পি এম ইণ্ডিয়া
দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ মহোদয়া আৰু তেওঁৰ দলটোক এই নাগৰিক অনুকূল, বিকাশ অনুকূল আৰু ভৱিষ্যতমুখী বাজেটৰ বাবে অশেষ অভিনন্দন জনাইছো৷ এই বাজেটে দেশক সমৃদ্ধ আৰু জনসাধাৰণক সমৰ্থ কৰি তুলিব৷ এই বাজেটৰ দ্বাৰা দুখীয়াসকলৰ সৱলীকৰণ হ’ব আৰু তৰুণ প্ৰজন্মই উন্নত ভৱিষ্যত লাভ কৰিব৷
এই বাজেটৰ দ্বাৰা মধ্যবিত্তসকলৰ আৰ্থিক উন্নতি হ’ব, বিকাশৰ গতি আৰু অধিক দ্ৰুত হ’ব৷ এই বাজেটৰ দ্বাৰা কৰ ব্যৱস্থাৰ সৰলীকৰণ হ’ব, আন্তঃগাঁথনি আধুনিক হ’ব৷ এই বাজেটে উদ্যোগ আৰু উদ্যমীসকলৰ সৱলীকৰণ কৰিব, দেশ বিকাশত মহিলাৰ অংশগ্ৰহণ অধিক কৰিব৷ এই বাজেটে শিক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰিব৷ কৃত্ৰিম বুদ্ধিমতা আৰু মহাকাশ গৱেষণাৰ পৰা পোৱা লাভ জনতাই মাজলৈ প্ৰেৰণ কৰিব৷ এই বাজেটত আৰ্থিক জগতৰ সংশোধনো আছে, সাধাৰণ নাগৰিকৰ বাবে ইজ অব্ লিভিঙো আছে আৰু লগতে গাঁও তথা দুখীয়াৰ কল্যাণো অন্তৰ্ভুক্ত হৈ আছে৷ এই বাজেট এক সেউজ বাজেট য’ত পৰিবেশ, বৈদ্যুতিক ম’বিলিটী আৰু সৌৰ ক্ষেত্ৰৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷
যোৱা পাঁচ বছৰত দেশৰ পৰা নিৰাশাৰ পৰিবেশ আঁতৰি গৈছে, সেই বাতাৱৰণৰ পৰা মুক্ত হৈছে আৰু দেশৰ আশাৰ নতুন কিৰণে দেখা দিছে৷ আত্মবিশ্বাসৰ জন্ম হৈছে৷
বিদ্যুৎ, গেছ, ৰাস্তা, লেতেৰা, ভ্ৰষ্টাচাৰ, ভিআইপি সংস্কৃতি, অনেক কঠিনতা, জনসাধাৰণে নিজৰ অধিকাৰৰ বাবে কৰা যুঁজ অৰ্থাৎ এক প্ৰকাৰে নিজৰ সৈতেই যুঁজিবলগীয়া হৈছিল৷ আমি সেয়া হ্ৰাস কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰিছো৷ সফলতাও পাইছো৷
আজি জনসাধাৰণৰ জীৱনলৈ বহু নতুন আকাংক্ষা আৰু বহুতো আশাই দেখা দিছে৷ এইসমূহ পূৰণ কৰাৰ বিশ্বাস এই বাজেটে প্ৰদান কৰিছে৷ এই প্ৰত্যয়ৰ সৃষ্টি কৰিছে যে দেশৰ গতি এইবাৰ প্ৰকৃত হৈছে, প্ৰণালী ঠিক হৈছে, গতি ঠিক হৈছে আৰু সেইবাবে লক্ষ্য প্ৰাপ্ত কৰাও নিশ্চিত হৈ পৰিছে৷
এই বাজেট আশা, বিশ্বাস আৰু আকাংক্ষাৰ বাজেট৷ এই বাজেটে একবিংশ শতিকাৰ ভাৰতৰ আশাসমূহ পূৰণ কৰাত আৰু নতুন ভাৰত নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এই বাজেটে ২০২২ চনত অৰ্থাৎ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণৰ সৈতে জড়িত সংকল্পসমূহ পূৰণ কৰাত দেশৰ পথ নিৰ্ধাৰণ কৰিব৷
যোৱা পাঁচ বছৰত আমাৰ চৰকাৰে দুখীয়া, কৃষক, অনুসূচীত জাতি, পীড়িত, শোষিত আৰু বঞ্চিতসকলৰ সৱলীকৰণৰ বাবে অনেক পদক্ষেপ গ্ৰহণ কৰিছে৷ এতিয়া অনাগত পাঁচ বছৰত এই সৱলীকৃতসকলেই দেশৰ বিকাশৰ পাৱাৰহাউচ ৰূপে বিবেচিত হ’ব৷
৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি অৰ্থাৎ পাঁচ লাখ কোটি ডলাৰৰ অৰ্থব্যৱস্থাৰ সপোন পূৰণ কৰা শক্তি দেশে এই পাৱাৰহাউচৰ পৰাই লাভ কৰিব৷
বাজেটত কৃষি ক্ষেত্ৰৰ গাঁথনিমূলক সংশোধনীৰ বাবে নতুন যোজনাৰ ঘোষণা কৰা হৈছে৷ পিএম কিষাণ সন্মান নিধিৰ মাধ্যমৰ জৰিয়তে কৃষকসকলক প্ৰত্যক্ষভাৱে প্ৰদান কৰা প্ৰায় ৮৭ হাজাৰ কোটি টকা অথবা ১০ হাজাৰতকৈও অধিক কৃষক উৎপাদক উৎপত্তি (এফপিঅ’)ৰ সংকল্প, মাছমৰীয়াসকলৰ বাবে প্ৰধানমন্ত্ৰী মৎস সম্পদ যোজনা অথবা ৰাষ্ট্ৰীয় পণ্যাগাৰ গ্ৰীডৰ স্থাপন আদিৰ জৰিয়তে ২০২২ বৰ্ষলৈ কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ গ্ৰামীণ অৰ্থব্যৱস্থাত বিনিয়োগ বৃদ্ধি কৰিবলৈ গাঁৱতেই কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি হ’ব৷
জনশক্তি অবিহনে জল সঞ্চয় সম্ভৱ নহয়৷ জল সঞ্চয় জন আন্দোলনৰ ভাৱনাৰ দ্বাৰাহে সৃষ্টি হ’ব পাৰে৷ এই বাজেটত বৰ্তমানৰেই নহয় বৰঞ্চ ভৱিষ্যতৰ বাবেও কল্যাণ প্ৰদৰ্শিত হৈছে৷ স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰতিখন ঘৰে জল অভিযানৰ দ্বাৰা দেশক জল সংকটৰ পৰা মুক্ত কৰিবলৈ সক্ষম কৰিব৷
বাজেটত গ্ৰহণ কৰা সিদ্ধান্ত অনাগত দশকৰ ভেঁটী শক্তিশালী কৰাৰ লগতে তৰুণ প্ৰজন্মৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷
এই বাজেটে আপোনাৰ আশাক, আপোনাৰ সপোনক, আপোনাৰ সংকল্পৰ ভাৰত গঠন কৰাৰ দিশত এক ঐতিহাসিক খোজ হিচাপে বিবেচিত হ’ব৷
মই কাইলৈ কাশীত এই বিষয়ৰ ওপৰত সবিস্তাৰে বৰ্ণনা কৰিম৷ কিন্তু আজি মই সদ্যহতে পুনৰবাৰ বিত্ত মন্ত্ৰী আৰু তেওঁৰ সম্পূৰ্ণ দলটোক অশেষ অভিনন্দন জনাইছো আৰু ভাৰতৰ সকলো নাগৰিকৰ উজ্বল ভৱিষ্যতৰ বাবে অনেক শুভকামনা জনাইছো৷
অশেষ ধন্যবাদ৷
*****
अतुल तिवारी/शाहबाज़ हसीबी/बाल्मीकि महतो/निर्मल शर्मा/MANN
My thoughts on the #BudgetForNewIndia. Watch. https://t.co/cJYfirRHfa
— Narendra Modi (@narendramodi) July 5, 2019
इस बजट से गरीब को बल मिलेगा, युवा को बेहतर कल मिलेगा: PM @narendramodi #BudgetForNewIndia
— PMO India (@PMOIndia) July 5, 2019
इस बजट से मध्यम वर्ग को प्रगति मिलेगी, विकास की रफ्तार को गति मिलेगी: PM @narendramodi #BudgetForNewIndia
— PMO India (@PMOIndia) July 5, 2019
इस बजट से टैक्स व्यवस्था में सरलीकरण होगा, इन्फ्रास्ट्रक्चर का आधुनिकीकरण होगा: PM @narendramodi #BudgetForNewIndia
— PMO India (@PMOIndia) July 5, 2019
ये बजट उद्यम और उद्यमों को मजबूत बनाएगा, देश में महिलाओं की भागीदारी को और बढ़ाएगा: PM @narendramodi #BudgetForNewIndia
— PMO India (@PMOIndia) July 5, 2019
The #BudgetForNewIndia is one of hope and it is a budget that will boost India's development in the 21st century: PM @narendramodi
— PMO India (@PMOIndia) July 5, 2019
The #BudgetForNewIndia has a roadmap to transform the agriculture sector of India: PM @narendramodi
— PMO India (@PMOIndia) July 5, 2019