Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২ ছেপ্টেম্বৰত জল সুৰক্ষা বিষয়ক বিভাগীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত জল শক্তি মন্ত্ৰালয়ৰ বিভাগীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে এই উপলক্ষ্যে আয়োজিত  সভাত ভাষণ দিব। ২০২৬ চনৰ ১-২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এই দুদিনীয়া বিভাগীয় সন্মিলনখন কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে টিম ইণ্ডিয়াৰ মনোভাব শক্তিশালী কৰাৰ, সমবায় ফেডাৰেলিজমৰ গভীৰতা তথা  জাতীয় অগ্ৰাধিকাৰৰ সামূহিক মালিকীস্বত্ব গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা বিভাগীয় সন্মিলনৰ ধাৰাবাহিক সন্মিলন প্ৰথমখন সন্মিলন হিচাবে পৰিগণিত হৈছে। এই সন্মিলনে জটিল খণ্ডগত অগ্ৰাধিকাৰৰ বিষয়ত  যৌথভাৱে আলোচনা কৰিবলৈ আৰু কাৰ্যকৰীকৰণ তথা ফলাফল ত্বৰান্বিত কৰিবলৈ এক গাঁথনিগত মঞ্চ প্ৰদান কৰিছে।

এই সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজনৈতিক নেতৃত্ব তথা  জ্যেষ্ঠ বিষয়াসকলক একত্ৰিত কৰি মূল অগ্ৰাধিকাৰসমূহৰ বিষয়ত আলোচনা কৰা, উত্তম পদ্ধতিসমূহৰ ভাগ-বাটোৱাৰা  কৰা, ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু সময়সীমাবদ্ধ কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ বিষয়ত আলোচনা কৰা হৈছে। সন্মিলন খনত ৰাষ্ট্ৰীয় লক্ষ্য পূৰণাৰ্থে   ভাগ-বাটোৱাৰা  কৰা দায়িত্বক প্ৰসাৰিত কৰিব বিচাৰে আৰু সুশাসন তথা  সেৱা প্ৰদানৰ ক্ষেত্ৰত পৰিমাপযোগ্য  উন্নয়নৰ পোষকতা কৰা হৈছে।

শীৰ্ষ সন্মিলনত চাৰিটা মূল ক্ষেত্ৰৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে:

১/ জল আন্তঃগাঁথনি প্ৰকল্প সময়মতে ৰূপায়ণ

২) জল সঞ্চয় জন ভাগীদাৰী – কেটচ দ্য ৰেইন

৩/ খোৱাপানী ব্যৱস্থাৰ উৎসৰ বহনক্ষমতা

৪) জল জীৱন অভিযান ২.০ৰ অধীনত গ্ৰাম্য খোৱাপানী যোগান আঁচনিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ

সন্মিলনত হোৱা  আলোচনাৰ ফলত পানীৰ আন্তঃগাঁথনি প্ৰকল্প ত্বৰান্বিত কৰা, পানী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা, বহনক্ষম খোৱাপানীৰ উৎস নিশ্চিত কৰা আৰু গ্ৰাম্য খোৱাপানী সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু জবাবদিহিতা উন্নত কৰাৰ বাবে সুনিৰ্দিষ্ট তথা  সময়সীমাবদ্ধ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশা কৰা হৈছে।

 

*****

 

MJPS/SS/ST/DM