Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সাধাৰণ নিৰ্বাচনত লাভ কৰা ঐতিহাসিক বিজয় উপলক্ষে প্ৰধানমন্ত্ৰীলৈ অভিনন্দনসূচক বাৰ্তা


সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন কৰা ঐতিহাসিক বিজয় উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অভিনন্দনসূচক বাৰ্তা লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ছৌদি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছালমান; কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানি; জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল; ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেচা মে’ আৰু শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাকছাৰ পৰা অভিনন্দনসূচক টেলিফোন কল লাভ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰ ছালমানক তেওঁৰ অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দুয়োখন দেশৰ মাজত থকা বন্ধুত্বক অধিক শক্তিশালী কৰা সম্পৰ্কে মন্তব্য প্ৰদান কৰে৷ আমিৰে প্ৰধানমন্ত্ৰীক উষ্ম সম্ভাষণ জনাই দুয়োখন দেশৰ মাজত থকা গভীৰ সম্বন্ধৰ বিষয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰি চেঞ্চেলৰ মাৰ্কেলে দুয়োখন দেশৰ মাজৰ বৰ্ধিত সম্পৰ্কৰ বিষয়ে উনুকিয়াই ভৱিষ্যতে পাৰস্পৰিক আগ্ৰহসমূহত সহযোগিতা প্ৰকাশৰ ইচ্ছা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণ কৰাত গুৰুত্ব প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই জাপানৰ অ’ছাকাত হ’বলগীয়া জি২০ সন্মিলন আৰু ভাৰতত হ’বলগীয়া আন্তঃ চৰকাৰী পৰামৰ্শ সন্মিলনত মিলিত হৈ এই সম্পৰ্কে আলোচনা কৰাত আগ্ৰহ প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰী মে’য়ে প্ৰধানমন্ত্ৰীক ঐতিহাসিক জনাদেশৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ সাধাৰণ নিৰ্বাচনটোক গণতন্ত্ৰৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মে’য়ে ভাৰতৰ জনতাক এই ঐতিহাসিক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উত্তৰণ কৰাত আগ্ৰহ প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজাপাকছাক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ শ্ৰীলংকা আৰু ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্ব অটুট ৰখাৰ বাবে তথা দুয়োখন দেশৰ জনসাধাৰণ উন্নতিৰ বাবে নেতা দুগৰাকীয়ে আগ্ৰহ প্ৰকাশ কৰে৷

*****

AKT/KP /MANN