পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যl কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ২০০৭ ৰ বিত্ত আইনৰ ১৩৬-বি ধাৰাত স্বাস্থ্য আৰু শিক্ষা কৰৰ পৰা স্বাস্থ্যখণ্ডৰ বাবে প্ৰস্তুত কৰা একক পুঁজি – প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা নিধি (পিএমএছএছএন) গঠনৰ প্ৰস্তাৱলৈ অনুমোদন দিয়া হৈছে।
পিএমএছএছএনৰ অন্তৰ্নিহিত বৈশিষ্ট্য
– আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা
– আয়ুষ্মান ভাৰত স্বাস্থ্যকেন্দ্ৰ
– ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান
– প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা
– জৰুৰী ভিত্তিত স্বাস্থ্যৰ প্ৰয়োজনত আপাতকালীন আৰু দুৰ্যোগপূৰ্ণ পৰিস্থিতিত প্ৰয়োজনীয় প্ৰস্তুতি
– এছডিজিৰ বাবে ভৱিষ্যতৰ কোনো পৰিকল্পনা বা যোজনাত এই ধন ব্যয় কৰা হ’ব। ইয়াৰ উপৰিও ২০১৭ চনৰ জাতীয় স্বাস্থ্য নীতি বাস্তৱায়িতৰকণতো পুঁজিৰ ধন ব্যৱহাৰ কৰিব পৰা যাব।
সুবিধা:
নিৰ্দিষ্ট সম্পদৰ সহজলভ্যতাৰ কাৰণে সাৰ্বজনীন তথা মিতব্যয়ী স্বাস্থ্য সেৱাৰ বাবে এই পুঁজিৰ সুবিধা পোৱা যাব। এই ধন এটা বিত্ত বৰ্ষত খৰচ নকৰিলে সেয়া ‘নন-লেপছেবল’ নহ’ব।
প্ৰেক্ষাপট:
উন্নয়নৰ বাবে স্বাস্থ্য এক গুৰুত্বপূৰ্ণ বিষয়। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সুস্বাস্থ্য, উৎপাদনৰ হাৰ বৃদ্ধি আৰু অকাল মৃত্যু, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা তথা নিৰ্দিষ্ট সময়ৰ পূৰ্বে অৱসৰ গ্ৰহণৰ দৰে সমস্যাবোৰৰ সমাধান সুস্বাস্থ্যৰ মাধ্যমেৰে কৰিব পৰা যায়। স্বাস্থ্য আৰু পুষ্টিয়ে যিকোনো সাফল্যতে প্ৰভাৱ বিস্তাৰ কৰে আৰু তাৰ ফলত নাগৰিকসকলৰ উৎপাদনশীলতা আৰু আয় বৃদ্ধি পায়। স্বাস্থ্যৰ বাবে চৰকাৰে ব্যয় কৰা ধনৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হয়। এবছৰৰ আয়ুস বৃদ্ধি হ’লে দেশৰ জনমুৰি মুঠ আভ্যন্তৰীণ উৎপাদন ৪ শতাংশ বৃদ্ধি পায়। স্বাস্থ্য ক্ষেত্ৰত বিনিয়োগৰ ফলত প্ৰধানতঃ মহিলাসহ বহুলোকৰ কৰ্মসংস্থানৰ সৃষ্টি হয়।
২০১৮ চনৰ বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত প্ৰকল্পৰ কথা ঘোষণা কৰাৰ সময়ত পুৰণি ৩ শতাংশ হাৰত স্বাস্থ্য কৰৰ পৰা যি ধন আহৰণ কৰা হৈছিল তাৰ পৰিৱৰ্তে এতিয়া ৪ শতাংশ হাৰত স্বাস্থ্য আৰু শিক্ষা কৰৰ পৰা ধন আহৰণ কৰা হ’ব। ইয়াৰ ফলত আয়ুষ্মান ভাৰত প্ৰকল্পৰ সুবিধা হ’ব।
***************
DS/RD