পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জানুৱাৰী ২০১৯ তাৰিখে ছুৰাট আৰু দাণ্ডী ভ্ৰমণ কৰিব৷
এই ভ্ৰমণৰ সময়চোৱাত প্ৰধানমন্ত্ৰীয়ে ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব৷ এই টাৰ্মিনেল বিল্ডিং ২৫,৫০০ বৰ্গ মিটাৰ এলেকাত ৩৫৪ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে৷ ই পৰিবেশ অনুকূল হোৱাৰ লগতে সৌৰ শক্তি আৰু এলইডি লাইটযুক্ত হ’ব৷ ই সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় ১৮০০ যাত্ৰীৰ ব্যৱস্থাপনা সম্ভৱ হৈ উঠিব৷ গুজৰাটৰ আহমেদাবাদ আৰু ভদোদৰাৰ পিছতে ছুৰাট হ’ল তৃতীয় ব্যস্ততম বিমানবন্দৰ৷
বিকাশৰ বাবে আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ চৰকাৰৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হিচাপে বিবেচিত হৈছে৷ বিভিন্ন ক্ষেত্ৰৰ লগতে অসামৰিক বিমান পৰিবহণ খণ্ডতো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ গুজৰাটত কেৱল অসামৰিক বিমান আন্তঃগাঁথনি সৱলীকৰণ কৰাই নহয়, বিমান সংযোগো বৃদ্ধি কৰা হৈছে৷ ইয়াৰে ভিতৰত উড়ান আঁচনিৰ অধীনত কান্দলাৰ পৰা মুম্বাই আৰু পোৰবন্দৰৰ পৰা মুম্বাইলৈ বিমান সংযোগৰ ব্যৱস্থা প্ৰণয়ন কৰা হৈছে৷ তাৰোপৰি হিৰাছাৰ, ৰাজকোটত গ্ৰীণফিল্ড বিমানবন্দৰৰ বিকাশ, আহমেদাবাদ আৰু ভদোদৰাত নতুন এটিচি টাৱাৰ/প্ৰযুক্তি ব্ল’কৰ স্থাপন আদিও ইয়াৰ ভিতৰত অন্যতম৷
ছুৰাটত প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰত যুৱ সমাৰোহত তৰুণসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ তাৰোপৰি তেওঁ শ্ৰীমতী ৰচিলাবেন সেৱন্তিলাল শ্বাহ ভেনাছ চিকিৎসালয়ৰো মুকলি কৰিব৷
য়াৰে পিছত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ নভছাৰি জিলাৰ দাণ্ডীলৈ যাত্ৰা কৰিব৷ তাত তেওঁ বাপুৰ মৃত্যু তিথি উপলক্ষে ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷ এই স্মাৰক মহাত্মা গান্ধী আৰু দাণ্ডী যাত্ৰাত তেওঁক সংগদান কৰা ৮০ গৰাকী সত্যাগ্ৰহীৰ মূৰ্তি থাকিব৷ প্ৰধানমন্ত্ৰীয়ে ইয়াত জনসভাতো সন্বোধন কৰিব৷
চলিত মাহত এইটো প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো গুজৰাট ভ্ৰমণ৷ ইয়াৰ পূৰ্বে ১৯ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাট ভ্ৰমণ কৰিছিল আৰু হাজিৰাৰ আৰ্মাৰ্ড ছিষ্টেম কমপ্লেক্স ৰাষ্ট্ৰলৈ উচৰ্গা কৰিছিল৷ তাৰোপৰি ১৭ আৰু ১৮ জানুৱাৰীত তেওঁ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনতো উপস্থিত আছিল৷
***
AKT/VJ/SKS/MANN
I will be visiting Gujarat tomorrow to attend a wide range of programmes.
— Narendra Modi (@narendramodi) January 29, 2019
In Surat, the foundation stone for extending the terminal building at Surat Airport will be laid. This will improve connectivity and economic growth in Surat and surrounding areas. https://t.co/OFbBdffBRk
In Surat, the Smt. Rasilaben Sevantilal Shah Venus Hospital will be inaugurated. This hospital will provide quality healthcare to citizens and strengthen the efforts to build a healthy India.
— Narendra Modi (@narendramodi) January 29, 2019
Tomorrow evening in Surat, I will join the New India Youth Conclave. This is a wonderful forum, bringing together youngsters and people from all sections of society. I look forward to a wonderful interaction!
— Narendra Modi (@narendramodi) January 29, 2019