Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হাইড্র’কার্বন খণ্ডত ভাৰত-বাংলাদেশৰ মাজত সহযোগিতামুলক পৰিকাঠামো চুক্তিৰ স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত হাইড্র’কার্বন খণ্ডত ভাৰত-বাংলাদেশ সহযোগিতামুলক পৰিকাঠামো চুক্তিৰ (FOU)স্বাক্ষৰৰ প্রস্তাৱত আজি অনুমোদন জনায়।

সহযোগিতা পৰিকাঠামো চুক্তি স্বাক্ষৰৰ প্ৰধান উদ্দেশ্য হৈছে হাইড্র’কার্বন খণ্ডত সমতা আৰু পাৰস্পৰিক কল্যাণৰ এক উন্নত সহযোগিতামুলক পৰিবেশৰ ভিত্তিত ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সহযোগিতা প্রসাৰত এক প্রতিষ্ঠানগত ব্যৱস্থা গঢ়ি তোলা।

চুক্তি পৰিকাঠামো স্বাক্ষৰৰ প্রস্তাৱত স্থানীয় তথা আঞ্চলিক পর্যায়ত দ্বিপাক্ষিক সহযোগিতা প্রসাৰৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ফলত এফালে যিমান উন্নয়নমূলক কাম-কাজে বিশেষ গতি লাভ কৰিব, আনফালে সিমানেই বিকাশৰ লক্ষ্যৰে দুটি দেশৰ সপোন আৰু আশা-আকাংক্ষা বাস্তবায়িত হ’ব আৰু এখন সমৃদ্ধিশালী আৰু শান্তিপূর্ণ দক্ষিণ এছিয়া গঢ় দিয়াৰ লক্ষ্যৰে ভাৰত আৰু বাংলাদেশ উভয়ৰে এটা সাধাৰণ দৃষ্টিভংগী আছে।

প্ৰস্তাৱিত চুক্তিখন বাধ্যতামুলক নহয় আৰু এইখন কেৱল ৫ বছৰৰ বাবে বৈধ থাকিব।

****

AKT/VBA/SH/DB