পি এম ইণ্ডিয়া
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১১,৭১৮.২৪ কোটি টকা ব্যয়সাপেক্ষে ২০২৭ চনৰ ভাৰতৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়।
আঁচনিখনৰ সবিশেষঃ
উপকাৰিতাসমূহঃ
ভাৰতৰ ২০২৭ চনৰ লোকপিয়লে দেশৰ সম্পূৰ্ণ জনসংখ্যাক সামৰি ল’ব।
ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ
(ক) দেশত ডিজিটেল পদ্ধতিৰে কৰা প্ৰথম লোকপিয়ল। এণ্ড্ৰইড আৰু আই অ এছ দুয়োটা সংস্কৰণৰ বাবে উপলব্ধ ম’বাইল এপ্লিকেচন ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰা হ’ব।
(খ) প্ৰকৃত সময়ৰ ভিত্তিত সমগ্ৰ লোকপিয়ল প্ৰক্ৰিয়া পৰিচালনা আৰু নিৰীক্ষণৰ বাবে লোকপিয়ল ব্যৱস্থাপনা তথা নিৰীক্ষণ প্ৰণালী (চি এম এম এছ) পৰ্টেল নামৰ এক পৰ্টেল প্ৰস্তুত কৰা হৈছে।
(গ) হাউছলিষ্টিং ব্লক (এইচ এল বি) ক্ৰিয়েটৰ ৱেব মেপ এপ্লিকেচনঃ ২০২৭ চনৰ লোকপিয়লৰ বাবে আন এক উদ্ভাৱন হৈছে দায়িত্ববাহী বিষয়াসকলে ব্যৱহাৰ কৰিব লগা এইচ এল বি ক্ৰিয়েটৰ ৱেব মেপ এপ্লিকেচন।
(ঘ) জনসাধাৰণক স্ব-গণনাৰ বিকল্প প্ৰদান কৰা হ’ব।
(ঙ) এই বিশাল ডিজিটেল কাৰ্য্যকলাপৰ বাবে উপযুক্ত সুৰক্ষাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।
(চ) ২০২৭ চনৰ লোকপিয়লত দেশজোৰা সজাগতা, অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণ, অন্তিম পৰ্যায়ৰ অংশগ্ৰহণ আৰু ক্ষেত্ৰ পৰিচালনাৰ সমৰ্থনৰ বাবে এক কেন্দ্ৰীভূত তথা ব্যাপক প্ৰচাৰ অভিযান থাকিব। ই সঠিক, প্ৰামাণিক আৰু সময়োপযোগী তথ্য ভাগ-বাটোৱাৰা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব যিয়ে সংহত আৰু ফলপ্ৰসূ প্ৰসাৰৰ প্ৰচেষ্টা নিশ্চিত কৰিব।
(ছ) ৰাজনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ২০২৫ চনৰ ৩০ এপ্ৰিলত অনুষ্ঠিত হোৱা বৈঠকত সমাগত লোকপিয়ল অৰ্থাৎ ২০২৭ চনৰ লোকপিয়লত জাতি গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয়। আমাৰ দেশৰ বিশাল সামাজিক আৰু জনগাঁথনিগত বৈচিত্ৰ্য তথা আনুষংগিক প্ৰত্যাহ্বানৰ সৈতে ২০২৭ চনৰ লোকপিয়লে দ্বিতীয় পৰ্যায়ত ইলেক্ট্ৰনিকভাৱে জাতিৰ তথ্যও আহৰণ কৰিব, অৰ্থাৎ জনসংখ্যা গণনা (পি ই)।
(জ) লোকপিয়লৰ কাম-কাজৰ তথ্য সংগ্ৰহ, নিৰীক্ষণৰ বাবে গণনাকাৰী, পৰিদৰ্শক, মাষ্টাৰ ট্ৰেইনাৰ, দায়িত্ববাহী বিষয়া আৰু অধ্যক্ষ/জিলা লোকপিয়ল বিষয়াকে ধৰি প্ৰায় ৩০ লাখ ক্ষেত্ৰ কৰ্মীক নিয়োজিত কৰা হ’ব। সকলো লোকপিয়ল কৰ্মীক লোকপিয়লৰ কামৰ বাবে উপযুক্ত মাননি প্ৰদান কৰা হ’ব, কিয়নো তেওঁলোকৰ নিয়মীয়া কৰ্তব্যৰ উপৰি লোকপিয়লৰ কামটোও তেওঁলোকে কৰিব লাগিব।
নিযুক্তি সৃষ্টিৰ সম্ভাৱনাকে ধৰি প্ৰধান প্ৰভাৱঃ
পটভূমিঃ
২০২৭ চনৰ লোকপিয়ল দেশৰ ষষ্ঠদশ আৰু স্বাধীনতাৰ পাছত চতুৰ্থ লোকপিয়ল হ’ব। লোকপিয়ল হৈছে গাঁও, নগৰ আৰু ৱাৰ্ড পৰ্যায়ত প্ৰাথমিক তথ্যৰ আটাইতকৈ ডাঙৰ উৎস যিয়ে আৱাসৰ অৱস্থা আৰু সুবিধা, সম্পত্তি, জনগাঁথনি, ধৰ্ম, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, ভাষা, সাক্ষৰতা আৰু শিক্ষা, অৰ্থনৈতিক কাৰ্যকলাপ, প্ৰব্ৰজন আৰু উৰ্বৰতা আদি বিভিন্ন মাপকাঠীৰ ওপৰত ক্ষুদ্ৰ স্তৰৰ তথ্য প্ৰদান কৰে। ১৯৪৮ চনৰ লোকপিয়ল আইন আৰু ১৯৯০ চনৰ লোকপিয়ল নিয়মে লোকপিয়ল অনুষ্ঠিত কৰাৰ বাবে আইনী পৰিকাঠামো প্ৰদান কৰে।
****
MJPS/MK