Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সমগ্ৰ দেশতে উদযাপিত বিভিন্ন পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উদযাপিত বিভিন্ন পৰ্ব উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷ টুইটাৰত এলানি টুইট প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন উৎসৱ পালন কৰি আছো আৰু আমাৰ পাৰম্পৰিক কেলেণ্ডাৰ অনুসৰি নতুন বৰ্ষতো প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছো৷ উগাড়ি, গুড়ি পৰৱা, নৱৰাহ আৰু সাজিবু চেইৰাঅ’বা উপলক্ষে আপোনালোকলৈ শুভেচ্ছা থাকিল৷ এই শুভ মুহূৰ্তই যেনে আমাৰ জীৱনলৈ সুস্বাস্থ্য, সুখ আৰু উন্নতি কঢ়িয়াই আনে৷

দেশে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰি থকাৰ সময়তে আমি আমাৰ উৎসৱ পালন কৰিছো৷ এই উৎসৱসমূহ এনেদৰে পালন কৰা নহয় যদিও আমাক বৰ্তমানৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাত মানসিকভাৱে শক্তিশালী কৰিবলৈ উৎসৱসমূহে ভূমিকা পালন কৰিব৷ আহক, আমি সকলোৱে ঐক্যৱদ্ধভাৱে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিও৷’’

*****

VRRK/VJ/MANN