Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৫৩সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

৫৩সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সেৱা তীৰ্থ’ত প্ৰ’এক্টিভ গভৰ্ণেন্স এণ্ড টাইমলী ইমপ্লিমেণ্টেচন (PRAGATI)ৰ ৫৩ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰে।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰে’ল, পথ আৰু বিদ্যুৎ খণ্ডৰ ছটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। ৯খন ৰাজ্যজুৰি বিস্তৃত আৰু মুঠ ৩০,০০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ এই প্ৰকল্পসমূহ যোগাযোগ ব্যৱস্থাৰ শক্তিশালীকৰণ, ঔদ্যোগিক আৰু অর্থনৈতিক কাৰ্যকলাপক উৎসাহিত কৰণ তথা জনসেৱাৰ উন্নতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। সময়সীমা পালন, সংস্থাসমূহৰ মাজত পাৰস্পৰিক সমন্বয়, বিচৰা সমস্যাসমূহৰ সমাধান আৰু ক্ষিপ্ৰ সম্পূৰ্ণকৰণৰ ওপৰত বিশেষ গুৰুত্ব দি এই প্ৰকল্পসমূহ পৰ্যালোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনি প্ৰকল্পসমূহত হোৱা বিলম্বৰ পৰিণতি কেৱল ব্যয় বৃদ্ধিতেই সীমাবদ্ধ নাথাকে, ই নাগৰিক, ব্যৱসায়ী আৰু অৰ্থনীতিলৈ আহিবগীয়া লাভালাভো পিছুৱাই দিয়ে। তেওঁ কয় যে আন্তঃগাঁথনি প্ৰকল্পসমূহক বিছিন্ন অংশ, স্তৰ বা পেকেজ হিচাপে চোৱাৰ পৰিৱৰ্তে এক অখণ্ড সমগ্ৰতা হিচাপে পৰ্যবেক্ষণ কৰা উচিত। তেওঁ লক্ষ্য কৰে যে পৃথক পেকেজৰ প্ৰগতিয়ে অৱশেষত সমগ্ৰ প্ৰকল্পটোৰ সময়মতে সম্পূৰ্ণকৰণ আৰু কাৰ্যক্ষমতালৈ ৰূপান্তৰিত হ’ব লাগে। সেয়েহে মন্ত্ৰালয় আৰু ৰাজ্যসমূহক এক সৰ্বাংগীন দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আৰু সামগ্ৰিক প্ৰকল্পৰ কাৰ্য্যকৰীকৰণ তথা লাভালাব বিতৰণত বিলম্ব ঘটাব পৰা গুৰুত্বপূৰ্ণ অভাৱসমূহ দূৰ কৰিবলৈ কোৱা হয়। তেওঁ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত প্ৰতিটো পৰ্যায়তে অধিক দায়িত্ববোধৰ সৈতে এক সক্ৰিয় কৰ্মসংস্কৃতি গঢ়ি তোলাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ মুখ্য পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহ পৰিকল্পনা কৰাৰ সময়ত, য’ত সম্ভৱ হয়, আন্তঃগাঁথনি সেৱাৰ বাবে উমৈহতীয়া ইউটিটিলিটি কৰিড’ৰ অন্বেষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মন্ত্ৰালয় আৰু ৰাজ্যসমূহক কাৰিকৰী আৰু অর্থনৈতিক ফলপ্ৰসূতাৰ কথা বিবেচনা কৰি পৰিকল্পনাৰ পৰ্যায়তে এনে একত্ৰিত দৃষ্টিভংগী পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে কামৰ দ্ৰুতগতিৰ সৈতে আপোচহীন গুণগত মানো থকাটো জৰুৰী। তেওঁ মন্ত্ৰালয়, ৰাজ্য আৰু ৰূপায়ণকাৰী সংস্থাসমূহক আধুনিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আৰু প্ৰতিটো পৰ্যায়তে গুণগত মান নিশ্চিতকৰণ আৰু পৰিদৰ্শন শক্তিশালী কৰিবলৈ আহ্বান জনায়।

ডিজিটেল কৃষি মিছনৰ অধীনত ‘এগ্ৰিষ্টেক’ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিজীৱী তথ্যৰ পৰা অধিক মূল্য লাভ কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি শেহতীয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দৃঢ়তাৰে কয় যে কৃষি খণ্ডৰ ইনপুট পৰিকল্পনাৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়াকৰণলৈকে সমগ্ৰ মূল্য শৃংখলাটোতে তথ্য ব্যৱস্থাটো কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা উচিত, যিয়ে অধিক অৱগত হস্তক্ষেপ, উন্নত লক্ষ্য নিৰ্ধাৰণ আৰু তথ্য-ভিত্তিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব। তেওঁ ‘এগ্ৰিষ্টেক’ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক শলাগ লয় আৰু কৃষকসকলৰ বাবে উন্নত ফলাফল প্ৰদানৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

ডিজিটেল এৰেষ্টৰ ঘটনাসহ চাইবাৰ জালিয়াতিৰ গোচৰসমূহ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশিক্ষণ, সচেতনতা আৰু শিক্ষাৰ ওপৰত অবিৰত গুৰুত্ব আৰোপ কৰি প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিব লাগিব। তেওঁ বিশেষকৈ জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী আৰু অন্যান্য সংবেদনশীল শ্ৰেণীৰ লোকসকলক সাধাৰণ জালিয়াতিৰ কৌশল, সতৰ্কতামূলক চিন আৰু সুৰক্ষিত ডিজিটেল পদ্ধতিৰ বিষয়ে অৱগত কৰিবলৈ নিৰন্তৰ তথা লক্ষ্যভিত্তিক জনসজাগতামূলক অভিযান চলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চাইবাৰ জালিয়াতিৰ উদীয়মান পদ্ধতিসমূহ চিনাক্ত কৰি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ জড়িত কৰ্মচাৰীসকলৰ নিয়মীয়া ক্ষমতা বৃদ্ধিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

***

MJPS/SS/VJ/DB