Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্কাইৰুট এৰ’স্পেচলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত উৎক্ষেপণ বাহন বিক্ৰম-1-ৰ প্ৰথম কক্ষপথ উৎক্ষেপণৰ পূৰ্বে স্কাইৰুট এৰ’স্পেচক শুভেচ্ছা জ্ঞাপন কৰি ইয়াক দেশৰ মহাকাশ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে বিক্ৰম-1 ৰ উৎক্ষেপণে ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাৰ বাবে এক নতুন সীমা মুকলি কৰিছে আৰু উদ্ভাৱন, প্ৰযুক্তি তথা উদ্যোগশীলতাৰ ক্ষেত্ৰত দেশৰ বৰ্ধিত ক্ষমতাক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক, বিশেষকৈ যুৱক-যুৱতীসকলক এই যুগান্তকাৰী অভিযানৰ সাক্ষী হ’বলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

ভাৰতৰ মহাকাশ যাত্ৰাৰ বাবে এক নতুন ঐতিহাসিক  সীমা! আজি পুৱা ১১.৩০ বজাত স্কাইৰুট এৰ’স্পেচে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত উৎক্ষেপণ বাহন বিক্ৰম-1ৰ প্ৰথমটো কক্ষপথ উৎক্ষেপণ কৰিব।

এই চাৰিটা পৰ্যায়ৰ ৰকেটটো দ্ৰুত আৰু অন-ডিমাণ্ড লঞ্চ সেৱা প্ৰদান কৰাৰ বাবে ডিজাইন কৰা হৈছে। এই অভিযানে আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা, সংকল্প আৰু উদ্যোগশীলতাৰ মনোভাৱক আলোকপাত কৰিছে। ই লগতে দেখুৱাইছে যে কেনেদৰে আমাৰ মহাকাশ খণ্ডৰ সংস্কাৰসমূহে উদ্ভাৱন আৰু উদ্যোগৰ বাবে নতুন সুযোগ মুকলি কৰি আছে।

এক সফল উৎক্ষেপণৰ বাবে সমগ্ৰ স্কাইৰুট এৰ’স্পেচ দলটোক শুভেচ্ছা জনাইছো। বিক্ৰম-1-এ উচ্চ স্থান দখল কৰক, ইতিহাস সৃষ্টি কৰক আৰু এটা প্ৰজন্মৰ উদ্ভাৱকসকলক অনুপ্ৰাণিত কৰক।

মই সকলো ভাৰতীয়ক, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক এই ঐতিহাসিক অভিযান অনুসৰণ কৰিবলৈ আৰু #IndiaWithVikram1 ব্যৱহাৰ কৰি স্কাইৰুট দলৰ সফলতা কামনা কৰাত যোগদান কৰিবলৈ অনুৰোধ জনাইছো।

@SkyrootA

 

***

MJPS/SS/VJ/MK