Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় আইন দিৱসৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় আইন দিৱসৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে।

সংবিধানক গণতান্ত্ৰিক আৰ্হিৰ আত্মা আখ্যা দি তেওঁ কয় যে এই দিৱসটোৱে আমাক সংবিধান প্ৰণেতাসকলক স্মৰণ কৰিবলৈ সুবিধা দিয়ে। তেওঁ কয় যে সংবিধানখনে বহুবাৰ সময়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগা হৈছে আৰু প্ৰতিবাৰেই সফলতাৰে উত্তীৰ্ণ হৈছে।

তেখেতৰ বক্তৃতাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো ড০ বি আৰ আম্বেদকাৰ, ড০ সচ্চিদানন্দ সিনহা, ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে নেতাৰ উক্তিৰ কথা উল্লেখ কৰে।এই উক্তিসমূহত সংবিধান তথা প্ৰশাসনৰ বহু গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়।সংবিধানৰ আয়ুস, কাৰ্যকাৰিতা তথা ইয়াৰ সুচলতা ভাষণৰ বিষয়বস্তু আছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানখন আমাৰ অভিভাৱকস্বৰূপ।আমি আমাৰ অভিভাৱকৰ আশা অনুৰূপে চলিব লাগিব।দেশৰ প্ৰয়োজনীয়তা তথা প্ৰত্যাহ্বানসমূহলৈ লক্ষ্য ৰাখি তেওঁ কয় যে প্ৰশাসনিক প্ৰতিষ্ঠানসমূহে পৰস্পৰে পৰস্পৰৰ প্ৰতি সহায় সহযোগ আগবঢ়াব লাগিব।তেওঁ কয় যে অনাগত পাঁচ বছৰত আমি আমাৰ শক্তিসমূহৰ সঠিক ব্যৱহাৰৰদ্বাৰা আমাৰ মুক্তিযুঁজাৰুসকলৰ সপোনৰ নতুন ভাৰত গঢ়ি তুলিব লাগিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সংবিধানখন সামাজিক নথি হিচাপেও ব্যাখ্যা কৰা হয়। আমাৰ দুৰ্ভাগ্য যে স্বাধীনতাৰ পিছতে ধৰা দিয়া আমাৰ দুৰ্বলতাসমূহ এতিয়াও নিৰ্মূল হোৱা নাই। তেওঁ কয় যে আত্মবিশ্বাসৰ দিশৰপৰা চাবলৈ গ’লে বৰ্তমানৰ সময়ক ভাৰতৰ সোণালী যুগ বুলিব পাৰি।তেওঁ কয় যে এই গঠনমূলক পৰিবেশক আমি নতুন ভাৰত গঢ়াৰ দিশত কামত লগাব পাৰো।

জীৱনধাৰণ সুচল কৰাত গুৰুত্ব দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ কাম জনসাধাৰণক নিয়ন্ত্ৰণ কৰা নহয়, সুবিধা প্ৰদান কৰাহে। যোৱা তিনি বছৰত জীৱনধাৰণ সুচল কৰাৰ বাবে হাতত লোৱা বিভিন্ন পদক্ষেপ যেনে, ক্ষীপ্ৰ আয়কৰ ব্যৱস্থা, ক্ষীপ্ৰ পাছপোৰ্ট ব্যৱস্থা আদিৰ কথা তেওঁ উল্লেখ কৰে।তেওঁ কয় যে এই পদক্ষেপসমূহৰপৰা সমাজৰ সকলো শ্ৰেণীৰ লোকেই লাভান্বিত হৈছে।তেওঁ কয় যে প্ৰায় ১২০০ আওপুৰণি আইনৰ সংস্কাৰ সাধন কৰা হৈছে। ব্যৱসায় কৰা সহজ হোৱাৰ ফলত জীৱনধাৰণৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰিছে।তেওঁ কয় যে লোক আদালতসমূহৰ ফলত আদালতত বহুদিন ধৰি পৰি থকা গোচৰৰ সংখ্যা কমিছে।তেওঁ ন্যায় ব্যৱস্থাক সহজলভ্য কৰি তোলাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে।

নিৰ্বাচনৰ সময়ত সুৰক্ষা, অসামৰিক কৰ্মচাৰী আদিৰ ক্ষেত্ৰত হোৱা শকত অংকৰ খৰচৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত যোগাত্মক আলোচনাৰ তেওঁ পক্ষপাতী আৰু কেন্দ্ৰ তথা ৰাজ্যসমূহৰ নিৰ্বাচন একেলগে কৰি এই খৰচ হ্ৰাস কৰাৰ কথা চিন্তা কৰাৰ থল আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানৰ ৰাজহাড়স্বৰূপ বিষয়া, আইন আৰু ন্যায়পালিকাৰ মাজত সামঞ্জস্য থাকিব লাগে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ শুনানীৰ কথাও উল্লেখ কৰে।

*****

AKT/NT/SH/PRK