পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰ, ২০১৮ত মহাৰাষ্ট্ৰৰ ছিৰ্দি ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এক নামফলকো উন্মোচন কৰিব। তেওঁ শ্ৰী ছাইবাবা সমাধিৰ শতবৰ্ষৰ স্মাৰক হিচাপে এটা ৰূপৰ মূদ্ৰাও মুকলি কৰিব।
এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ একাংশ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএজিৱাই-জি)ৰ গৃহপ্ৰৱেশ উপলক্ষে গৃহৰ চাবিও প্ৰদান কৰিব। এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি তেওঁ ভাষণো আগবঢ়াব।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সমাধি মন্দিৰৰ চৌহদো পৰিদৰ্শন কৰিব।
***
AKT/VJ/SK/DB