Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২১ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২১ এপ্ৰিলত ৰাজস্থান ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বালোত্ৰাৰ পাচপদ্ৰাত ভাৰতৰ প্ৰথমটো গ্ৰীনফিল্ড সংহত শোধনাগাৰ তথা পেট্ৰ’কেমিকেল চৌহদ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিব।

এই যুগান্তকাৰী প্ৰকল্পটোৱে ভাৰতৰ শক্তি আৰু পেট্ৰ’কেমিকেল খণ্ডত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব। হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (এইচ পি চি এল) আৰু ৰাজস্থান চৰকাৰৰ যৌথ উদ্যোগত বিকশাই তোলা প্ৰতি বছৰে ৯ মিলিয়ন মেট্ৰিক টন ক্ষমতাসম্পন্ন (এমএমটিপিএ) গ্ৰীনফিল্ড শোধনাগাৰ তথা পেট্ৰ’কেমিকেল চৌহদটো ৭৯,৪৫০ কোটিৰো অধিক টকা বিনিয়োগৰে স্থাপন কৰা হৈছে।

অত্যাধুনিক চৌহদটোৱে শোধন আৰু পেট্ৰ’কেমিকেল উৎপাদনৰ মাজত সমন্বয় স্থাপন কৰে, যাৰ পেট্ৰ’কেমিকেল ক্ষমতা ২.৪ এমএমটিপিএ। দক্ষতা আৰু বহনক্ষমতাৰ বাবে বিশ্ব মানৰ সৈতে স্থাপন কৰা শোধনাগাৰটোত উচ্চ নেলছন জটিলতা সূচ্যাংক ১৭.০ আৰু পেট্ৰ’কেমিকেল উৎপাদন ২৬ শতাংশতকৈ অধিক।

এই প্ৰকল্পটোৱে ভাৰতৰ শক্তি সুৰক্ষাক শক্তিশালী কৰাৰ লগতে পেট্ৰ’কেমিকেল আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা আৰু ঔদ্যোগিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ই অঞ্চলটোত পেট্ৰ’কেমিকেল আৰু প্লাষ্টিক পাৰ্কৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে কাম কৰাৰ লগতে নিম্নস্তৰৰ উদ্যোগ আৰু আনুসংগিক খণ্ডৰ বিকাশত সহায় কৰিব। তদুপৰি শোধনাগাৰটোৱে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগোৱাৰ লগতে উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

 

****

MJPS/ST/NB