Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত ঐতিহাসিক কৃতিত্বৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত প্ৰদৰ্শন কৰা ঐতিহাসিক কৃতিত্ব বাবে প্ৰশংসা কৰে। সোণৰ পদক লাভ কৰাৰ লগতে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় স্কোৱাছ খেলুৱৈ হিচাপে পৰিগণিত অনাহত সিঙক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সাফল্যই যুৱক-যুৱতীসকলৰ মাজত স্কোৱাছক আৰু অধিক জনপ্ৰিয় কৰি তুলিব।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে :

“২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত এক ঐতিহাসিক কৃতিত্ব।

স্বৰ্ণ পদক লাভ কৰি বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় স্কোৱাছ খেলুৱৈ হোৱাৰ বাবে অনাহত সিঙক লৈ গৌৰৱান্বিত। এই সাফল্যই যুৱক-যুৱতীসকলৰ মাজত স্কোৱাছৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰিব।

@Anahat_Singh13″

*****

 

MJPS/SS/PRK/KD