পি এম ইণ্ডিয়া

মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী ডাক্টৰ হৰ্ষবৰ্ধন ডাঙৰীয়া, বিশ্বৰ বৈজ্ঞানিক সমাজৰ সৈতে জড়িত মোৰ সতীৰ্থসকল, বিজ্ঞান ভাৰতীৰ প্ৰতিনিধিগণ, দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে জড়িত শিক্ষাৰ্থী, অংশগ্ৰহণকাৰী, ভদ্ৰমহিলা তথা ভদ্ৰপুৰুষসকল!
আজি মই আপোনালোকৰ সৈতে প্ৰযুক্তিৰ মাধ্যমেৰে সাক্ষাৎ হৈছো সেয়া ঠিক, কিন্তু আপোনালোকৰ উৎসাহ, আপোনালোকৰ উদ্দীপনা, মই ইয়াত থাকিয়েই অনুভৱ কৰিব পাৰিছো৷
বন্ধুসকল,
ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱৰ পঞ্চম সংস্কৰণ এনে স্থানত অনুষ্ঠিত হৈছে য’ৰ পৰা জ্ঞান-বিজ্ঞান প্ৰতিটো ক্ষেত্ৰত মানৱতাৰ সেৱা কৰা মহান বিভূতিসকলৰ জন্ম হৈছে৷ এই মহোৎসৱ এনে সময়ত অনুষ্ঠিত হৈছে য’ত ৭ নৱেম্বৰত চি ভি ৰমণ আৰু ৩০ নৱেম্বৰত জগদীশ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন কৰা হ’ব৷
বিজ্ঞানৰ এই মহান পণ্ডিতৰ ঐতিহ্য পালন কৰিবলৈ তথা একবিংশ শতিকাত তেওঁলোকৰ দ্বাৰা প্ৰণোদিত হ’বলৈ ইয়াতকৈ সুন্দৰ অনুষ্ঠান আন একো হ’ব নোৱাৰে৷ আৰু সেইবাবে এই মহোৎসৱৰ বিষয়বস্তু, ‘‘RISEN: Research, Innovation and Science Empowering the Nation’’ নিশ্চিত কৰাৰ বাবে আয়োজকসকলক মোৰ তৰফৰ পৰা অলেখ শুভকামনা যাচিছো৷ এই বিষয় একবিংশ শতিকাৰ ভাৰতৰ অনুৰূপ হৈছে আৰু ইয়াতেই আমাৰ ভৱিষ্যত লুকাই আছে৷
বন্ধুসকল,
বিশ্বত এনে কোনো দেশ নোলাব যিয়ে বিজ্ঞান আৰু প্ৰযুক্তি অবিহনে উন্নতি লাভ কৰিছে৷ ভাৰততো ইয়াৰ বহু সমৃদ্ধ অতীত আছে, আমি বিশ্বক বহু ডাঙৰ ডাঙৰ বৈজ্ঞানিত প্ৰদান কৰিছো৷ আমাৰ অতীত গৌৰৱময়৷ আমাৰ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰে ভৰা৷ এই সকলোৰে মাজত ভৱিষ্যতৰ প্ৰকি আমাৰ দায়িত্ব অনেক গুণে বাঢ়ি যায়৷ এই দায়িত্ব মানৱীয়ও আৰু ইয়াত বিজ্ঞান তথা প্ৰযুক্তিৰ সৈতে আগবঢ়াৰ আকাংক্ষাও বিদ্যমান৷ এই দায়িত্ব অনুধাৱন কৰি চৰকাৰে আৱিষ্কাৰ আৰু উদ্ভাৱন, দুয়োটাৰ বাবে আনুষ্ঠানিক সমৰ্থন প্ৰদান কৰি আছে৷
বন্ধুসকল, দেশত বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিবেশতন্ত্ৰ শক্তিশালী হ’ব লাগে৷ এনে এক পৰিবেশতন্ত্ৰ হ’ব লাগে যি প্ৰভাৱশালী হোৱাৰ লগতে প্ৰজন্মজুৰি উৎসাহদায়ীও হ’ব লাগে৷ আমি এই দিশতেই আগবাঢ়িছো৷
আমাৰ প্ৰয়াস এয়াই যে ষষ্ঠ শ্ৰেণীৰ পৰাই বিদ্যাৰ্থীসকলে অটল টিংকাৰিং লেবলৈ যাওক আৰু মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছতেই তেওঁ যাতে ইনকিউবেচনৰ, ষ্টাৰ্ট-আপৰ এক পৰিবেশতন্ত্ৰ লাভ কৰিব পাৰে৷ এই দায়িত্বৰ সৈতেই অতি কম সময়ৰ ভিতৰতে দেশত ৫ হাজাৰতকৈও অধিক অটল টিংকাৰিং লেব নিৰ্মাণ কৰা হৈছে৷ ইয়াৰোপৰি ২০০ত কৈও অধিক অটল ইনকিউবেচন কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে৷ আমাৰ বিদ্যাৰ্থীসকলে দেশৰ প্ৰত্যাহ্বানসমূহ নিজৰ ধৰণে সমাধান কৰক, ইয়াৰ বাবে লক্ষাধিক শিক্ষাৰ্থীক বিভিন্ন হেকাথনত অৱতীৰ্ণ হ’বলৈ অৱকাশ প্ৰদান কৰা হৈছে৷ ইয়াৰোপৰি নীতিসমূহৰ জৰিয়তে, আৰ্থিক সাহায্যৰ জৰিয়তে সহস্ৰাধিক ষ্টাৰ্ট-আপক সমৰ্থন প্ৰদান কৰা হৈছে৷
বন্ধুসকল,
আমাৰ এনে প্ৰয়াসৰ পৰিণামৰ ফলত বিগত ৩টা বছৰত বিশ্ব উদ্ভাৱন সূচাংকত আমি ৮১ স্থানৰ পৰা ৫১ সংখ্যক স্থানত উপনীত হৈছো৷ আজি ভাৰত বিশ্বৰ তৃতীয় বৃহৎ সফল ষ্টাৰ্ট পৰিবেশতন্ত্ৰলৈ ৰূপান্তৰিত হৈছে৷ এয়াই নহয়, উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবেও অভুতপূৰ্ব কাম কৰা হৈছে৷ আমি উচ্চ শিক্ষাৰ সৈতে জড়িত নতুন সংস্থা নিৰ্মাণৰ সৈতে সেইসমূহৰ কাৰ্যকৰীতাও বৃদ্ধি কৰিছো৷
বন্ধুসকল, আজি আমি ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তত থিয় দিছো৷ এই বৰ্ষটোত আমাৰ সংবিধান ৭০ বছৰীয়া হ’ব৷ আমাৰ সংবিধানে বিজ্ঞানৰ উদ্দীপনা বিকশিত কৰিবলৈ প্ৰতিজন দেশবাসীক কৰ্তব্যৰ সৈতে সাঙুৰিছে৷
অৰ্থাৎ এয়া আমাৰ মৌলিক কৰ্তব্যৰ অংশ৷ এই কৰ্তব্য পালন কৰাৰ বাবে, নিৰন্তৰে স্মৰণ কৰাৰ বাবে, অনাগত প্ৰজন্মক এই সন্দৰ্ভত সজাগ কৰাৰ পাৰে আমাৰ সকলোৰে দায়িত্ব নিৰ্ধাৰিত কৰা হৈছে৷
যি সমাজত বৈজ্ঞানিক উদ্দীপনাৰ শক্তি বৃদ্ধি হয় সেই সমাজৰ বিকাশো তীব্ৰ হয়৷ বৈজ্ঞানিক উদ্দীপনাৰ প্ৰতি অন্ধশ্ৰদ্ধা আঁতৰাব লাগে, অন্ধবিশ্বাস নোহোৱা কৰিব লাগে৷ বৈজ্ঞানিত উদ্দীপনাই সমাজত ক্ৰীয়াশীলতা বৃদ্ধি কৰে৷ বৈজ্ঞানিক উদ্দীপনাই প্ৰয়োগশীলতা বৃদ্ধি কৰে৷
প্ৰতিটো বস্তুতে যুক্তি বিচাৰে, তৰ্ক আৰু তথ্যৰ আধাৰত নিজৰ ৰায় প্ৰদান কৰে আৰু সকলোতকৈ ডাঙৰ কথাটো এয়ে যে অজ্ঞাত ভয়ক প্ৰত্যাহ্বান দিয়াৰ বাবে শক্তি প্ৰদান কৰে৷ অনাদিকালৰ পৰাই এই অজ্ঞাত ভয়ক প্ৰত্যাহ্বান দিয়াৰ শক্তিয়েই অনেক তথ্য পোহৰলৈ অনাত সহায় কৰিছে৷
বন্ধুসকল, মই সুখী যে দেশত আজি বৈজ্ঞানিক উদ্দীপনাই এক অনন্য পৰ্যায়ত উপনীত হৈছে৷ অলপতে হোৱা ঘটনা এটাৰ উদাহৰণ মই আপোনালোকক দিবলৈ বিচাৰিছো৷ আমাৰ বৈজ্ঞানিকসকলে চন্দ্ৰযান ২ৰ ওপৰত অশেষ পৰিশ্ৰম কৰিছিল আৰু ইয়াৰ পৰা বহু প্ৰত্যাশাৰ জন্ম হৈছিল৷ সকলো যোজনা অনুসৰি নহ’ল, তথাপিও এই অভিযান সফল হিচাপে বিবেচিত হৈছিল৷
বন্ধুসকল,
অভিযানৰো ঊৰ্ধত এয়া ভাৰতৰ বৈজ্ঞানিক ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব পাৰে৷ কিদৰে? মই আপোনালোকক কও৷মই ছ’চিয়েল মিডিয়াত অনেক শিক্ষাৰ্থীৰ পিতৃ-মাতৃৰ বহু টুইট প্ৰত্যক্ষ কৰিছো৷ তেওঁলোকে কৈছে যে অতিশয় কম বয়সীয়া শিশুৱেও চন্দ্ৰযানৰ সৈতে জড়িত ঘটনাসমূহৰ বিষয়ে আলোচনা কৰা তেওঁলোকে দেখা পাইছে৷ কোনোবাই লুনাৰ টপ’গ্ৰাফীৰ বিষয়ে কথা পাতিছে, কোনোবাই উপগ্ৰহৰ কক্ষপথৰ বিষয়ে কথা পাতিছে৷ কোনোবাই চন্দ্ৰৰ দক্ষিণ মেৰুৰ পানীৰ সম্ভাৱনাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে, কোনোবাই চন্দ্ৰৰ কক্ষপথৰ বিষয়ে কথা পাতিছে৷ পিতৃ-মাতৃ হায়ৰাণ হৈ পৰিছে যে ইমান কম বয়সতে এই শিশুসকল কিদৰে উৎসাহিত হৈছে৷ দেশৰ সমূহ পিতৃ-মাতৃয়ে ভাবে যে তেওঁলোকৰ শিশুসকলৰ মনত জন্ম হোৱা এই কৌতুহলৰ গুৰিয়েই হ’ল চন্দ্ৰযান-২ৰ সফলতা৷
এনে লাগে যে বিজ্ঞানক লৈ আমাৰ কণমানি শিক্ষাৰ্থীসকলৰ মাজত ৰুচি বৃদ্ধিৰ এক নতুন লহৰৰ সৃষ্টি হৈছে৷
এই শক্তিক একবিংশ শতিকাৰ বৈজ্ঞানিক পৰিবেশক উপযুক্ত দিশলৈ লৈ যোৱা, উপযুক্ত প্লেটফ’ৰ্ম প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব৷
বন্ধুসকল,
এটা সময় আছিল যেতিয়া কোৱা হৈছিল যে অভাৱেই আৱিষ্কাৰৰ মূল৷ ই কিছুদূৰলৈ সত্যও৷ কিন্তু সময়ৰ সৈতে মানুহে অভাৱৰ বাবে আৱিষ্কাৰ কৰাৰ ঊৰ্ধলৈ গৈ জ্ঞান-বিজ্ঞানক শক্তিৰ ৰূপত, সংসাধনৰ ৰূপত কিদৰে ব্যৱহাৰ কৰিব পাৰি সেই দিশত বহু সাহসিক কাম কৰিছে৷ আৱিষ্কাৰে আৱশ্যকতাৰ প্ৰসাৰণ কৰিছে৷ যিদৰে ইণ্টাৰনেট অহাৰ পিছত এক নতুন ধৰণৰ আৱশ্যকতাৰ জন্ম হৈছে৷ আৰু আজি চাওক৷ গৱেষণা আৰু বিকাশৰ এক বৃহৎ অংশ ইণ্টাৰনেট অহাৰ পিছত উদ্ভৱ হোৱা আৱশ্যকতাসমূহত প্ৰযোজ্য হৈছে৷ অনেক ক্ষেত্ৰ যেনে স্বাস্থ্যসেৱাই হওক, আতিথ্য খণ্ডই হওক অথবা মানুহৰ ইজ অব্ লিভিঙৰ সৈতে জড়িত বিভিন্ন প্ৰয়োজনীয়াত ইণ্টাৰনেট আধাৰ হিচাপে বিবেচিত হৈছে৷ আপুনি বিনা ইণ্টাৰনেটে নিজৰ ম’বাইল ফোনটো কল্পনা কৰক, আপুনি অনুধাৱন কৰিব পাৰে যে কিদৰে এক আৱিষ্কাৰে এতিয়া আৱশ্যকতাসমূহৰ পৰিসৰ বৃদ্ধি কৰিছে৷ এইদৰে কৃত্ৰিম বুদ্ধিমত্তাইও আৱশ্যকতাৰ নতুন দুৱাৰ মুকলি কৰিছে, নতুন দিশ প্ৰদান কৰিছে৷
বন্ধুসকল,
আমাৰ ইয়াত কোৱা হয়,
তত্ ৰূপং যত্ গুণাঃ
ছায়েন্স ফ’ৰ ছ’চাইটীৰ অৰ্থ জনাৰ বাবে আমি কিছুমান প্ৰশ্নৰ উত্তৰ দিব লাগিব৷ সকলোৱেই আজি প্লাষ্টিক প্ৰদূষণৰ বিষয়ে অৱগত৷ আমাৰ বৈজ্ঞানিকসকলে এনে ব্যৱহাৰ্য তথা ব্যয়সাধ্য সামগ্ৰী নিৰ্মাণ কৰিব পাৰেনে যি প্লাষ্টিকৰ স্থান গ্ৰহণ কৰিব পাৰে? শক্তি, বিদ্যুৎ সঞ্চয় কৰাৰ উন্নত প্ৰক্ৰিয়া অন্বেষণ কৰাৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব পাৰোনে? এনেকুৱা এক সমাধান যাৰ জৰিয়তে সৌৰ শক্তিৰ উপযোগিতা বৃদ্ধি হ’ব পাৰে? বিদ্যুৎ ম’বিলিটীক সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে বেটেৰী আৰু আন্তঃগাঁথনিৰ সৈতে জড়িত উদ্ভাৱন আমি কৰিব পাৰোনে?
বন্ধুসকল,
আমি এয়া চিন্তা কৰিব লাগিব যে আমাৰ গৱেষণাগাৰত এনে কি কাম কৰা যাব যাৰ ফলত কোটি কোটি ভাৰতীয় উপকৃত হ’ব পাৰিব৷ আমি স্থানীয় পৰ্যায়ত পানীৰ সমস্যা সমাধানৰ সূত্ৰ উলিয়াব পাৰোনে? কিদৰে আমি কোটি কোটি মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰিব পাৰো?
আমি এনেকুৱা আৱিষ্কাৰ কৰিব পাৰোনে যাৰ দ্বাৰা স্বাস্থ্যসেৱাৰ ব্যয় কম হ’ব পাৰে? আমি কোনো আৱিষ্কাৰে কৃষকক উপকৃত কৰিব পাৰেনে, তেওঁলোকৰ আয় বৃদ্ধি কৰিব পাৰেনে, তেওঁলোকৰ পৰিশ্ৰম লাঘৱ কৰিব পাৰেনে?
বন্ধুসকল,
আমি চিন্তা কৰিব লাগিব যে বিজ্ঞানৰ ব্যৱহাৰে জনসাধাৰণৰ জীৱন কিদৰে সুগম কৰিব পাৰে৷ আৰু সেইবাবে ছায়েন্স ফ’ৰ ছ’চাইটীৰ গুৰুত্ব অধিক৷
যেতিয়া সকলো বৈজ্ঞানিক, সকলো দেশবাসীয়ে এই চিন্তাৰ সৈতে আগবাঢ়িব, তেতিয়া দেশো লাভান্বিত হ’ব, মানৱতাও উপকৃত হ’ব৷
বন্ধুসকল,
আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনাোকে মন কৰিব লাগিব৷ আজি আমি ‘ফটাফট’ৰ যুগত বাস কৰি আছো৷ আমি দুই মিনিটত নুডল আৰু ত্ৰিশ মিনিটত পিজ্জা বিচাৰো৷ কিন্তু বৈজ্ঞানিক আৰু বিজ্ঞান প্ৰক্ৰিয়াত আমি ‘ফটাফট’ৰ সংস্কৃতি প্ৰযোজ্য কৰিব নোৱাৰো৷ হ’ব পাৰে যে কোনো অন্বেষণৰ প্ৰভাৱ তৎকালীন নহ’বও পাৰে আৰু অনাগত প্ৰজন্মই হয়তো ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰে৷ পৰমাণুৰ অন্বেষণৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ বিদ্যমান স্বৰূপ আৰু সুযোগলৈ আমাৰ অভিজ্ঞতাই এয়াই বৰ্ণন কৰে৷ সেইবাবে মই আপোনালোকক আহ্বান জনাইছো যে দীৰ্ঘকালীন লাভ, দীৰ্ঘকালীন সমাধানৰ বিষয়েও বৈজ্ঞানিক উদ্দীপনাৰ সৈতে চিন্তা কৰাটো অতিশয় আৱশ্যক৷ আৰু এই সকলো প্ৰয়াসৰ মাজত আপোনালোকে আন্তঃৰাষ্ট্ৰীয় নিয়ম, তাৰে মাপদণ্ডৰ বিষয়েও সদায়েই গুৰুত্ব প্ৰদান কৰিব লাগিব৷ আপোনালোকে নিজৰ উদ্ভাৱন, উদ্ভাৱনৰ সৈতে জড়িত অধিকাৰ, তাৰ পেটেণ্টকলৈ নিজৰ সজাগতা বৃদ্ধি কৰিব লাগিব আৰু সক্ৰিয়ও হ’ব লাগিব৷ সেইদৰে, আপোনালোকৰ গৱেষণাই আন্তৰ্জাতিক বিজ্ঞান আলোচনীত স্থান পাওক, বৃহৎ প্লেটফ’ৰ্ম পাওক, ইয়াৰ বাবেও আপোনালোকে নিৰন্তৰে সজাগ হৈ থাকিব লাগিব, নিৰন্তৰে প্ৰয়াস কৰিব লাগিব৷ আপোনালোকৰ অধ্যয়ন আৰু সফলতা আন্তৰ্জাতিক মহলতো প্ৰচাৰ হোৱাটো সমানেই গুৰুত্বপূৰ্ণ৷
বন্ধুসকল,
আমি সকলোৱে ভালদৰেই জানো যে বিজ্ঞান দুটা পৰ্যায় অবিহনে সম্ভৱ হ’ব নোৱাৰে৷ সেয়া হ’ল সমস্যা আৰু সামূহিক প্ৰয়োগ৷ যদি কোনো সমস্যাই নাই, সকলো সঠিক তেন্তে কোনো উৎসুকতাৰ সৃষ্টি নহ’ব৷ উৎসুকতা অবিহনে নতুন অন্বেষণৰ প্ৰয়োজনীয়তাই অনুভূত নহ’ব৷
কোনো কাম প্ৰথমবাৰ কৰিলে সেয়া উৎকৃষ্ট হোৱাৰ সম্ভাৱনা অতিশয় কম হয়৷ বহুবাৰ আকাংক্ষিত পৰিণাম আমি নাপাও৷ বাস্তৱতে এয়া বিফলতা নহয়, সফলতাৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপহে৷ সেয়ে বিজ্ঞানত ব্যৰ্থতা নাথাকে, কেৱল প্ৰয়াস থাকে, পৰীক্ষণ থাকে আৰু শেষত সফলতা আহে৷ এই কথাসমূহক আমি গুৰুত্ব প্ৰদান কৰি আগবাঢ়িলে বিজ্ঞানৰ ক্ষেত্ৰতো কোনো সমস্যাৰ সৃষ্টি নহ’ব আৰু জীৱনতো কেতিয়াও বাধাৰ সন্মুখীন হ’বলগীয়া নহ’ব৷ ভৱিষ্যতৰ বাবে আপোনালোকক অনেক শুভকামনাৰ সৈতে.. আৰু এই সমাৰোহ সফলতাৰ সৈতে আগবাঢ়ক, মই নিজৰ বক্তব্য সামৰিছো৷
অশেষ ধন্যবাদ!!!
*****
VRRK/KP/MANN
India International Science Festival का 5वां एडिशन ऐसे स्थान पर हो रहा है, जिसने ज्ञान-विज्ञान के हर क्षेत्र में मानवता की सेवा करने वाली महान विभूतियों को पैदा किया है: PM @narendramodi
— PMO India (@PMOIndia) November 5, 2019
ये Festival ऐसे समय में हो रहा है, जब 7 नवंबर को सीवी रमन और 30 नवंबर को जगदीश चंद्र बोस की जन्मजयंती मनाई जाएगी: PM @narendramodi
— PMO India (@PMOIndia) November 5, 2019
इस Festival की थीम, RISEN: Research, Innovation and Science Empowering the Nation” तय करने के लिए आयोजकों को मेरी तरफ से बहुत-बहुत बधाई।
— PMO India (@PMOIndia) November 5, 2019
ये थीम 21वीं सदी के भारत के मुताबिक है और इसी में हमारे भविष्य का सार है: PM @narendramodi
देश में साइंस और टेक्नोलॉजी का इकोसिस्टम बहुत मजबूत होना चाहिए। एक ऐसा इकोसिस्टम जो प्रभावी भी हो और प्रेरक भी हो।
— PMO India (@PMOIndia) November 5, 2019
हम इसी दिशा में आगे बढ़ रहे हैं: PM @narendramodi
मुझे खुशी है कि देश में आज Scientific Temper एक अलग स्तर पर है।
— PMO India (@PMOIndia) November 5, 2019
मैं आपको हाल ही का एक उदाहरण देता हूं। हमारे वैज्ञानिकों ने चंद्रयान 2 पर बहुत मेहनत की थी और इससे बहुत उम्मीदें पैदा हुई थीं।सब कुछ योजना के अनुसार नहीं हुआ, फिर भी यह मिशन सफल था: PM @narendramodi
ऐसा लगता है कि साइंस को लेकर हमारे Young Students में रुचि की एक नई लहर पैदा हुई है।इस शक्ति को, इस Energy को 21वीं सदी के Scientific Environment में सही दिशा में ले जाना, सही प्लेटफॉर्म देना, हम सबका दायित्व है: PM @narendramodi
— PMO India (@PMOIndia) November 5, 2019
हमारे यहां कहा गया है
— PMO India (@PMOIndia) November 5, 2019
तत् रूपं यत् गुणाः
तत् विज्ञानं यत् धर्मः !!
यानि आपका बाहरी व्यक्तित्व तभी सार्थक है जब आप गुणवान भी होते हैं। इसी तरह विज्ञान वही उपयोगी है जो समाज के हित में हो: PM @narendramodi
हमें सोचना होगा कि साइंस का उपयोग कैसे लोगों के जीवन को सुगम बनाने में किया जा सकता है।इसलिए साइंस फॉर सोसाइटी का बहुत महत्व है।
— PMO India (@PMOIndia) November 5, 2019
जब सभी वैज्ञानिक, सभी देशवासी इस सोच के साथ आगे बढ़ेंगे, तो देश का भी लाभ होगा: PM @narendramodi
मेरा आपसे आग्रह ये भी होगा कि Long Term Benefit, Long Term Solutions के बारे में सोचते हुए आगे बढ़िए।और इन सारे प्रयासों के बीच आपको अंतरराष्ट्रीय नियमों, उसके मापदंडों का भी हमेशा ध्यान रखना होगा: PM @narendramodi
— PMO India (@PMOIndia) November 5, 2019
हम सभी भली-भांति जानते हैं कि विज्ञान, बिना दो चीजों के संभव ही नहीं है।
— PMO India (@PMOIndia) November 5, 2019
ये दो चीजें हैं समस्या और सतत प्रयोग: PM @narendramodi
साइंस में Failure नहीं होते, सिर्फ Efforts होते हैं, Experiments होते हैं, और Success होती है।इन बातों को ध्यान में रखते हुए आप आगे बढ़ेंगे तो विज्ञान के क्षेत्र में भी आपको दिक्कत नहीं आएगी और जीवन में भी: PM @narendramodi
— PMO India (@PMOIndia) November 5, 2019
Nurturing an eco-system that harnesses science, technology and innovation. pic.twitter.com/JUcBA9AKk9
— Narendra Modi (@narendramodi) November 5, 2019
At the India International Science Festival, one of the topics we disused was Scientific Temper.
— Narendra Modi (@narendramodi) November 5, 2019
Here is what I feel on the subject.
Do hear. pic.twitter.com/DA6gqKFbBN
There are no failures in science.
— Narendra Modi (@narendramodi) November 5, 2019
There are efforts.
There are experiments.
And, finally, there is success! pic.twitter.com/wzfx4Qlcjs