Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৮ৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ আৰু পেন্সনাৰসকলৰ মগৰীয়া সাহায্যৰ অতিৰিক্ত ২ শতাংশকৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মূল্যবৃদ্ধিৰ ক্ষতিপূৰণ হিচাপে ২০১৮ৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মূল দৰমহা/পেন্সনৰ পূৰ্বৰ ৭%ৰ উপৰি ক্ৰমে মৰগীয়া বানচ আৰু মৰগীয়া সাহায্যৰ অতিৰিক্ত ২ শতাংশকৈ বৃদ্ধিত অনুমোদন জনাইছে।

ইয়াৰ ফলত ২০১৮-১৯ বিত্তীয় বৰ্ষত (২০১৮ৰ জুলাইৰ পৰা ২০১৯ৰ ফেব্ৰুৱাৰীলৈকে ৮ মাহত)ৰাজকোষত মৰগীয়া বানচ আৰু মগৰীয়া সাহায্যৰ বাবদ বছৰি ক্ৰমে ৬১১২.২০ কোটি আৰু ৪০৭৪.৮০ কোটিকৈ প্ৰভাৱ পৰিব।

ইয়াৰ দ্বাৰা ৪৮.৪১ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬২.০৩ লাখ পেন্সনাৰ উপকৃত হ’ব।

সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিতে এই বৃদ্ধি কৰা হৈছে।

******

AKT/SNC/DB