প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ০১ জুলাই, ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ এক পদ এক পেন্সন(অ’আৰঅ’পি)ৰ অধীনত সেনা বাহিনীৰ পেন্সনাৰ/পৰিয়ালৰ পেন্সনাৰ সংশোধিত পেন্সনত অনুমোদন জনাইছে৷ ২০১৮ চনৰ কেলেণ্ডাৰ বৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ অৱসৰপ্ৰাপ্তসকলৰ একে পদবীৰ নূন্যতম আৰু সৰ্বোচ্চ পেঞ্চনৰ গড়ৰ ভিত্তিত বিগত পেঞ্চনাৰসকলৰ পেঞ্চন পুনৰ নিৰ্ধাৰণ কৰা হ’ব৷
হিতাধিকাৰীসকল
সেনা বাহিনীৰ যিসকল কৰ্মচাৰী ২০১৯ চনৰ ৩০ জুনৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিছিল{প্ৰি-মেচ্যুৰ (পিএমআৰ)০১ জুলাই, ২০১৪ত কাৰ্যকৰী হোৱাকৈ অৱসৰপ্ৰাপ্তসলক বাদ দি} , তেওঁলোকক এই সংশোধিত পেন্সন ব্যৱস্থাৰ অধীনত সামৰি লোৱা হ’ব। ইয়াৰ জৰিয়তে ২৫.১৩ লাখতকৈ অধিক (৪.৫২ লাখতকৈ অধিক নতুন হিতাধিকাৰীকে ধৰি) সশস্ত্ৰ বাহিনীৰ পেঞ্চনাৰ/পৰিয়াল পেঞ্চনাৰ উপকৃত হ’ব। ইয়াৰ দ্বাৰা সংশ্লিষ্ট পেঞ্চনাৰসকল সুৰক্ষিত হ’ব। যুদ্ধৰ মৃত্যু হোৱাসকলৰ বিধৱা পত্নী আৰু অক্ষম পেঞ্চনাৰকে ধৰি পৰিয়ালৰ পেঞ্চনাৰসকলৰ বাবেও এই সুবিধা প্ৰদান কৰা হ’ব।
বকেয়া ধন চাৰিটা ছমহীয়া কিস্তিত পৰিশোধ কৰা হ’ব। কিন্তু বিশেষ/উদাৰকৃত পৰিয়াল পেঞ্চন আৰু বীৰত্ব বঁটা বিজয়ীসকলকে ধৰি সকলো পৰিয়ালৰ পেঞ্চনাৰকে এটা কিস্তিত বকেয়া পৰিশোধ কৰা হ’ব।
ব্যয়
সংশোধিত পেন্সন কাৰ্যকৰী কৰাৰ বাবে @৩১% মৰগীয়া ৰেহাই(ডিআৰ)কে ধৰি আনুমানিক অতিৰিক্ত ৮,৪৫০ কোটি টকা ব্যয় হ’ব৷ ২০১৯ চনৰ ০১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০২১ চনৰ ৩০ জুনলৈকে @১৭% মৰগীয়া ৰেহাই আৰু ২০২১ চনৰ ০১ জুলাইৰ পৰা ২০২১ৰ ৩১ ডিচেম্বৰলৈকে @৩১%ৰ ভিত্তিত ১৯,৩১৬ কোটি টকাৰ ওপৰত হিচাপ কৰা হৈছে৷ ২০১৯ চনৰ ০১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০২২ চনৰ ৩০ জুনলৈকে প্ৰায় ৩০ জুনলৈকে প্ৰদান কৰিবলগীয়া মৰগীয়া ৰেহাইৰ পৰিমাণ ২৩,৬৩৮ কোটি টকা বুলি গণনা কৰা হৈছে। এই ব্যয় অ’আৰঅ’পিৰ হিচাপত চলি থকা ব্যয়তকৈ অধিক৷
২০১৯ চনৰ ০১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেংকৰ ভিত্তিক প্ৰদান কৰিবলগীয়া আনুমানিক সেৱা পেন্সন(টকাৰ হিচাপত)ঃ
|
চিপাহী |
১৭,৬৯৯ |
১৯,৭২৬ |
৮৭,০০০ |
|
নায়ক |
১৮,৪২৭ |
২১,১০১ |
১,১৪,০০০ |
|
হাবিলদাৰ |
২০,০৬৬ |
২১,৭৮২ |
৭০,০০০ |
|
এন বি সুবেদাৰ |
২৪,২৩২ |
২৬,৮০০ |
১,০৮,০০০ |
|
ছাব মেজৰ |
৩৩,৫২৬ |
৩৭,৬০০ |
১,৭৫,০০০ |
|
মেজৰ |
৬১,২০৫ |
৬৮,৫৫০ |
৩,০৫,০০০ |
|
লেফটেনেণ্ট কৰ্ণেল |
৮৪,৩৩০ |
৯৫,৪০০ |
৪,৫৫,০০০ |
|
কৰ্ণেল |
৯২,৮৫৫ |
১,০৩,৭০০ |
৪,৪২,০০০ |
|
ব্ৰিগেডিয়াৰ |
৯৬,৫৫৫ |
১,০৮,৮০০ |
৫,০৫,০০০ |
|
মেজৰ জেনেৰেল |
৯৯,৬২১ |
১,০৯,১০০ |
৩,৯০,০০০ |
|
লেফটেনেণ্ট জেৰেনেল |
১,০১,৫১৫ |
১,১২,০৫০ |
৪,৩২,০০০ |
ৰেংক | ০১.০১. ২০১৬লৈকে পেন্সন | ০১.০৭.২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত পেন্সন | ০১.০৭.২০১৯ৰ পৰা ৩০.০৬.২০২২লৈকে আনুমানিক বকেয়া |
|---|
পটভূমি
চৰকাৰে প্ৰতিৰক্ষা বাহিনীৰ কৰ্মচাৰী/পৰিয়াল পেঞ্চনাৰসকলৰ বাবে অ’আৰঅ’পি কাৰ্যকৰী কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি ০১ জুলাই, ২০১৪ত কাৰ্যকৰী হোৱাকৈ পেঞ্চনৰ পুনৰীক্ষণৰ বাবে ২০১৫ চনৰ ০৭ নৱেম্বৰত নীতি পত্ৰ জাৰি কৰে৷ উক্ত নীতি পত্ৰত ভৱিষ্যতে প্ৰতি ৫ বছৰৰ মূৰে মূৰে পেঞ্চন পুনৰ নিৰ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল। অ’আৰঅ’পি ৰূপায়ণৰ বাবে বছৰি @৭,১২৩ কোটি টকাৰ হিচাপত আঠ বছৰত ৫৭,০০০ কোটি টকা খৰচ কৰা হৈছে৷
***
ABB/DS/Savvy/Nirmit/DB
राष्ट्र सेवा में जुटी हमारी सेना देशवासियों के गर्व का प्रतीक है। उनके कल्याण के लिए हमारी सरकार प्रतिबद्ध है। इसी को ध्यान में रखते हुए केंद्रीय मंत्रिमंडल ने पूर्व सैन्यकर्मियों और उनके परिवारों के लिए OROP के तहत पेंशन रिवीजन को मंजूरी दी है। https://t.co/9fnMIRqxKK
— Narendra Modi (@narendramodi) December 23, 2022