পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘সামুদ্ৰিক সচেতনতা অভিযান’ত সহযোগিতাৰ বাবে ভাৰত আৰু ফ্ৰান্সৰ মাজত ‘ইমপ্লিমেণ্টিং এৰেঞ্জমেণ্ট’ত অনুমোদন জনাইছে৷ ২০১৮ৰ ১০ মাৰ্চত ভাৰত আৰু ফ্ৰান্সৰ মাজত এই বিষয়ত চুক্তি স্বাক্ষৰিত হৈছিল৷
এই প্ৰস্তাৱিত সংযুক্ত অভিযান দুয়োখন দেশক উপযুক্ত তথ্য আৰু সেৱা প্ৰদানৰ নামত উৎসৰ্গিত হ’ব৷ ইয়াৰ উদ্দেশ্য হ’ল সামুদ্ৰিক যাতায়তত নজৰ ৰখা আৰু অবৈধভাৱে প্ৰৱেশ কৰা জাহাজ চিনাক্ত কৰা৷ এই নিৰীক্ষণ প্ৰণালীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত জাহাজ পৰ্যবেক্ষণ, নিৰীক্ষণ, চিনাক্তকৰণৰ সমস্যা নাশ কৰিব৷
ইমপ্লিমেণ্টিং এৰেঞ্জমেণ্ট অনুসৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)আৰু ফ্ৰান্সৰ চিএনইএছ-এ এই দিশত যুটীয়াভাৱে বিভিন্ন পদক্ষেপ হাতত ল’ব৷
****
KS/SNC/SH/MS