পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ অক্টোবৰত চেন্নাই ভ্ৰমণ কৰিব ৷ দিনৰ প্ৰায় ১১:৩০ বজাত তেওঁ চেন্নাই মেট্ৰ’ৰ প’ৰুৰ বাইপাছ ষ্টেচনৰ পৰা পূনমালী বাইপাছ ষ্টেচনলৈ মেট্ৰ’ ৰে’লেৰে গৈ পুনৰ উভতি আহিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত চেন্নাইৰ জলকন্দেশ্বৰৰ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত, তেওঁ আইআইটি মাদ্ৰাজৰ ‘ব্ৰেইন চেণ্টাৰ’ পৰিদৰ্শন কৰিব।
দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ১৩,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব। বিয়লি প্ৰায় ৩ বজাত তেওঁ চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয় মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,৯০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা চেন্নাই মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ পূনমালী-ভাদাপালানি খণ্ড উদ্বোধন কৰিব। এই কৰিডৰটোত এক অনন্য ৩.৭ কিমি দৈৰ্ঘ্যৰ ডাবল-ডেকাৰ গাঁথনি অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, চালকবিহীন চলাচলো সুচল কৰিব পৰাকৈ ইয়াত অত্যাধুনিক ছিগনেল প্ৰণালী সংযোজন কৰা হৈছে। ইয়াৰ ফলত যাত্ৰীসকলৰ দৈনন্দিন যাতায়াতৰ সময় হ্ৰাস পোৱাৰ লগতে চেন্নাইৰ দ্ৰুতগতিত সম্প্ৰসাৰিত পশ্চিম উপচহৰসমূহৰ সৈতে মূল চহৰখনৰ সংযোগ সুদৃঢ় হৈ পৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩,৭০০ কোটি টকাৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পথ সংযোগ সুদৃঢ়কৰণ, যাত্ৰাৰ সময় হ্ৰাস, যান-জঁট লাঘৱ কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৭৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৬ কিমি দৈৰ্ঘ্যৰ ফ’ৰলেন ভাদুগাপাট্টি-থেৰকুভেংগানাল্লুৰ খণ্ড উদ্বোধন কৰিব। এই প্ৰকল্পই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান, ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহলৈ যোগাযোগ সুচল কৰিব, যাৰ ফলত মানুহ আৰু সামগ্ৰীৰ চলাচল অধিক সহজ হৈ পৰিব। তেওঁ ৭৪৪ক ৰাষ্ট্ৰীয় ঘাইপথৰ ৩০ কিমি দৈৰ্ঘ্যৰ ফ’ৰলেনলৈ উন্নীত মাদুৰাই ৰিং ৰোড খণ্ডও উদ্বোধন কৰিব। এই প্ৰকল্পই মাদুৰাইৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে চহৰখনৰ ভিতৰৰ যান-জঁট হ্ৰাস কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৮৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাগাপাট্টিনাম-তাঞ্জাভুৰ খণ্ডত ফ’ৰলেনযুক্ত তিৰুৱাৰুৰ বাইপাছৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই তিৰুৱাৰুৰত পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে চহৰখনৰ কাষেৰে এটা বিকল্প পথ প্ৰদান কৰি যান-জঁটমুক্ত যাতায়াতৰ সুবিধা প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৭৫০ কোটি টকাতকৈও অধিক মূল্যৰ ৰে’ল আন্তঃগাঁথনি প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা আৰু উদ্বোধন কৰিব। তেওঁ কৰাইকল-পেৰালম ৰে’লপথ দেশবাসীৰ নামত উচৰ্গা কৰিব, যিয়ে অঞ্চলটোৰ ৰে’ল যোগাযোগ অধিক সুদৃঢ় কৰিব। তেওঁ কইম্বাট’ৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত তিনিখন ৰে’ল উৰণসেতুও দেশবাসীৰ নামত উচৰ্গা কৰিব। ইয়াৰ ফলত ব্যস্ত লেভেল ক্ৰছিংবোৰত যান-জঁট লাঘৱ হ’ব, ৰৈ থকাৰ সময় হ্ৰাস পোৱাৰ লগতে যাত্ৰীসকলৰ পথ সুৰক্ষা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অধীনত পুনৰ নিৰ্মাণ কৰা পালানী, ভেলোৰ কেণ্টনমেণ্ট, অম্বাসমূদ্ৰম, পৰমাকুড়ি আৰু নামাক্কালত ৫টা অমৃত ষ্টেচনো উদ্বোধন কৰিব।
তামিলনাডুৰ সাগৰীয় আন্তঃগাঁথনি মজবুত কৰা, সামগ্ৰী পৰিবহণৰ ক্ষমতা বৃদ্ধি কৰা আৰু লজিষ্টিকছ ব্যৱস্থাৰ দক্ষতা উন্নত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বন্দৰ সম্পৰ্কীয় প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে চেন্নাই বন্দৰত চাৰিটা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। সেইবোৰৰ ভিতৰত এটা পেভড্ ষ্ট’ৰেজ য়াৰ্ড, চাৰিটা এক্সিম গুদাম, এটা উন্নীত ক্ৰুজ টাৰ্মিনেল আৰু এটা চিফেয়াৰাৰ্ছ ক্লাৱ অন্যতম। এই প্ৰকল্পসমূহে সামগ্ৰী মজুত আৰু পৰিচালনা প্ৰক্ৰিয়া উন্নত কৰিব, গুদামৰ ক্ষমতা সম্প্ৰসাৰণ কৰিব, অধিক ক্ৰুজ যাত্ৰীৰ একেলগে উঠা-নমা সুচল কৰিবলৈ যাত্ৰী সুবিধা আধুনিকীকৰণ কৰাৰ লগতে ভ্ৰমণকাৰী নাৱিক তথা সাগৰীয় কৰ্মীসকলৰ বাবে আধুনিক কল্যাণমূলক, মনোৰঞ্জন আৰু সাহায্যৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে ভি. অ’. চিদাম্বৰনাৰ বন্দৰত আঠটা মুখ্য উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে সামগ্ৰী আৰু কণ্টেইনাৰ পৰিবহণ ক্ষমতা সম্প্ৰসাৰণ কৰিব, স্বচ্ছ সাগৰীয় শক্তি ব্যৱহাৰৰ দিশত আগবঢ়াৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ লগতে বন্দৰ ব্যৱস্থাৰ ভিতৰত সামগ্ৰী খালী কৰা আৰু লজিষ্টিকছৰ দক্ষতা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে কামৰাজৰ বন্দৰৰ ‘ক’ল বাৰ্থ-৩’ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কণ্টেইনাৰ টাৰ্মিনেল ফেজ-১, ষ্টেজ-২ৰ কেপিটেল ড্ৰেজিং কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ চেন্নাইস্থিত মানালী ৰিফাইনেৰীত গ্ৰুপ II/III লিউব অইল বেছ ষ্টক (লবছ) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১,৬২০ কোটি টকাৰ মুঠ ব্যয় আৰু বাৰ্ষিক ২৭০ হাজাৰ মেট্ৰিক টন ক্ষমতাৰে নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে ভাৰতত বিশ্বমানৰ, উৎকৃষ্ট মানৰ লুব্ৰিকাণ্ট প্ৰস্তুত কৰাৰ বাবে গ্ৰুপ II/III লিউব অইল বেছ ষ্টক উৎপাদন কৰা।
প্ৰধানমন্ত্ৰীয়ে আইআইটি মাদ্ৰাজৰ ‘সুধা গোপালকৃষ্ণন ব্ৰেইন চেণ্টাৰ’ (এছজিবিচি) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। মানৱ জীৱনৰ সমগ্ৰ সময়ছোৱাত—ভ্ৰূণ অৱস্থাৰ পৰা বাৰ্ধক্যলৈকে—শতাধিক মানৱ মগজুক কোষীয় পৰ্যায়ত থ্ৰীডি এটলাছলৈ ৰূপান্তৰ কৰাৰ বাবে ইয়াৰ যুগান্তকাৰী বিশ্বজনীন বৈজ্ঞানিক অভিযানৰো শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে মানৱ ইস্কেমিক ষ্ট্ৰোকৰ এক অভিনৱ এটলাছ চি-ষ্ট্ৰোক(C-STROKE) মুকলি কৰিব। ষ্ট্ৰোক-আক্ৰান্ত মগজুৰ ১,০০০তকৈও অধিক অনুবীক্ষণীয় অংশ চিহ্নিত কৰি প্ৰস্তুত কৰা এই এটলাছে বিশ্বজুৰি গৱেষকসকলক চিকিৎসাৰ নতুন দিশ আৱিষ্কাৰ কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয় মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই স্বৰ্ণ জয়ন্তীয়ে শিক্ষা খণ্ডত প্ৰতিষ্ঠানখনৰ পাঁচ দশকৰ অৱদান আৰু শৈক্ষিক উৎকৰ্ষ, অনুশাসন, সাংস্কৃতিক মূল্যবোধ আৰু সৰ্বাংগীন শিক্ষাৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক গঢ়ি তোলাৰ ভূমিকাক প্ৰতিফলিত কৰে। “সা বিদ্যা য়া বিমুক্তয়ে” (যি বিদ্যাই মুক্তি দিয়ে)-আপ্ত বাক্যশাৰীৰে পৰিচালিত হৈ বিদ্যালয়খনে সমাজলৈ অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পৰা ব্যক্তি গঢ়ি তোলাৰ প্ৰয়াস কৰি আহিছে। সময়ৰ লগে লগে, ক্ৰমৱৰ্ধমান শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনে নিজকে বিকশিত কৰি তোলাৰ লগতে একে সময়তে চৰিত্ৰ গঠন, জ্ঞান আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।
*****
MJPS/SS/PRK/DB