Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১ এপ্ৰিল, ২০২০ তাৰিখৰ পৰা ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি) ত ব্যাপক একত্ৰীকৰণলৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰাজহুৱা খণ্ডৰ ১০ টা বেংকৰ ভিতৰত ৪ টা বেংকৰ শক্তিশালীকৰণৰ বাবে ব্যাপক একত্ৰীকৰণৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন জনাইছে, এই ব্যৱস্থাত সন্নিৱিষ্ট হৈ আছে –

১. অ’ৰিয়েণ্টেল বংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পঞ্জাৱ নেশ্যনেল বেংকৰ সৈতে একত্ৰীকৰণ

২. ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে একত্ৰীকৰণ

৩. অন্ধ্ৰ বেংক আৰু কৰ্প’ৰেশ্যন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে একত্ৰীকৰণ

৪. এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰীকৰণ

উল্লেখ্য যে এই একত্ৰীকৰণ অহা ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা প্ৰযোজ্য হ’ব আৰু ইয়াৰ ফলশ্ৰুতিত ৰাজহুৱা খণ্ডৰ ৭ টা বেংকৰ ব্যাপক ৰূপত উত্তৰণ হোৱাৰ উপৰিও প্ৰতিটো ব্যাপক একত্ৰীকৰণত ৮০ লাখ কোটি টকাতকৈও অধিক লেনদেনৰ লগতে ইয়াৰ প্ৰসাৰ ৰাষ্ট্ৰীয় স্তৰব্যাপী থাকিব। ব্যাপকভাৱে হোৱা এই একত্ৰীকৰণৰ ফলত দেশৰ বেংকবোৰ কেৱল বৈশ্বিক বেংকৰ তুলনাৰে শক্তিশালীয়েই নহ’ব, বৰঞ্চ এই বেংকবোৰৰ যোগেদি ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰভাৱী ৰূপেৰে প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষমো হ’ব। এই একত্ৰীকৰণৰ মাধ্যমেৰে বৃহৎ পৰিমাণত লাভালাভ সুনিশ্চিত কৰা হ’ব, যাৰ জৰিয়তে ৰাজহুৱা বেংকিং ক্ষেত্ৰৰ বেংকবোৰে ভাৰতীয় বেংকিং প্ৰণালীত নিজৰ প্ৰতিযোগিতামূলক আৰু যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিবলৈও সক্ষম হ’ব।

ইয়াৰ উপৰিও, এই একত্ৰীকৰণৰ যোগেদি এই বেংকবোৰত বৃহৎ পৰিমাণৰ ঋণৰ ক্ষেত্ৰতো সহায়ক হ’ব, তাৰ লগতে ব্যাপক বিত্তীয় ক্ষমতাৰ দ্বাৰা প্ৰতিযোগিতামূলক কৰ্ম সম্পাদনৰ ক্ষেত্ৰতো উৎসাহ লাভ কৰিব। আটাইবোৰ একত্ৰীকৃত বেংকতেই সৰ্বোত্তম কাৰ্যপ্ৰণালী গ্ৰহণ কৰাৰ ফলত বেংকবোৰত নিজৰ কাৰ্যকুশলতা আৰু বিপদাশংকা ব্যৱস্থাপনাৰ ক্ষেত্ৰতো যথেষ্ট শুধৰণি আহিব। তাৰ লগতে ব্যাপক ৰূপত বিত্তীয় সমাৱেশৰ লক্ষ্যও বৃদ্ধি পাব।

আটাইবোৰ একত্ৰীকৃত বেংকতে উন্নত প্ৰযুক্তি গ্ৰহণ কৰাৰ ফলত এক বৃহৎ ডাটাবেছ আহৰণ কৰিবলৈ সক্ষম হ’ব বেংক কৰ্তৃপক্ষ, কাৰ্যতঃ ৰাজহুৱা খণ্ডৰ বেংকসমূহে ক্ষীপ্ৰতাৰে ডিজিটেল বেংকিং প্ৰেক্ষাপটত বিশ্লেষণাত্মক কাৰ্যক্ষমতাৰ দ্বাৰা প্ৰতিযোগিতামূলক লাভ আহৰণ কৰিবলৈও সক্ষম হ’ব।

*****

VRRK/AK/RD