ হৃদয় আৰু আত্মাত ৰাখিছো।

কো-অপাৰেটিভ, ক্ৰছৰোডছ, আৰু বিজনেছ কনক্লেভৰ চাহৰ সজীৱ কেম্পাছ জীৱনৰ পৰা বাহিৰৰ জগতৰ বাস্তৱতালৈ পৰিৱৰ্তন হৈ প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় প্ৰগতিৰ  বিৰোধিতা কৰা ব্যক্তিৰ বিষয়ে সকীয়াই দিয়ে। তেওঁ আঙুলিয়াই দিলে যে এই নাকচকাৰীসকলে কেনেকৈ  বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি, হাই-স্পীড ৰে’ল, ইউপিআই  আৰু নতুন সংসদ ভৱনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পক লৈ প্ৰশ্ন উত্থাপন কৰিছে। “কিন্তু ভাৰতে এটা উত্তৰ দিছে: ভাৰতক দেশৰ বাবে প্ৰয়োজনীয় কাম কৰাত কোনেও বাধা দিব নোৱাৰে,” শ্ৰী মোদীয়ে কয়।

আন্তঃগাঁথনি আৰু নীতি ৰূপায়ণৰ অভূতপূৰ্ব গতিৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বে দশক দশক ধৰি লোৱা প্ৰকল্পসমূহ এতিয়া মাত্ৰ কেইবছৰমানৰ ভিতৰতে সম্পূৰ্ণ হৈছে। তেওঁ উল্লেখ কৰে যে ১৯২৫ চনত ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰে’ল চলি থকাৰ পিছতো ২০১৪ চনৰ ভিতৰত ৩০ শতাংশতকৈও কম ৰে’লপথত বিদ্যুৎ সংযোগ কৰা হৈছিল, আনহাতে তেওঁৰ চৰকাৰে মাত্ৰ ১২ বছৰতে প্ৰায় ১০০ শতাংশ বিদ্যুৎ সংযোগ কৰাৰ সমান্তৰালভাৱে ৪০খন দেশৰ সৈতে চামৰা, বস্ত্ৰশিল্প, আৰু প্ৰচেছড খাদ্য সামৰি মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছিল। শ্ৰী মোদীয়ে কয় কয়, ‘ইয়াৰ ফলত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক নতুন সুযোগৰ  সৃষ্টি হৈছে।

শ্ৰী মোদীয়ে তেওঁৰ প্ৰশাসনে ক’ভিড-১৯ মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দৰে ভয়াৱহ আধুনিক সংকটৰ প্ৰতি স্থিতিস্থাপকভাৱে চম্ভালি লোৱাৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘মোৰ দেশৰ জনসাধাৰণৰ আশীৰ্বাদত ইমানেই ক্ষমতা আছে যে ভাৰতৰ অসুস্থতা কামনা কৰাসকলৰ প্ৰতিটো ইচ্ছাই বৃথা হৈ পৰিছে।

একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ অভিলাষী মনোভাৱক উৎসাহিত কৰি প্ৰধানমন্ত্ৰীয়ে ইউনিকৰ্ণ নিৰ্মাণ, ড্ৰ’ন প্ৰযুক্তিৰ উদ্ভাৱন, আৰু অত্যাধুনিক এআই সমাধান সৃষ্টিৰ বাবে তেওঁলোকৰ অভিযানক উদযাপন কৰে। তেওঁ তেওঁলোকক পূৰ্বৰ প্ৰজন্মতকৈও ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়, বিশ্বক নেতৃত্ব দিব পৰা গ্লোবেল কনচালটিং, একাউণ্টিং, বিত্তীয়, আৰু আইনী প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ আহ্বান জনায়। “আজি ভাৰতীয়ই বিশ্বৰ শীৰ্ষ কোম্পানীত আগবাঢ়ি আছে, গতিকে ভাৰতীয়ই নিৰ্মাণ কৰা কোম্পানীয়ে কিয় বিশ্বক নেতৃত্ব দিব নোৱাৰে?” শ্ৰী মোদীয়ে প্ৰশ্ন কৰে।

এছ আৰ চি চি কলেজৰ পৰা প্ৰেৰণা লৈ প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক সূৰ্য্যৰ দিশে আগবাঢ়ি যোৱা এখন জাহাজৰ সৈতে সুন্দৰকৈ তুলনা কৰে । তেওঁ সকলোকে আত্মনিৰ্ভৰশীলতাৰ এক নতুন পথত আগবাঢ়িবলৈ আহ্বান জনায় , য’ত সাহস, সপোন আৰু চূড়ান্ত বিজয় সম্পূৰ্ণৰূপে নিহিত হৈ আছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘বিকশিত ভাৰতৰ পথত প্ৰতিটো খোজ আমাৰ  বাবে হ’ব লাগে।

****

MJPS/SS/PRK/DM