পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি “সুচল ব্যৱসায়”ৰ অগ্ৰগতিৰ সন্দৰ্ভত আয়োজিত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷
বৈঠকত অৰ্থনৈতিক বিষয়সমূহৰ সৈতে জড়িত জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ; মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী অনিল বাইজলৰ লগতে কেন্দ্ৰীয় চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷
এই উপলক্ষে সুচল ব্যৱসায়ৰ সৈতে জড়িত বিভিন্ন মাপকাঠিৰ অগ্ৰগতিৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়৷ সেইবোৰ ভিতৰত নিৰ্মাণৰ অনুমতি, চুক্তি বলবৎ, সম্পত্তি নথিভুক্তকৰণ, নতুন ব্যৱসায় আৰম্ভ কৰা, বিদ্যুৎ সংযোগ, ঋণ সাহায্যসহ ঋণ পৰিশোধৰ অক্ষমতাৰ দৰে বিষয়সমূহ উত্থাপিত হয়৷
বিগত চাৰি বছৰত সুচল ব্যৱসায়ৰ ক্ষেত্রত বিশ্ব বেংকৰ সূচক অনুযায়ী ভাৰতে ১৪২ৰ পৰা ৭৭তম স্থানলৈ উন্নীত হোৱাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়৷
ব্যৱসায়ৰ সুচল পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপসমূহ ৰূপায়ণত যিবোৰ বাধা আছে, সেয়া দূৰ কৰাৰ পন্থাক লৈ বিষয়াসকলে আলোচনা কৰে৷
সমাজৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক উন্নত সেৱা প্ৰদানৰ ওপৰত জোৰ দি প্ৰধানমন্ত্রীয়ে বিভিন্ন ব্যৱস্থাপনাক আৰু সুবিন্যস্ত কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে সুবিন্যস্ত প্ৰণালীয়ে কেৱল সুচল ব্যৱসায়ৰ সূচকেই নহয়, সহজ জীৱনযাপনৰ মান উনন্নয়কে ধৰি ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশতো সহায় কৰিব। উদীয়মান তথা প্ৰগতিশীল অর্থনীতি হিচাপে ভাৰতৰ বাবে এই ধৰণৰ সহায়ক ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী৷ সুচল ব্যৱসায়ৰ সূচকত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সমগ্ৰ বিশ্বত আগ্ৰহ বৃদ্ধি পোৱা বুলিও প্ৰধানমন্ত্রীয়ে কয়৷
***
AKT/SH/SK/DB
Had an excellent meeting to review India’s progress towards enhancing ‘Ease of Doing Business.’
— Narendra Modi (@narendramodi) December 13, 2018
We discussed aspects relating to construction, power, resolving insolvency and other areas that will make business easier in the times to come. pic.twitter.com/Owmr05ZoR2
Emphasised on the need to focus on last mile delivery, simplifying systems and procedures, which will improve both ‘Ease of Doing Business’ and ‘Ease of Living.’
— Narendra Modi (@narendramodi) December 13, 2018
We are devoting all possible efforts to further improve our 'Ease of Doing Business' rankings. pic.twitter.com/A6mr7fiZP7