Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৮-১৯ বিত্তীয় বৰ্ষত ৰে’ল কর্মচাৰীসকলৰ বাবে উৎপাদনশীলতাভিত্তিক বোনাছ (পিএলবি) প্ৰদানত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিক কেন্দ্রীয় কেবিনেট বৈঠকত ১১ লাখ ৫২ হাজাৰ নন-গেজেটেড ৰে’ল কর্মচাৰীক (আৰপিএফ/আৰপিএছএফ জোৱানক বাদ দি) ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰে’ল কর্মচাৰীসকলৰ মাজত ঔদ্যোগিক শান্তি আৰু উদ্যম বৰ্তাই ৰখাৰ বাবে ৭৮ দিনৰ দৰমহাৰ সমহাৰত উৎপাদনশীলতাভিত্তিক বোনাছ প্ৰদানত অনুমোদন জনোৱা হৈছে৷ এই সিদ্ধান্তৰ ফলত চৰকাৰৰ ২,০২৪.৪০ কোটি টকা ব্যয় হ’ব।

শ্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে বিগত ছবছৰ একেৰাহে ৭৮ দিনৰ মজুৰি বোনাছ প্ৰদান কৰি আহিছে৷। এই পৰিমাণ কেতিয়াও হ্ৰাস কৰা নাই৷

ৰে’লৰ সেৱা দক্ষভাবে পৰিচালনাৰ স্বীকৃতিস্বৰূপে নন-গেজেটেড ৰে’ল কর্মচাৰীসকলক এই উৎপাদনভিত্তিক বোনাচ প্ৰদান কৰা হয়৷

লাভালাভঃ

২০১৮-১৯ বিত্তীয় বৰ্ষত যোগ্য ৰে’ল কৰ্মচাৰীসকলক (আৰপিএফ/আৰপিএছএফ জোৱানক বাদ দি) ৭৮ দিনৰ দৰমহাৰ সমহাৰত উৎপাদনশীলতাভিত্তিক বোনাছ প্ৰদানৰ ফলত বৃহৎসংখ্যক ৰে’ল কৰ্মচাৰীয়ে তেওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধি কৰাৰ লগতে ঔদ্যোগিক শান্তি বৰ্তাই ৰাখিব৷

ইয়াৰ জৰিয়তে ৰে’লৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত অন্তৰ্ভূক্তি তথা সমতাৰ ভাৱ অনুভূত হ’ব৷

******

VRRK/PK/SH/DB