পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেট বৈঠকত একক সামগ্ৰী আৰু সেৱা কৰ(জিএছটি) ব্যৱস্থাৰ অধীনত এক ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণ(এনএএ)ৰ অধ্যক্ষ তথা কাৰিকৰী সদস্যৰ বাবে পদ সৃষ্টিত অনুমোদন জনায়। কালি বহু সংখ্যক অত্যাৱশ্যকীয় সামগ্ৰীৰ জিএছটিৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস কৰাৰ সিদ্ধান্তৰ পৰিপ্রেক্ষিতত এই প্ৰাধিকৰণ গঠন কৰা হ’ব। ইয়াৰ ফলত, বিভিন্ন সামগ্ৰী আৰু সেৱাৰ জিএছটি হাৰ কমাৰ সুবিধা যাতে সাধাৰণ গ্রাহকসকলে পাব পাৰে আৰু সংশ্লিষ্ট সামগ্ৰীৰ দাম কমে, তাক নিশ্চিত কৰিবলৈ এই শীর্ষ সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ভাৰত চৰকাৰৰ সচিব পর্যায়ৰ এজন জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত গঠন হ’বলগীয়া এই প্ৰাধিকৰণত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ চাৰিজন ব্যক্তি কাৰিকৰী সদস্য হিচাপে থাকিব। জিএছটিৰ হাৰ হ্রাসৰ ফলত বিভিন্ন সামগ্ৰী আৰু সেৱাৰ দাম হ্ৰাসৰ সুবিধা যাতে গ্রাহকসকলে লাভ কৰে, সেই লক্ষ্যৰে সম্ভাৱ্য সকলো ধৰণৰ পদক্ষেপ ল’বলৈ চৰকাৰ যে বদ্ধপৰিকৰ সেইটোকে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে।
উল্লেখ্য যে ২০১৭ৰ ১৪ নৱেম্বৰৰ মাজৰাতিৰ পৰা ১৭৮টি সামগ্ৰীৰ জিএছটি হাৰ ২৮শতাংশৰ পৰা হ্ৰাস কৰি ১৮ শতাংশ কৰা হৈছে। বৰ্তমান কেৱল ৫০টা সামগ্ৰীতহে ২৮ শতাংশ হাৰত জিএছটি বাহাল থাকিব। একেদৰে বৃহৎ সংখ্যক সামগ্ৰীৰ জিএছটি ১৮ শতাংশৰ পৰা কমায় ১২ শতাংশ আৰু কেতবোৰ সামগ্ৰীৰ আৰু হ্ৰাস কৰি সম্পূর্ণ কৰমুক্ত কৰা হৈছে।
জিএছটি আইনত যি মুনাফা বিৰোধীতাৰ পদক্ষেপৰ কথা কোৱা হৈছে তাত সকলো ধৰণৰ সামগ্ৰীৰ ওপৰত জিএছটিৰ কম হাৰ আৰু ইনপুট টেক্স ক্রেডিটৰ সম্পূর্ণ সুবিধা যাতে গ্রাহকসকলে উপভোগ কৰে, তাৰবাবে এটি প্রতিষ্ঠানগত ব্যৱস্থা গঢ়ি তোলাৰ কথা আছে। এই প্রতিষ্ঠানগত ব্যৱস্থাত ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণ হৈছে এটি স্থায়ী কমিটী আৰু প্রত্যেক ৰাজ্যৰ বাবে এক পর্যালোচনা কমিটীও গঠন কৰা হৈছে। তদুপৰি, কেন্দ্রীয় সীমা শুল্ক তথা আভ্যন্তৰীণ শুল্ক পৰিষদৰ সুৰক্ষা সংক্রান্তীয় সঞ্চালকালয় (Directorate General of Safeguards) আছে।
যদি কোনো গ্রাহকে ভাৱে যে কোনো সামগ্ৰী আৰু সেৱাৰ ওপৰত জিএছটি কমোৱাৰ সুবিধা তেওঁলোকে পোৱা নাই, সেইক্ষেত্রত সংশ্লিষ্ট ৰাজ্যৰ পর্যালোচনা কমিটীৰ ওচৰত তেওঁ লিখিতভাবে আবেদন দিব পাৰিব। তেতিয়া সর্বভাৰতীয় ক্ষেত্রত কোনো বহুল প্রচলিত সামগ্ৰীৰ ওপৰত মুনাফা সংক্রান্তীয় ঘটনাৰ বাবে গ্রাহকসকলে তাৎক্ষণিকভাৱে স্থায়ী কমিটীৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব। স্থায়ী কমিটীয়ে এই সকলো আবেদনৰ প্রাথমিক বিবেচনাৰ পাছত বিস্তৃত তদন্তৰ বাবে সুৰক্ষা সংক্রান্তীয় সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব। এই সংস্থাৰ তদন্তৰ পাছত তেওঁলোকৰ প্রতিবেদন ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণক দিব।
ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণে যদি মুনাফা বিৰোধী পদক্ষেপ গ্রহণ কৰাটো প্রয়োজন বুলি ভাবে, তেন্তে সংশ্লিষ্ট সৰবৰাহকাৰী বা ব্যবসায়ীসকলে সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ অথবা সামগ্ৰী বা সেৱাৰ বর্ধিত দাম সুদসহ গ্রাহকক ঘুৰাই দিয়াৰ নির্দেশ দিব পাৰে। যিবোৰ ক্ষেত্রত বে-আইনি মুনাফা গ্রাহকসকলে দেখা নাপায়, সেইবোৰৰ ক্ষেত্রত গ্রাহক কল্যাণ পুঁজি সেই ধন জমা ৰাখিবলৈ নির্দেশ দিব পাৰে। কোনো বিশেষ ক্ষেত্রত মুনাফা বিৰোধী প্ৰাধিকৰণে দোষী ব্যৱসায়িক সংস্থাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু জিএছটিৰ অধীনত সংশ্লিষ্ট সংস্থাৰ পঞ্জীয়নো বাতিল কৰিব পাৰিব।
ৰাষ্ট্ৰীয় মুনাফা বিৰোধী প্ৰাধিকৰণ গঠনৰ ফলত গ্রাহকসকলৰ আস্থা বৃদ্ধি পোৱাৰ লগতে সাম্প্রতিক সময়ত জিএছটিৰ হাৰ হ্ৰাসৰ সুবিধা আৰু সাধাৰণতে জিএছটি ৰূপায়ণৰ সুবিধাসমূহে যাতে তেওঁলোকে পায়, সেয়া সুনিশ্চিত হ’ব।
*****
AKT/VBA/SH/DB
GST anti-profiteering authority gets Cabinet approval. https://t.co/w2ePB3q0LU
— PMO India (@PMOIndia) November 17, 2017
via NMApp pic.twitter.com/gk1wLPuQWS