Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

নতুন ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত আৰু ভিয়েটনামৰ মাজৰ বন্ধুত্ব ক্ৰমাৎ শক্তিশালী হৈ গৈ থাকিব। শ্ৰী মোদীয়ে লগতে মন্তব্য কৰে যে তেওঁ দুয়োখন ৰাষ্ট্ৰ আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে একেলগে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

“সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে টো লামক আন্তৰিক অভিনন্দন জনাইছো। মই আত্মবিশ্বাসী যে তেওঁৰ নেতৃত্বত আমাৰ দুয়োখন দেশৰ মাজৰ বন্ধুত্ব ক্ৰমাৎ শক্তিশালী হৈ গৈ থাকিব। মই আমাৰ জনসাধাৰণ আৰু অঞ্চলটোৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে একেলগে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।”

 

***

MJPS/PRK/HS