পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সক্ৰিয় প্ৰশাসন আৰু কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে নির্দিষ্ট সময়ত ৰূপায়ণৰ সৈতে জড়িত আইচিটিভিত্তিক বহুস্তৰীয় মঞ্চ প্রগতিৰ ৩৮সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷
৩৮সংখ্যক বৈঠকত ৮টা প্রকল্পৰ পর্যালোচনা কৰা হয়৷ সেইবোৰৰ ভিতৰত চাৰিটা ৰে’ল মন্ত্ৰালয়ৰ, ২টা বিদ্যুৎ মন্ত্ৰালয়ৰ আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ১টাকৈ প্রকল্প আছে। ওড়িশা, অন্ধ্রপ্রদেশ, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্রদেশ, মহাৰাষ্ট্র, হৰিয়ানাকে ধৰি সাতখন ৰাজ্যত ৰূপায়ণ হৈ থকা এই প্রকল্পসমূহৰ বাবে মুঠ ৫০,০০০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে।
উল্লেখ্য যে প্রগতিৰ ৩৭সংখ্যক বৈঠকত ২৯৭টা প্রকল্পৰ পর্যালোচনা কৰা হৈছিল, যাৰবাবে ১৪.৩৯ লাখ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে।
****
DS/AKJ/DB
Chaired the 38th PRAGATI meeting today, in which eight important projects relating to the Ministries of Railways, Power, Road Transport & Highways and Civil Aviation were reviewed. These projects span across 7 states and are worth over Rs. 50,000 crore.
— Narendra Modi (@narendramodi) September 29, 2021