Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৬ মাৰ্চত মণিপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মাৰ্চত মণিপুৰ ভ্ৰমণ কৰিব৷

ইম্ফলস্থিত মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৫সংখ্যক অধিৱেশনৰ উদ্বোধনী ভাষণ সম্বোধন কৰিব৷ এই মৰ্যদাপূৰ্ণ অনুষ্ঠান আয়োজন কৰা ইম্ফল হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন চহৰ৷

লুৱাংছাংবামত লুৱাংপ’কপা মাল্টি স্প’ৰ্টছ কমপ্লেক্সত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, ১০০০ অংগণৱাড়ী কেন্দ্ৰ, শিক্ষক, চিকিৎসক আৰু নাৰ্ছৰ বাবে ১৯টা আৱাসিক কমপ্লেক্সৰ লগতে আন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি তেওঁ লুৱাংপ’কপা মাল্টি স্প’ৰ্টছ কমপ্লেক্স, ৰাণী গাইডিনলিউ পাৰ্ক আৰু আন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব৷ জনসাধাৰণক উদ্দেশ্যিও প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়াব৷

***

AKT/SH/SBP/MS