পি এম ইণ্ডিয়া
মস্কোত ৮-৯জুলাইত ৰাছিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত ২২তম বাৰ্ষিক দ্বিপাক্ষিক শীৰ্ষ সন্মিলনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় ভ্লাদিমিৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক ব্যৱহাৰিক সহযোগিতা আৰু ৰাছিয়া-ভাৰত বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ বিকাশৰ সাম্প্ৰতিক বিষয়সমূহৰ ওপৰত সম্পূৰ্ণ মত বিনিময় কৰে।
পাৰস্পৰিক সন্মান আৰু সমতাৰ নীতিবোৰ দৃঢ়তাৰে পালন কৰি, পাৰস্পৰিকভাৱে লাভজনক আৰু দীৰ্ঘম্যাদীভিত্তিত দুয়োখন দেশৰ সাৰ্বভৌম বিকাশৰ নীতিবোৰ দৃঢ়তাৰে পালন কৰা, ভাৰত-ৰাছিয়া বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰি দ্বিপাক্ষিক আলোচনা গভীৰ কৰা আৰু ২০৩০চনৰ ভিতৰত বাণিজ্যৰ পৰিমাণ আৰু বৃদ্ধিৰ লক্ষ্যেৰে নিম্নলিখিত ৯টা ক্ষেত্ৰ চিহ্নিত কৰা হৈছেঃ
১) ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক বাণিজ্যসম্পৰ্কীয় নিঃশুল্ক বাণিজ্যিক বাধা দূৰীকৰণ। ইএইইউ-ভাৰত মুক্ত বাণিজ্য ক্ষেত্ৰ গঢ়ি তোলা সহ দ্বিপাক্ষিক বাণিজ্যৰ উদাৰীকৰণৰ ক্ষেত্ৰত আলোচনা অব্যাহত ৰখা।২০৩০চনৰ ভিতৰত(পাৰস্পৰিক সন্মতি অনুসৰি) ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক দ্বিপাক্ষিক বাণিজ্য।
২) ৰাষ্ট্ৰীয় মুদ্ৰা ব্যৱহাৰ কৰি দ্বিপাক্ষিক নিষ্পত্তি প্ৰণালীৰ বিকাশ। পাৰস্পৰিক নিষ্পত্তিত ডিজিটেল বিত্তীয় সঁজুলিৰ নিৰন্তৰ প্ৰৱৰ্তন।
৩) উত্তৰ-দক্ষিণ আন্তঃৰাষ্ট্ৰীয় পৰিবহণ কৰিডৰ, উত্তৰ সাগৰপথ আৰু চেন্নাই-ভ্লাদিভষ্টক সামুদ্ৰিক পথ মুকলি কৰাৰ জৰিয়তে ভাৰতৰ সৈতে পণ্য পৰিবহণ বৃদ্ধি।
৪) কৃষিজাত সামগ্ৰী, খাদ্য আৰু সাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৃদ্ধি।
৫) পাৰমাণৱিক শক্তি, তেল শোধন আৰু পেট্ৰ’কেমিকেলকে ধৰি মুখ্য শক্তি খণ্ডসমূহত সহযোগিতা বৃদ্ধি আৰু শক্তি আন্তঃগাঁথনি, প্ৰযুক্তি আৰু সঁজুলিৰ ক্ষেত্ৰত সহযোগিতা আৰু অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰা।
৬) আন্তঃগাঁথনি উন্নয়ন, পৰিবহন অভিযান্ত্ৰিক, অটোমোবাইল উৎপাদন আৰু জাহাজ নিৰ্মাণ, মহাকাশ আৰু অন্যান্য ঔদ্যোগিক খণ্ডৰ ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা। সহযোগী আৰু ঔদ্যোগিক ক্লাষ্টাৰ সৃষ্টি কৰি ভাৰতীয় আৰু ৰাছিয়াৰ কোম্পানীসমূহৰ মাজত পাৰস্পৰিক বিনিময়।
৭) বিনিয়োগ বৃদ্ধি আৰু ডিজিটেল অৰ্থনীতি, বিজ্ঞান আৰু গৱেষণা, শৈক্ষিক বিনিময় আৰু উচ্চ-প্ৰযুক্তিসম্পন্ন কোম্পানীসমূহৰ কৰ্মচাৰীসকলৰ বাবে ইণ্টাৰ্নশ্বিপৰ উদ্দেশ্যে যুটীয়া প্ৰকল্পৰ। অনুকূল আৰ্থিক সুবিধা প্ৰদানৰ মাধ্যমেৰে নতুন যুটীয়া (সহায়ক) কোম্পানী স্থাপন।
৮) ঔষধ আৰু উন্নত চিকিৎসা সঁজুলি সৰবৰাহৰ মাধ্যমেৰে ধাৰাবাহিক সহযোগিতা বৃদ্ধি। ৰাছিয়াত ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানসমূহৰ শাখা খোলাৰ সম্ভাৱনা অধ্যয়ন কৰা আৰু অভিজ্ঞ চিকিৎসা কৰ্মী নিয়োগ কৰাৰ লগতে চিকিৎসা আৰু জৈৱিক সুৰক্ষাৰ ক্ষেত্ৰত সমন্বয় শক্তিশালী কৰা।
৯) মানৱীয় সহযোগিতাৰ বিকাশ, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, সংস্কৃতি, পৰ্যটন, ক্ৰীড়া, স্বাস্থ্যসেৱা আৰু অন্যান্য ক্ষেত্ৰত সম্প্ৰসাৰণৰ লক্ষ্যেৰে ধাৰাবাহিক মতবিনিময়।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী আৰু সাংস্কৃতিক সহযোগিতা সংক্ৰান্তীয় ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগক অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ চিহ্নিত কৰিবলৈ আৰু পৰৱৰ্তী বৈঠকত তাৰ অগ্ৰগতি মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে ।
***************
DS/ST/KG
Held productive discussions with President Putin at the Kremlin today. Our talks covered ways to diversify India-Russia cooperation in sectors such as trade, commerce, security, agriculture, technology and innovation. We attach great importance to boosting connectivity and… pic.twitter.com/JfiidtNYa8
— Narendra Modi (@narendramodi) July 9, 2024