পি এম ইণ্ডিয়া

জাপানত বসবাস কৰা ভাৰতীয় বন্ধুসকল আৰু বিশাল হাৰত ইয়াত সমবেত ভাৰতীয় সমূদায়ৰ মোৰ সকলো বন্ধু, আপোনালোক সকলোকে নমস্কাৰ৷
মই ভাবি আছিলো যে মোক ক’বেলৈ কিয় লৈ গৈছে৷ কিমানবাৰ আহিছো, কিমান চিনাকী মুখ। মই সুধিলো যে আপোনালোকে মোক কিয় লৈ গৈছে, কোন আহিব? ইয়াত আহি দেখিছো যে আপোনালোকৰ উৎসাহ আগতকৈ বৃদ্ধি পাইছে৷ এই ভাল পোৱাৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা জনাইছো।
প্রায় সাত মাহৰ পাছত মোৰ পুনৰবাৰ জাপানলৈ অহাৰ সৌভাগ্য হৈছে। যোৱাবাৰো ইয়াত বসবাস কৰা আপোনালোক সকলোৰে সৈতে তথা জাপানী বন্ধুসকলৰ সৈতে বার্তালাপৰ সুযোগ হৈছিল। এইটো কাকতালীয় যে যোৱা বছৰ মই যেতিয়া ইয়ালৈ আহিছিলো, তেতিয়া এই দেশত নির্বাচনৰ ফলাফল ঘোষিত হৈছিল আৰ আপোনালোক সকলোৱে মোৰ প্রিয় বন্ধু শ্বিনজো আবে’ক পুনৰ র্নিবাচিত কৰিছিল। আৰু আজি যেতিয়া মই ইয়ালৈ আহিছো, বিশ্বৰ সর্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ এই প্ৰধান সেৱকৰ ওপৰত মোৰ দেশৰ জনতাই পূৰ্বতকৈও অধিক বিশ্বাস ব্যক্ত কৰাৰ লগতে ভালপোৱা দিছে৷
মই জানো যে আপোনালোকৰ মাজৰ বহুতেই এই নির্বাচনত অৱদান আগবঢ়াইছে। কোনো কোনোৱে ভাৰতলৈ গৈ প্ৰত্যক্ষভাবে কাম কৰিছে। ৪০-৫০ ডিগ্রী উষ্ণতাত পৰিশ্ৰম কৰিছে। বহুতে ছ’চিয়েল মিডিয়াৰ যেনে—টুইটাৰ, ফেচবুক, নৰেন্দ্ৰ মোদী এপ, যি যেনেকৈ পাৰিছে নিজৰ বক্তব্য আগবঢ়াইছে। বহুতে নিজৰ গাঁৱৰ পুৰণি বন্ধুলৈ চিঠি লিখি, ই-মেল প্ৰেৰণ কৰি ভাৰতত এই গণতন্ত্রৰ উৎসৱক আৰু অধিক শক্তিশালী আৰু প্রাণৱন্ত কৰি তুলিছে। সেইবাবে আপোনালোক সকলোকে কৃতজ্ঞতা জনাইছো।
বন্ধুসকল, ১৩০ কোটি ভাৰতীয় এইবাৰ পূৰ্বতকৈও শক্তিশালী চৰকাৰ গঠন কৰিছে। তিনি দশকৰ পাছত প্ৰথমবাৰলৈ, একেৰাহে দ্বিতীয়বাৰ পূর্ণ সংখ্যাগৰিষ্ঠ চৰকাৰ নির্বাচিত কৰিছে। ভাৰতৰ দৰে বিশাল দেশত এই সাফল্য সামান্য বিষয় নহয়। ১৯৮৪ চনতো একেৰাহে দ্বিতীয়বাৰলৈ একেটা দলৰ চৰকাৰ নির্বাচিত হৈছিল। কিন্তু আপোনালোকে সেই সময়ৰ পৰিস্থিতি জানে৷ ইয়াৰ কাৰণ কি আছিল সেয়াও আপোনালোকে জানে। এইচো সত্য যে ১৯৭১ চনৰ পাছত প্ৰথমবাৰলৈ দেশৰ জনগণে এখন চৰকাৰক পুনৰবাৰ পূর্ণ সমর্থন জনাইছে৷
বন্ধুসকল, এই বিপুল সমর্থনে আপোনালোকক নিশ্চয় আনন্দ দিছে। এই জয় কাৰ? মই যেতিয়া আপোনালোকৰ মুখত এই প্ৰশ্নৰ উত্তৰ শুনো, তেতিয়া খুব ভাল লাগে। এই জয় সত্যৰ জয়, ভাৰতৰ গণতন্ত্রৰ জয়। আপোনালোকে জাপানত থাকিও ভাৰতৰ মনক ভালদৰে বুজিব পাৰে, অনুভৱ কৰিব পাৰে, তেওঁলোকৰ আশা-আকাংক্ষা আৰু প্ৰত্যাশাৰ মাজত কোনো পার্থক্য অনুভৱ কৰা নাই৷ সেইবাবে আপোনালোকৰ মুখৰ পৰা এই উত্তৰ শুনাৰ সৌভাগ্য মোৰ হৈছে৷ তেতিয়াই মনত আনন্দ হয় যে, আমি সঠিক পথত আগুৱাই গৈছো৷
কেতিয়াবা ষ্টেডিয়ামত বহি ক্রিকেট মেচ চাই থাকিলেও বুজি পোৱা নাযায় যে আউট কিদৰে হৈছে, বল ক’ৰ পৰা ক’লৈ গৈছে। কিন্তু যেতিয়া আমি টিভিত বহি দূৰৰ পৰা খেল চাও, তেতিয়া আমি সঠিকভাৱে বুজি পাও৷ তেনেদৰেই আপোনালোকে ইমান দূৰৈত থাকিও ভাৰতক চাই থাকে বুলি আপোনালোকৰ সত্যক বুজি পোৱাৰ ক্ষমতা অধিক৷ সেইবাবে আপোনালোকৰ এই উত্তৰ সত্যৰ জয়, গণতন্ত্রৰ জয়, দেশবাসীৰ জয়–মোৰ বাবে এই উত্তৰ অতি গুৰুত্বপূর্ণ। এই উত্তৰে মোক নতুন শক্তি আৰু প্রেৰণা যোগায়। সেইবাবে মই আপোনালোকক বহুত বহুত কৃতজ্ঞতা জনাইছো।
গণতান্ত্রিক মূল্যবোধেৰ প্ৰতি সমর্পন আৰু আশা-আকাংক্ষাৰ প্ৰতি বিশ্বাস–এই জয়ৰ আঁৰত অন্যতম প্ৰধান কাৰণ। আপোনালোকে কল্পনা কৰক ৬১ কোটি ভোটদাতাই ৪০-৪৫ ডিগ্রী উষ্ণতাত ভোট দিছে। চীনক বাদ দি বিশ্বৰ কোনো দেশত ইমান ভোটদাতা নাই। ভাৰতৰ গণতন্ত্রৰ বিশালতা, ব্যাপকতা বুজা যায় ১০ লাখতকৈও অধিক নির্বাচন কেদ্ৰ, ৪০ লাখতকৈও অধিক ইভিএম মেচিন আৰু ৬০০তকৈও অধিক ৰাজনৈতিক দলৰ ৮ হাজাৰতকৈও অধিক প্ৰতিনিধি এই নির্বাচনত যুঁজি। কিমান ডাঙৰ গণতন্ত্রৰ উৎসৱ। মানৱতাৰ ইতিহাসত ইয়াতকৈও ডাঙৰ গণতান্ত্রিক নির্বাচন ইয়াৰ পূৰ্বে হোৱা নাই৷ সেইবাবে প্ৰত্যেক ভাৰতীয়ই ইয়াক লৈ গৌৰৱ কৰিব পাৰে।
ভৱিষ্যতেও এই অভিলেখ যদি কোনোৱে ভাঙে বাবে ইয়াতকৈও উন্নত অভিলেখ ৰচনা কৰে তাৰ অধিকাৰো ভাৰতৰ হাততে আছে। ভাৰতীয় হিচাপে আমি ভাৰতৰ সকলো শুভাকাংক্ষীক প্রেৰণা যোগাব পাৰি বুলি আমি গৌৰৱ কৰো৷ ইয়াৰ জৰিয়তে পুনৰবাৰ প্ৰমাণিত হৈছে যে ভাৰতৰ সাধাৰণ জনতাই গণতন্ত্রৰ প্ৰতি নিষ্ঠা অটুট আৰু আমাৰ গণতান্ত্রিক সংস্থা আৰু প্ৰণালী বিশ্বৰ ভিতৰতে অগ্ৰণী।
বন্ধুসকল, ভাৰতৰ এই শক্তিয়ে একবিংশ শতিকাত বিশ্বক নতুন আশা যোগাব। এই নির্বাচনৰ প্ৰভাৱ কেৱল ভাৰততে সীমাবদ্ধ নাথাকে। বিশ্বৰ গণতন্ত্ৰৰ প্রিয় জনসাধাৰণক প্রেৰণা যোগাব। নতুন ভাৰতৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে যি জনাদেশ আমি লাভ কৰিছো, সেইটোৱে বিশ্বৰ সৈতে আমাৰ সম্পর্কক নতুন প্রাণশক্তি যোগাব। এতিয়া বিশ্বৰ যি কোনো দেশে যেতিয়া ভাৰতৰ সৈতে কথা ক’ব, তেতিয়া তেওঁলোকে জানে যে সেই দেশৰ চৰকাৰে দেশৰ জনগণৰ একক সংখ্যাগৰিষ্ঠৰ ভোটত নির্বাচিত চৰকাৰ। তেওঁলোকে বিচাৰিলে দেশৰ স্বার্থত যি কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ ক্ষেত্রত একক সংখ্যাগৰিষ্ঠৰ চৰকাৰে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। সেইবাবে আমাৰ পূৰ্বৰ চৰকাৰৰ মূলমন্ত্ৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ সৈতে এইবাৰ জনগণে নতুন অমৃত সংযোজন কৰিছে ‘সবকা বিশ্বাস’। আমি এই মন্ত্ৰক লৈ আগুৱাই গৈছো। এইটোৱে ভাৰতৰ প্ৰতি বিশ্বৰ আস্থাক আৰু অধিক শক্তিশালী কৰাৰ লগতে বিশ্বক আশ্বস্ত কৰিব বুলি মই ভাবো৷
বন্ধুসকল, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ ক্ষেত্রত জাপানৰ স্থান গুৰুত্বপূর্ণ। আমাৰ সম্পর্ক আজিৰ নহয়, বহুত শতিকা পুৰণি। আমাৰ সম্পর্কৰ বুনিয়াদ হ’ল আত্মীয়তা, সদ্ভাৱনা আৰু পৰস্পৰৰ সংস্কৃতি আৰু সভ্যতাৰ প্ৰতি সন্মান। মহাত্মা গান্ধীয়ে এই সম্পর্কক এক নতুন মাত্রা দিছিল। এই বছৰ আমি পূজনীয় বাপুজীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিছো। গান্ধীজীৰ এটি বাণী আমি সৰৰে পৰা শুনি আহিছো। সেইটো হ’ল–‘বেয়া নাচাব, বেয়া নুশুনিব, বেয়া নক’ব’। ভাৰতৰ প্ৰতিটো শিশুৱে এই বাণীৰ সম্পর্কে জানে। কিন্তু বহুত কম লোকে এইটো জানে যে গান্ধীজীয়ে যি তিনিটা বন্দৰক এই বাণীৰ বাবে বাছনি কৰিছিল, সেইবোৰৰ জন্মদাতা হ’ল সপ্তদশ শতিকাৰ জাপান। জাপানী সংস্কৃতিৰ ঐতিহ্য এই তিনি বন্দৰ–মিজাৰু, কিকাজাৰু আৰু ইবাজাৰুক পূজনীয় এক মহান সামাজিক বার্তাৰ বাবে প্ৰতীক হিচাপে বাছি লৈছে আৰু তেওঁলোকক বিশ্বজুৰি জনপ্রিয় কৰি তুলিছিল৷
বন্ধুসকল, আমাদৰ আচাৰ, ব্যৱহাৰ আৰু সংস্কাৰৰ এই প্ৰতীক জাপানত বৌদ্ধধর্ম প্ৰচাৰৰ পূর্বৱর্তী বুলি জানে। অহা মাহ কিওটিত গিউন উৎসৱ আৰম্ভ হ’ব। এই গিউন উৎসৱত যি ৰথ ব্যৱহাৰ কৰা হয়, তাক ভাৰতীয় ৰেশমী সুতাৰে বোৱা হয়। এই পৰম্পৰা অনন্তকাল ধৰি চলি আহিছে।
এইদৰে চিচিফুকুজিন–ভাগ্যৰ সাত জন দেৱতাৰ মাজত চাৰি জনৰ ভাৰতৰ সৈতে পোনপটীয়া সম্পর্ক আছে। তেওঁলোক হৈছে–বেঞ্জাইটিন বা মা সৰস্বতী, কিচিজোটেন বা মা লক্ষ্মী, ভিশামোন বা ভগৱান কুবেৰ আৰু দায়িকোকুতেন বা মহাকাল।
বন্ধুসকল, ফেব্রিক ছাপাৰ জুশোবৰি কলা ভাৰত আৰু জাপানৰ পুৰণি সম্পর্কৰ এক সূত্ৰবিশেষ। গুজৰাটৰ কচ্ছ আৰু জামনগৰত বহুত শতিকাজুৰি যি শিল্পকর্মক বান্ধনী শিল্পকর্ম বোৱা হয়, বহুতে ইয়া বন্ধানী বা বন্দানীও বুলে। ইয়াত একেই পদ্ধতি প্ৰয়োগ কৰা হয়। জাপানী শিল্পীসকল কচ্ছ বা জামনগৰলৈ আহিলে ভাবিব যে তেওঁলোক জাপানতেই আছে। তেনেদৰে গুজৰাটীসকল জাপানলৈ আহিলে এই শিল্পকলা দেখি আত্মীয়তা অনুভৱ কৰিব। কেৱল ইমানেই নহয়, আমাৰ ভাষাতো এৰকম বহুত সূত্ৰ আছে, যিবোৰ আমাৰ অতি প্রাচীন সম্পর্কৰ পৰিচায়ক। ভাৰতত যিটোক ধ্যান বোলা হয়, জাপানত তাকে জেন বুলি কয়। ভাৰতত যিটোক সেৱা বোলা হয়, জাপানতো তাক সেৱা বুলিয়েই কয়। সেৱাই পৰম ধর্ম অর্থাৎ নিঃস্বার্থ সেৱাক ভাৰতীয় সেৱাক আটাইতকৈ ডাঙৰ ধর্ম বুলি বিশ্বাস কৰা হৈছে। জাপানৰ লোকসকলে এই ধর্মক নিজৰ জীৱনত প্ৰয়োগ কৰি চাইছে৷
বন্ধুসকল, স্বামী বিবেকানন্দ, গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসূ, ন্যায়াধীশ ৰাধা বিনোদ পালকে ধৰি বহু ভাৰতীয়ই জাপানৰ সৈতে আমাৰ সম্পৰ্কক মজবুত কৰিছে। জাপানতো ভাৰত আৰু ভাৰতীয়সকলৰ প্ৰতি ভালপোৱা আৰু সন্মান পৰিলক্ষিত হয়।
ফলস্বৰূপ, দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছৰ পৰাই ভাৰত আৰু জাপানৰ মাজৰ সম্পর্ক আৰু অধিক শক্তিশালী হ’বলৈ আৰম্ভ কৰে। প্রায় দুইদশক পূৰ্বে প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু জাপানৰ প্ৰধানমন্ত্রী ইয়োশিৰো মোৰি মহোদয়ৰ সৈতে মিলি আমাৰ সম্পর্কক বিশ্ব অংশীদাৰিত্বৰ ৰূপ দিছিল৷
২০১৪চনত প্ৰধানমন্ত্রী নির্বাচিত হোৱাৰ পাছত মই জাপানৰ প্ৰধানমন্ত্রী মোৰ বন্ধু শ্বিনজো আবেৰ সৈতে এই বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ সুযোগ পালো। আমি আমাৰ কূটনৈতিক সম্পর্কক ৰাজধানী আৰু ৰাজনীতিবিদসকলৰ নিয়মতান্ত্রিকতাৰ সীমাৰ উপৰি পোনপটীয়াভাৱে জনগণৰ মাজলৈ নিছো। প্ৰধানমন্ত্রী আবেৰ সৈতে মই টকিঅ’ৰ উপৰি কিঅ’টো, অ’ছাকা, ক’বে, ইয়মানাচি ভ্ৰমণ কৰিছো। প্ৰধানমন্ত্রী আবেইও তেনেকৈ মোৰ সৈতে ভাৰতৰ বিভিন্ন স্থানলৈ গৈছে। আমি বহুবাৰ অহা-যোৱা কৰিছো। মই প্ৰধানমন্ত্রী নথকাৰ সময়তো ইয়ালৈ আহি প্ৰধানমন্ত্রী আবেৰ সৈতে বহিছিলো। যোৱা বছৰ প্ৰধানমন্ত্রী আবেই মোক তেওঁৰ ইমানাচিৰ ঘৰত আদৰণি জনাইছিল৷ তেওঁৰ এই বিশেষ আন্তৰিকতাই প্ৰত্যেক ভাৰতীয়ৰ হৃদয় স্পর্শ কৰিছে। কূটনৈতিক সম্পর্কৰ ক্ষেত্রত এই ধৰণৰ ব্যক্তিগত স্পর্শ বহুত কমেই দেখা যায়।
দিল্লীৰ উপৰি প্ৰধানমন্ত্রী আবেক মোৰ আমেদাবাদ আৰু বাৰাণসীতলৈ নিয়াৰ সৌভাগ্য হৈছে। প্ৰধানমন্ত্রী আবেই মোৰ সংসদীয় ক্ষেত্ৰ তথা বিশ্বৰ অতি প্রাচীন সংস্কৃতি আৰু আধ্যাত্মিক নগৰিসমূহৰ অন্যতম কাশীৰ গংগাত আৰতী উৎসৱতো অংশগ্ৰহণ কৰিছে। কেৱল অংশগ্ৰহণ কৰাই নহয়, যেতিয়া কিবা কোৱাৰ সুযোগ পাইছে, তেতিয়া সেই আৰতীৰ সময়ত তেওঁৰ মনত যি আধ্যাত্মিক অনুভূতি জাগিছিল, তাৰ উল্লেখ কৰিছে আৰু তেওঁ আজিও সুযোগ পালে সেই অনুভূতিৰ কথা কয়। তেওঁৰ এই অভিব্যক্তিয়ে প্ৰত্যেক ভাৰতীয়ৰ হৃদয়ত স্থান লাভ কৰিছে।
বন্ধুসকল, বিগত ছয় দশকতকৈও অধিক সময় ধৰি ভাৰতৰ উন্নয়নৰ যাত্রাত জাপানৰ গুৰুত্বপূর্ণ ভূমিকা আছে। একবিংশ শতিকাৰ নতুন ভাৰতত এই ভূমিকা আৰু অধিক শক্তিশালী হ’ব। ১৯৫৮ চনত জাপানে ইয়াৰ প্ৰথম ‘ইয়েন লোন’ হিচাপে ভাৰতক স্বীকৃতি দিছে। তাৰপাছৰ পৰাই জাপানী কোম্পানীসমূহে ভাৰতত কাম কৰিছে আৰু তেওঁলোকৰ উৎকর্ষৰ বাবে নিজা পৰিচয় গঢ় লৈ উঠিছে।
এটা সময় আছিল যেতিয়া আমি গাড়ী উৎপাদনত পৰস্পৰক সহযোগিতা কৰিছিলো। এতিয়া আমি বুলেট ট্রেন নির্মাণত পৰস্পৰকে সহযোগিতা কৰিছো। আজি পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ–ভাৰতত এনে কোনো স্থান নাই, য’ত জাপানী প্ৰকল্প বা বিনিয়োগৰ কোনো প্ৰভাৱ নাই। একেদৰে ভাৰতৰ প্ৰতিভা আৰু মানৱসম্পদে ইয়াত জাপানৰ অর্থনৈতিক ব্যৱস্থাক শক্তিশালী কৰি তুলিবলৈ বহুত অৱদান আগবঢ়াইছে।
বন্ধুসকল, নতুন ভাৰতত আমাৰ এই সহযোগিতা আৰু ব্যাপক হৈ উঠিব। আমি অহা পাঁচ বছৰত ভাৰতক পাঁচ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰৈ আগুৱাই গৈছো। সামাজিক ক্ষেত্ৰক আমি অগ্রাধিকাৰ দিছো। ইয়াৰ সমান্তৰালভাৱে, আন্তঃগাঁথনি ক্ষেত্ৰত ব্যাপক বিনিয়োগত আমি জোৰ দিছো। বিশেষকৈ, ডিজিটেল আন্তঃগাঁথনিয়ে আজি ভাৰতক সমগ্ৰ বিশ্বৰ বিনিয়োগৰ গন্তব্য স্থান হিচাপে গঢ়ি তুলিছে। ভাৰতত আজ ডিজিটেল স্বাক্ষৰতা দ্রুতগতিত আগুৱাই গৈছে। ডিজিটেল লেনদেনৰ অভিলেখ হাৰত বৃদ্ধি পাইছে। ইনোভেচন আৰু ইনকিউবেশনৰ বাবে এক বৃহৎ আন্তঃগাঁথনি গঢ় লৈ উঠিছে। এক নতুন পৰিৱেশ অনুভূত হৈছে। এইবোৰৰ ভিত্তিতে অহা পাঁচ বছৰত আমি ভাৰতত ৫০ হাজাৰ ষ্টার্ট আপ ইউনিট গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছো৷
বন্ধুসকল, প্রায়ে কোৱা হয় যে আকাশেই একমাত্ৰ সীমা। কিন্তু ভাৰতে এই সীমা অতিক্ৰম কৰি এতিয়া নিয়মিত মহাকাশ অভিযান আৰু অনুসন্ধান অব্যাহত ৰাখিছে৷ দেশত ১৩০ কোটি জনতাৰ জীৱনক সহজ আৰু নিৰাপদ কৰি তুলিবলৈ সুলভ আৰু প্ৰভাৱশালী মহাকাশ প্ৰযুক্তি গঢ়ি তোলাটো আমাৰ লক্ষ্য। মই অতিশয় আনন্দিত যে এই সাফল্যকে আগুৱাই নিব পাৰিছো।
শেহতীয়াভাৱে ভাৰতে যিধৰণে ফণী ঘূর্ণি বতাহকে ধৰি কেতবোৰ বিপর্যয়ৰ ক্ষেত্রত যথাযথ ব্যৱস্থাপনাৰ মোকাবিলা কৰিছে, ক্ষয়-ক্ষতিৰ পৰিণাম ন্যূনতম কৰিব পাৰিছে–সেইটোৱে বিশ্ববাসীৰ প্ৰশংসা বুটলিছে, কিদৰে চৰকাৰী বিভাগসমূহে, মানৱসম্পদ, মহাকাশ প্ৰযুক্তি–এইবোৰৰ সন্মিলিত ব্যৱহাৰৰ জৰিয়তে বিপর্যয় মোকাবিলা কৰিব পৰা যায়, সেয়া ভাৰতে কৰি দেখুৱাইছে। এফালে সমগ্ৰ দেশে তেতিয়া নির্বাচনৰ দৌৰত ব্যস্ত আছিল, তৎসত্ত্বেও যিধৰণে এই বিপর্যয় মোকাবিলা কৰা হৈছে, তাক বিশ্ববাসীয়ে প্ৰশংসা কৰিছে। ফলত, আমাৰ বিশ্বাস আৰু অধিক দৃঢ় হৈছে। এইদৰেই কেই মাহমানৰ ভিতৰতে আমি আমাৰ চন্দ্ৰ অভিযান আগুৱাই নি চন্দ্ৰযান–২ উৎক্ষেপণ কৰিবলৈ গৈ আছো৷ ২০২২ চনৰ ভিতৰত আমাৰ প্ৰথম মানৱচালিত ‘গগণযান’ক মহাকাশলৈ পঠোৱাৰ প্ৰস্তুতি চলি আছে। চন্দ্ৰৰ মাটিত ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকা উৰুৱাৰ সপোন বাস্তবায়িত কৰাৰ কাম চলি আছে।
মহাকাশত আমাৰ নিজা ‘মহাকাশ কেন্দ্ৰ’ স্থাপনৰ সম্ভাৱনাৰ গৱেষণা কৰা হৈছে৷ আজি ভাৰতত আশা-আকাংক্ষা টইটম্বুৰ এক নব্য মধ্যবিত্ত শ্রেণী গঢ় লৈ উঠিছে। যিসকলৰ সপোন বহুত আৰু সেইবোৰ দ্রুতগতিত বাস্তবায়িত কৰাৰ বাবে প্ৰতীক্ষা অপাৰ। এই আশা-আকাঙ্খা বাস্তবায়িত কৰাৰ বাবে আমি উন্নয়নৰ নতুন নতুন মাত্রা বিকশিত কৰাৰ বাবেই ইমান কাম কৰা হৈছে৷
বন্ধুসকল, এই সময়ত যেতিয়া সমগ্ৰ বিশ্ববাসীয়ে ভাৰতক সম্ভাৱনাৰ সিংহদ্বাৰ ৰূপে প্ৰত্যক্ষ কৰিছে, তেতিয়া জাপানৰ সৈতে আমাৰ বন্ধুত্বও নতুন উচ্চতা স্পর্শ কৰিব। মই বিশ্বাস কৰো, জাপানৰ কাইজন দর্শন ভাৰত-জাপান সম্পর্কৰ উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, তেতিয়া মই মুখ্যমন্ত্রীৰ দপ্তৰৰ কর্মচাৰীসকলক নিয়মিত কাইজন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলো। এইটো এনে এক প্ৰক্রিয়া, যি কেতিয়াও নৰয়, যি আমাৰ সম্পর্কক নিয়মিত অধিক নিবিড় কৰি যাব।
বন্ধুসকল, প্ৰধানমন্ত্রী হিচাৰে এয়া মোৰ চতুর্থ জাপান ভ্ৰমণ। প্ৰত্যেক ভ্ৰমণতে মই জাপানত ভাৰতৰ প্ৰতি এক আত্মীয়তা আৰু আপোনত্ব অনুভৱ কৰিছো। নিজৰ সভ্যতা আৰু মূল্যবোধক লৈ গৌৰৱ কৰা মেধা আৰু প্ৰযুক্তিক ৰাষ্ট্ৰ নির্মাণৰ অংশ কৰি তোলা আৰু পৰম্পৰাৰ সীমাৰ মাজত বিকশিত কৰাৰ প্ৰত্যক্ষ অনুভূতি মোৰ জাপান ভ্ৰমণে ঋদ্ধ কৰিছে।
প্রায় এক শতিকাৰ পূর্বে স্বামী বিবেকানন্দই যেতিয়া জাপান ভ্ৰমণলৈ আহিছিল, তেতিয়াও ইয়াৰ সভ্যতা জনগণৰ সমর্পণভাব আৰু কর্মনিষ্ঠাই তেওঁক প্ৰভাৱিত কৰিছিল। তেতিয়া স্বামী বিবেকানন্দই এই কথাও কৈছিল যে প্ৰত্যেক ভাৰতীয়ই জাপান ভ্ৰমণ কৰা উচিৎ। তেতিয়া জনসংখ্যা কম আছিল। এতিয়া সেয়া আৰু সম্ভৱ নহয়। কিন্তু ১৩০ কোটি ভাৰতীয়ৰ প্ৰতিনিধি ৰূপে আপোনালোক সকলোৱে ইয়াত আছে। আপোনালোকে জাপানৰ কথা ইয়াৰ কর্মসংস্কৃতি, কর্মশিষ্টতা, প্ৰতিভা, পৰম্পৰা আৰু প্ৰযুক্তিক ভাৰতত পোৱাইছেগৈ। আৰু ভাৰতৰ কথা ইয়াৰ জনগণক শুনাইছে৷ এই সেঁতুবন্ধনে আমাক নতুন শক্তি প্ৰদান কৰিছে, নিত্য নতুন ব্যৱস্থাত পৰিৱর্তিত হৈছে, সম্পর্ক আৰু অধিক প্রাণৱন্ত হৈ উঠিছে। কোনো আচাৰ-অনুষ্ঠান নহয়, এক জীৱন্ত ব্যৱস্থা ইয়াত প্ৰতিক্ষণ প্ৰত্যক্ষ কৰা যায়। সাধাৰণ জনতাৰ প্ৰত্যক্ষ সক্রিয় সংযোগৰ জৰিয়তে এই ধৰণৰ জীৱন্ত ব্যৱস্থা চলিব পাৰে।
শেষত, মোৰ বক্তব্য সম্পূর্ণ কৰাৰ পূৰ্বে ইয়াত উপস্থিত সকলো ভাৰতীয় আৰু জাপানবাসীক শুভেচ্ছা জনাইছো। সকলো জাপানী ভাই-ভনীৰ বাবে নতুন ‘ৰেওয়া যুগ’ কামনা কৰিছো। আপোনালোকৰ সকলোৰে জীৱনত এই ‘ৰেওয়া যুগ’ৰ নামৰ দৰেই সুন্দৰ সামঞ্জস্যপূর্ণ সম্প্রীতিময় হৈ উঠক। জাপানত, বিশেষকৈ ক’বে চহৰত প্ৰত্যেকবাৰেই আপোনালোকে যি আত্মীয়তাৰ সৈতে মোক আদৰণি জনায়, তাৰবাবে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছো।
আপোনালো হয়তো জানিছে যে যোৱা ২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ভাৰত চৰকাৰে দেশ আৰু দেশৰ বাহিৰতো যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ, উন্নয়ন আৰু বিস্তাৰৰ বাবে কর্মৰত বিভিন্ন সংস্থাক সন্মানিত কৰিছে, পুৰস্কাৰ দিছে। এই বছৰ জাপানত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰত নিয়োজিত সংস্থাকো ভাৰত চৰকাৰে সন্মানিত কৰিছে। এইটো অত্যন্ত গৌৰৱৰ বিষয়। অর্থাৎ আমি বিভিন্ন ধৰণে ইখনে সিখনৰ সৈতে বন্ধুত্বৰে সমৃদ্ধ হৈছো।
এই গৌৰৱৰ সৈতে পুনৰবাৰ আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পাইছো, আপোনালোকৰ আশীর্বাদ লাভৰ সৌভাগ্য হৈছে। মই আপোনালোকৰ হৃদয়ৰ পৰা বহুত বহুত কৃতজ্ঞতা জনাইছো।
ধন্যবাদ।
*****
অতুল কুমাৰ তিৱাৰী /শ্বাহবাজ হচিবি /বাল্মিকী মাহাতো /নিৰ্মল শৰ্মা /দিগন্ত
Wonderful evening with the Indian community in Japan. Watch. https://t.co/Ha5FJ0TYsv
— Narendra Modi (@narendramodi) June 27, 2019
Wonderful evening with the Indian community in Japan. Watch. https://t.co/Ha5FJ0TYsv
— Narendra Modi (@narendramodi) June 27, 2019
Had a wonderful community programme in Kobe.
— Narendra Modi (@narendramodi) June 27, 2019
Interacting with the Indian diaspora is always special.
Here are some glimpses. pic.twitter.com/m2OHLwQjWT
Do you know what connects Mahatma Gandhi and Japan?
— Narendra Modi (@narendramodi) June 27, 2019
Find out in this video. pic.twitter.com/7tc4IcU6XM
Outcome of the 2019 Lok Sabha polls has caused immense happiness among the Indian diaspora.
— Narendra Modi (@narendramodi) June 27, 2019
At the community programme, I asked those who had gathered- the win in 2019 is whose win?
They promptly replied- it is a win for honesty.
Their answer was very pleasing. pic.twitter.com/nEQbTdikQI