পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৭–২৮ এপ্ৰিলত ছিকিম ভ্ৰমণ কৰিব। ২৭ এপ্ৰিলত প্ৰায় ৩ বজাত তেওঁ গেংটকত উপস্থিত হ’ব। ২৮ এপ্ৰিলত পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেংটকৰ অৰ্কিডাৰিয়াম পৰিদৰ্শন কৰিব, ইয়াত ৰাজ্যখনৰ পৰিৱেশ আৰু পুষ্পৰ ঐতিহ্য প্ৰদৰ্শনৰ বাবে স্বৰ্ণজয়ন্তী মৈত্ৰী মঞ্জাৰী উদ্যানক অত্যাধুনিক, বিশ্বমানৰ অৰ্কিড অভিজ্ঞতা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।
ইয়াৰ পিছতে দিনৰ প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে পালজোৰ ষ্টেডিয়ামত ছিকিমৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব, য’ত তেওঁ সমগ্ৰ ৰাজ্যৰ বাবে ৪,০০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভাত ভাষণো দিব।
এই প্ৰকল্পসমূহে আন্তঃগাঁথনি, সংযোগ, স্বাস্থ্যসেৱা, শিক্ষা, শক্তি, নগৰ উন্নয়ন, পৰিৱেশ, পৰ্যটন আৰু কৃষিকে ধৰি বহুতো খণ্ডক সামৰি লৈছে আৰু ইয়াৰ লক্ষ্য হৈছে ছিকিমৰ সামগ্ৰিক আৰু সৰ্বাংগীণ উন্নয়ন ত্বৰান্বিত কৰা।
স্বাস্থ্যসেৱা খণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে নামচি জিলাৰ ইয়াংগাঙত ১০০খন বিছনাযুক্ত আয়ুৰ্বেদ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এন আই টি দেওৰালিত ৩০খন বিছনাযুক্ত সংহত সোৱা ৰিগপা হাস্পতাল উদ্বোধন কৰিব, যাৰ ফলত ৰাজ্যখনৰ পৰম্পৰাগত আৰু সংহত চিকিৎসা ব্যৱস্থাৰ সুবিধা শক্তিশালী হ’ব।
আনহাতে শিক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে য়াংগাঙত ছিকিম বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ, চাকুঙৰ নেতাজী সুভাষ চন্দ্ৰ বসু ইউনিভাৰ্চিটি অব এক্সিলেন্সৰ প্ৰশাসনিক ব্লক, গেংটক জিলাৰ ছোচেইগাঙত হেলেন লেপচা চিকিত্সা মহাবিদ্যালয়, গ্যালশ্বিং জিলাৰ ডেণ্টামত ডেণ্টাম প্ৰফেচনেল কলেজৰ স্থায়ী চৌহদ উদ্বোধন কৰিব। জ্ঞানথাঙত আদৰ্শ আৱাসিক বিদ্যালয়, মংগন জিলাৰ মাংশিলাত নতুন আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়, নামচি জিলাৰ বুমতাৰ গুম্পাত মঠৰ হোষ্টেল-কাম-শ্ৰেণীকোঠা উদ্বোধন কৰিব। ইয়াৰ উপৰি তেওঁ সমগ্ৰ ছিকিমৰ ১৬০খন বিদ্যালয়ত তথ্য-প্ৰযুক্তিসক্ষম শৈক্ষিক আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰিব।
ছিকিমৰ সংযোগ আৰু অধিক উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে তিস্তা নদীৰ ওপৰেৰে ছিৰৱানী আৰু লোয়াৰ ছামডঙত নামচি আৰু গেংটক জিলাক সংযোগ কৰা দুখন হিংগেড দ্বৈত পথযুক্ত ষ্টীল আৰ্ক দলঙৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ বৰ্ধামানৰ পৰা কিচুডুমৰা হৈ নামচিলৈ যোৱা পথটো সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ কাম উদ্বোধন কৰিব, যাৰ ফলত জিলাসমূহৰ মাজত সুলভতা বৃদ্ধি পাব, যাতায়াতৰ দক্ষতা বৃদ্ধি পাব আৰু মানুহ তথা সামগ্ৰীৰ পৰিবহণত সুবিধা হ’ব।
শক্তি খণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেংটকত সংবহন আৰু বিতৰণ (টি এণ্ড ডি) নেটৱৰ্কৰ উন্নতি, উন্নীতকৰণ তথা সংস্কাৰৰ শুভাৰম্ভ কৰিব, যাৰ ফলত অঞ্চলটোত বিদ্যুতৰ নিৰ্ভৰযোগ্য যোগান শক্তিশালী হ’ব।
নগৰ উন্নয়ন আৰু প্ৰশাসনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে লামছেইত লোকসেৱা সচিবালয় (মিনি সচিবালয়) আৰু গেংটকত অসামৰিক সেৱা বিষয়া প্ৰতিষ্ঠান উদ্বোধন কৰিব। লিংডিঙত ছিকিম নগৰীয়া দৰিদ্ৰ গৃহ নিৰ্মাণ আঁচনি, আৰক্ষী কৰ্মীৰ বাবে গৃহ নিৰ্মাণ, এছ এ পি পাংথাঙত গ্ৰেড ‘চি’ কোৱাৰ্টাৰকে ধৰি গৃহ নিৰ্মাণৰ পদক্ষেপসমূহো তেওঁ উদ্বোধন কৰিব। ইয়াৰ উপৰি তেওঁ এম জি মাৰ্গত সদ্ভাৱ মণ্ডপ (ৰাজহুৱা উপযোগী কেন্দ্ৰ)ৰ আধাৰশিলা স্থাপন কৰিব।
পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশ হিচাপে নদী প্ৰদূষণ প্ৰতিৰোধৰ পদক্ষেপৰ অংশ হিচাপে চিংটাম চহৰৰ নলা-নৰ্দমা সংস্কাৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ উপৰি তেওঁ গেংটকৰ তৃতীয় খণ্ডৰৰো চু নদীৰ মাজেৰে ৰাণী চু নদী প্ৰদূষণ প্ৰতিৰোধ আঁচনি উদ্বোধন কৰিব, যিয়ে নগৰীয়া অনাময় ব্যৱস্থাৰ উন্নতি আৰু বহনক্ষম পৰিৱেশতন্ত্ৰত অৰিহণা যোগাব।
পৰ্যটন আৰু তীৰ্থযাত্ৰা খণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেংটকৰ ৰিজ প্ৰেচিনক্টৰ পুনৰ উন্নয়ন, ছ’ৰেঙৰ ডোডাকত ইক’ টুৰিজিম আৰু তীৰ্থ আন্তঃগাঁথনি, কৈলাশ মানস সৰোবৰ যাত্ৰা সম্পৰ্কীয় আন্তঃগাঁথনি (১৮ মাইল আৰু হাংগু হ্ৰদৰ সা-সুবিধাকে ধৰি), নামপহাঙৰ কৃষ্ণ প্ৰণামী মংগলধমত যাত্ৰী নিৱাসৰ শুভাৰম্ভ কৰিব। ইয়াৰ উপৰি তেওঁ গিয়ালশ্বিং জিলাৰ ছিলননত ইক’-পিলগ্ৰিমেজ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব ছিকিম আইএফএফচিঅ’ প্ৰচেছিং প্ৰকল্প, যিয়ে ৰাজ্যখনৰ কৃষি প্ৰক্ৰিয়াকৰণত যথেষ্ট উন্নতি সাধন কৰাৰ লগতে কৃষকৰ জীৱিকা আৰু মূল্য শৃংখল শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ আৰু ক্ৰীড়া বিকাশৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে পাকয়ং জিলাৰ ৰংপোৰ মাইনিঙত ইনড’ৰ ক্ৰিকেটৰ সুবিধাসমূহো উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ছিকিমৰ ৰাজ্য স্থাপনৰ ‘সোণালী জয়ন্তী বৰ্ষ’ৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে আৰু ৰাজ্য তথা উত্তৰ-পূব অঞ্চলৰ দ্ৰুত, বহনক্ষম উন্নয়নৰ প্ৰতি বৰ্তমান চৰকাৰৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
*****
MJPS/VJ/KD