পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ চাম্বাত দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)ৰ তৃতীয় পৰ্যায়ৰ কামো শুভাৰম্ভ কৰে।
এই উপলক্ষে সভাত উপস্থিত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুদিন পূৰ্বে তেওঁ মহাকাল নগৰ ভ্ৰমণ কৰিছিল আৰু আজি তেওঁ মণি মহেশ্বৰৰ আশ্ৰয়স্থলীলৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে চাম্বাৰ সবিশেষ অৱগত কৰা অঞ্চলটোৰ এজন শিক্ষকৰ পৰা লাভ কৰা পত্ৰৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতত এই চিঠিখন শ্বেয়াৰ কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে চাম্বা আৰু অন্যান্য দুৰ্গম গাঁৱৰ বাবে পথ সংযোগ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত একাধিক প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰে। হিমাচল প্ৰদেশত থকা দিনবোৰ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ‘পাহাড় কা পানী ঔৰ পাহাড় কি জৱানী পাহাড় কে কাম নহী আতি’ অৰ্থাৎ পাহাৰৰ যৌৱন আৰু পানী পাহাৰৰ বাবে ব্যৱহাৰ নহয় বুলি কোৱা কথাষাৰ সলনি হৈ আছে। “এতিয়া পাহাৰৰ যুৱক-যুৱতীসকলে অঞ্চলটোৰ উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰিব”, তেওঁ কয়।
“১৩০ কোটি ভাৰতীয়ৰ বাবে অহা ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয়, “ভাৰতৰ আজাদী কা অমৃত কাল এনে সময়ত আৰম্ভ হৈছে যিসময়ত আমি ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। অনাগত কেইমাহমানত হিমাচল ৰাজ্য গঠনৰ ৭৫ বছৰো সম্পূৰ্ণ হ’ব৷ অৰ্থাৎ ভাৰতে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব তেতিয়া হিমাচলেও প্ৰতিষ্ঠাৰ ১০০ বছৰ উদযাপন কৰিব। সেইবাবেই আগন্তুক ২৫ বছৰৰ প্ৰতিটো দিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ”, প্ৰধানমন্ত্ৰীয়ে বিৱৰি কয়৷
প্ৰধানমন্ত্ৰীয়ে সেই দিনবোৰৰ কথা স্মৰণ কৰে, যেতিয়া হিমাচল প্ৰদেশৰ প্ৰভাৱ দিল্লীত কম আছিল আৰু ইয়াৰ দাবী আৰু অনুৰোধক আওকাণ কৰা হৈছিল যাৰ ফলত চাম্বাৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বাসৰ স্থান আৰু প্ৰাকৃতিক সৌন্দৰ্য্য, উন্নয়নৰ গতিত পিছ পৰি ৰৈছিল। শ্ৰী মোদীয়ে জনোৱা মতে চাম্বাৰ শক্তিৰ বিষয়ে তেওঁ সজাগ হোৱাৰ বাবে ইয়াক আকাংক্ষিত জিলা হিচাপে বিশেষ গুৰুত্ব দিয়া হৈছে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱেৰে কেৰেলাৰ পৰা শিশু হিমাচললৈ অহাক লৈও তেওঁ আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হিমাচলে আজি উপলব্ধি কৰিছে দ্বৈত ইঞ্জিন চৰকাৰৰ শক্তি যিয়ে ৰাজ্যত উন্নয়নৰ গতি দুগুণ বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে কেৱল সেইবোৰ ক্ষেত্ৰতহে সেৱা আগবঢ়াব য’ত কামৰ বোজা আৰু মানসিক চাপৰ বোজা কম হৈ থাকিব আৰু ৰাজনৈতিক লাভালাভ বেছি হ’ব। ফলত দুৰ্গম আৰু জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ হাৰ প্ৰায় কম হৈ ৰ’ল। “ৰাস্তাই হওক, বিদ্যুৎ হওক বা পানীয়েই হওক, এনে অঞ্চলৰ জনসাধাৰণে শেষত সুবিধা লাভ কৰিছিল”, শ্ৰী মোদীয়ে কয়, “দ্বৈত ইঞ্জিন চৰকাৰৰ কাম-কাজৰ শৈলী বাকীবোৰতকৈ বেলেগ। মানুহৰ জীৱন কেনেকৈ সহজ কৰি তুলিব পাৰি সেইটোৱেই আমাৰ অগ্ৰাধিকাৰ। সেইবাবেই আমি জনজাতীয় অঞ্চল আৰু পাহাৰীয়া অঞ্চলত সৰ্বাধিক গুৰুত্ব দিছো।” তেওঁ গেছ সংযোগ, পাইপেৰে পানী, স্বাস্থ্য সেৱা, আয়ুস্মান ভাৰত আৰু পথ যোগাযোগ আদিৰ দৰে ব্যৱস্থাৰ তালিকা উল্লেখ কৰে যিবোৰে দুৰ্গম আৰু পাহাৰীয়া অঞ্চলৰ জীৱন সলনি কৰি আছে। “যদি আমি গাঁৱত আৰোগ্য কেন্দ্ৰ বনাইছো, একে সময়তে আমি জিলাসমূহতো চিকিৎসা মহাবিদ্যালয় খুলিছো”, তেওঁ সজোৰে কয়। পৰ্যটন সুৰক্ষিত কৰাৰ স্বাৰ্থত কেনেদৰে হিমাচলক টিকাকৰণত অগ্ৰাধিকাৰ দিয়া হৈছিল সেই কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটোক প্ৰশংসা কৰে যে তেওঁলোকে দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত ১০০ শতাংশ লোকক টিকাকৰণৰ লক্ষ্যত উপনীত হৈছে।
গ্ৰাম্য পথ নিৰ্মাণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা লাভৰ পৰা ২০১৪ চনলৈকে ১৮০০ কোটি টকা ব্যয় কৰি ৭,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰাম্য পথ নিৰ্মাণ কৰাৰ বিপৰীতে বিগত ৮ বছৰত ৫০০০ কোটি টকা ব্যয়েৰে ১২,০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। আজি আৰম্ভ হোৱা আঁচনিসমূহে ৩০০০ কিলোমিটাৰ গ্ৰাম্য পথৰ নিৰ্মাম কৰিব বুলি তেওঁ জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশে অনুৰোধ লৈ দিল্লীলৈ অহা দিনবোৰ গ’ল৷ এতিয়া হিমাচলে নতুন নতুন প্ৰকল্পৰ তথ্য আৰু ইয়াৰ অগ্ৰগতিৰ সবিশেষ আৰু ইয়াৰ অধিকাৰৰ দাবী লৈ আহিছে। “আপোনালোকৰ (জনতাৰ) আদেশ মোৰ বাবে সৰ্বোচ্চ। আপোনালোকেই মোৰ হাই কামাণ্ড। মই এইটো মোৰ সৌভাগ্য বুলি গণ্য কৰোঁ, সেইবাবেই আপোনালোকৰ সেৱা কৰি বেলেগ আনন্দ হয় আৰু মোক শক্তি দিয়ে”, প্ৰধানমন্ত্ৰীয়ে কয়।
বিগত ৮ বছৰত হোৱা উন্নয়নৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “গোটেই দেশৰ পাহাৰীয়া অঞ্চল, দুৰ্গম অঞ্চল, জনজাতীয় অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ মহাযজ্ঞ চলি আছে।” শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ সুফল কেৱল হিমাচলৰ চাম্বাতে সীমাবদ্ধ নহয় কিন্তু পাংগী-ভাৰমৌৰ, ছোটা-বাদা ভংগল, গিৰিমপাৰ, কিন্নৌৰ আৰু লাহাউল-স্পীতি আদি অঞ্চলেও লাভ কৰিছে। আকাংক্ষিত জিলাসমূহৰ উন্নয়ন ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰাৰ বাবে চাম্বাক অভিনন্দন জনায়।
জনজাতি জনগোষ্ঠীৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে চিৰমৌৰৰ গিৰিপাৰ অঞ্চলৰ হাতী জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে আন এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। “ইয়াৰ পৰা দেখা যায় যে আমাৰ চৰকাৰে জনজাতীয় জনসাধাৰণৰ উন্নয়নক কিমান অগ্ৰাধিকাৰ দিছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে হিমাচলৰ আৰু কেন্দ্ৰৰ পূৰ্বৰ চৰকাৰসমূহে নিৰ্বাচনৰ সময়তহে দুৰ্গম আৰু জনজাতীয় গাঁওসমূহৰ কথা ভাবিছিল, কিন্তু আজিৰ দ্বৈত ইঞ্জিন চৰকাৰে জনসাধাৰণক ২৪x৭ ঘণ্টাই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে৷ ক’ৰোনা মহামাৰীৰ সময়ত দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে বিনামূলীয়া ৰেচন কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে। “বিগত ডেৰ বছৰ ধৰি দেশৰ ৮০ কোটিৰো অধিক লোকক চৰকাৰে খাদ্য শস্য যোগান ধৰিছে বুলি বিশ্বই ভাৰতলৈ বিস্ময়ৰ দৃষ্টিৰে চায়”, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতত ক’ভিড টিকাকৰণ কাৰ্যসূচীৰ সফলতাৰ ওপৰতো আলোকপাত কৰি স্বাস্থ্য বিভাগৰ কৰ্মী আৰু আশা কৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে ইয়াৰ সফলতাৰ কৃতিত্ব দিয়ে। “সেৱাৰ মনোভাৱ শক্তিশালী হ’লেহে এনে উন্নয়নৰ কাম-কাজ সম্পন্ন হয়”, শ্ৰী মোদীয়ে লগতে কয়।
নিয়োগৰ ক্ষেত্ৰত পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি ইয়াত অঞ্চলটোৰ শক্তিক জনসাধাৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছো। ‘জনজাতীয় অঞ্চলত পানী আৰু বনাঞ্চলৰ সম্পদ অমূল্য’, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চাম্বা দেশৰ সেই অঞ্চলৰ অন্তৰ্গত য’ত জলবিদ্যুৎ উৎপাদন আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি যিবোৰ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে শক্তি উৎপাদনৰ ক্ষেত্ৰত চাম্বা আৰু হিমাচলৰ অংশ বৃদ্ধি কৰিব। “ইয়াত উৎপাদিত বিদ্যুতৰ পৰা চাম্বা, হিমাচলে শ শ কোটি টকা উপাৰ্জন কৰিব আৰু এই ঠাইৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব”, তেওঁ কয়। “যোৱা বছৰতো মই এনে ৪টা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। কিছুদিন পূৰ্বে বিলাসপুৰত আৰম্ভ হোৱা হাইড্ৰ’ ইঞ্জিনিয়াৰিং কলেজখনেও হিমাচলৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব’, তেওঁ কয়।
উদ্যান শস্য, পশুপালন আৰু শিল্পকলাৰ ক্ষেত্ৰত হিমাচলৰ শক্তিক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় আত্মসহায়ক গোটসমূহক ফুল, চাম্বাৰ চুখ, ৰাজমা মাদ্ৰা, চাম্বা চপ্পল, চাম্বা থাল আৰু পাংগী কী থাংগীৰ দৰে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে প্ৰশংসা কৰে। তেওঁ এই সামগ্ৰীসমূহক দেশৰ ঐতিহ্য বুলি অভিহিত কৰে। ভোকেল ফৰ লোকেলৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত প্ৰেৰণা দিয়াৰ বাবে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে জনায় যে এই সামগ্ৰীসমূহো এক জিলা এক সামগ্ৰী আঁচনিৰ অধীনত প্ৰচাৰ কৰা হৈছে আৰু তেওঁ এইবোৰ গণ্যমান্য বিদেশী ব্যক্তিৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰে, যাতে সমগ্ৰ বিশ্বতে হিমাচলৰ নাম জনাজাত হয় আৰু অধিক সংখ্যক লোকে হিমাচলত নিৰ্মিত সামগ্ৰীসমূহৰ বিষয়ে জানিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে কয় “দ্বৈত ইঞ্জিন চৰকাৰখন এনে এখন চৰকাৰ যি নিজৰ সংস্কৃতি, ঐতিহ্য আৰু বিশ্বাসক সন্মান কৰে। চাম্বাকে ধৰি সমগ্ৰ হিমাচল বিশ্বাস আৰু ঐতিহ্যৰ দেশ।” হিমাচল প্ৰদেশৰ ঐতিহ্য আৰু পৰ্যটনৰ দিশত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কুল্লুৰ দশেৰা মহোৎসৱৰ ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে আমাৰ এফালে ঐতিহ্য আছে আৰু আনফালে পৰ্যটন আছে। ডেলহাউজি আৰু খাজ্জিয়াৰৰ দৰে পৰ্যটনস্থলী আধ্যাত্মিকতা আৰু পৰ্যটন সম্পদৰ ক্ষেত্ৰত হিমাচলৰ বাবে এক চালিকা শক্তি হোৱাৰ দিশত অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই ক্ষমতাক কেৱল দ্বৈত ইঞ্জিন চৰকাৰেহে স্বীকৃতি দিয়ে। হিমাচলে সিদ্ধান্ত লৈছে আৰু পুৰণি ৰীতি-নীতি সলনি কৰি নতুন পৰম্পৰাৰ সৃষ্টি কৰিব।”
বিশাল সমাৱেশক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এই বিশাল সমাৱেশত তেওঁ হিমাচলৰ বৃদ্ধি আৰু সংকল্পৰ শক্তি দেখিছে বুলি ভাষণ সামৰে। তেওঁ হিমাচল প্ৰদেশৰ জনসাধাৰণৰ সংকল্প আৰু সপোনলৈ নিৰন্তৰ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে।
এই উপলক্ষে অনুষ্ঠানত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয় ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ শ্ৰী কিষাণ কাপুৰ, শ্ৰীমতী ইন্দু গোস্বামী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী সুৰেশ কাশ্যপকে ধৰি অন্যান্য বিশিষ্টসকল উপস্থিত থাকে৷
পটভূমি
প্ৰধানমন্ত্ৰীয়ে ৪৮ মেগাৱাটৰ চাঞ্জু-তৃতীয় জলবিদ্যুৎ প্ৰকল্প আৰু ৩০ মেগাৱাটৰ দেওথাল চাঞ্জু জলবিদ্যুৎ প্ৰকল্পকে ধৰি দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই দুয়োটা প্ৰকল্পতে বছৰি ২৭ কোটি ইউনিটতকৈ অধিক বিদ্যুৎ উৎপাদন হ’ব আৰু এই প্ৰকল্পসমূহৰ হিমাচল প্ৰদেশে বাৰ্ষিক প্ৰায় ১১০ কোটি টকাৰ ৰাজহ লাভ কৰাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ প্ৰায় ৩,১২৫ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)ৰ তৃতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ ১৫টা সীমান্ত আৰু দূৰ্গম ব্লকৰ ৪৪০ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে এই পর্যায়ৰ অধীনত কেন্দ্রীয় চৰকাৰে ৪২০ কোটি টকা অনুমোদন কৰিছে৷
***
DS/TS/DB
Delighted to be in Chamba. Numerous initiatives are being launched here which will further Himachal Pradesh's growth. https://t.co/PLixerpOtU
— Narendra Modi (@narendramodi) October 13, 2022
In Chamba, PM @narendramodi recalls when a teacher from Himachal Pradesh had shared insights for #MannKiBaat. pic.twitter.com/vdxemJZDGi
— PMO India (@PMOIndia) October 13, 2022
The next 25 years are very crucial for 130 crore Indians. pic.twitter.com/EnIgOmhPx9
— PMO India (@PMOIndia) October 13, 2022
Double engine government of Himachal Pradesh is devoted to all-round development of the state. pic.twitter.com/oCvq6zfud3
— PMO India (@PMOIndia) October 13, 2022
A 'mahayagya' of development is going on and Himachal Pradesh is greatly benefitting from it. pic.twitter.com/mRDXvRCmVz
— PMO India (@PMOIndia) October 13, 2022
A decision which will benefit numerous citizens. pic.twitter.com/58Tt1zzvBu
— PMO India (@PMOIndia) October 13, 2022
हिमाचल के सैकड़ों गांव पहली बार सड़कों से जुड़े हैं। आज शुरू हुई योजना से भी 3 हजार किलोमीटर की सड़कें गांवों में बनेंगी, जिसका सबसे अधिक लाभ चंबा और दूसरे जनजातीय क्षेत्रों के गांवों को होगा। pic.twitter.com/2sAwCL8UGx
— Narendra Modi (@narendramodi) October 13, 2022
अब हिमाचल वाले हक नहीं मांगते, दिल्ली में हक जताते हैं और हमें आदेश देते हैं। जनता-जनार्दन के इस आदेश को मैं अपना सौभाग्य समझता हूं। pic.twitter.com/V2Kd8vNnYB
— Narendra Modi (@narendramodi) October 13, 2022