Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বচ্ছতা হী সেৱা অভিযানত অৱদান আগবঢ়োৱা প্ৰতিষ্ঠিত ব্যক্তি-সংগঠনক প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত এটা পষেক ধৰি চলি থকা ‘স্বচ্ছতা হী সেৱা’ শীৰ্ষক দেশজুৰি চলা অভিযানত বিভিন্ন ধৰণে অৱদান আগবঢ়োৱা, সহযোগিতা কৰা দেশৰ বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তি-সংগঠনলৈ কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰে৷ বিগত ১৫ ছেপ্তেম্বৰৰ পৰা দেশজুৰি চলি থকা এই স্বচ্ছতা-অনাময় অভিযানটো আজি ২ অক্টোবৰ, গান্ধী জয়ন্তীৰ দিনা সামৰণি পৰে৷ উল্লেখ্য যে আজিৰ দিনটো স্বচ্ছ ভাৰত দিৱস হিচাপেও পালন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে আজি প্ৰকাশ কৰা এলানি টুইটত শ্ৰী অনুপম খেৰ, শ্ৰী মোহনলাল, শ্ৰীমতী চন্দা কোচ্চাৰ, ইণ্ডিয়া টুডে গ্ৰুপ, ইণ্ডিয়া টিভি নিউজ, সাধগুৰু জাগ্গি বাসুদেৱ, ভাৰতীয় ক্ৰিকেট দল, শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, ডেটল ইণ্ডিয়া আৰু এনডিটিভিক স্বচ্ছ ভাৰত অভিযানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কৰা টুইটসমূহ আছিল এনেধৰণৰ –

“Commendable gesture Anupam ji.

(প্ৰসংশনীয় অৱদান অনুপমজী!)

 

Excellent effort by noted actor @Mohanlal.

(প্ৰসিদ্ধ অভিনেতা মোহনলাল ডাঙৰীয়াৰ অনন্য সুন্দৰ প্ৰচেষ্টা)

 

Important message by @CKforCleanIndia, who along with the @ICICIBank family has made vital contributions to Swachh Bharat Mission.

(@CKforCleanIndia ৰ দ্বাৰা এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে, তেওঁলোকে @ICICIBank পৰিয়ালৰ সৈতে স্বচ্ছ ভাৰত অভিযানলৈ এক সুন্দৰ তথা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷)

I laud the @IndiaToday family for the proactive steps to further awareness on Swachhata. Congrats to all #Safaigiri awardees. 

(স্বচ্ছতাৰ দিশে অতি সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বাবে @IndiaToday পৰিয়াললৈ কৃতজ্ঞতা তথা ধন্যবাদ জনাইছো৷ #Safaigiri বঁটা লাভ কৰা আটাইলৈ অভিনন্দন৷)

Wonderful initiative by @indiatvnews. This will further spread the message of cleanliness across the nation.

(@indiatvnews ৰ অতিকে সুন্দৰ পদক্ষেপ৷ ই সমগ্ৰ দেশতে পৰিচ্ছন্নতাৰ এক শক্তিশালী বাৰ্তা প্ৰসাৰ কৰিব৷)

 
I congratulate @SadhguruJV & the team of Isha Foundation for their exemplary effort to generate awareness on keeping our rivers clean.

(আমাৰ নদীসমূহ পৰিস্কাৰ কৰি ৰখাৰ বাবে সৃষ্টি কৰা অভিনৱ আৰু প্ৰসংশনীয় পদক্ষেপৰ বাবে ঈষা ফাউণ্ডেশ্যনৰ @SadhguruJV আৰু তেওঁৰ টীমক মই অভিনন্দন জনাইছো৷)

 

Appreciable message by the Indian Cricket Team on making India Clean. Good effort Rajeev ji.

(দেশক পৰিস্কাৰ কৰি তোলাৰ স্বাৰ্থত ভাৰতীয় ক্ৰিকেট দলে প্ৰেৰণ কৰা বাৰ্তা নিসন্দেহে প্ৰসংশনীয়৷ সুন্দৰ পদক্ষেপ ৰাজীৱ জী!)

 

I laud @DettolIndia & @ndtv for the initiative. This timeline has many inspiring efforts on cleanliness. https://twitter.com/swachhindia.”, the Prime Minister tweeted. 

(মই আৰু ৰ অভিনৱ পদক্ষেপৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ৷ পৰিচ্ছন্নতাৰ ওপৰত এই বাৰ্তাসমূহত যথেষ্ট প্ৰেৰণাদায়ক প্ৰচেষ্টা অন্তৰ্নিহিত হৈ আছে৷ https://twitter.com/swachhindia.)

 

AKT/NT/Rang