Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“২০১৯ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন” বাবে জাৰি কৰা বিজ্ঞপ্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত “জনপ্ৰতিনিধি আইন, ১৯৫১ৰ ১৪নং ধাৰাৰ উপ-ধাৰা(২) অধীনত ২০১৯ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন” বাবে জাৰি কৰা বিধিগত বিজ্ঞপ্তিত অনুমোদন জনাইছে৷ ইয়াৰ জৰিয়তে সংসদীয় সমষ্টিৰ লোকসকলক ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্ধাৰিত তাৰিখত লোকসভাৰ বাবে সদস্য নিৰ্বাচিত কৰিবলৈ আহ্বান জনোৱা হৈছে৷

প্ৰভাৱঃ

এই বিজ্ঞপ্তিৰ জৰিয়তে সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে৷

*****

AKT/SH/DB