পি এম ইণ্ডিয়া
মোৰ প্ৰিয় দেশবাসী,
‘মন কী বাত’ত আপোনালোকক লগ পাই, সকলোৰে পৰা কিবা এটা শিকা, দেশবাসীৰ কৃতিত্বৰ বিষয়ে জনাটোৱে সঁচাই এক বেলেগ আনন্দ দিয়ে। আমি পৰস্পৰে মনৰ ভাৱ ব্যক্ত কৰি আমি ১২৫টা খণ্ড সম্পূৰ্ণ কৰিলোঁ৷ আজি এই অনুষ্ঠানৰ ১২৬সংখ্যক খণ্ড আৰু আজিৰ এই দিনটোৰ কিছু বিশেষত্বও আছে। আজিৰ দিনটো ভাৰতৰ দুগৰাকী মহান ব্যক্তিৰো জন্ম বাৰ্ষিকী। মই ক’ব খুজিছো শ্বহীদ ভগত সিং আৰু লতা দিদিৰ কথা৷
বন্ধুসকল,
অমৰ শ্বহীদ ভগত সিং প্রত্যেক ভাৰতবাসীৰ বাবে, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণা৷ তেওঁৰ স্বভাৱত আছিল নিৰ্ভীকতা। দেশৰ বাবে ফাঁচীকাঠত ওলোমাৰ পূৰ্বে ভগত সিঙে ইংৰাজসকললৈ এক পত্ৰ লিখিছিল।
তেওঁ কৈছিল, “মোৰ লগতে মোৰ সংগীসকলক যেন যুদ্ধবন্দীৰ দৰে ব্যৱহাৰ কৰক। সেইবাবেই আমাক ফাঁচী দি নহয় বন্দুকৰ গুলীয়াই মাৰি পেলাওক।” এয়াই আছিল তেওঁৰ অদম্য সাহসৰ প্রমাণ।
ভগত সিং মানুহৰ কষ্টৰ প্ৰতি সংবেদনশীল আছিল আৰু সকলোকে সহায়ৰ হাত আগবঢ়াইছিল। মই শ্বহীদ ভগত সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
বন্ধুসকল,
আজি লতা মংগেশকাৰৰো জন্ম বাৰ্ষিকী। ভাৰতীয় সংস্কৃতি তথা সংগীতৰ প্ৰতি আগ্ৰহীসকল তেওঁৰ গীত শুনি অভিভূত হয়। তেওঁৰ গীতে মানৱীয় সংবেদনশীলতাক চুই যায়। তেওঁ গোৱা দেশভক্তিমূলক গীতে সকলোকে প্ৰেৰণা যোগায়। ভাৰতীয় সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পর্ক আছিল। মই লতা দিদিক সহৃদয়তাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
বন্ধুসকল, লতা দিদিয়ে অনুপ্ৰেৰণা লাভ কৰা মহান ব্যক্তিসকলৰ ভিতৰত বীৰ সাৱৰকাৰো অন্যতম। তেওঁক তেওঁ ‘তাত্যাঁ” অর্থাৎ পিতা সম্বোধন কৰিছিল। বীৰ সাৱৰকাৰৰ বহু গীতত তেওঁ সুৰ নিগৰাইছিল।
লতা দিদিৰ সৈতে মোৰ স্নেহৰ বান্ধোন সদায়েই অটুট আছিল। প্ৰতি বছৰে তেওঁ মোলৈ ৰাখী পঠিয়াবলৈ নাপাহৰিছিল৷ মোৰ মনত আছে, মাৰাঠী সুগম সংগীতৰ মহান শিল্পী সুধীৰ ফড়কে জীয়ে মোক লতা দিদিৰ সৈতে পৰিচয় কৰাই দিছিল আৰু মই লতা দিদিক কৈছিলো যে তেওঁ গোৱা সুধীৰজীৰ দ্বাৰা সংগীতবদ্ধ গীত “জ্যোতি কলশ ছলকে” মোৰ প্ৰিয়৷
বন্ধুসকল, মোৰ সৈতে আপোনালোকেও শুনকঃ-
#Audio#Audio-1.wav
প্রিয় দেশবাসী,
নৱৰাত্ৰিৰ এই সময়ত আমি শক্তিৰ উপাসনা কৰো। আমি নাৰী শক্তিৰ উৎসৱ পালন কৰো। ব্যৱসায় ক্ষেত্ৰৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ শিক্ষাৰ পৰা বিজ্ঞানৰ ক্ষেত্ৰলৈ আজি দেশৰ কন্যাসকলে নিজৰ জয় অব্যাহত ৰাখিছে। আজি তেওঁলোকে এনে প্ৰত্যাহ্বান পাৰ কৰিছে যি কল্পনা কৰাটোও অসম্ভৱ। মই যদি আপোনাক সুধোঁ-আপুনি সাগৰত একেৰাহে ৮ মাহ কটাব পাৰিবনে ? আপুনি সাগৰত পালতৰা নাৱেৰে ৫০,০০০ কিলোমিটাৰৰ যাত্ৰা কৰিব পাৰিবনে? আৰু ই তেতিয়া, যেতিয়া সাগৰত বতৰ প্ৰতিকূল হয়।
এনে কৰাৰ পূৰ্বে আপুনি হাজাৰাবাৰ ভাবিব৷ কিন্তু ভাৰতীয় নৌ-সেনাৰ দুগৰাকী সাহসী বিষয়াই-সাগৰত নৌকা-বিহাৰৰ পৰিক্ৰমাত এয়াই কৰিলে। সাহস আৰু দৃঢ় সংকল্প কি, সেয়া তেওঁলোকে দেখুৱালে। আজি মন কী বাতৰ শ্ৰোতাসকলক এই দুগৰাকী সাহসী বিষয়াৰ সৈতে পৰিচয় কৰি দিব খুজিছো। এগৰাকী লেফটেনেণ্ট কামাণ্ডাৰ দিলনা আৰু আনগৰাকী লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা। ফোন লাইনত দুয়োগৰাকী বিষয়া আজি আমাৰ সৈতে আছে।
প্ৰধানমন্ত্ৰী-হেল্ল’
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: ‘হেল্ল’ ছাৰ
প্রধানমন্ত্রী: নমস্কাৰ
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: নমস্কাৰ ছাৰ
প্রধানমন্ত্রী: মোৰ সৈতে লেফটেনেন্ট কামাণ্ডাৰ দিলনা আৰু লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা দুয়োগৰাকীয়েই আছে নহয়।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা আৰু ৰূপা: হয় ছাৰ, দুয়ো আছো।
প্রধানমন্ত্রী: বাৰু, দুয়োকে নমস্কাৰ আৰু ৱনক্কম।
লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: নমস্কাৰ ছাৰ।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: ৱনক্কম ছাৰ।
প্রধানমন্ত্রী: প্রথমেই দেশবাসীয়ে আপোনালোক দুয়োগৰাকীৰ বিষয়ে জানিব খোজে। এই বিষয়ে কওকচোন।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: ছাৰ মই লেফটেনেন্ট কামাণ্ডাৰ দিলনা। মই ভাৰতীয় নৌ-সেনাৰ লজিষ্টিক কেডাৰত আছো। মই ২০১৪ চনত ভাৰতীয় নৌ-সেনাত ভর্তি হৈছিলো৷ মই কেৰালাৰ কোঝিকোড়েৰ। মোৰ পিতৃও ভাৰতীয় সেনাত কৰ্মৰত আছিল। মোৰ মাতৃ এগৰাকী হাউচৱাইফ৷ মোৰ ভগ্নী এনচিচিত কৰ্মৰত।
লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: জয় হিন্দ ছাৰ। মই লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা। ২০১৭ চনত মই নেভেল আৰমামেণ্ট ইন্সপেকচন কেডাৰত ভৰ্তি হৈছিলো। মোৰ পিতৃৰ ঘৰ তামিলনাডুত আৰু মাতৃৰ ঘৰ পুডুচেৰীত। মোৰ পিতৃও ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত আছিল আৰু প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিবলৈ তেঁৱেই প্ৰেৰণা যোগাইছিল। মোৰ মা আছিল হোম মেকাৰ৷
প্রধানমন্ত্রী: দিলনা আৰু ৰূপা, আপোনালোকৰ সাগৰ পৰিক্ৰমাৰ অভিজ্ঞতাৰ বিষয়ে মই জানিব বিচাৰো, দেশে জানিব বিচাৰো। এয়া কোনো সহজ কাম নহয়। বহুত প্ৰত্যাহ্বান, বহু বিপদ আপোনালোকে নিশ্চয় পাৰ কৰিছে।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: হয় ছাৰ। মই ক’ব বিচাৰো জীৱনত এনে সুযোগ মাত্ৰ এবাৰহে পোৱা যায় আৰু ই আমাৰ জীৱন সলনি কৰি দিয়ে। এই নৌ-যাত্ৰা আমাৰ বাবে এনে এক সুযোগ আছিল, যি ভাৰতীয় নৌ-সেনা আৰু ভাৰত চৰকাৰে আমাক দিছিল। এই অভিযানৰ জৰিয়তে আমি প্রায় ৪৭,৫০০ কিলোমিটাৰ নৌ-যাত্ৰা কৰিছিলো। ২০২৪ চনৰ ২ অক্টোবৰত গোৱাৰ পৰা আৰম্ভ কৰা এই যাত্ৰা শেষ হৈছিল ২০২৫ চনৰ ২৯ মে’ত৷ ২৩৮ দিনত এই যাত্ৰা আমি সম্পূৰ্ণ কৰিছিলো। আৰু ২৩৮ দিন আমি কেৱল নাৱতেই পাৰ কৰিছিলোঁ।
প্ৰধানমন্ত্ৰীঃ হয়।
লেফটেনেন্ট কামাণ্ডাৰ দিলনা: ছাৰ, অভিযানটোৰ বাবে আমি তিনিবছৰ ধৰি প্ৰস্তুতি চলাইছিলো। নেভিগেশ্বন, কমিউকিশ্যন ইমাৰ্জেন্সি ডিভাইচ কেনেকৈ চলাব লাগে আৰু জৰুৰীকালীন পৰিস্থিতি কেনেকৈ চম্ভালিব লাগে,
এই বিষয়ে আমাক ভাৰতীয় নৌ-সেনাই প্রশিক্ষণ দিছিল। আটাইতকৈ স্মৰণীয় কথাটো হৈছে যে আমি পইণ্ট নেমোত ভাৰতৰ পতাকা উৰুৱালো। পইণ্ট নেমো হৈছে জনবসতি অঞ্চলৰ পৰা আটাইতকৈ দূৰত। ইয়াৰ পৰা আটাইতকৈ ওচৰত থকা ব্যক্তিকেইজন হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা লোকসকল। আমি হৈ পৰিলো এই ঠাইলৈ পালতৰা নাও লৈ উপস্থিত হোৱা প্ৰথম ভাৰতীয়, এছিয়াৰ প্ৰথম ব্যক্তি তথা পৃথিৱীৰ প্ৰথম ব্যক্তি। এইটো মোৰ বাবে অতি গৌৰৱৰ কথা৷
প্রধানমন্ত্ৰী: ৱাহ! আপোনাক অভিনন্দন জনাইছো।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: ধন্যবাদ ছাৰ।
প্রধানমন্ত্রী: আপোনাৰ সহযোগীয়েও কিবা ক’ব খুজিছে।
লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: ছাৰ, মই ক’ব খুজিছো, পালতৰা নাৱেৰে পৃথিৱী পৰিভ্ৰমণ কৰা ব্যক্তিৰ সংখ্যা এভাৰেষ্ট আৰোহণ কৰা ব্যক্তিৰ সংখ্যাতকৈ বহুত কম। অকলে পালতৰা নাৱেৰে পৃথিৱী পৰিভ্ৰমণ কৰা লোকৰ সংখ্যা মহাকাশচাৰীৰ সংখ্যাতকৈও কম।
প্রধানমন্ত্ৰী: বাৰু, এনেকুৱা জটিল ভ্ৰমণৰ বাবে দলীয় ব্যৱস্থাপনাৰ প্ৰয়োজন হয়। আপোনালোক মাত্ৰ দুগৰাকীহে আছিল, ইয়াক কেনেকৈ সম্ভৱ কৰিলে?
লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: ছাৰ, মই আছিলো নাওঁ মেৰামতি কৰাৰ দায়িত্বত আৰু ইঞ্জিন মেকামিক। ছেইল মেকাৰ, মেডিকেল এছিষ্টেণ্ট, ৰন্ধা-বঢ়া, ছাফ-ছিকুন কৰোঁতা, চালক, নেভিগেটৰ – এই আটাইবোৰ কাম মই অকলেই কৰিব লগা হৈছিল। আমাক ভাৰতীয় নৌ-সেনাই প্ৰশিক্ষণ আদিৰে বহুত সহায় কৰিছিল। আমি দুয়োগৰাকীয়ে কেইবাবছৰ ধৰি একেলগে নাৱেৰে ভ্ৰমণ কৰিছো, সেইবাবে ইজনে আনজনৰ শক্তি আৰু দুৰ্বলতাবোৰ জানো। নাওখনত বিজুতি নঘটা যন্ত্ৰটো আছিল আমাৰ টীমৱৰ্ক।
প্রধানমন্ত্ৰী: বাৰু, বতৰ প্ৰতিকূল হ’লে আপোনালোকে কি কৰিছিল?
* লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: ছাৰ, আমাৰ যাত্ৰাকালত বহু প্ৰতিকূল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। দক্ষিণ সাগৰত বতৰ বেয়াই থাকে। আমি তিনিটা ধুমুহা পাইছিলো। আমাৰ নাওখন মাত্র ১৭ মিটাৰ দীঘল আৰু ৫ মিটাৰ বহল আছিল। তাৰেই আমি তিনিমহলীয়া ঘৰৰ সমান ওখ ঢৌ পাৰ হ’বলগীয়া হৈছিল। আমি অতিপাত গৰম আৰু ঠাণ্ডা বতৰৰ মাজেৰে যাব লগীয়া হৈছিল। এণ্টার্কটিকাত উষ্ণতা এক ডিগ্রী চেলচিয়াছ আছিল আৰু ঘণ্টাত ৯০ কিলোমিটাৰ বেগেৰে ধুমুহা বৈছিল। ঠাণ্ডাত আমি ছয় সাত তৰপ কাপোৰ পিন্ধিব লগা হৈছিল। কোনো কোনো সময়ত আমি পালখন নমাই ওপঙি আছিলো। এয়া আছিল আমাৰ ধৈৰ্য পৰীক্ষা৷
প্রধানমন্ত্ৰী: আমাৰ দেশৰ দুগৰাকী জীয়ৰীয়ে যে ইমান কষ্ট কৰিব পাৰে, সেই কথা জানি ৰাইজ আচৰিত হব। বাৰু আপোনালোকতো এই সময়চোৱাত বেলেগ বেলেগ দেশতো থাকিবলগা হৈছিল, আপোনালোকক দেখা পাই তেওঁলোকে কি ভাবিছিল বাৰু?
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: হয় ছাৰ, আমি আঠমাহত চাৰিখন ঠাইত আছিলো। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পৰ্ট ষ্টেনলি আৰু দক্ষিণ আফ্ৰিকা।
প্রধানমন্ত্রী: প্ৰতিখন ঠাইতে গড়ে কিমান দিনকৈ আছিল।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: ছাৰ আমি একোখন ঠাইত ১৪ দিনকৈ আছিলো। বিশ্বৰ সকলো কোণতে ভাৰতীয় সাফল্য লগ পাইছিলো। আমাৰ সাফল্য তেওঁলোকে নিজৰ সাফল্য বুলি গণ্য কৰিছিল। ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ান পাৰ্লিয়ামেণ্টৰ অধ্যক্ষই আমাক নিমন্ত্ৰণ কৰি নি উৎসাহ যোগাইছিল। নিউজিলেণ্ডৰ মাউৰী লোকসকলে ভাৰতীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা প্রদর্শন কৰিছিল। পৰ্ট ষ্টেনলি হৈছে দক্ষিণ আমেৰিকাৰ ওচৰৰ এটা আওহতীয়া দ্বীপ, য’ৰ জনসংখ্যা মাত্র ৩,৫০০। তাৰে ৪৫জন ভাৰতীয় লোক। তেওঁলোকে আমাক নিজৰ ঘৰৰ মানুহৰ দৰেই ব্যৱহাৰ কৰিছিল।
প্রধানমন্ত্ৰী: বাৰু, দেশৰ বাবে যিসকল কন্যাই আপোনালোকৰ দৰে বিশেষ কিবা এটা কৰিব খোজে, সেইসকলক আপোনালোক দুয়ো কি বাৰ্তা দিবলৈ বিচাৰিব?
* লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: ছাৰ, মই লেফটেনেণ্ট কামাণ্ডাৰ ৰূপাই কৈছোঁ। মই আপোনাৰ জৰিয়তে এটা কথাই ক’ব খুজো, মনপুতি একাগ্রচিত্তে আমি কিবা এটা কৰিব খুজিলে পৃথিৱীত একো কামেই অসম্ভৱ নহয়৷ আপুনি ক’ৰ, আপোনাৰ ক’ত জন্ম হৈছে সেই কথাবোৰৰ একো মূল্য নাই। আমাৰ দুয়োৰে আশা যে ভাৰতৰ যুৱপ্ৰজন্ম আৰু মহিলাসকলে ডাঙৰ ডাঙৰ সপোন দেখক, ভৱিষ্যতে সকলো ছোৱালী, মহিলাই প্ৰতিৰক্ষা বাহিনীত যোগ দিয়ক, খেলা-ধূলা কৰক, দুঃসাহসিক কাম কৰক আৰু আমাৰ দেশৰ নাম উজ্জ্বলাই তোলক।
প্রধানমন্ত্রী: দিলনা আৰু ৰূপা, আপোনালোকৰ কথাবোৰ শুনি সঁচাকৈয়ে মই ৰোমাঞ্চিত হৈছোঁ যে আপোনালোকে কেনে সাহসৰ কাম কৰিছে, আপোনালোক দুয়োকে মই অশেষ ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে আপোনালোকৰ শ্ৰম, সফলতা, কৃতিত্বই দেশৰ যুৱক-যুৱতীসকলক প্ৰেৰণা যোগাব। ভৱিষ্যতৰ প্ৰয়াসৰ বাবে এনেকৈয়ে আমাৰ ত্ৰিৰংগ পতাকা সদায়ে উৰি থাকক। আপোনালোকক অশেষ শুভকামনা জনালোঁ।
লেফটেনেণ্ট কামাণ্ডাৰ দিলনা: ধন্যবাদ ছাৰ৷
প্রধানমন্ত্রী: ৱণক্কাম। নমস্কাৰম ।
লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা: নমস্কাৰ ছাৰ৷
বন্ধুসকল,
আমাৰ উৎসৱসমূহে আমাৰ ভাৰতৰ সংস্কৃতিক সদায়ে উজ্জীৱিত কৰি ৰাখিছে। দীপাৱলীৰ পাছতে উদযাপন কৰা ষট্ পূজাও তেনে এক উৎসৱ। সূৰ্য্য দেৱতালৈ সমৰ্পিত কৰা এই উৎসৱৰ এক বিশেষ তাৎপর্য আছে। এই উৎসৱত আমি অস্তমিত সূৰ্য্যকো এটা অৰ্থ প্ৰদান কৰি আৰাধনা কৰোহঁক। ষট্ পূজা দেশৰ বিভিন্ন অংশতে কেৱল পালন কৰা নহয়, বৰং বিশ্বৰ বিভিন্ন ঠাইতো পালন কৰা দেখা যায়। বৰ্তমান ষট্ পূজা এক বিশ্ব উৎসৱলৈ পৰিবৰ্তিত হৈছে।
বন্ধুসকল,
মই আপোনালোকক এটা কথা ক’বলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ যে ভাৰত চৰকাৰে ষট্ পূজাক লৈ এক বিশাল কাৰ্যসূচী গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে এই মহা উৎসৱক ইউনেস্ক’ৰ Intangible cultural Heritage list অৰ্থাৎ ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলাইছে। ইউনেস্ক’ৰ এই তালিকাত অন্তর্ভুক্ত হলে ষট্ পূজাৰ বিশেষত্বৰ কথা বিশ্বৰ চুকে-কোণে বিয়পি পৰিব৷
বন্ধুসকল,
কিছুদিন পূৰ্বে ভাৰত চৰকাৰৰ এনে এক প্ৰচেষ্টাৰ ফলতেই কলকাতাৰ দুৰ্গা পূজা ইউনেস্ক’ৰ এই তালিকাত অন্তৰ্ভুক্ত হৈছিল। আমি আমাৰ সাংস্কৃতিক ঐতিহ্যসমূহক বিশ্ববাসীৰ আগত এইদৰে পৰিচয় কৰি দিলে বিশ্ববাসীয়ে এই সমূহৰ বিষয়ে অৱগত হ’ব, বুজি পাব আৰু এইসমূহত ভাগ ল’বলৈ আগবাঢ়ি আহিব।
বন্ধুসকল,
২ অক্টোবৰৰ দিনা গান্ধী জয়ন্তী। গান্ধীজীয়ে সদায়ে স্বদেশী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এইসমূহৰ ভিতৰত খাদী, খদ্দৰ অন্যতম। কিন্তু দুৰ্ভাগ্যৰ কথা যে স্বাধীনতাৰ পাছত খাদীৰ উজ্জ্বলতা যেন কিছু ম্লান পৰিছিল। কিন্তু, বিগত ১১ বছৰত খাদীৰ প্ৰতি মানুহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি পাইছে৷ বিগত কেইটামান বৰ্ষত খাদীৰ বিক্ৰীও ত্বৰান্বিত হৈছে। মই আপোনালোকক ২ অক্টোবৰৰ দিনা কিবা নহয় কিবা এটা খাদীৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে অনুৰোধ জনাইছো। গৌৰৱেৰে আমি কওঁ আহক, এয়া স্বদেশী সামগ্রী। আমি সামাজিক মাধ্যমত #VocalForLocal এই কথা Share কৰো আহক।
বন্ধুসকল, খাদীৰ দৰেই হস্ততাঁত আৰু হস্তশিল্পৰ খণ্ডতো যথেষ্ট পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিছো৷ পৰম্পৰাক যেতিয়া উদ্ভাৱনৰ সৈতে জড়িত কৰা হয় তেতিয়াই আচৰিত ধৰণৰ ফলাফল দেখা পোৱা যায়৷ এনে বহু উদাহৰণ আমি আজি প্ৰত্যক্ষ কৰিছো৷ উদাহৰণ স্বৰূপে আমি তামিলনাডুৰ য়াজ নেচাৰেলছৰ নাম ল’ব পাৰো। অশোক জগদিশন মহোদয় আৰু প্ৰেম শেলৱাৰাজ মহোদয়ে ক’ৰ্পৰেট খণ্ডৰ চাকৰি বাদ দি এক নতুন প্ৰয়াসৰ আৰম্ভণি কৰিলে। তেওঁলোকে ঘাঁহ আৰু কলগছৰ আঁহেৰে যোগা মেট অর্থাৎ যোগাসন কৰা পাটী তৈয়াৰ কৰিলে, কাপোৰত ভেষজ ৰং দিলে আৰু ২০০ পৰিয়ালক প্ৰশিক্ষণ দি তেওঁলোকক জীৱিকাৰ বাট মোকলালে।
ঝাৰখণ্ডৰ আশিষ সত্যব্রত মহোদয়ে জোহাৰগ্ৰাম ব্ৰেণ্ডৰ জৰিয়তে আদীবাসীসকলে বোৱা পোছাক বিশ্বক চিনাকি কৰি দিলে। তেওঁৰ এই প্ৰয়াসৰ ফলতেই ঝাৰখণ্ডৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীয়ে চিনি পাবলৈ সক্ষম হ’ল।
বিহাৰৰ মধুবানী জিলাৰ চুইটি কুমাৰীয়েও সংকল্প ক্ৰিয়েচন আৰম্ভ কৰিলে। মিথিলা পেইটিংছক তেওঁ মহিলাসকলৰ জীৱিকাৰ উপায় কৰি তুলিলে। বর্তমান ৫০০তকৈও অধিক গ্রামাঞ্চলৰ মহিলাই তেওঁৰ লগ হৈ আত্মনিৰ্ভৰশীলতাৰ পথত খোজ দিছে। সফলতাৰ এই গাঁথাসমূহে আমাক শিক্ষা দিয়ে যে পৰম্পৰাগত উপায়েৰেও আমি কিমান ধৰণেৰে উপাৰ্জন কৰিব পাৰোহঁক। প্ৰৱল ইচ্ছাশক্তি থাকিলেই আমাৰ সফলতা নিচেই কাষতে বিদ্যমান।
মোৰ প্ৰিয় দেশবাসী,
কেইদিনমানৰ পিছতে আমি বিজয়া দশমী উদযাপন কৰিম। এইবাৰ বিজয়াদশমী আৰু এটা কাৰণে বিশেষ, কিয়নো এই দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপন হোৱাৰ ১০০ বছৰ পূৰ্ণ হ’ব। এক শতাব্দী পূর্বে যি যাত্ৰা আৰম্ভ হৈছিল, সেয়া যিমানেই অভূতপূর্ব, সিমানেই প্ৰেৰণাদায়ক। আজিৰ পৰা ১০০ বছৰ পূৰ্বে যেতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা হৈছিল তেতিয়া আমাৰ দেশ পৰাধীনতাৰ শিকলিৰে বান্ধ খাই আছিল।
সুদীর্ঘ সময়ৰ এই পৰাধীনতাই আমাৰ স্বাভিমান আৰু আত্মবিশ্বাসত বাৰুকৈয়ে আঘাত কৰিছিল৷ বিশ্বৰ আটাইতকৈ প্ৰাচীন সভ্যতাৰ সমুখত পৰিচয়ৰ সংকটে দেখা দিছিল। দেশবাসী হীন ভাৱনাৰ চিকাৰ হৈছিল। সেয়ে দেশৰ স্বাধীনতাৰ লগে লগে এই কথাটো গুৰুত্বপূর্ণ আছিল যে দেশে এনে ভাৱনাৰ পৰাও মুক্তি লাভ কৰক। সেইসময়ত পৰম পূজনীয় ডাঃ হেডগেৱাৰ মহোদয়ে এই বিষয়ত চিন্তা-চৰ্চা কৰা আৰম্ভ কৰিলে আৰু এই মহৎ কাৰ্যৰ বাবে তেওঁ ১৯২৫ চনৰ বিজয়া দশমীৰ পবিত্ৰ দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্রতিষ্ঠা কৰিলে। ডাঃ চাহাবৰ পৰলোকপ্ৰাপ্তিৰ পিছত পৰম পূজনীয় গুৰুজীয়ে ৰাষ্ট্ৰসেৱাৰ এই মহাযজ্ঞক আগুৱাই লৈ গ’ল। পৰম পূজ্য গুৰুজীয়ে কৈছিল-“ৰাষ্ট্ৰায়া স্বাহা, ইন্দ ৰাষ্ট্ৰায়া ইন্দ ন মম” অর্থাৎ এয়া মোৰ নহয়, এয়া কেৱল ৰাষ্ট্ৰৰ৷ ব্যক্তিস্বার্থৰ ঊৰ্ধত গৈ ৰাষ্ট্ৰৰ বাবে সমৰ্পনেই হ’ল এই কথাশাৰীৰ তাৎপৰ্য আৰু প্ৰেৰণা৷ গুৰুজী গোলৱৰকাৰ ডাঙৰীয়াৰ এই বাক্যশাৰীয়ে লাখ লাখ স্বয়ংসেৱকক ত্যাগ আৰু সেৱাৰ পথ দেখুৱাইছিল। ত্যাগ আৰু সেৱাৰ ভাৱনা আৰু অনুশাসনৰ শিক্ষা-এয়ে হল সংঘৰ পৰম শক্তি। আজি আৰএছএছ বিগত ১০০ বছৰ ধৰি থমকি নোৰোৱাকৈ ৰাষ্ট্ৰ সেৱাৰ স্বাৰ্থত ব্ৰতী হৈ আছে।
সেয়েহে দেশৰ ক’ৰবাত প্ৰাকৃতিক দুর্যোগ হলেই আৰএছএছ স্বয়ংসেৱকসকল সকলোতকৈ আগতে সেই ঠাইত উপস্থিত হোৱাটো আমি দেখা পাওঁ। লাখ লাখ স্বয়ংসেৱকৰ প্ৰতিটো কামতে ৰাষ্ট্ৰ প্ৰথম-Nation First এই ভাৱনাই সকলোতকৈ ওপৰত ক্ৰিয়া কৰে৷ ৰাষ্ট্ৰ সেৱাৰ এই মহাযজ্ঞত নিজকে সমৰ্পিত কৰা প্ৰতিগৰাকী স্বয়ংসেৱকক মই শুভকামনা জনাইছো।
মোৰ প্রিয় দেশবাসী,
অহা ৭ অক্টোবৰত মহর্ষি বাল্মীকি জয়ন্তী। আমি সকলোৱে জানো যে, মহর্ষি বাল্মীকি ভাৰতীয় সংস্কৃতিৰ এক মূল আধাৰ৷ মহর্ষি বাল্মীকীয়ে আমাক ভগৱান ৰাম অৱতাৰ সম্পৰ্কীয় কাহিনীৰ মাজেৰে বিশদভাৱে পৰিচয় কৰাইছিল। তেওঁ মানৱজাতিক ৰামায়ণৰ দৰে এক বিষ্ময়কৰ গ্ৰন্থ দি গৈছে।
বন্ধুসকল,
ৰামায়ণৰ এই প্ৰভাৱ ইয়াত সন্নিবিষ্ট ভগৱান ৰামৰ আদৰ্শ আৰু মূল্যবোধৰ বাবেই হৈছে। ভগৱান ৰামে সকলোকে সেৱা, সম্প্ৰীতি আৰু সহানুভূতিৰে আকোঁৱালি ৰাখিছিল। সেয়েহে আমি দেখিছোঁ, মহর্ষি বাল্মীকিৰ ৰামায়ণ ৰাম, মাতা শবৰী আৰু নিশাদৰাজেৰেহে সম্পূর্ণ। সেয়েহে, যেতিয়া অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল, তেতিয়া একেলগে নিশাদৰাজ আৰু মহর্ষি বাল্মীকিৰ মন্দিৰো নিৰ্মাণ কৰা হৈছিল। মই আপোনালোকক অনুৰোধ জনাইছো, যেতিয়া আপোনালোকে অযোধ্যাত ৰাম লল্লা দৰ্শন কৰিবলৈ যায়, তেতিয়া মহর্ষি বাল্মীকি আৰু নিশাদৰাজ মন্দিৰো দৰ্শন কৰিব।
মোৰ প্রিয় দেশবাসী,
কলা, সাহিত্য আৰু সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ই কোনো এটা ক্ষেত্রতে সীমাবদ্ধ নহয়৷ ইয়াৰ সুগন্ধই সকলো সীমা অতিক্ৰম কৰে আৰু মানুহৰ হৃদয় স্পৰ্শ কৰে৷ শেহতীয়াকৈ পেৰিছৰ এটা সাংস্কৃতিক প্ৰতিষ্ঠান “সৌথ মণ্ডপ”-এ ৫০ বছৰ সম্পূৰ্ণ কৰিছে। এই কেন্দ্ৰই ভাৰতীয় নৃত্যক জনপ্ৰিয় কৰাত যথেষ্ট অৰিহণা যোগাইছে। মিলেনা চালভিনিয়ে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। কেইবছৰমান পূৰ্বে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। মই “সৌথ মণ্ডপ’ৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঁ৷
বন্ধুসকল, এতিয়া মই আপোনালোকক দুটা চুটি অডিঅ’ ক্লিপ শুনাব বিচাৰিছোঁ৷ অলপ মনোযোগ দি শুনকচোন
#Audio Clip
এইবাৰ দ্বিতীয়টো ক্লিপ শুনকচোন
#Audio Clip 2
বন্ধুসকল,
এই কণ্ঠস্বৰে প্ৰমাণ কৰে যে কেনেকৈ ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে। প্ৰকৃততে, শ্রীলংকাত এক অতি প্রশংসনীয় প্রচেষ্টা কৰা হৈছে। ভূপেন দাৰ এটি কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে৷ মই আপোনালোকক তেওঁলোকৰ অডিঅ’টো শুনাইছোঁ। কেইদিনমান পূর্বে, অসমত তেওঁৰ জন্ম শতবার্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছিল মোৰ। এইটো সঁচাকৈয়ে অতি স্মৰণীয় কাৰ্য্যসূচী আছিল।
বন্ধুসকল, যিসময়ত অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন কৰা হৈছে, তেনে সময়তে কেইদিনমান আগতে এক দুখৰ সময়ো আহিল৷ জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰিছে।
জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল। অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মকো মন্ত্রমুগ্ধ কৰি থাকিব৷
জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন…
জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব৷
বন্ধুসকল,
কেইদিনমান আগতে, আমাৰ দেশে এজন মহান বিশ্লেষক আৰু চিন্তাবিদ এছ এল ভৈৰপ্পাজীকো হেৰুৱাইছে। ভৈৰপ্পাজীৰ সৈতে মোৰ ব্যক্তিগত সম্পর্কও আছিল আৰু আমি বহু সময়ত বিভিন্ন বিষয়ত গভীৰ আলোচনাও কৰিছিলো৷ তেওঁৰ সৃষ্টিয়ে যুৱ প্ৰজন্মৰ চিন্তাধাৰাক বাট দেখুৱাই থাকিব। কানাড়া ভাষাত লেখা তেওঁৰ বহুতো ৰচনাৰ অনুবাদো এতিয়া উপলভ্য। তেওঁ আমাক কৈছিল যে আমাৰ শিপা আৰু সংস্কৃতিক লৈ গৌৰৱ কৰাটো কিমান গুৰুত্বপূৰ্ণ। মই এছ. এল. ভৈৰপ্পাজীলৈ আন্তৰিক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যুৱক-যুৱতীসকলক তেওঁৰ ৰচনাসমূহ পঢ়িবলৈ আহ্বান জনাইছোঁ।
মোৰ প্ৰিয় দেশবাসী,
আগন্তুক দিনবোৰত এটাৰ পাছত এটা উৎসৱ আৰু সুখ-আনন্দৰ সময় আহিব। আমি প্ৰতিটো উৎসৱত যথেষ্ট সামগ্রী ক্রয় কৰোঁ। আৰু এইবাৰ ‘জিএছটি সঞ্চয় উৎসৱো” চলি আছে।
বন্ধুসকল,
আপুনি এটা সংকল্প লৈ এই উৎসৱবোৰক আৰু বিশেষ কৰি তুলিব পাৰে। যদি আমি সিদ্ধান্ত লওঁ যে এইবাৰ আমি কেৱল থলুৱা বস্তুৰে উৎসৱ উদযাপন কৰিম, তেন্তে দেখা যাব যে আমাৰ উৎসৱৰ জাকজমকতা বহুগুণে বৃদ্ধি পাব। ‘ভোকেল ফৰ লোকেল”ক সামগ্রী ক্রয় কৰাৰ মন্ত্ৰ হিচাপে লওক। চিৰদিনৰ বাবে সংকল্প লওক, দেশত যি প্ৰস্তুত কৰা হয়, সেয়াহে কেৱল কিনিব। দেশৰ জনসাধাৰণে যি তৈয়াৰ কৰিছে, সেইবোৰহে ঘৰলৈ লৈ যাব। য’ত দেশৰ নাগৰিকৰ কঠোৰ পৰিশ্ৰম নিহিত হৈ আছে, সেই সামগ্ৰীহে ব্যৱহাৰ কৰিব৷ যেতিয়া আমি এনে কৰোঁ, তেতিয়া আমি কেৱল কোনো সামগ্রী ক্রয় নকৰোঁ, আমি এটা পৰিয়ালৰ আশা ঘৰলৈ আনো, কোনো এজন শিল্পীৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাওঁ, কোনো এজন যুৱ উদ্যোগীৰ সপোনক বাস্তৱ ৰূপ দিওঁ৷
বন্ধুসকল,
উৎসৱৰ সময়ত আমি সকলোৱে ঘৰ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰো। কিন্তু স্বচ্ছতা কেৱল ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ থাকিব নালাগে। প্ৰতিটো ৰাস্তা, চুবুৰী, বজাৰ, গাঁও সকলো ঠাইৰ স্বচ্চতা আমাৰ দায়িত্ব হোৱা উচিত।
বন্ধুসকল,
এই সমগ্র সময় এতিয়া উৎসৱ উদযাপনৰ সময় আৰু দীপাৱলী হৈছে এক প্ৰকাৰৰ মহা উৎসৱ। মই আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ, কিন্তু, একে সময়তে মই পুনৰ ক’ব বিচাৰো যে আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব, দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবই লাগিব আৰু স্বদেশীৰ চিন্তাৰেহে এই পথত আগবাঢ়িব পৰা যাব।
বন্ধুসকল,
এইবাৰ ‘মন কী বাত” ইমানেই। অহা মাহত নতুন নতুন কথা আৰু অনুপ্ৰেৰণাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে,
আপোনালোক সকলোকে বহুত শুভকামনা জনালোঁ। বহুত বহুত ধন্যবাদ।
***
MJPS/ST/VK/DB
#MannKiBaat has begun. Do tune in! https://t.co/1YC6s8Uota
— PMO India (@PMOIndia) September 28, 2025
Amar Shaheed Bhagat Singh is an inspiration for every Indian, especially the youth of the country. #MannKiBaat pic.twitter.com/6yE1a73H9e
— PMO India (@PMOIndia) September 28, 2025
Lata Didi's songs comprise everything that stirs human emotions. The patriotic songs she sang had a profound impact on people. #MannKiBaat pic.twitter.com/XCcbXLAEyH
— PMO India (@PMOIndia) September 28, 2025
India's Nari Shakti is making a mark in every field. #MannKiBaat pic.twitter.com/LGAH8xKplo
— PMO India (@PMOIndia) September 28, 2025
Lieutenant Commander Dilna and Lieutenant Commander Roopa have exemplified true courage and unshakable resolve during the Navika Sagar Parikrama. #MannKiBaat pic.twitter.com/McWDkNBTFT
— PMO India (@PMOIndia) September 28, 2025
Chhath Puja honours Surya Dev with offerings to the setting sun. Once local, it is now becoming a global festival. #MannKiBaat pic.twitter.com/KIgB6kdm05
— PMO India (@PMOIndia) September 28, 2025
Over the last 11 years, the attraction for Khadi has grown remarkably, with sales rising steadily. #MannKiBaat pic.twitter.com/AIHtbDT9rR
— PMO India (@PMOIndia) September 28, 2025
India's handloom and handicraft sector is undergoing a remarkable transformation. #MannKiBaat pic.twitter.com/5NrH8Kzt38
— PMO India (@PMOIndia) September 28, 2025
The RSS has been relentlessly and tirelessly engaged in national service for over a hundred years. #MannKiBaat pic.twitter.com/1tle1CRHWI
— PMO India (@PMOIndia) September 28, 2025
Remembering the noble ideals of Maharshi Valmiki. #MannKiBaat pic.twitter.com/AJ8t3Xadbn
— PMO India (@PMOIndia) September 28, 2025
Indian culture transcends all boundaries, touching hearts not just across India but around the world. #MannKiBaat pic.twitter.com/eadFE7S8PH
— PMO India (@PMOIndia) September 28, 2025
Let us make 'Vocal for Local' the shopping mantra. #MannKiBaat pic.twitter.com/yNUC3dBj4W
— PMO India (@PMOIndia) September 28, 2025
Cleanliness should extend beyond our homes, becoming our responsibility everywhere - in streets, neighbourhoods, markets and villages. #MannKiBaat pic.twitter.com/W08219X4HO
— PMO India (@PMOIndia) September 28, 2025
Began today’s #MannKiBaat episode by remembering Shaheed Bhagat Singh and Lata Didi. pic.twitter.com/ceRqx8Wcd6
— Narendra Modi (@narendramodi) September 28, 2025
Do hear this interaction with Lieutenant Commander Roopa A and Lieutenant Commander Dilna K, who were part of Navika Sagar Parikrama II. Their courage will inspire you all! #MannKiBaat pic.twitter.com/xX3m0zOGGT
— Narendra Modi (@narendramodi) September 28, 2025
Chhath Parv symbolises the finest of Bihar’s cultural ethos. The Government of India is honoured to be nominating Chhath Parv to the UNESCO's Intangible Cultural Heritage list. #MannKiBaat pic.twitter.com/7UioaTACT8
— Narendra Modi (@narendramodi) September 28, 2025
As the RSS marks its centenary, highlighted the rich contribution of the RSS to our nation. #MannKiBaat pic.twitter.com/DBlURIv7uK
— Narendra Modi (@narendramodi) September 28, 2025
Zubeen Garg was a shining gem of Assam’s cultural heritage. He will always live in the hearts of the people! #MannKiBaat pic.twitter.com/wUWx7fA0hz
— Narendra Modi (@narendramodi) September 28, 2025
Commended an effort in Sri Lanka where an iconic song of the great Bhupen Hazarika has been translated into Sinhala and Tamil, highlighting the global popularity of Bhupen Da. #MannKiBaat pic.twitter.com/L6n43LkPIr
— Narendra Modi (@narendramodi) September 28, 2025
India will be grateful to SL Bhyrappa Ji for enriching our cultural and intellectual traditions. #MannKiBaat pic.twitter.com/pYLIQWfuOb
— Narendra Modi (@narendramodi) September 28, 2025
Commended Centre Mandapa in France, which marks 50 years of popularising Indian culture and dance there. #MannKiBaat pic.twitter.com/6NQ0H97AKS
— Narendra Modi (@narendramodi) September 28, 2025
জুবিন গাৰ্গ আছিল অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক উজ্জ্বল ৰত্ন। তেওঁ সদায় ৰাইজৰ হৃদয়ত জীয়াই থাকিব! #MannKiBaat pic.twitter.com/DhojpI1e7U
— Narendra Modi (@narendramodi) September 28, 2025
ನಮ್ಮ ಸಾಂಸ್ಕೃತಿಕ ಮತ್ತು ಬೌದ್ಧಿಕ ಪರಂಪರೆಯನ್ನು ಶ್ರೀಮಂತಗೊಳಿಸಿದ ಎಸ್.ಎಲ್. ಭೈರಪ್ಪ ಅವರಿಗೆ ಭಾರತ ಕೃತಜ್ಞವಾಗಿರುತ್ತದೆ.#MannKiBaat pic.twitter.com/NSuvfqI0CA
— Narendra Modi (@narendramodi) September 28, 2025
शहीद भगत सिंह आणि लता दीदी यांचे स्मरण करून #MannKiBaat या कार्यक्रमाच्या आजच्या भागाची सुरुवात झाली. pic.twitter.com/zhxzNBNkpY
— Narendra Modi (@narendramodi) September 28, 2025
ਅੱਜ ਦੇ #MannKiBaat ਐਪੀਸੋਡ ਦੀ ਸ਼ੁਰੂਆਤ ਸ਼ਹੀਦ ਭਗਤ ਸਿੰਘ ਅਤੇ ਲਤਾ ਦੀਦੀ ਨੂੰ ਯਾਦ ਕਰਕੇ ਕੀਤੀ। pic.twitter.com/QGuqG1NJkX
— Narendra Modi (@narendramodi) September 28, 2025
तमिलनाडु से लेकर बिहार-झारखंड तक आज देशभर में खादी, हैंडलूम और हैंडीक्राफ्ट सेक्टर में कुछ लोग कमाल के प्रोडक्ट तैयार कर रहे हैं। परंपरा और इनोवेशन के संगम से बनने वाली इन स्वदेशी चीजों की जहां देश-विदेश में मांग बढ़ रही है, वहीं वोकल फॉर लोकल के अभियान को भी नई तेजी मिल रही है।… pic.twitter.com/GWN80L6Tyf
— Narendra Modi (@narendramodi) September 28, 2025
मानवता को रामायण जैसा अद्भुत ग्रंथ देने वाले महर्षि वाल्मीकि भारतीय संस्कृति के आधारस्तंभों में से एक हैं। अगले महीने उनकी जयंती को देखते हुए देशवासियों से मेरा यह विशेष आग्रह… #MannKiBaat pic.twitter.com/WrV0JICeqe
— Narendra Modi (@narendramodi) September 28, 2025
सूर्यदेव को समर्पित छठ महापर्व बिहार की सांस्कृतिक परंपरा का भव्य और दिव्य उत्सव है। मुझे यह बताते हुए अत्यंत प्रसन्नता हो रही है कि हमारी सरकार इस महापर्व को UNESCO की सांस्कृतिक धरोहर की सूची में शामिल कराने के प्रयासों में जुटी है। #MannKiBaat pic.twitter.com/FSgbiq581B
— Narendra Modi (@narendramodi) September 28, 2025
J'ai félicité le Centre Mandapa en France, qui célèbre 50 ans de popularisation de la culture et de la danse indiennes dans ce pays. #MannKiBaat pic.twitter.com/BXnzOPOOnW
— Narendra Modi (@narendramodi) September 28, 2025