পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ হাথৰছত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰতিগৰাকী মৃত আৰু আহত লোকৰ নিকাত্মীয়লৈ এককালীন সাহায্য ঘোষণা কৰে।
শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত প্ৰতিগৰাকী মৃতকৰ নিকাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’)ৰ টুইটাৰ পোষ্টত কয়ঃ
“প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীয়ে হাথৰছত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ নিকাত্মীয়লৈ ২লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।”
The Prime Minister Shri @narendramodi Ji has announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the mishap in Hathras. The injured would be given Rs. 50,000.
— PMO India (@PMOIndia) July 2, 2024
শ্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ সৈতেও এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত কথা পাতি ভুক্তভোগীসকলক সময়মতে সহায় কৰাৰ আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰীৰ টুইটাৰ পোষ্টত কয়ঃ
“”উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জীৰ সৈতে কথা পাতিলোঁ। উত্তৰপ্ৰদেশ চৰকাৰে সকলো ভুক্তভোগীক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈ আছে। এই দুৰ্ঘটনাত যিসকলে নিজৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। @myogiadityanath”
***
DS/RT/DB
The Prime Minister Shri @narendramodi Ji has announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the mishap in Hathras. The injured would be given Rs. 50,000.
— PMO India (@PMOIndia) July 2, 2024
उत्तर प्रदेश के हाथरस में हुए दुखद हादसे को लेकर मुख्यमंत्री योगी आदित्यनाथ जी से बात की। यूपी सरकार सभी पीड़ितों की हरसंभव सहायता में जुटी हुई है। मेरी संवेदनाएं उन लोगों के साथ हैं, जिन्होंने इसमें अपने प्रियजनों को खोया है। इसके साथ ही मैं सभी घायलों के जल्द से जल्द स्वस्थ…
— Narendra Modi (@narendramodi) July 2, 2024