Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সাৰ্বজনিক স্থানত অবৈধ দখল কৰা লোকৰ ওপৰত কঠোৰ নিৰীক্ষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সাৰ্বজনিক স্থানৰ চৰকাৰী ভৱনত অবৈধভাৱে দখল কৰি থকা লোকৰ ওপৰত কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি ‘সাৰ্বজনিক পৰিসৰ (অনধিকৃত লোকৰ বেদখল)সংশোধন বিধেয়ক, ২০১৯’ শীৰ্ষক এক নতুন বিধেয়ক প্ৰস্তুত কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

প্ৰভাৱঃ

এই সংশোধনৰ দ্বাৰা চৰকাৰী ভৱনসমূহত অবৈধভাৱে দখল কৰি থকা লোকক অতি সহজে আৰু দ্ৰুত গতিত বেদখলমুক্ত কৰিবলৈ সহায়ক হ’ব আৰু এইদৰে খালী হোৱা ভৱনসমূহ প্ৰতীক্ষাসূচীত থকা উপযুক্ত লোকসকলক আৱণ্টন দিয়াত সহজ হ’ব৷ ইয়াৰ দ্বাৰা চৰকাৰী ভৱনৰ সুবিধা পোৱাৰ প্ৰতীক্ষাকাল হ্ৰাস হ’ব৷

নিহিতাৰ্থঃ

নতুন বিধেয়কে ‘সাৰ্বজনিক পৰিসৰ (অনধিকৃত লোকৰ বেদখলী) সংশোধন বিধেয়ক, ২০১৭’ৰ স্থান গ্ৰহণ কৰিব৷ নতুন বিধেয়ক পৰৱৰ্তী সদনত উত্থাপন কৰা হ’ব৷

প্ৰণয়নঃ

নতুন বিধেয়কত ‘সাৰ্বজনিক পৰিসৰ (অনধিকৃত লোকৰ বেদখলী)অধিনিয়ম, ১৯৭১’ৰ ধাৰা ২, ধাৰা ৩, আৰু ধাৰা ৭ৰ সংশোধন কৰাৰ কথা কোৱা হৈছে৷ ইয়াৰ বাবে ধাৰা ২ত অনুচ্ছেদ (এফবি)ৰ পূৰ্বে অনুচ্ছেদ (এফএ), ধাৰা ৩ৰ ধাৰা ৩এৰ তলত এক নতুন ধাৰা ৩বি আৰু ‘সাৰ্বজনিত পৰিসৰ (অনধিকৃত লোকৰ বেদখলী)অধিনিয়ম, ১৯৭১’ৰ ধাৰা ৭ৰ অধীনত উপ-ধাৰা (৩)ৰ তলত এক নতুন উপ-ধাৰা ৩এ সংযোজিত কৰাৰ কথা কোৱা হৈছে৷ প্ৰস্তাৱিত এই সংশোধনৰ দ্বাৰা চৰকাৰী ভৱনসমূহত অবৈধভাৱে দখল কৰি থকা লোকক অতি সহজে আৰু দ্ৰুত গতিত বেদখলমুক্ত কৰিবলৈ সহায়ক হ’ব আৰু এইদৰে খালী হোৱা ভৱনসমূহ প্ৰতীক্ষাসূচীত থকা উপযুক্ত লোকসকলক আৱণ্টন দিয়াত সহজ হ’ব৷ ইয়াৰ দ্বাৰা চৰকাৰী ভৱনৰ সুবিধা পোৱাৰ প্ৰতীক্ষাকাল হ্ৰাস হ’ব৷

পৃষ্ঠভূমিঃ

ভাৰত চৰকাৰে পিপিই অধিনিয়ম, ১৯৭১ৰ ব্যৱস্থাপনাৰ অধীনত চৰকাৰী আৱাসসমূহত অবৈধভাৱে দখল কৰি থকা লোকসমূহৰ পৰা দখলমুক্ত কৰিব বিচাৰিছে৷ এই ব্যৱস্থাপনাত সময়ৰ প্ৰয়োজন হয়৷ সেইবাবে নতুন লোকে চৰকাৰী ঘৰ লাভ কৰাত বিলম্ব হয়৷ এয়া দেশৰ নাগৰিকৰ বাবে এক পাৰদৰ্শী তথা বাধাৰহিত শাসন ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰা এক গুৰুত্বপূৰ্ণ নিৰ্ণয় হিচাপে বিবেচিত হ’ব৷

****

AKT/AK/MANN