Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বচ্ছতাই প্রকৃত সেৱা আন্দোলনৰ অংশ হোৱাৰ বাবে সকলোৰে প্রতি আন্তৰিক আহ্বান প্রধানমন্ত্রীৰ


‘স্বচ্ছতাই প্রকৃত সেৱা আন্দোলন’ত অংশ হোৱাৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আন্তৰিকতাৰে সকলোৰে প্রতি আহ্বান জনাইছে।

প্রধানমন্ত্রীয়ে কয়, “অহা ২ অক্টোবৰত আমি গান্ধীজীৰ ১৫০সংখ্যক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিম। বাপুৰ সপোনৰ স্বচ্ছ ভাৰতৰ উদ্দেশ্যত উপনীত হোৱাৰ বাবে ইতিমধ্যে এক ঐতিহাসিক গণ আন্দোলনৰ ৰূপ লোৱা স্বচ্ছ ভাৰত অভিযানৰো সেই দিনাই চতুর্থ বর্ষপূর্তি।

স্বচ্ছ ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে যিসকলে কাম কৰিছে তেওঁলোকক মই অভিনন্দন জনাইছো।

অহা ১৫ ছেপ্টেম্বৰত ‘স্বচ্ছতাই প্রকৃত সেৱা আন্দোলন’ আৰম্ভ হ’ব। বাপুক শ্রদ্ধা জনোৱাৰ এয়া এক মহৎ উপায়।

আহক, এই আন্দোলনৰ অংশ হৈ পৰো আৰু স্বচ্ছ ভাৰত গঢ়ি তোলাৰ প্রয়াসক আৰু অধিক শক্তিশালী কৰো।

আহক, অহা ১৫ ছেপ্টেম্বৰৰ পুৱা ৯.৩০ বজাত আমি সকলো একত্রিত হৈ স্বচ্ছতাই প্রকৃত সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিম। স্বচ্ছ ভাৰত অভিযানক শক্তিশালী কৰাৰ ক্ষেত্ৰত যিসকলে তৃণমূল পৰ্যায়ত অক্লান্ত পৰিশ্রম কৰিছে, তেওঁলোকৰ সৈতে বাৰ্তালাপৰ বাবে আমি অতি আশাবাদী। ইয়াৰ পাছত স্বচ্ছতা সংক্রান্তীয় বিভিন্ন কার্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।”

***

AKT/AP/KP/DB