Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সঞ্চালক আৰু উপ-সচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

সঞ্চালক আৰু উপ-সচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

সঞ্চালক আৰু উপ-সচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ তথা মন্ত্ৰালয়ত কৰ্মৰত প্ৰায় ৩৮০ গৰাকী সঞ্চালক আৰু উপ-সচিবৰ সৈতে চাৰিটা গোটত বাৰ্তালাপত মিলিত হয়। ২০১৭ৰ অক্টোবৰ মাহত এই বাৰ্তালাপ বেলেগে বেলেগে অনুষ্ঠিত হয়। ১৭ অক্টোবৰত অন্তিম লানি বাৰ্তালাপ অনুষ্ঠিত হৈছিল। প্ৰতি লানি বাৰ্তালাপ প্ৰায় দুঘণ্টাকৈ হৈছিল।

বাৰ্তালাপ সময়ত আলোচিত হোৱা বিষয়সমূহৰ ভিতৰত প্ৰশাসন, দুৰ্নীতি, ৰাজহুৱা প্ৰতিষ্ঠান, চৰকাৰী ই-বজাৰ, স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশ, কৃষি, পৰিবহণ, ৰাষ্ট্ৰীয় সংহতি, জল সম্পদ, স্বচ্চ ভাৰত, সংস্কৃতি, যোগাযোগ আৰু পৰ্যটন উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী বিষয়াক ২০২২ চনৰ ভিতৰত নতুন ভাৰত গঢ়াৰ লক্ষ্যৰে সম্পূৰ্ণ উচৰ্গিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজত স্থবিৰতাই প্ৰতিবন্ধকতা সৃষ্টি কৰে। সেয়েহে এলাহ তথা কামৰ প্ৰতি অনীহা ভাৱ দূৰ কৰি উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ এই তৎপৰতাই চৰকাৰী প্ৰশাসনৰ বিভিন্ন কামত গতিৰ সঞ্চাৰ হ’ব। তেওঁ কয় যে বিষয়া আৰু উপ-সচিব পদত কর্মৰত বিষয়াসকলে নিজৰ মাজত টীম তৈয়াৰ কৰি এনেদৰে কাম কৰিব লাগিব, যাতে উন্নত ফল নিশ্চিত হয়।

বাৰ্তালাপত প্রধানমন্ত্রীৰ কাৰ্যালয়, ৰাজ্যিক মন্ত্রী ডঃ জীতেন্দ্র সিং, সংশ্লিষ্ট বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু কেবিনেট সচিবসকল উপস্থিতি থাকে।

***

AKT/SH/DB