পি এম ইণ্ডিয়া
মোৰ প্ৰিয় দেশবাসীসকল,
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।
আজি স্বাধীনতাৰ এই অমৃত মহোত্সৱৰ এই পবিত্ৰ মুহূৰ্তত দেশে সকলো সতন্ত্ৰতা সেনানী, ৰাষ্ট্ৰৰ সুৰক্ষাত নিজকে দিনে-ৰাতিয়ে উজাগৰে ৰাখোতা, আহুতি দিওতা বীৰ-বীৰাংগণাসকলক আজি প্ৰণিপাত জনাইছে। স্বাধীনতাক জন-আন্দোলনলৈ ৰূপান্তৰিত কৰোতা, পূজনীয় বাপুয়েই হওক, অথবা স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰোতা নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, বিস্মিল আৰু অশফাক উল্লা খানৰ দৰে মহান ক্ৰান্তীবীৰসকলেই হওক, ঝাঁসীৰ ৰাণী লক্ষ্মীবাঈয়েই হওক, চিত্তোৰৰ ৰাণী চেন্নেমাই হওক অথবা ৰাণী গাইডালুয়েই হওক, অথবা অসমৰ মাতংগিনী হাজাৰাৰ পৰাক্ৰমেই হওক, দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুজীয়েই হওক, দেশক একত্ৰিত ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেলেই হওক, ভাৰতৰ ভৱিষ্যতৰ দিক নিৰ্ধাৰিত কৰোতা, পথৰ সন্ধান দিওতা বাবা চাহেব আম্বেডকাৰসহ দেশৰ সকলো ব্যক্তি, সকলো ব্যক্তিত্বক আজি স্মৰণ কৰিছে। দেশ এইসকল মহাপুৰুষৰ ঋণগ্ৰাহী!
ভাৰততো বহুৰত্না বসুন্ধৰাই হয়! আজি ভাৰতৰ প্ৰতিটো কোণত, প্ৰতিটো কালখণ্ডত অগণন লোকে যাৰ নামেই হয়তো ইতিহাসৰ পাতত লিখিত নহ’ল, এনে অগণন লোকে এইখন ৰাষ্ট্ৰক নিৰ্মাণ কৰিছে, আগুৱায়ো নিছে, মই এনে সকলো ব্যক্তিত্বকে বন্দনা কৰিছো, তেওঁলোকক অভিনন্দন জনাইছো।
ভাৰতে শতাব্দীৰ পৰা শতাব্দী ধৰি মাতৃভূমি, সংস্কৃতি আৰু স্বাধীনতাৰ বাবে সংঘৰ্ষ কৰিছে। পৰাধীনতাৰ আঘাত স্বত্বেও, স্বাধীনতাৰ আকাংক্ষাক এইখন দেশে শতাব্দী ধৰি কেতিয়াও পৰিত্যাগ কৰা নাছিল। জয়-পৰাজয় আহি থাকে গৈ থাকে, কিন্তু মনমন্দিৰত প্ৰতিষ্ঠিত হোৱা স্বাধীনতাৰ আকাংক্ষা কেতিয়াও শেষ হ’বলৈ দিয়া নাছিল। আজি এই সংঘৰ্ষৰ সকলো পুৰোধা, শতাব্দীজোৰা সংঘৰ্ষৰ মহামনাসকলক প্ৰণাম জনোৱাৰ সময় সমাগত হৈছে আৰু তেওঁলোক এই প্ৰণামৰ হকদাৰো হয়।
ক’ৰোনা বিশ্ব মহামাৰী, এই মহামাৰীৰ কালত আমাৰ চিকিত্সক, আমাৰ নাৰ্ছ, আমাৰ পেৰামেডিকেল কৰ্মী, আমাৰ চাফাইকৰ্মী, প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জড়িত হৈ থকা বিজ্ঞানীয়েই হওক, সেৱা ভাৱনাৰে জড়িত কোটি কোটিজন দেশবাসীয়েই হওক, যিসকলে এই ক’ৰোনা-কালখণ্ডত নিজৰ প্ৰতিটো পল জনসেৱাত সমৰ্পিত কৰিছে। এইসকলো আমাৰ বন্দনাৰ অধিকাৰী হয়।
আজিৰ তাৰিখতো দেশৰ কেতবোৰ অঞ্চলত বান, ভূমিস্খলনৰ তাণ্ডৱ অব্যাহত আছে। কেতবোৰ পীড়াদায়ক খবৰ আহিয়েই থাকে। কেতবোৰ ক্ষেত্ৰত ৰাইজৰ সংকট বাঢ়ি গৈছে। এনে সময়ত কেন্দ্ৰীয় চৰকাৰেই হওক, ৰাজ্য চৰকাৰেই হওক, সকলোৱেই তেওঁলোকৰ সৈতে সহায়ৰ হাত হৈ থিয় দিছেগৈ। আজি এই আয়োজনত, অলিম্পিকত ভাৰত, ভাৰতৰ যুৱ-প্ৰজন্মই যিসকলে ভাৰতৰ নাম উজলাইছে। এনে এথলিট, আমাৰ খেলুৱৈসকল আমাৰ মাজত উপস্থিত আছে।
কিছুসংখ্যক ইয়াত আছে, কিছুসংখ্যক সন্মুখত বহিছে। মই আজি দেশবাসীক, যিসকল ইয়াত উপস্থিত আছে তেওঁলোকক আৰু হিন্দুস্থানৰ কোণাই কোণাই এই সমাৰোহত সংযোজিত হোৱা সকলোকে ক’ব খুজিছো যে আমাৰ খেলুৱৈসকলক কৰধ্বনিৰে সন্মানিত কৰক।
ভাৰতক খেলত সন্মান, ভাৰতৰ যুৱ-প্ৰজন্মৰ সন্মান, ভাৰতক গৌৰৱান্বিতকৰোতা যুৱবৃন্দৰ সন্মান। দেশ…কোটি কোটি দেশবাসীয়ে আজি কৰ ধ্বনিৰে আমাৰ জোৱানসকলৰ, দেশৰ যুৱ-প্ৰজন্মক অভিনন্দন জনাইছে, সন্মানিত কৰিছে। এথলিটসকলে বিশেষকৈ…আমি এইলৈ গৰ্ব কৰিব পাৰো যে তেওঁলোকে আমাৰ হৃদয়েই কেৱল জয় কৰা নাই, তেওঁলোকে আনকি আহিবলগীয়া প্ৰজন্মসমূহকো, ভাৰতৰ যুৱ-প্ৰজন্মসমূহকো অনুপ্ৰাণিত কৰাৰ দৰে বৃহত কাম কৰিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
আমি স্বাধীনতাক উদযাপন নিশ্চয় কৰো, কিন্তু দেশ বিভাজনৰ বেদনাই আজিও প্ৰতিগৰাকী হিন্দুস্থানীৰ বুকু চিৰাচিৰ কৰি পেলায়। এয়া যোৱা শতিকাৰ সকলোতকৈ বৃহত্ ‘ত্ৰেজেদী’ৰ অন্যতম আছিল। স্বাধীনতাৰ পিচত এইসকল লোকক বহুত সোনকালেই পাহৰি পেলোৱা হ’ল। কালি মাত্ৰ ভাৰতে এক আবেগিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটোক ‘বিভাজন বিভিষিকাৰ স্মৃতি দিৱস’ হিচাপে স্মৰণ কৰা হ’ব। যিসকল লোক বিভাজনৰ সময়ত অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল, যিসকলে অত্যাচাৰ সহিবলগীয়া হ’ল, যিসকল লোকৰ সন্মানৰে অন্তিম সংস্কাৰো সম্পন্ন নহ’ল, তেওঁলোকৰ স্মৃতিও আমাৰ মনত সজীৱ হৈ থকাটো সিমানেই প্ৰয়োজনীয় হয়। স্বাধীনতাৰ ৭৫সংখ্যক ‘স্বতন্ত্ৰতা দিৱস’ত ‘বিভাজন বিভিষিকা স্মৃতি দিৱস’ৰ সিদ্ধান্ত গ্ৰহণ কৰা, এইসকল লোকক ভাৰতবাসীৰ তৰফৰ পৰা আদৰপূৰ্বক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ দৰেই হৈছে।
মোৰ প্ৰিয় দেশবাসীসকল,
প্ৰগতি পথৰে আগুৱাই যোৱা আমাৰ দেশৰ সন্মুখত আৰু বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ সন্মুখত ক’ৰোনাৰ এই কালখণ্ডই বহুত ডাঙৰ প্ৰত্যাহ্বান লৈ সমাগত হৈছেহি। ভাৰতবাসীয়ে বহুত সংযম, বহুত ধৈৰ্যৰে এই যুঁজত অৱতীৰ্ণও হৈছে। এই যুঁজত আমাৰ সন্মুখত অনেক প্ৰত্যাহ্বানেই আছিল। কিন্তু সকলো ক্ষেত্ৰত আমি দেশবাসীয়ে অসাধাৰণ গতিৰে কাম কৰিছো। আমাৰ বৈজ্ঞানিকসকলে, আমাৰ উদ্যোগীসকলৰ শক্তিৰেই পৰিণতিত ভাৰতে আজি প্ৰতিষেধক বিচাৰি আনৰ মুখলৈ চাবলগীয়া নহয়। আপোনালোকে কল্পনা কৰিকচোন, এক মুহূৰ্তৰ বাবে ভাবকচোন যদি ভাৰতৰ নিজা প্ৰতিষেধক নাথাকিলহেতেন কি পৰিস্থিতিৰ উদ্ভৱ হ’লহেতেন! পলিঅ’ৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে আমি কিমানটা বছৰ অতিবাহিত কৰিবলগীয়া হৈছিল!
ইমান ডাঙৰ সংকটত, যেতিয়া সমগ্ৰ বিশ্বতে মহামাৰী হৈছে, তেনে পৰিস্থিতিত আমিনো প্ৰতিষেধক পালোহেতেন কেনেকৈ? ভাৰতে পালেহেতেন নেইবা নাই? পিচে, আজি গৌৰৱৰে ক’ব পাৰো যে পৃথিৱীৰ সকলোতকৈ বৃহত্ টীকাকৰণ অভিযান আমাৰ দেশত চলি আছে। ৫৪কোটিৰো অধিক লোকে প্ৰতিষেধক ইতিমধ্যে গ্ৰহণ কৰিছে। ‘ক’উইন’ৰ দৰে অনলাইন ব্যৱস্থা, ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা ব্যৱস্থাই আজি পৃথিৱীবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। মহামাৰীৰ সময়ত ভাৰতে যেনেকৈ ৮০কোটি দেশবাসীক কেবামাহো ধৰি নিৰন্তৰ বিনামূলীয়া খাদ্য সামগ্ৰী প্ৰদান কৰি দুখীয়া-দৰিদ্ৰৰ ঘৰৰ জুহাল জ্বলাই ৰখাৰ ব্যৱস্থা কৰিলে, এয়াও পৃথিৱীৰ বাবে অন্য এক চৰ্চাৰ বিষয় হিচাপেই চিহ্নিত হৈছে। এই কথা সঁচা যে অন্য দেশৰ তুলনাত ভাৰতত কম সংখ্যক লোক সংক্ৰমিত হৈছে, এয়াও সঁচা যে পৃথিৱীৰ অন্য বহুদেশৰ জনসংখ্যাৰ তুলনাত ভাৰতত আমি অধিকতম মাত্ৰাত আমাৰ নাগৰিকক বচাবলৈ সক্ষম হৈছো, পিচে এয়া আমাৰ বাবে উল্লসিত হ’ব পৰা বিষয় নিশ্চয় নহয়। সন্তুষ্টি লভি শুই যাব পৰাৰ দৰে বিষয়ো নহয়। এনেকৈ ক’ব পাৰে যে এনে কোনো প্ৰত্যাহ্বান নাছিল যি আমাৰ বিকাশৰ পথ অৱৰুদ্ধ কৰিব পৰা চিন্তাৰ উত্স হৈ পৰিব পাৰে।
পৃথিৱীৰ সমৃদ্ধ দেশসমূহৰ তুলনাত আমাৰ সা-সুবিধা কম, বিশ্বত, সমৃদ্ধ দেশসমূহত যি ব্যৱস্থা আছে সেইবোৰ আমাৰ হাতত নাই। পিচে, এই সকলো প্ৰয়াসৰ পিচতো কিন্তু…আৰু আনহাতে আমাৰ দেশত জনসংখ্যাও কিন্তু বহুত। বিশ্বৰ তুলনাত বহুত জনসংখ্যা আছে আৰু আমাৰ জীৱনশৈলীও কিছু পৃথক। সকলো প্ৰয়াসৰ পিচতো কিন্তু কিমানযে লোকক আমি বচাব নোৱাৰিলো। কিমানযে শিশুৰ অভিভাৱক হেৰুৱাবলগীয়া হ’ল। তেওঁলোকক নিচুকুৱাব পৰা, তেওঁলোকৰ জেদ পূৰাব পৰাসকল প্ৰয়াত হ’ল। এই অসহনীয় বেদনা চিৰদিনৰ বাবে হৃদয়ত চাগৈ ৰৈ যাব।
মোৰ প্ৰিয় দেশবাসীসকল,
সকলো দেশৰ বিকাশ যাত্ৰাত এনে একোটা সময় আহে যেতিয়া দেশে নিজকে নতুন মানসিকতাৰে পৰিভাষিত কৰে। নিজকে নতুন সংকল্পৰ সৈতে আগুৱাই নিয়াৰ প্ৰয়াস কৰে। ভাৰতৰ বিকাশ যাত্ৰাতো আজি সেই সময় সমাগত হৈছে। ৭৫ বৰ্ষৰ এই উপলক্ষত আমি এটা সমাৰোহ অনুষ্ঠিত কৰাৰ মাজতে সীমিত হৈ থাকিব নালাগিব। আমি নতুন সংকল্পসমূহক আধাৰ কৰি ল’ব লাগিব। নতুন সংকল্প গ্ৰহণ কৰি আগুৱাই যাব লাগিব। ইয়াত আৰম্ভণি কৰি আগন্তুক ২৫টা বৰ্ষৰ যাত্ৰাত যেতিয়া আমি স্বাধীনতাৰ শতাব্দী উদযাপন কৰিমগৈ নতুন ভাৰতৰ সৃজনৰ এয়া অমৃত কাল বুলি চিহ্নিত হ’ব। এই অমৃতকালত আমাৰ সংকল্পসমূহৰ সিদ্ধি, আমি স্বাধীনতাৰ এশ বৰ্ষ পৰ্যন্ত আগুৱাই লৈ যাব লাগিব। গৌৰৱপূৰ্ণ ৰূপত লৈ যাব লাগিব।
অমৃতকালৰ লক্ষ্যই হৈছে, ভাৰত আৰু ভাৰতৰ নাগৰিকসকলৰ বাবে সমৃদ্ধিৰ এক নতুন শিখৰত আৰোহণ। অমৃত কালৰ লক্ষ্যই হৈছে এনে এখন ভাৰতৰ নিৰ্মাণ য’ত সুবিধাসমূহ গাঁও আৰু চহৰসমূহক বিভাজিত কৰিব পৰা বিধৰ নহয়। অমৃত কালৰ লক্ষ্যই হৈছে এনে এখন ভাৰতৰ নিৰ্মাণ য’ত নাগৰিকসকলৰ জীৱন চৰকাৰৰ অকাৰণ হস্তক্ষেপশূণ্য হ’ব। অমৃত কালৰ লক্ষ্যই হৈছে এনেকুৱা ভাৰতৰ নিৰ্মাণ কৰা য’ত পৃথিৱীৰ সকলো আধুনিক আন্তঃগাঁথনি উপলব্ধ হ’ব।
আমি আনতকৈ কোনো গুণে কম নহয়। এয়াই কোটি কোটি দেশবাসীয়ে গ্ৰহণ কৰা সংকল্প। কিন্তু সংকল্প সেই পৰ্যন্ত আধৰুৱা হৈ ৰয় যি পৰ্যন্ত সংকল্পৰ সৈতে পৰিশ্ৰম আৰু পৰাক্ৰমৰ পৰাকাষ্ঠা জড়িত নহয়। সেয়ে আমি আমাৰ সকলো সংকল্পক পৰিশ্ৰম আৰু পৰাক্ৰমৰ পৰাকাষ্ঠাৰে সিদ্ধ কৰিবই লাগিব আৰু এই সপোন, এই সংকল্প নিজৰ সীমান্তত সুৰক্ষিত আৰু সমৃদ্ধ বিশ্বৰ বাবে প্ৰভাৱী যোগদানৰ বাবে হ’ব লাগিব।
অমৃত কাল ২৫বছৰৰ। কিন্তু আমি লক্ষ্য প্ৰাপ্তিৰ বাবে ইমান দীঘলীয়া অপেক্ষাও কৰিব নোৱাৰো। আমি এতিয়াৰে পৰাই জড়িত হৈ পৰিব লাগিব। আমাৰ হাতত হেৰুৱাবলৈ এটা পলো নাই। এয়াই সময়, উচিত সময়। আমাৰ দেশকো সলাব লাগিব, আমি নাগৰিক হিচাপেও নিজকে নিজেই সলনি কৰিব লাগিব। পৰিৱৰ্তিত যুগৰ অনুকূলে আমিও নিজকে সলাব লাগিব। ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ তিনিটা মন্ত্ৰৰ সৈতে আমি সকলো জড়িত হৈ পৰিছো। আজি লাল কিল্লাৰ প্ৰাচীৰৰ পৰা আহ্বান কৰিছো। ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু এতিয়া সকলোৰে প্ৰয়াস’-য়ে আমাৰ প্ৰতিটো লক্ষ্যৰ প্ৰাপ্তিৰ বাবে বহুত মহত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিগত সাতটা বছৰত আৰম্ভ হোৱা অনেক যোজনাৰ লাভ কোটি কোটি দুখীয়াক তেওঁলোকৰ ঘৰ পৰ্যন্ত পোৱাৰ ব্যৱস্থা কৰি দিছে। ‘উজ্জ্বলা’ৰ পৰা ‘আয়ুষ্মান ভাৰত’ৰ শক্তি কিমান আজি দেশৰ প্ৰতিগৰাকী দৰিদ্ৰই জানে। আজি চৰকাৰী যোজনাসমূহৰ গতি বাঢ়িছে। সেইসমূহে নিৰ্দ্ধাৰিত লক্ষ্য প্ৰাপ্ত কৰিছে। আগৰ তুলনাত আমি বহুত দ্ৰুততাৰে আগবাঢ়িব পাৰিছো। কিন্তু কথা ইয়াতে সম্পূৰ্ণ নহয়। এতিয়া আমি অন্তিম সীমা পৰ্যন্ত যাব লাগিব, সম্পূৰ্ণতা পৰ্যন্ত যাব লাগিব। এশ শতাংশ গাঁৱত ৰাস্তা হওক, এশ শতাংশ পৰিয়ালৰ বেংক একাউণ্ট হওক, এশ শতাংশ হিতাধিকাৰীয়ে ‘আয়ুষ্মান ভাৰত’ৰ কাৰ্ড লাভ কৰক, এশ শতাংশ ব্যক্তিয়ে ‘উজ্জ্বলা যোজনা’ আৰু গেছৰ সংযোগ লাভ কৰক। চৰকাৰৰ বীমা যোজনাই হওক কিম্বা পেন্সন যোজনা, আবাস যোজনাৰে আমি এনে প্ৰতিগৰাকী ব্যক্তিক জড়িত কৰিম, যি প্ৰকৃততেই ইয়াৰ দাবীদাৰ হয়। এশ শতাংশৰ ‘মুড’ তৈয়াৰ কৰি আগুৱাই যাব লাগিব।
যেনেকৈ আমি এশ শতাংশ ঘৰলৈ বিজুলীৰ প্ৰবাহ নিশ্চিত কৰিছো, যেনেকৈ আমি এশ শতাংশ ঘৰত পায়খানা সাজি দিয়াৰ প্ৰামাণিক প্ৰয়াস কৰিছো, ঠিক তেনেকৈয়ে আমি যোজনাসমূহক শেষ পৰ্যায় পৰ্যন্ত নিয়াৰ লক্ষ্য গ্ৰহণ কৰি আগুৱাই যাব লাগিব আৰু ইয়াৰ বাবে আমি সময়সীমা বহুত ৰাখিব নালাগিব। আমি কেইটামান বছৰৰ ভিতৰতে আমাৰ সংকল্পসমূহক সাকাৰ ৰূপ দিব লাগিব।
দেশে আজি প্ৰতিটো ঘৰত পানীৰ মিছন লৈ দ্ৰুত গতিৰে কাম কৰি আছে। মোৰ ভাল লাগিছে যে ‘জলজীৱন মিছন’ৰ মাত্ৰ দুটা বছৰতে চাৰে চাৰি কোটিৰো অধিক পৰিয়ালক নল সংযোজিত পানীৰ যোগান নিশ্চিত কৰা হৈছে…পাইপৰে পানী পাবলৈ ধৰিছে। কোটি কোটি মাতৃ-ভগ্নীৰ আশীৰ্বাদ, এয়াই আমাৰ পুঁজি। এই এশ শতাংশৰ আটাইতকৈ লাভ এয়াই হয় যে চৰকাৰী যোজনাৰ লাভৰ পৰা কোনো ব্যক্তিয়েই বঞ্চিত হ’বলগীয়া নহয়। যেতিয়া চৰকাৰে এই লক্ষ্য লৈ আগবাঢ়ে যে আমি সমাজৰ শেষগৰাকী ব্যক্তি পৰ্যন্ত স্পৰ্শ কৰিবগৈ লাগিব তেতিয়া জনো কিবা ভেদ ভাৱ হোৱাৰ সম্ভাৱনা থাকে আৰু ভ্ৰষ্টাচাৰতো কথাই নাথাকে।
মোৰ প্ৰিয় দেশবাসীসকল,
দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ, প্ৰতিগৰাকী ব্যক্তি পৰ্যন্ত পুষ্টিৰ যোগান ধৰাতো চৰকাৰৰ প্ৰাথমিকতা। দুখীয়া মহিলা, দুখীয়া শিশুৰ নিশকতীয়া স্বাস্থ্য আৰু অপুষ্টিয়ে তেওঁলোকৰ বিকাশত বাধাৰ সৃষ্টি কৰে। এই কথা দেখিয়েই চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে যিখিনি চাউল দুখীয়াসকলক দি আহিছে, সেই চাউল ‘ফৰ্টিফাই’ কৰাৰ দিহা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুখীয়াসকলক পোষণযুক্ত চাউল প্ৰদান কৰা হ’ব। ৰেচনৰ দোকানত পোৱা চাউলেই হওক, মধ্যাহ্ন ভোজনৰ বাবে শিশুসকলে লাভ কৰা চাউলেই হওক, ২০২৪ চন পৰ্যন্ত প্ৰতিখন যোজনাৰ মাধ্যমৰে পাব লগা চাউল ‘ফৰ্টিফাই’ কৰি দিয়া হ’ব।
মোৰ প্ৰিয় দেশবাসীসকল,
আজি দেশত প্ৰতি গৰাকী দুখীয়া পৰ্যন্ত উন্নত স্বাস্থ্য সুবিধা আগবঢ়োৱাৰ অভিযান দ্ৰুত গতিৰে চলি আছে। ইয়াৰ বাবে মেডিকেল শিক্ষাত ডাঙৰ ডাঙৰ সংস্কাৰ কৰা হৈছে। ‘প্ৰিভেণ্টিভ হেল্থকেয়াৰ’ৰ ক্ষেত্ৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে। সেইদৰে দেশত মেডিকেলৰ আসনো বহু পৰিমাণে বৃদ্ধি কৰা হৈছে। ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত দেশৰ গাঁৱে গাঁৱে মানসম্পন্ন স্বাস্থ্যসেৱা উপলব্ধ কৰোৱা হৈছে। ‘জন ঔষধী যোজনা’ৰ মাধ্যমৰে দৰিদ্ৰসকলক, মধ্যমবৰ্গক সুলভ মূল্যত ঔষধৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। এই পৰ্যন্ত ৭৫হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এতিয়া ‘ব্লক’ পৰ্যায়ত ভাল হাস্পটাল আৰু আধুনিক পৰীক্ষাগাৰৰ নেটৱৰ্ক স্থাপনত বিশেষ গুৰুত্ব প্ৰাদান কৰা হৈছে। অচীৰেই দেশৰ কেবা সহস্ৰ হাস্পটালত নিজাববীয়াকৈ অক্সিজেন প্ৰকল্প স্থাপিত হ’ব।
মোৰ প্ৰিয় দেশবাসীসকল,
একৈশ শতিকাত ভাৰতক নতুন শিখৰলৈ নিয়াৰ বাবে ভাৰতৰ সামৰ্থ্যৰ উচিত ব্যৱহাৰ…সম্পূৰ্ণ ব্যৱহাৰ কৰাটো সময়ৰ আহ্বান। বহুত জৰুৰী। ইয়াৰ বাবে যিবোৰ শ্ৰেণী পিচ পৰি আছে, যিবোৰ এলেকা পিচ পৰি ৰৈছে, তেওঁলোকক আগুৱাই আনিব লাগিব। বুনিয়াদী প্ৰয়োজনীয়তাসমূহৰ কথা ভবাৰ লগতে দলিত, পীড়িত, পিচপৰা, আদিবাসী, সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰৰ বাবে সংৰক্ষণ সুনিশ্চিত কৰা হৈছে। অলপতে মেডিকেল শিক্ষাক্ষেত্ৰত সৰ্ব ভাৰতীয় ‘কোটা’ত ‘অ’বিচি’ শ্ৰেণীৰো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সংসদত আইন কৰি ‘অ’বিচি’-ৰে জড়িত প্ৰসংগসমূহৰ তালিকা তৈয়াৰ কৰাৰ অধিকাৰ ৰাজ্যসমূহক প্ৰদান কৰা হৈছে।
মোৰ প্ৰিয় দেশবাসীসকল,
সমাজৰ কোনো ব্যক্তিয়েই যাতে সমাজৰ বিকাশ যাত্ৰাৰ পৰা বঞ্চিত হ’ব নালাগে, কোনোটো শ্ৰেণীয়েই বঞ্চিত নহয়, দেশৰ কোনো এটা প্ৰান্তই বঞ্চিত হ’ব নালাগে সেয়া নিশ্চিত কৰাৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিছো। বিকাশ ‘সৰ্বাংগিণ’ হোৱা উচিত, বিকাশ ‘সৰ্বস্পৰ্শী’ হোৱা উচিত, বিকাশ ‘সৰ্বসমাৱেশক’ হোৱা উচিত। সমাজৰ এনে ক্ষেত্ৰসমূহক আগুৱাই অনাৰ বাবে বিগতে সাতটা বছৰত যি প্ৰয়াস কৰি থকা হৈছে, এতিয়া তাৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। আমাৰ পূব ভাৰত, উত্তৰ-পূৰ্বাঞ্চল, জম্মু-কাশ্মীৰ, লাডাখসহ সম্পূৰ্ণ হিমালয় ক্ষেত্ৰ, আমাৰ উপকূল অঞ্চলেই হওক কিম্বা আদি অঞ্চলেই হওক এইবোৰে ভৱিষ্যতে ভাৰতৰ বিকাশৰ, ভাৰতৰ বিকাশ যাত্ৰাৰ শক্তিশালী বুনিয়াদ ৰচনা কৰিব।
আজি উত্তৰ-পূৰ্বাঞ্চলত সংযোজনৰ নতুন ইতিহাস লিখা হৈছে। এই সংযোজন হৃদয়ৰতো হয়েই আন্তঃগাঁথনিৰো। অচীৰেই উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীসমূহক ৰে’ল সেৱাৰে সংযোজিত কাম সম্পূৰ্ণ হোৱাৰ দিশত। ‘এক্ট ইষ্ট পলিচী’ৰ অধীনত আজি উত্তৰ-পূব, বাংলাদেশ, ম্যানমাৰ আৰু দক্ষিণ-পূব এছীয়াৰেও সংযোজিত হৈ আছে। বিগত বছৰসমূহত যি প্ৰয়াস অব্যাহত ৰখা হৈছে, তাৰ পৰিণতিতে উত্তৰ-পূবত স্থায়ী-শান্তিৰ বাবে, শ্ৰেষ্ঠ ভাৰতৰ নিৰ্মাণৰ বাবে উত্সাহ অনেক গুণে বৃদ্ধি পাইছে।
উত্তৰ-পূবত…পৰ্যটন, দুঃসাহসিক ক্ৰীড়া, জৈৱিক কৃষি, বনৌষধী, তৈল খাদ আদিৰ সম্ভাৱনীয়তা বহুত বেছি। আমি এই সম্ভাৱনীয়তাসমূহৰ সদ্ব্যৱহাৰত মনোনিৱেশ কৰিব লাগিব।
জম্মু-কাশ্মীৰত ‘ডিলিমিটেশ্যন কমিশ্যন’ গঠনৰ কাম সম্পূৰ্ণ হৈছে আৰু ভৱিষ্যতৰ বিধানসভাৰ নিৰ্বাচনৰ বাবেও প্ৰস্তুতি চলাই থকা হৈছে। লাডাখেও বিকাশৰ অসীম সম্ভাৱনাৰ দিশত আগবাঢ়ি গৈছে। এফালে লাডাখত আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ হোৱা দেখিবলৈ পোৱা গৈছে, আনফালে আকৌ ‘সিন্ধু কেন্দ্ৰীয় বিশ্ববিদ্যালয়’ লাডাখৰ উচ্চ শিক্ষাৰ কেন্দ্ৰৰ ৰূপত নিৰ্মিত হৈ উঠিছে।
একৈশ শতিকাৰ এই দশকটোতে ভাৰতে ‘নীল অৰ্থনীতি’ক লৈ আৰম্ভ কৰা প্ৰয়াসসমূহক আৰু দ্ৰুত কৰি তুলিব। আমি ‘একুৱাকালছাৰ’ৰ লগতে ‘ছীউইড’ৰ খেতিৰ সম্ভাৱনাসমূহ বিচাৰি উলিয়াবলৈ প্ৰয়াস কৰিম। ‘গভীৰ মহাসমুদ্ৰ অভিযান’ সাগৰ-মহাসাগৰৰ অসীম সম্ভাৱনাৱলীক বিচাৰি উলিওৱাৰ বাবে আমি পোষণ কৰা মহতাকাংক্ষাৰ পৰিণামেই হয়। যি খনিজ সম্পদ সমুদ্ৰত লুকাই আছে, যি তাপ-শক্তি সমুদ্ৰৰ পানীত আছে, সেয়াই দেশৰ বিকাশক উচ্চ শিখৰলৈ লৈ যাব পাৰিব।
মোৰ প্ৰিয় দেশবাসীসকল,
অৰ্থজগতত ‘পুঁজিবাদ’ আৰু ‘সমাজবাদ’ৰ চৰ্চাতো অনেক হৈছে, কিন্তু ভাৰতে ‘সহযোগিতাবাদ’ৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। ‘সহযোগিতাবাদ’ দৰাচলতে আমাৰ পৰম্পৰা, আমাৰ সংস্কাৰৰো অনুকূল হয়। ‘সহযোগিতাবাদ’, য’ত জনতা-জনাৰ্দ্দনৰ সামূহিক শক্তি অৰ্থব্যৱস্থাৰ চালিকাশক্তিৰ ৰূপত ‘ড্ৰাইভিং ফৰ্চ’ হয়, ই দেশৰ তৃণমূল পৰ্যায়ৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। সমবায়সমূহ, এয়া কেৱল নিয়ম-কানুনৰ মেৰ-পেচৰে ভৰা এক ব্যৱস্থা নহয়; বৰং সমবায় এক ‘উদ্দীপণা’, সমবায় এক ‘সংস্কাৰ’, সমবায় এক ‘মানসিকতা’। ইয়াৰ সবলীকৰণ কৰাৰ বাবে আমি পৃথককৈ মন্ত্ৰালয় স্থাপন কৰি এই দিশত পদক্ষেপ গ্ৰহণ কৰিছো আৰু ৰাজ্যসমূহত যি সহযোগী ক্ষেত্ৰ আছে সেইসমূহক যিমান পাৰি অধিক গুৰুত্ব দিব পাৰে সেয়া দিয়াৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছো।
‘ফচল বীমা যোজনা’ৰ সংস্কাৰেই হওক, ‘এমএছপি’-ৰ হাৰ দেৰগুণ বৃদ্ধি কৰাৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তই হওক, ক্ষুদ্ৰ কৃষকসকলক ‘কিষাণ ঋণ পত্ৰ’ৰ জৰিয়তে সুলভ সুদৰ বিপৰীতে ঋণৰ ব্যৱস্থাই হওক, সৌৰ শক্তিৰে জড়িত আঁচনিসমূহ খেতিপথাৰ পৰ্যন্ত প্ৰেৰণৰ কথাই হওক, ‘কিষাণ-উত্পাদক সংগঠনে’ই হওক…এই সকলো প্ৰয়াসে ক্ষুদ্ৰ কৃষকসকলৰ শক্তি প্ৰদান কৰিব। আগন্তুক সময়ত ব্লক পৰ্যায় পৰ্যন্ত পণ্যাগাৰৰ সুবিধা গঢ়ি তোলাৰ অভিযান চলোৱা হ’ব। প্ৰতিগৰাকী ক্ষুদ্ৰ খেতিয়কৰ সৰু সৰু খৰছ পাতিৰ প্ৰতি নজৰ ৰাখি ‘পিএম কৃষক সন্মান নিধি যোজনা’ৰ প্ৰচলন কৰা হৈছে। দহ কোটিৰো অধিক খেতিয়ক পৰিয়ালৰ ‘বেংক একাউণ্ট’ত এই পৰ্যন্ত ডেৰ লাখ কোটিৰো অধিক টকা প্ৰত্যক্ষ হস্তাৰণ ব্যৱস্থাৰে জমা কৰাৰ দিহা কৰা হৈছে। ক্ষুদ্ৰ খেতিয়কসকল এতিয়া আমাৰ বাবে মন্ত্ৰ স্বৰূপ হৈ উঠিছে। ‘চোটা কৃষাণ বনে দেশ কী চান…’ ‘ক্ষুদ্ৰ কৃষক হওক দেশৰ পৰিচয়…’। এয়াই আমাৰ সপোন। আগন্তুক বৰ্ষত আমি ক্ষুদ্ৰ কৃষকৰ সামূহিক শক্তিক আৰু বৃদ্ধি কৰিব লাগিব। নতুন সুবিধাসমূহ দিব লাগিব। আজি দেশৰ ৭০টাৰো ‘ৰে’ল ৰুটে’ৰে ‘কিষাণ ৰে’ল’ চলি আছে।
‘কিষাণ ৰে’ল’সমূহে ক্ষুদ্ৰ কৃষকৰ উত্পাদিত ফচলসমূহ সুলভ পৰিবহণ খৰছত দূৰ-দূৰণিৰ বজাৰসমূহলৈ নি বিক্ৰীৰ সুবিধা কৰি দিছে। ‘শ্বাহী লিচু’য়েই হওক কিম্বা ‘ভোট জলকীয়া’ই হওক, ক’লা চাউল কিম্বা হালধীৰ দৰে সা-সামগ্ৰীয়েই হওক অসংখ্য উত্পাদিত সা-সামগ্ৰী বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব পৰা হৈছে। আজি দেশৰ আনন্দ লাগিছে, কিয়নো ভাৰতৰ মাটিত উত্পাদিত সামগ্ৰীৰ সৌগন্ধ পৃথিৱীৰ অন্য প্ৰান্তসমূহলৈও বিয়পাৰ সুযোগ লাভ কৰিছে। ভাৰতৰ খেতিপথাৰত উত্পাদিত শাক-পাচলি আৰু খাদ্যদ্ৰব্য আজি পৃথিবীৰ সোৱাদ হ’বগৈ পাৰিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
কেনেকৈ আজি গাঁৱৰ সামৰ্থ্য নিৰ্মাণ কৰা হৈছে। তাৰ এটা উদাহৰণ হৈছে ‘স্বামিত্ব যোজনা’। আমি সকলোৱে জানো যে গাঁৱত মাটিৰ মূল্যৰ অৱস্থা কি হয়। মাটিৰ বিপৰীতে তেওঁলোকে বেংকৰ পৰা কোনো ঋণ লাভ কৰিব নোৱাৰে, নিজেই মাটিৰ গৰাকী হোৱা স্বত্বেও। কিয়নো গাঁওসমূহত মাটিৰ নথী-পত্ৰৰ ক্ষেত্ৰত বহুকেইটা প্ৰজন্ম ধৰি কোনো কামেই কৰা হোৱা নাই। ৰাইজৰ কাষত ইয়াৰ কোনো ব্যৱস্থাই নাই। এই পৰিস্থিতি সলনি কৰাৰ কাম আজি ‘স্বামিত্ব যোজনা’ই কৰি আছে। আজি গাঁৱে গাঁৱে প্ৰতিটো ঘৰৰ, প্ৰতিডোখৰ মাটিৰ, ‘ড্ৰোণ’ৰ জৰিয়তে মানচিত্ৰ নিৰূপণৰ কাম চলি আছে। গাঁৱৰ মাটিৰ তথ্য আৰু সম্পত্তিৰ নথী-পত্ৰৰ অনলাইন ‘আপলোড’ কৰি থকা হৈছে। ইয়াৰ দ্বাৰা কেৱল গাঁৱৰ মাটিৰে জড়িত বিবাদকে সমাপ্ত কৰিব বিচৰা নাই বৰঞ্চ গাঁৱৰ ৰাইজক বেংকৰ পৰা সহজে ঋণ পোৱাৰ ব্যৱস্থাও কৰি দিয়া হৈছে। গাঁও দৰিদ্ৰৰ মাটি সংক্ৰান্তীয় বিবাদৰে নহয়, বিকাশৰো আধাৰ হওক, দেশে আজি এই দিশতো আগবাঢ়িব খুজিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
স্বামী বিবেকানন্দ জীয়ে যেতিয়া ভাৰতৰ ভৱিষ্যতৰ কথা কৈছিল, নিজৰ চকুৰ সন্মুখতে আই ভাৰতীৰ ভব্যতাৰ তেওঁ যেতিয়া দৰ্শন কৰিছিল, তেতিয়া তেওঁ কৈছিল যে- “যিমান খিনি সম্ভৱ, অতীতৰ ফালে চোৱা। পিচত যি চিৰ নতুন নিজৰা প্ৰবাহিত হৈ আছে, আকণ্ঠ তাৰ পানী পান কৰা আৰু তাৰ পিচত..”, স্বামী বিবেকানন্দ জীৰ বিশেষত্ব চাওকচোন, “তাৰ পিচত সন্মুখলৈ চোৱা। আগবাঢ়ি যোৱা আৰু ভাৰতক আগতকৈয়ো অধিক উজ্জ্বল, মহান শ্ৰেষ্ঠ কৰি গঢ়ি তোলা”। স্বাধীনতাৰ এই ৭৫ সংখ্যক বছৰত আমাৰ দায়িত্ব হৈছে এতিয়া আমি দেশৰ অসীম সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যোৱাটো। আমি মিলি-জুলি কাম কৰিব লাগিব ‘কাটিং এডজ ইন’ভেশ্যন’ৰ বাবে, আমি মিলিজুলি কাম কৰিব লাগিব ‘নিউ এজ টেকনল’জী’ৰ বাবে।
মোৰ প্ৰিয় দেশবাসীসকল,
আধুনিক বিশ্বত প্ৰগতিৰ বুনিয়াদ, আধুনিক আন্তঃগাঁথনিৰ ওপৰত গঢ়ি উঠে। ইয়ে মধ্যমবৰ্গৰ আৱশ্যকতাসমূহ, আকাংক্ষাসমূহকো পূৰণ কৰে। দুৰ্বল আন্তঃগাঁথনিৰ বহুত ডাঙৰ লোকচানটো আকৌ বিকাশৰ গতিৰ ক্ষেত্ৰতো হয়। চহৰীয়া মধ্যমবৰ্গৰো হয়।
মোৰ প্ৰিয় দেশবাসীসকল,
এই কথা হৃদয়ংগম কৰিয়েই জল, স্থল, আকাশকে ধৰি সকলো ক্ষেত্ৰত দেশে অসাধাৰণ গতিবেগ আৰু পৰিসৰৰে কাম কৰি দেখুৱাইছে। নতুন জলপথেই হওক, নতুন নতুন ঠাইক উৰাজাহজৰে সংযোজিত কৰাই হওক, দেশত দ্ৰুত গতিৰে কাম চলি আছে। ভাৰতীয় ৰে’লেও দ্ৰুতগতিৰে ‘আধুনিক অৱতাৰ’ ধাৰণ কৰিবলৈ প্ৰয়াস কৰি আছে। দেশে সংকল্প গ্ৰহণ কৰিছে যে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ, আপোনালোকে চাগৈ গম পাইছেই যে আমি ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ক ৭৫টা সপ্তাহ ধৰি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ১২মাৰ্চৰ পৰা আৰম্ভ হোৱা এই উদযাপন ২০২৩চনৰ ১৫আগষ্ট পৰ্যন্ত চলিব। সেয়ে দেশে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ ৭৫টা সপ্তাহত ৭৫খন ‘বন্দে ভাৰত’ ৰে’লগাড়ীয়ে দেশৰ প্ৰতিটো প্ৰান্তকে পৰস্পৰৰে সংযোজিত কৰিব। আজি যি গতিৰে দেশত বিমানবন্দৰৰ নিৰ্মাণ হৈ আছে, ‘উড়ান যোজনা’ৰ অধীনত দূৰ-দূৰণিৰ অঞ্চলসমূহক সংযোজিত কৰি আহিছে, এয়া নিতান্তই অভুপূৰ্ব বুলিয়েই চিহ্নিত হৈছে। আজি আমি দেখি আহিছো যে উন্নত ‘এয়াৰ কানেক্টিভিটী’য়ে কেনেকৈ ৰাইজৰ সপোনক উৰিবৰ বাবে নতুন ব্যৱস্থা প্ৰদান কৰিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
ভাৰতে আধুনিক আন্তঃগাঁথনিৰ সৈতে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ‘হ’লিষ্টিক এপ্ৰোচ’, ‘ইণ্ট্ৰিগ্ৰেটেড এপ্ৰোচ’-ক আদৰণি খুবেই আৱশ্যক। আগন্তুক কিছু সময়তে আমি কোটি কোটি দেশবাসীৰ স্বপ্ন বাস্তৱায়িত কৰিব লগা এক অতিকে বৃহত্ যোজনা, ‘প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনি’ৰ ‘ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ দেশৰ সন্মুখত মুকলি কৰিবলৈ সাজু হৈছো। এশলাখ কোটিৰো অধিক পৰিমাণৰ এই যোজনাই লাখ লাখ নজোৱানৰ বাবে জীৱন-জীৱিকাৰ নতুন নতুন সম্ভাৱনা কঢ়িয়াই আনিব। ‘গতিশক্তি’ আমাৰ দেশৰ বাবে এনে এক ‘ৰাষ্ট্ৰীয় আন্তঃগাঁথনি’ৰ মহা পৰিকল্পনা হ’ব যিয়ে ‘হ’লিষ্টিক’ আন্তঃগাঁথনিৰ বুনিয়াদ গঢ়ি তুলিব। আমাৰ অৰ্থনীতিক এক সংহত আৰু ‘হ’লিষ্টিক পাথৱে’’ প্ৰদান কৰিব। এতিয়া দেখিছো যে আমাৰ পৰিবহণৰ সংসাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ সামঞ্জস্য নাথাকে। ‘গতিশক্তি’য়ে এই স্থবিৰতা আঁতৰ কৰিব। ভৱিষ্যতৰ পথৰ পৰা এই সকলো বাধাকে আঁতৰাব। ইয়াৰ ফলত সাধাৰণ মানুহৰ বাবে কম সময়ত ভ্ৰমণ সম্ভৱ হ’ব আৰু আমাৰ উদ্যোগসমূহৰ উত্পাদনশীলতা আৰু অধিক বাঢ়িব। গতিশক্তিয়ে আমাৰ স্থানীয় উত্পাদনক গোলকীয় প্ৰতিযোগিতাত বৰ্তি থাকিব পৰা কৰি তোলাত বহুত সহযোগিতা আগবঢ়াব আৰু ইয়াৰ ফলত ‘ফিউচাৰ ইক’নমিক জ’ন’-ৰ নিৰ্মাণৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। অমৃতকালৰ এই দশকত গতিৰ শক্তি ভাৰতৰ কায়াকল্পৰ আধাৰ হৈ উঠিব।
মোৰ প্ৰিয় দেশবাসীসকল,
বিকাশৰ পথেৰে আগুৱাই থাকিও ভাৰতে নিজৰ উতপাদনশীলতা আৰু ৰপ্টানীৰ পৰিসৰ বঢ়াব লাগিব। আপোনালোকে দেখিছে, অলপ দিন আগতেহে ভাৰতে নিজৰ প্ৰথমখন স্বদেশী ‘এয়াৰক্ৰাফ্ট কেৰিয়াৰ আইএনএছ বিক্ৰান্ত’-ক সমুদ্ৰত পৰীক্ষামূলক ভ্ৰমণৰ বাবে পাৰি দিয়াইছে। ভাৰতে আজি নিজৰ যুদ্ধ বিমানৰ নিৰ্মাণ কৰি আছে, নিজৰ ‘ছাবমেৰিনো’ নিৰ্মাণ কৰি আছে। আকাশত নিচান উৰুৱাৰ বাবে ‘গগণ যানো’ সাজু হৈ উঠিছে। এয়াই স্বদেশী উত্পাদনশীলতাৰ ক্ষেত্ৰত আমাৰ সামৰ্থ্যকে প্ৰতিপন্ন কৰিছে।
ক’ৰোনাৰ পিচত উজ্জীৱিত হোৱা নতুন আৰ্থিক পৰিস্থিতিত ‘মে’ক ইন ইণ্ডিয়া’-ক স্থাপিত কৰাৰ বাবে দেশে ‘উত্পাদন সংযোজিত উদগণি আঁচনি’ও ঘোষণা কৰিছে। এই আঁচনিৰ জৰিয়তে যি পৰিৱৰ্তন সম্ভৱ হৈছে, তাৰ নিদৰ্শন ইলেক্ট্ৰনিক উত্পাদন খণ্ডৰে জড়িত। সাত বছৰৰ আগতে আমি আঠ বিলিয়ন ডলাৰৰ মোবাইল ফোন আমদানী কৰিছিলো। কিন্তু এতিয়া আমদানীৰ পৰিমাণ বহুখিনিয়েইতো কমিছেই, আজিৰ তাৰিখত আমি তিনি বিলিয়নৰ মোবাইল ফোন ৰপ্টানী কৰি আছো।
এতিয়া আমাৰ উত্পাদন খণ্ডই গতি লাভ কৰিছে যেতিয়া আমি এই কথাৰ প্ৰতিও দৃষ্টি ৰাখিব যে আমি ভাৰতত যিয়েই নবনাও কিয়, সেয়া উত্তম মানৰ লগতে গোলকীয় বজাৰৰ প্ৰতিযোগিতাত বৰ্তি থাকিব পৰা বিধৰ হোৱাৰ লগতে সম্ভৱ হ’লে এখোজ আগবাঢ়িবহে পৰা হ’ব লাগে, ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগে আৰু গোলকীয় বাণিজ্যক লক্ষ্য কৰি ল’ব লাগিব। দেশৰ সকলো উত্পাদকক মই আগ্ৰহৰে ক’ব খুজিছো, আমাৰ উত্পাদকসকলে এই কথা কেতিয়াও পাহৰা উচিত নহয় যে আপোনালোকে যিবোৰ সামগ্ৰী বাহিৰত বিক্ৰী কৰিব, সেয়া কেৱল আপোনালোকৰ প্ৰতিষ্ঠানসমূহৰ দ্বাৰা নিৰ্মিত পণ্যই নহয়, একোটা সামগ্ৰীয়েই কেৱল নহয়, তাৰ সৈতে ভাৰতৰ নামো বিজড়িত হৈ থাকে, ভাৰতৰ কোটি কোটি লোকৰ বিশ্বাসো বিজড়িত হৈ থাকে।
মোৰ প্ৰিয় দেশবাসীসকল,
মই সেয়ে উত্পাদকসকলক কও, আপোনালোকৰ প্ৰতিটো সামগ্ৰী ভাৰতৰ ‘ব্ৰেণ্ড এম্বেছাডৰ’-য়েই হয়। যেতিয়ালৈকে সেইবোৰ সামগ্ৰী ব্যৱহাৰ কৰি থাকিব, সেই সামগ্ৰী কিনাসকলে কিনাৰযোগ্য বুলি কৈ থাকিব, বৰ গৌৰৱৰে কৈ থাকিব, বুকু উজাৰি কৈ থাকিব- হয় এয়া ‘মে’ড ইন ইণ্ডিয়া’। এই প্ৰশংসাকে কামনা কৰিছো। এতিয়া আপোনালোকৰ মনত পৃথিৱীখনকে চানি ধৰাৰ সপোন থাকিব লাগে। এই সপোনক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰে আপোনালোকক সহযোগিতা আগবঢ়াব।
মোৰ প্ৰিয় দেশবাসীসকল,
আজি দেশৰ বেলেগ বেলেগ খণ্ড আৰু দেশৰ সৰু সৰু চহৰসমূহেও, টায়াৰ-২, টায়াৰ-৩ শ্ৰেণীৰ মহানগৰীসমূহতো নতুন নতুন ‘ষ্টাৰ্টআপ’ স্থাপিত হৈ আছে। তেওঁলোকৰ, ভাৰতীয় সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যোৱাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা আছে। চৰকাৰে এই ‘ষ্টাৰ্টআপ’সমূহৰ সৈতে, বহুত অন্তঃকৰণৰে থিয় দি আহিছে। তেওঁলোকক আৰ্থিক সহযোগিতা প্ৰদান কৰাই হওক, কৰৰ ক্ষেত্ৰত ৰেহাই দিয়াই হওক, তেওঁলোকৰ বাবে নিয়ম-নীতি সৰল কৰাই হওক, এই সকলোখিনিয়েই কৰা হৈছে। আমি দেখিছো যে ক’ৰোনাৰ এই কঠিন কালতো হাজাৰ হাজাৰ নতুন ‘ষ্টাৰ্টআপ’ৰ জন্ম হৈছে। বহুত সফলতাৰে তেওঁলোকে আগুৱায়ো গৈছে। কালিৰ ‘ষ্টাৰ্টআপ’ আজি ‘ইউনিকৰ্ণ’ হৈছে। এইবোৰৰ ‘মাৰ্কেট ভেল্যু’ হাজাৰ হাজাৰ কোটি টকালৈ উঠিছে।
এইসমূহ দেশৰ একধৰণৰ সম্পদ-নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। এইসমূহে নিজৰ অনন্য চিন্তাশীলতাৰ শক্তিৰে নিজৰ ভৰিত থিয় দিছে, আগুৱাই গৈছে আৰু পৃথিৱীকে মুগ্ধ কৰি তোলাৰ সপোন বুকুত বান্ধি যাত্ৰা অব্যাহত ৰাখিছে। এইটো দশকত ভাৰতৰ ‘ষ্টাৰ্টআপ’সমূহ, ভাৰতৰ ‘ষ্টাৰ্টআপ ইক’ছীষ্টেম’, ইয়াক আমি পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কৰি তোলাৰ বাবে কাম কৰিব লাগিব, আমি ৰৈ যাব নালাগিব।
মোৰ প্ৰিয় দেশবাসীসকল,
বৃহত্ পৰিৱৰ্তন আনিবৰ বাবে, বৃহত্ সংস্কাৰ সাধনৰ প্ৰয়োজন হয়, ৰাজনৈতিক ইচ্ছাশক্তি, ‘পলিটিকেল উইল’ৰ প্ৰয়োজন হয়। আজি পৃথিৱীয়ে দেখি আছে যে ভাৰতত ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ হোৱা নাই। সংস্কাৰসমূহক বলবত্ কৰাৰ বাবে ‘গুড’ আৰু ‘স্মাৰ্ট গভাৰ্নেন্স’ৰ প্ৰয়োজন। আজি পৃথিৱীয়ে এই কথাৰো সাক্ষী হৈছে কেনেকৈ ভাৰতে দেশত ‘গভাৰ্নেন্স’ৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰিছে। অমৃতকালৰ এই দশকত আমি ‘নেক্সত জেনেৰেশ্যন ৰিফৰ্মছ’-ক…আৰু ইয়াত আমাৰ প্ৰাথমিকতা হ’ব নাগৰিকসকলে যিয়েই পোৱা উচিত, যি সেৱাই পাব লাগিব, সেই সকলো শেষ মাইল পৰ্যন্ত, অন্তিমগৰাকী ব্যক্তি পৰ্যন্ত ‘ছীমলেছলী’, বাধা-বিপত্তি নোপোৱাকৈ, জটিলতাবিহীন ভাবে উপলব্ধ হ’ব। দেশৰ সমগ্ৰ বিকাশৰ বাবে ব্যক্তিৰ জীৱনত চৰকাৰ আৰু চৰকাৰী প্ৰক্ৰিয়াৰ অপ্ৰয়োজনীয় দখলৰ পৰম্পৰা সমাপ্ত কৰিব লাগিব।
আগতে স্বয়ং চৰকাৰেই ‘ড্ৰাইভিং ছীট’ত বহি লৈছিল। এয়া সেই সময়ৰ প্ৰয়োজনীয়তাও হ’ব পাৰে। পিচে, এতিয়া সময় সলনি হৈছে। বিগত সাতটা বছৰত দেশত ইয়াৰ বাবে প্ৰয়াসো বৃদ্ধি কৰা হৈছে যাতে দেশৰ ৰাইজক অনাৱশ্যকীয় আইনৰ জাল, অনাৱশ্যকীয় প্ৰক্ৰিয়াৰ মেৰপেকৰ পৰা মুক্তি দিয়া হওক। এই পৰ্যন্ত দেশত বহু শ পুৰণি আইনৰ পৰিসমাপ্তি ঘটোৱা হৈছে। ক’ৰোনাৰ এই সময়ছোৱাতো চৰকাৰে ১৫হাজাৰৰো অধিক ‘কম্প্লায়েন্স’-ৰ সামৰণি ঘটাইছে। এতিয়া আপোনালোকে দেখিব, আপোনালোকৰো চাগৈ অনুভৱ হ’ব কোনো এটা সৰু চৰকাৰী কামেই হওক, ধেৰ কাকত পত্ৰ, বাৰে বাৰে নথি-পত্ৰৰ পয়োভৰ, একেটা তথ্যকে বাৰে বাৰে দিয়াৰ প্ৰবণতা, এয়াই চলি আহিছিল। ১৫০০০ ‘কম্প্লায়েন্স’ক আমি সমাপ্ত কৰিলো।
আপুনি ভাবকচোন ২০০ বছৰ আগতে…মই এটা উদাহৰণ দিছো, ২০০ বছৰ আগতে আমাৰ দেশত এখন আইন প্ৰচলিত হৈছিল…২০০ বছৰ অৰ্থাত্ ১৮৫৭ চনৰ আগৰ, যাৰ বাবে দেশৰ নাগৰিকসকলক ‘মেপিং’ অৰ্থাত্ নক্সা অংকণৰ স্বতন্ত্ৰতা প্ৰদান কৰা হোৱা নাছিল। এতিয়া চাওকচোন, ১৮৫৭ৰ পৰা চলি আহিছে বাবেই…নক্সা প্ৰস্তুত কৰে যদি চৰকাৰৰ অনুমতি লওক, কোনোবা কিতাপত নক্সা ছপাব লাগে যদিও চৰকাৰৰ অনুমতি লওক, আনকি নক্সা হেৰাই গ’লেও গ্ৰেপ্তাৰ হ’বলগীয়া ধৰণৰ আইনী ব্যৱস্থা আছে। আজিকালি আকৌ সকলো ফোনতে ‘মেপ’-ৰ ‘এপ্’ থাকে। ছেটেলাইটৰ ইমানেই শক্তি যে, তেন্তে এনে ধৰণৰ আইনৰ বোজা মূৰত লৈ দেশক কেনেকৈ আগুৱাই নিম আমি! ‘কম্প্লায়েন্স’ৰ এই বোজা মূৰৰ পৰা নমোৱাৰ বহুত প্ৰয়োজন আছিল। ‘মেপিং’-ৰ কথাই হওক, মহাকাশৰ কথাই হওক, তথ্য-প্ৰযুক্তিৰ কথাই হওক, ‘বিপিঅ’-ৰ কথাই হওক, এনেকুৱা অনেক ‘ছেক্টৰ’ৰ পৰা অনেক ‘ৰেগুলেশ্যন’ আমি আঁতৰ কৰিলো।
মোৰ প্ৰিয় দেশবাসীসকল,
অপ্ৰয়োজনীয় আইনৰ আতিশয্যৰ পৰা মুক্তি ‘ইজ অব লিভিং’-ৰ লগতে ‘ইজ অব ডুয়িং বিজনেছ’ এই দুয়োটাৰ বাবেই বহুত প্ৰয়োজনীয়। আমাৰ দেশৰ উদ্যোগ আৰু বাণিজ্যই আজি এই পৰিৱৰ্তনৰ সুফল অনুভৱ কৰিব পাৰিছে।
ডজনে ডজনে থকা শ্ৰম আইন আজিৰ তাৰিখত মাত্ৰ ৪খন ‘কোড’ত সমাহিত হৈছে। কৰৰে জড়িত ব্যৱস্থাৱলীয়ো এতিয়া সহজ আৰু ‘ফে’চলেছ’ কৰি তোলা হৈছে। এনেধৰণৰ সংস্কাৰ কেৱল চৰকাৰ পৰ্যন্ত সীমাবদ্ধ নহয় বৰং গাঁও পঞ্চায়ত আৰু নগৰ নিগম, নগৰপালিকা পৰ্যন্ত গৈ পাইছেগৈ, ইয়াৰ সৈতে দেশৰ প্ৰতিটো ব্যৱস্থাকে সন্মিলিত কৰি কাম কৰিব লাগিব। মই আজি আহ্বান কৰিছো আৰু বৰ আগ্ৰহৰে কৰিছো, কেন্দ্ৰই হওক কিম্বা ৰাজ্যৰে হওক সকলো বিভাগকে মই কৈছো, সকলো চৰকাৰী কাৰ্যালকে মই কৈছো। আপোনালোকৰ তাত নিয়ম আৰু প্ৰক্ৰিয়াসমূহৰ সমীক্ষা অভিযান চলাওক। এনে সকলো নিয়ম, এনে সকলো প্ৰক্ৰিয়া, যিয়ে দেশৰ নাগৰিকসকলৰ সন্মুখত বাধাৰ সৃষ্টি কৰে সেইবোৰক আমি নিলগাই পঠাবই লাগিব। মই জানো, যিবোৰ যোৱা ৭০-৭৫ বছৰত জমা হৈছেহি সেইবোৰক একে দিনাই, বা এটা বছৰতে আঁতৰাই পঠোৱা সম্ভৱ নহয়। পিচে, মন বান্ধি কাম আৰম্ভ কৰিলেহে আমি নিশ্চিত ৰূপত এয়া কৰিবগৈ পাৰিম।
মোৰ প্ৰিয় দেশবাসীসকল,
এই ভাৱনাৰেই চৰকাৰে ‘ব্যুৰকেচীত পিপুল চেণ্ট্ৰিক এপ্ৰোচ’ বৃদ্ধি কৰাৰ, ‘এফিচিয়েন্সী’ বঢ়োৱাৰ বাবে ‘মিছন কৰ্মযোগী’ আৰু ‘কেপাচিটী বিল্ডিং কমিছন’ৰ শুভাৰম্ভ কৰিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
কৌশল আৰু সামৰ্থ্যৰে ভৰি উঠক, নিজৰ মাটিৰ বাবে কিবা এটা কৰাৰ ভাৱনাৰে ভৰা নজোৱানসকলক প্ৰস্তুত কৰাৰ বাবে ভূমিকা থাকে…কাৰ থাকে…বহুত ডাঙৰ ভূমিকা থাকে- আমাৰ শিক্ষাৰ, আমাৰ শিক্ষা ব্যৱস্থাৰ, আমাৰ শিক্ষা পৰম্পৰাৰ। আজি দেশৰ হাতত ২১শতিকাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা নতুন শিক্ষা নীতিও আছে। এতিয়া আমাৰ শিশুসকল কেৱল কৌশল নজনাৰ বাবে থমকি ৰ’ব নালাগিব অথবা ভাষাৰ সীমাবদ্ধতাৰ বাবে থমকিব নালাগিব। দুৰ্ভাগ্যবশতঃ আমাৰ দেশত ভাষাক লৈ এটা ডাঙৰ বিভাজনৰ সৃষ্টি হৈ গ’ল। ভাষাৰ বাবেই আমি দেশৰ বহু প্ৰতিভাক পিঞ্জৰাত বান্ধি পেলালো। মাতৃ-ভাষাত প্ৰতিভাধৰ ব্যক্তি পোৱা যাব। মাতৃ-ভাষাত পঢ়া ব্যক্তি সন্মুখলৈ ওলাই আহিব, তেওঁলোকৰ আত্মবিশ্বাস আৰু বাঢ়িব। যেতিয়া কোনোবা দুখীয়াৰ জীয়ৰীয়ে, কোনোবা দুখীয়াৰ সন্তানে মাতৃ-ভাষাত পঢ়া-শুনা কৰি ‘প্ৰফেশ্যনেল’ হ’বগৈ, তেতিয়াহে তেওঁৰ সামৰ্থ্যই ন্যায় লাভ কৰিব।
নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ত দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজাৰ অস্ত্ৰ হৈছে ভাষা, মই এনেকৈয়ে ভাবো। এই নতুন শিক্ষা নীতিও এক প্ৰকাৰে, দাৰিদ্ৰৰ বিৰুদ্ধে যুদ্ধ জিনাৰ এক বহুত ডাঙৰ অস্ত্ৰ হৈ উঠাৰ সম্ভাৱনা আছে। দাৰিদ্ৰৰ বিৰুদ্ধে যুদ্ধ জিকাৰ আধাৰো মাতৃ-ভাষাৰ শিক্ষা মাতৃভাষাৰ প্ৰতিষ্ঠা, মাতৃ-ভাষাৰ মহাত্ম্যতাই হয়। দেশে দখিছে যে খেলপথাৰত…আৰু আমি অনুভৱো কৰি আহিছো, ভাষা বাধাৰ কাৰণ হোৱা নাই আৰু ইয়াৰ পৰিণাম দেখিছেই নহয় যে আমাৰ যুৱক-যুৱতীসকল প্ৰস্ফূতিত হ’বলৈ ধৰিছে, খেলিও আছে, ফুলিও উঠিছে। এতিয়া এনে এক জীৱন অন্য ক্ষেত্ৰসমূহতো হৈ উঠিব।
নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ আৰু এটা কথা আছে, ইয়াত ‘স্পৰ্টছ’-ক ‘এক্সট্ৰা কাৰিকুলাৰ’ ঠাইত মূলসুঁতিৰ শিক্ষাৰ অংগ বুলি স্বীকৃতি দিয়া হৈছে। জীৱনক আগুৱাই নিয়াৰ বাবে যিসমূহ প্ৰভাৱশালী মাধ্যম আছে তাৰ মাজত ‘স্পৰ্টছ’-ও আছে। জীৱনত পৰিপূৰ্ণতা পোৱাৰ বাবে, জীৱনত খেল-ধেমালী থকা, ‘স্পৰ্টছ’ থকা বহুত আৱশ্যক হয়। এটা সময় আছিল যেতিয়া খেল-ধেমালীক মুখ্যধাৰা বুলি গ্ৰহণ কৰা হোৱা নাছিল। মাক-বাপেকে ল’ৰা-ছোৱালীক কৈছিল কি খেলিয়েই জীৱন ধ্বংস কৰিবি নেকি! এতিয়া দেশত ‘ফিটনেছ’ক লৈ খেল-ধেমালীক লৈ একধৰণৰ জাগৰণৰ সৃষ্টি হৈছে। এইবাৰ অলিম্পিকতো আমি দেখিছো, আমি অনুভৱ কৰিছো। এই পৰিৱৰ্তন আমাৰ দেশৰ বাবে এক বহুত ডাঙৰ ‘টাৰ্ণিং পয়ণ্ট’ হয়। সেয়ে আজি দেশত খেলজগতত প্ৰতিভা, প্ৰযুক্তি আৰু ‘প্ৰফেশ্যনেলিজম’ অনাৰ বাবে যিবোৰ অভিযান চলিব লাগিছে এইটো দশকত আমি তাক আৰু দ্ৰুত কৰি তুলিব লাগিব, আৰু ব্যাপক কৰিব লাগিব।
এয়া দেশৰ বাবে গৌৰৱৰে কথা যে শিক্ষাই হওক বা খেলেই, ব’ৰ্ডসমূহৰ ফলাফলেই হওক অথবা অলিম্পিৰ খেলপথাৰেই হওক আমাৰ ছোৱালীসকলে অভুতপূৰ্ব প্ৰদৰ্শন দাঙি ধৰিছে। আজি ভাৰতৰ জীয়ৰীসকলে নিজৰ স্থান নিশ্চিত কৰাৰ বাবে আতুৰতা প্ৰদৰ্শন কৰিছে। আমি এয়া সুনিশ্চিত কৰিব লাগিব যে প্ৰতিটো পেছা আৰু কাৰ্যক্ষেত্ৰত মহিলাসকলৰো সমান সহভাগীতা হওক। আমি এয়া সুনিশ্চিত কৰিব লাগিব যে পথৰ পৰা কৰ্মস্থলী পৰ্যন্ত, সকলো স্থানতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত হওক। সন্মানৰ ভাব বৰ্তী থাকক, ইয়াৰ বাবে দেশৰ শাসন-প্ৰশাসন, আৰক্ষী আৰু ন্যায়ব্যৱস্থা, নাগৰিকসকলে নিজ কৰ্তব্য এশ শতাংশই পালন কৰিব লাগিব। এই সংকল্পক আমি স্বাধীনতাৰ ৭৫সংখ্যক বছৰৰ সংকল্প হিচাপে গ্ৰহণ কৰিব লাগিব।
আজি মই আনন্দ দেশবাসীৰে ভগাই লৈছো। মই লাখ লাখ ছোৱালীৰ পৰা বাৰ্তা পাই আহিছিলো, তেওঁলোকেও বোলে সৈনিক স্কুলসমূহত পঢ়িব বিচাৰে। তেওঁলোকৰ বাবেো সৈনিক স্কুলৰ দুৱাৰ মুকলি দিয়া হওক। দুই-আঢ়ৈ বছৰৰ আগতে মিজোৰামৰ সৈনিক স্কুলত প্ৰথমবাৰৰ বাবে ছোৱালীক নাম ভৰ্তি কৰাৰ বাবে আমি সৰুকৈ প্ৰয়াস এটা আৰম্ভ কৰিছিলো। এতিয়া চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে দেশৰ সকলো সৈনিক স্কুলৰ দুৱাৰ এতিয়া ছোৱালীহঁতৰ বাবেও মুকলি হ’ব। দেশৰ সকলো সৈনিক স্কুলত দেশৰ ছোৱালীয়েও পঢ়িব পাৰিব।
বিশ্বত ৰাষ্ট্ৰীয় সুৰক্ষাৰ গুৰুত্ব যিমান, সিমানেই গুৰুত্ব পৰিৱেশ সুৰক্ষাকো দিবলৈ ধৰা হৈছে। ভাৰত এতিয়া পৰিৱেশ সুৰক্ষাৰ এক মুখৰ ধ্বনিত পৰিণত হৈছে। আজি ‘বায়’ ডাইভাৰ্ছিটী’য়েই হওক বা ‘লেণ্ড নিউট্ৰেলিটী’, ‘ক্লাইমেট চেঞ্জ’য়েই হওক অথবা ‘ৱেষ্ট ৰিচাইক্লিং’, ‘অৰ্গেণিক ফাৰ্মিং’-য়েই হওক কিম্বা ‘বায়’গেছ’, ‘এনাৰ্জী কনজাৰ্ভেশ্যন’ নতুবা ‘ক্লিন এনাৰ্জী ট্ৰেনজিশ্যনে’ই হওক। পৰ্যাবৰণৰ দিশত ভাৰতৰ প্ৰয়াসে আজি ফল দিবলৈ ধৰিছে। ভাৰতে বনাঞ্চল অথবা ‘নেশ্যনেল পাৰ্ক’ৰ সংখ্যা, বাঘৰ সংখ্যা আৰু ‘এচীয়াটিক সিংহ’ৰ সংখ্যা আদি সকলোতে বৃদ্ধি কৰা কথাই দেশবাসীৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
ভাৰতৰ এই সপলতাসমূহৰ লগতে আমি আৰু এটা সত্যকো বুজিব লাগিব। ভাৰত আজিও কিন্তু শক্তি-আত্মনিৰ্ভৰশীল নহয়। ভাৰতে আজিৰ তাৰিখতো শক্তি আমদানীৰ নামত প্ৰতি বছৰে ১২লাখ কোটি টকাৰো অধিক ধন ব্যয় কৰিবলগীয়া হয়। ভাৰতৰ প্ৰগতিৰ বাবে, ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ বাবে ‘ভাৰত শক্তি আত্মনিৰ্ভৰশীল’ হোৱাটো সময়ৰে আহ্বান, অনিবাৰ্য হয়। সেয়ে আজি ভাৰতে এই সংকল্প গ্ৰহণ কৰিবই লাগিব যে আমি স্বাধীনতাৰ ১০০টা বৰ্ষ পূৰ্ণ হোৱাৰ আগতেই শক্তি আত্মনিৰ্ভৰশীল দেশ হিচাপে নিজকে পৰিগণিত কৰাব লাগিব আৰু ইয়াৰ বাবে আমাৰ পথ-মানচিত্ৰ নিতান্তই স্পষ্ট। গেছ-ভিত্তিক অৰ্থনীতিয়েই হওক, দেশজুৰি ‘চিএনজি’, ‘পিএনজি’-ৰ ‘নেটৱৰ্ক’ স্থাপনেই হওক, ২০শতাংশ ‘ইথানলৰ ব্লেডিং’-ৰ লক্ষ্যেই হওক, ভাৰতে এক নিৰ্দ্ধাৰিত লক্ষ্য লৈ আগবাঢ়ি আছে। ভাৰতে ‘ইলেক্ট্ৰিক ম’বিলিটী’ৰ দিশতো পদক্ষেপ আগবঢ়াইছে আৰু ৰে’লৱে’ৰ এশ শতাংশ বৈদ্যুতিকীকৰণৰো কাম দ্ৰুত গতিত আগবাঢ়ি আছে। ভাৰতীয় ৰে’লে ২০৩০ৰ ভিতৰত ‘নেট জিৰ’ কাৰ্বন এমিটাৰ’ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। এই সমূহ প্ৰয়াসৰ জৰিয়তে দেশে ‘মিছন চাৰ্কুলাৰ ইক’নমী’ৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে। আমাৰ ‘ভেহিকল স্ক্ৰেপ পলিচী’ ইয়াৰ এক বহুত ডাঙৰ উদাহৰণ। আজি ‘জি-২০’ দেশসমূহৰ ভিতৰত ভাৰত একমাত্ৰ দেশ যিয়ে নিজৰ জলবায়ু সম্পৰ্কীয় লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ দিশত দ্ৰুতগতিৰে আগবাঢ়িছে।
ভাৰতে এইটো দশকৰ অন্ত পৰ্যন্ত ‘ৰিনিউৱেবল এনাৰ্জী’ৰ উত্পাদন ৪৫০ গীগাৱাট কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। ২০৩০ পৰ্যন্ত ৪৫০গীগাৱাট। ইয়াৰে ১০০গীগাৱাটৰ লক্ষ্য ভাৰতে নিৰ্দ্ধাৰিত সময়তকৈ আগতেই সম্ভৱ কৰি তুলিছে। আমাৰ এই প্ৰয়াসে পৃথিৱীৰ বাবেও এক ভৰসা প্ৰদান কৰি আহিছে। ‘গ্লোবেল ষ্টেট’ৰ ওপৰত ‘ইণ্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স’ৰ গঠন ইয়াৰ ডাঙৰ উদাহৰণ। ভাৰতে আজি যি কামেই নকৰক কিয়, তাৰ আটাইতকৈ ডাঙৰ লক্ষ্যটোৱেই হৈছে কোনে জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত ‘কোৱাণ্টাম জাম্প’ দিব পাৰিব, সেয়া হৈছে ‘গ্ৰীণ হাইদ্ৰ’জেন’ৰ ক্ষেত্ৰ। ‘গ্ৰীণ হাইদ্ৰ’জেন’ৰ ক্ষেত্ৰৰ লক্ষ্য প্ৰাপ্তিৰ বাবে মই আজি এই ত্ৰিৰংগাক সাক্ষী কৰি ‘গ্ৰীণ হাইদ্ৰ’জেন মিছন’ৰ ঘোষণা কৰিছো। অমৃতকালত আমি ভাৰতৰ ‘গ্ৰীণ হাইদ্ৰ’জেন’ৰ উত্পাদন আৰু ‘এক্সপোৰ্ট’ৰ ‘গ্লোবেল হাব’ নিৰ্মাণ কৰিব লাগিব। ই শক্তিখণ্ডত ভাৰতৰ এক নতুন প্ৰগতিক আত্মনিৰ্ভৰ কৰি তুলিব আৰু সমগ্ৰ বিশ্বত ‘গ্ৰীণ এনাৰ্জী ট্ৰেনজিশ্যন’ৰো নতুন প্ৰেৰণ হিচাপে পৰিগণিত হ’ব। ‘গ্ৰীণ গ্ৰ’থ’ৰ পৰা ‘গ্ৰীণ জব’-ৰ নতুন নতুন সুযোগ আমাৰ যুৱ-প্ৰজন্মৰ বাবে আমাৰ ‘ষ্টাৰ্টআপ’সমূহৰ বাবে আজি অপেক্ষা কৰি আছে।
মোৰ প্ৰিয় দেশবাসীসকল,
একৈশ শতিকাৰ আজিৰ ভাৰতে ডাঙৰ লক্ষ্য গঢ়া আৰু ইয়াক প্ৰাপ্ত কৰাৰ সামৰ্থ্য বহণ কৰিছে। আজিৰ ভাৰতে সেইবোৰ বিষয়কো নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে, যিবোৰ নিষ্পত্তি দশকৰ পিচত দশক, শতাব্দী ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। ‘আৰ্টিকল ৩৭০’ক সলনি কৰাৰ ঐতিহাসিক সিদ্ধান্তই হওক, দেশক ‘টেক্স’ৰ জালৰ পৰা মুক্তি দিব পৰা ব্যৱস্থা- ‘জিএছটি’-য়েই হওক, আমাৰ সেনাৰ মিত্ৰসকলৰ বাবে ‘ওৱান ৰেংক-ওৱান পেন্সন’-ৰ সিদ্ধান্তই হওক, ৰাম জন্মভূমি, দেশৰ শান্তিপূৰ্ণ সমাধান এই সকলো আমি যোৱা কেইটামান বছৰত বাস্তৱায়িত হোৱা দেখিছো।
ত্ৰিপুৰাত কেবা দশকৰ পিচত ‘ব্ৰু-ৰিয়াং চুক্তি’ স্বাক্ষৰিত হোৱাই হওক, ‘অ’বিচি কমিশ্যন’ক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাই হওক অথবা জম্মু-কাশ্মীৰত স্বাধীনতাৰ পিচত প্ৰথমবাৰ ‘বিডিচি’ আৰু ‘ডিডিচি’-ৰ নিৰ্বাচনেই হওক, ভাৰতৰ সংকল্প শক্তিয়ে নিৰন্তৰ সিদ্ধ কৰি আহিছে।
আজি ক’ৰোনাৰ এই দুৰ্যোগৰ সময়ত, ভাৰতলৈ অভিলেখ পৰিমাণৰ বিদেশী বিনিয়োগৰ আগমন ঘটিছে। ভাৰতৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো এই পৰ্যন্ত সৰ্বাধিক পৰ্যায়ত সমৃদ্ধ হৈছে। ‘চাৰ্জিকেল ষ্ট্ৰাইক’ আৰু ‘এয়াৰ ষ্ট্ৰাইক’ সম্পন্ন কৰি ভাৰতে দেশৰ শত্ৰুক নতুন ভাৰতৰ সামৰ্থ্যৰ বাৰ্তাও প্ৰদান কৰিছে। এইবোৰ কথাই স্পষ্ট কৰিছে যে আজিৰ ভাৰত সলনি হৈছে। ভাৰতোযে সলনি হ’ব পাৰে। ভাৰতে কঠিনৰ পৰা কঠিন সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে আৰু গুৰুতৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ভাৰতে থোৰোগেৰো নকৰে, থমকি নৰয়।
মোৰ প্ৰিয় দেশবাসীসকল,
দ্বিতীয় বিশ্ব যুদ্ধৰ পিচত বিশ্ব-সম্বন্ধৰ স্বৰূপ সলনি হ’বলৈ ধৰিছে। ক’ৰোনাৰ পিচতো ‘পোষ্ট ক’ৰোনা’ নতুন ‘ৱৰ্ল্ড অৰ্ডাৰ’-ৰ সম্ভাৱনা প্ৰকট হৈছে। ক’ৰোনাৰ সময়ত পৃথিৱীয়ে ভাৰতৰ প্ৰয়াসৰ স্বৰূপ দেখিছেও আৰু প্ৰশংসাও কৰিছে। আজি পৃথিৱীয়ে ভাৰতৰ প্ৰতি এক নতুন দৃষ্টিৰে চাবলৈ ধৰিছে। এই দৃষ্টিৰ দুটা মহত্বপূৰ্ণ দিশ আছে- এক ‘আতংকবাদ’ আৰু দ্বিতীয় ‘সম্প্ৰসাৰণবাদ’। ভাৰতে এই দুই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিছে আৰু উচিত পদ্ধতিৰে প্ৰচণ্ড সাহসৰে প্ৰত্যুত্তৰো দি আহিছে। আমি, ভাৰতে নিজৰ দ্বায়িত্বসমূহক উচিত পদ্ধতিৰে পালন কৰক, ইয়াৰ বাবে আমাৰ প্ৰতিৰক্ষাৰ প্ৰস্তুতিকো সিমানেই সুদৃঢ় ৰখা উচিত হ’ব। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰি তোলা, ভাৰতীয়সকলক, ভাৰতীয় প্ৰতিষ্ঠানসমূহক উত্সাহিত কৰাৰ বাবে আমাৰ পৰিশ্ৰমী উদ্যোগীসকলক নতুন সুযোগ উপলব্ধ কৰোৱাৰ বাবে আমাৰ প্ৰয়াস নিৰন্তৰ অব্যাহত আছে। মই দেশক বিশ্বাস প্ৰদান কৰিব খুজিছো যে দেশৰ প্ৰতিৰক্ষাত সমৰ্পিত আমাৰ সেনাৰ হাত শক্তিশালী কৰাৰ বাবে আমি কোনো কাৰ্পণ্যই নকৰো।
মোৰ প্ৰিয় দেশবাসীসকল,
আজি দেশৰ মহান বিচাৰক শ্ৰী অৰবিন্দৰ জন্ম জয়ন্তীও হয়। ২০২২চনত তেখেতৰ ১৫০সংখ্যক জয়ন্তীৰ পৰ্ব। শ্ৰী অৰবিন্দ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা আছিল। তেওঁ কৈছিল যে “আমি সিমানেই সামৰ্থ্যবান হ’ব লাগিব, যিমান পূৰ্বতে কেতিয়াও নাছিলো। আমি আমাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব। এক নতুন হৃদয়ৰে নিজকে পুনৰবাৰ জাগৃত কৰিব লাগিব”। শ্ৰী অৰবিন্দৰ এই কথাই আমাক আমাৰ কৰ্তব্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ সকীয়াই দিয়ে। এগৰাকী নাগৰিক হিচাপে, এখন সমাজ হিচাপে আমি দেশক কি দিছো, এই কথাও আমি ভাবিব লাগিব। আমি অধিকাৰক সদায় গুৰুত্ব দি আহিছো, সেই সময়ত ইয়াৰ প্ৰয়োজনো আছিল, কিন্তু এতিয়া আমি আমাৰ কৰ্তব্যক সৰ্বোপৰি কৰি তুলিব লাগিব, সৰ্বোপৰি কৰি ৰাখিব লাগিব, যিবোৰ সংকল্পৰ বোজা আজি দেশে উঠাব খুজিছে, সেইবোৰক পূৰণ কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিক সংযোজিত কৰিব লাগিব। প্ৰতিগৰাকী দেশবাসীয়ে ইয়াক নিজৰ কৰি ল’ব লাগিব।
দেশে ‘জল সংৰক্ষণৰ অভিযান’ আৰম্ভ কৰিছে, সেয়ে আমাৰ কৰ্তব্য হব পানী বচোৱা কথাটোক নিজৰ অভ্যাসত পৰিণত কৰা। দেশে যদি ‘ডিজিটেল’ লেন-দেনত গুৰুত্ব প্ৰদান কৰিছে, তেন্তে আমাৰ কৰ্তব্য হবযে আমি যিমান পাৰি কমকৈ নগদ ধনৰ লেনদেন কৰিম। দেশে ‘ভোকেল ফৰ লোকেল’-ৰ অভিযান চলাইছে, সেয়ে আমাৰ কৰ্তব্য হব যে যিমান পাৰি সিমান স্থানীয় ভাবে উতপাদিত সামগ্ৰী কিনাৰ। দেশে গ্ৰহণ কৰা প্লাষ্টিকমুক্ত ভাৰতৰ কল্পনাৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য হ’ব ‘ছিংগল ইউজ প্লাষ্টিক’-ৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বাধা দিয়া। এইবোৰ আমাৰেই কৰ্তব্য হয় যে আমি নদীসমূহত আৱৰ্জনা নেপেলাম, আমাৰ সমুদ্ৰৰ পাৰবোৰ পৰিষ্কাৰ কৰি ৰাখিম। আমি ‘স্বচ্ছ ভাৰত মিছন’কো আৰু এক নতুন পৰ্যায়লৈ লৈ যাব লাগিব।
আজি দেশে যেতিয়া স্বাধীনতাৰ ৭৫ বৰ্ষৰ উপলক্ষত ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপন কৰি আছে, আমি এই আয়োজনৰ সৈতে জড়িত হোৱা, ইয়াৰ সৈতে যিমান পাৰি সক্ৰিয়তাৰে অংশগ্ৰহণ কৰা, সংকল্প গ্ৰহণৰ বাবে সজাগ কৰাত ব্যস্ত হোৱাটো আমাৰ সকলোৰে কৰ্তব্য হোৱা উচিত। আমাৰ স্বাধীনতা সংগ্ৰামক মনত ৰাখি আপোনালোকে যিয়েই নকৰক কিয়…যিয়েই নকৰক…অমৃতৰ টোপালৰ দৰেই অৱশ্যেই পবিত্ৰ হ’ব আৰু কোটি-কোটি ভাৰতীয়ৰ প্ৰয়াসৰে প্ৰস্তুত হোৱা এই অমৃত কুম্ভ আহিবলগীয়া বৰ্ষসমূহৰ বাবে প্ৰেৰণাৰ উত্স হৈ উত্সাহিত কৰি ৰাখিব।
মোৰ প্ৰিয় দেশবাসীসকল,
মই ভৱিষ্যত্দ্ৰস্তা নহওঁ, মই কৰ্মৰ ফলত বিশ্বাস কৰো। মোৰ দেশৰ যুৱক-যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে, দেশৰ বাই-ভনীসকলৰ ওপৰত মোৰ বিশ্বাস আছে, দেশৰ জীয়ৰীসকলৰ ওপৰত, দেশৰ কৃষকসকলৰ ওপৰত, দেশৰ ‘প্ৰফেশ্যনেল’সকলৰ ওপৰত মোৰ বিশ্বাস। এইটো ‘কেন ডু জেনেৰেশ্যন’, এইটো প্ৰজন্মই সকলো লক্ষ্যকে সম্ভৱ কৰিব পাৰে।
মোৰ বিশ্বাস আমি যেতিয়া ২০৪৭ চনত আমি যেতিয়া স্বাধীনতাৰ স্বৰ্ণিম উত্সৱ, স্বাধীনতাৰ ১০০সংখ্যক বৰ্ষ সম্পূৰ্ণ…যিগৰাকীয়েই প্ৰধানমন্ত্ৰী নহওক কিয়, আজিৰ পৰা ২৫বছৰৰ পিচত যিগৰাকীয়েই প্ৰধানামন্ত্ৰী হ’ব, তেওঁ যেতিয়া পতাকা উত্তোলন কৰিব…তেতিয়া আজি মই বিশ্বাসৰে ক’ব পাৰো…তেওঁ নিজৰ ভাষণত যিসমূহ সিদ্ধিৰ কথা বৰ্ণানা কৰিব সেই সিদ্ধিবোৰ হ’ব এতিয়া দেশে গ্ৰহণ কৰা সংকল্পবোৰেই…এয়া মোৰ বিজয়ৰ বিশ্বাস।
আজি মই সংকল্পৰ ৰূপত কৈ আছো, সেয়াকে ২৫বছৰৰ পিচত যিগৰাকীয়ে ধ্বজাৰোহণ কৰিব, তেওঁ সিদ্ধিৰ ৰূপত উল্লেখ কৰিব। দেশে সিদ্ধিৰ ৰূপত তাৰেই গৌৰৱ-গান কৰিব চাগৈ। যিসকল আজিৰ যুৱক, তেওঁলোকে সেই সময়তো দেখিব দেশে কেনেকৈ এই আশ্চৰ্য সম্ভৱ কৰি দেখুৱাইছে।
একৈশ শতিকাত, ভাৰতৰ স্বপ্ন আৰু আকাংক্ষাসমূহক পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো বাধাই এতিয়া আমাক ৰখাব নোৱাৰে। আমাৰ জীৱন্ততাই আমাৰ শক্তি, আমাৰ একতাই আমাৰ শক্তি, ৰাষ্ট্ৰ প্ৰথমৰ ভাৱনাই আমাৰ প্ৰাণশক্তি। সকলোৱে একত্ৰে সপোন দেখাৰ সময় এয়া, সকলোৱে একত্ৰে সংকল্প গ্ৰহণ কৰাৰ সময় এয়া, সকলোৱে একত্ৰে প্ৰয়াস কৰাৰ সময় এয়া…আৰু আমি বিজয়প্ৰাপ্তিৰ দিশে আগবাঢ়ি যোৱাৰ সময় এয়া!
আৰু সেয়ে মই আকৌ এবাৰ কওঁ-
এয়াই সময়,
এয়াই সময়…উচিত সময়, ভাৰতৰ অমূল্য সময়!
এয়াই সময়, উচিত সময়, ভাৰতৰ অমূল্য সময়!
অসংখ্য বাহুৰ শক্তি,
অসংখ্য বাহুৰ শক্তি, সকলোৰে পৰা দেশৰ প্ৰতি ভক্তি!
অসংখ্য বাহুৰ শক্তি, সকলোৰে পৰা দেশৰ প্ৰতি ভক্তি!
তুমি উঠা আৰু ত্ৰিৰংগা জোকাৰা,
তুমি উঠা আৰু ত্ৰিৰংগা জোকাৰা,
ভাৰতৰ ভাগ্যক মোকলাই দিয়া, ভাৰতৰ ভাগ্যক মোকলাই দিয়া!
এয়াই সময়, উচিত সময়! ভাৰতৰ অমূল্য সময়!
এনে একো নহয়…
এনে একো নহয়, যিটো কৰিব পৰা নাযায়,
এনে একো নহয়, যিটো পাব পৰা নাযায়,
তুমি সাৰ পাই উঠা, তুমি লাগি যোৱা
নিজৰ সামথ্যক উপলব্ধি কৰা…
নিজৰ সামথ্যক উপলব্ধি কৰা,
নিজৰ কৰ্তব্যক সাৰোগত কৰা..
নিজৰ কৰ্তব্যক সাৰোগত কৰা!
এয়াই সময়, উচিত সময়! ভাৰতৰ অমূল্য সময়!
যেতিয়া দেশে স্বাধীনতাৰ ১০০টা বছৰ সম্পূৰ্ণ কৰিবগৈ, তেতিয়া দেশবাসীৰ লক্ষ্য বাস্তৱায়িত হ’ব, মোৰ এয়ে কামনা। এই শুভকামনাৰেই, সকলো দেশবাসীক ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসৰ বাবে মই আকৌ এবাৰ অভিনন্দন জনাইছো আৰু মোৰ সৈতে হাত ওপৰলৈ দাঙি সকলোৱে ধ্বনি দিয়ক-
জয় হিন্দ,
জয় হিন্দ,
জয় হিন্দ!
বন্দে মাতৰম,
বন্দে মাতৰম,
বন্দে মাতৰম!
ভাৰত মাতা কী জয়,
ভাৰত মাতা কী জয়,
ভাৰত মাতা কী জয়!
বহুত বহুত ধন্যবাদ!
****
VG/DS/AK/VJ/AJ/KB
Addressing the nation from the Red Fort. Watch. https://t.co/wEX5viCIVs
— Narendra Modi (@narendramodi) August 15, 2021
I would like to begin by conveying greetings on this special occasion of Independence Day. This is a day to remember our great freedom fighters: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
आजादी का अमृत महोत्सव, 75वें स्वतंत्रता दिवस पर आप सभी को और विश्वभर में भारत को प्रेम करने वाले, लोकतंत्र को प्रेम करने वाले सभी को बहुत-बहुत शुभकामनाएं: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
कोरोना वैश्विक महामारी में हमारे डॉक्टर, हमारे नर्सेस, हमारे पैरामेडिकल स्टाफ, सफाईकर्मी, वैक्सीन बनाने मे जुटे वैज्ञानिक हों, सेवा में जुटे नागरिक हों, वे सब भी वंदन के अधिकारी हैं: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
भारत के पहले प्रधानमंत्री नेहरू जी हों, देश को एकजुट राष्ट्र में बदलने वाले सरदार पटेल हों या भारत को भविष्य का रास्ता दिखाने वाले बाबासाहेब अम्बेडकर, देश ऐसे हर व्यक्तित्व को याद कर रहा है, देश इन सबका ऋणी है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
हम आजादी का जश्न मनाते हैं, लेकिन बंटवारे का दर्द आज भी हिंदुस्तान के सीने को छलनी करता है।
— PMO India (@PMOIndia) August 15, 2021
यह पिछली शताब्दी की सबसे बड़ी त्रासदी में से एक है।
कल ही देश ने भावुक निर्णय लिया है।
अब से 14 अगस्त को विभाजन विभीषिका स्मृति दिवस के रूप में याद किया जाएगा: PM @narendramodi
प्रगति पथ पर बढ़ रहे हमारे देश के सामने, पूरी मानवजाति के सामने कोरोना का यह कालखंड बड़ी चुनौती के रूप में आया है।
— PMO India (@PMOIndia) August 15, 2021
भारतवासियों ने संयम और धैर्य के साथ इस लड़ाई को लड़ा है: PM @narendramodi
हर देश की विकासयात्रा में एक समय ऐसा आता है, जब वो देश खुद को नए सिरे से परिभाषित करता है, खुद को नए संकल्पों के साथ आगे बढ़ाता है।
— PMO India (@PMOIndia) August 15, 2021
भारत की विकास यात्रा में भी आज वो समय आ गया है: PM @narendramodi
यहां से शुरू होकर अगले 25 वर्ष की यात्रा नए भारत के सृजन का अमृतकाल है।
— PMO India (@PMOIndia) August 15, 2021
इस अमृतकाल में हमारे संकल्पों की सिद्धि, हमें आजादी के 100 वर्ष तक ले जाएगी: PM @narendramodi
संकल्प तब तक अधूरा होता है, जब तक संकल्प के साथ परिश्रम और पराक्रम की पराकाष्ठा न हो।
— PMO India (@PMOIndia) August 15, 2021
इसलिए हमें हमारे सभी संकल्पों को परिश्रम और पराक्रम की पराकाष्ठा करके सिद्ध करके ही रहना है: PM @narendramodi
सबका साथ-सबका विकास-सबका विश्वास, इसी श्रद्धा के साथ हम सब जुटे हुए हैं।
— PMO India (@PMOIndia) August 15, 2021
आज लाल किले से मैं आह्वान कर रहा हूं- सबका साथ-सबका विकास-सबका विश्वास और सबका प्रयास हमारे हर लक्ष्यों की प्राप्ति के लिए बहुत महत्वपूर्ण है: PM @narendramodi
अब हमें सैचुरेशन की तरफ जाना है।
— PMO India (@PMOIndia) August 15, 2021
शत प्रतिशत गांवों में सड़कें हों,
शत प्रतिशत परिवारों के पास बैंक अकाउंट हो,
शत प्रतिशत लाभार्थियों के पास आयुष्मान भारत का कार्ड हो,
शत-प्रतिशत पात्र व्यक्तियों के पास उज्ज्वला योजना का गैस कनेक्शन हो: PM @narendramodi
सरकार अपनी अलग-अलग योजनाओं के तहत जो चावल गरीबों को देती है, उसे फोर्टिफाई करेगी, गरीबों को पोषणयुक्त चावल देगी।
— PMO India (@PMOIndia) August 15, 2021
राशन की दुकान पर मिलने वाला चावल हो, मिड डे मील में मिलने वाला चावल हो, वर्ष 2024 तक हर योजना के माध्यम से मिलने वाला चावल फोर्टिफाई कर दिया जाएगा: PM @narendramodi
21वीं सदी में भारत को नई ऊंचाई पर पहुंचाने के लिए भारत के सामर्थ्य का सही इस्तेमाल, पूरा इस्तेमाल जरूरी है।
— PMO India (@PMOIndia) August 15, 2021
इसके लिए जो वर्ग पीछे है, जो क्षेत्र पीछे है, हमें उनकी हैंड-होल्डिंग करनी ही होगी: PM @narendramodi
हमारा पूर्वी भारत, नॉर्थ ईस्ट, जम्मू-कश्मीर, लद्दाख सहित पूरा हिमालय का क्षेत्र हो, हमारी कोस्टल बेल्ट या फिर आदिवासी अंचल हो, ये भविष्य में भारत के विकास का बड़ा आधार बनेंगे: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
आज नॉर्थ ईस्ट में कनेक्टिविटी का नया इतिहास लिखा जा रहा है। ये कनेक्टिविटी दिलों की भी है और इंफ्रास्ट्रक्चर की भी है।
— PMO India (@PMOIndia) August 15, 2021
बहुत जल्द नॉर्थ ईस्ट के सभी राज्यों की राजधानियों को रेलसेवा से जोड़ने का काम पूरा होने वाला है: PM @narendramodi
सभी के सामर्थ्य को उचित अवसर देना, यही लोकतंत्र की असली भावना है।
— PMO India (@PMOIndia) August 15, 2021
जम्मू हो या कश्मीर, विकास का संतुलन अब ज़मीन पर दिख रहा है।
जम्मू कश्मीर में डी-लिमिटेशन कमीशन का गठन हो चुका है और भविष्य में विधानसभा चुनावों के लिए भी तैयारी चल रही है: PM @narendramodi
लद्दाख भी विकास की अपनी असीम संभावनाओं की तरफ आगे बढ़ चला है।
— PMO India (@PMOIndia) August 15, 2021
एक तरफ लद्दाख, आधुनिक इंफ्रास्ट्रक्चर का निर्माण होते देख रहा है तो वहीं दूसरी तरफ ‘सिंधु सेंट्रल यूनिवर्सिटी’ लद्दाख को उच्च शिक्षा का केंद्र भी बनाने जा रही है: PM @narendramodi
देश के जिन ज़िलों के लिए ये माना गया था कि ये पीछे रह गए, हमने उनकी आकांक्षाओं को भी जगाया है।
— PMO India (@PMOIndia) August 15, 2021
देश मे 110 से अधिक आकांक्षी ज़िलों में शिक्षा, स्वास्थ्य, पोषण, सड़क, रोज़गार, से जुड़ी योजनाओं को प्राथमिकता दी जा रही है।
इनमें से अनेक जिले आदिवासी अंचल में हैं: PM @narendramodi
आज हम अपने गांवों को तेजी से परिवर्तित होते देख रहे हैं।
— PMO India (@PMOIndia) August 15, 2021
बीते कुछ वर्ष, गांवों तक सड़क और बिजली जैसी सुविधाओं को पहुंचाने रहे हैं।
अब गांवों को ऑप्टिकल फाइबर नेटवर्क, डेटा की ताकत पहुंच रही है, इंटरनेट पहुंच रहा है। गांव में भी डिजिटल Entrepreneur तैयार हो रहे हैं: PM
गांव में जो हमारी सेल्फ हेल्प ग्रुप से जुड़ी 8 करोड़ से अधिक बहनें हैं, वो एक से बढ़कर एक प्रॉडक्ट्स बनाती हैं।
— PMO India (@PMOIndia) August 15, 2021
इनके प्रॉडक्ट्स को देश में और विदेश में बड़ा बाजार मिले, इसके लिए अब सरकार ई-कॉमर्स प्लेटफॉर्म तैयार करेगी: PM @narendramodi
छोटा किसान बने देश की शान, ये हमारा सपना है।
— PMO India (@PMOIndia) August 15, 2021
आने वाले वर्षों में हमें देश के छोटे किसानों की सामूहिक शक्ति को और बढ़ाना होगा। उन्हें नई सुविधाएं देनी होंगी: PM @narendramodi
देश के 80 प्रतिशत से ज्यादा किसान ऐसे हैं, जिनके पास 2 हेक्टेयर से भी कम जमीन है।
— PMO India (@PMOIndia) August 15, 2021
पहले जो देश में नीतियां बनीं, उनमें इन छोटे किसानों पर जितना ध्यान केंद्रित करना था, वो रह गया।
अब इन्हीं छोटे किसानों को ध्यान में रखते हुए निर्णय लिए जा रहे हैं: PM @narendramodi
हमें मिलकर काम करना होगा, Next Generation Infrastructure के लिए।
— PMO India (@PMOIndia) August 15, 2021
हमें मिलकर काम करना होगा, World Class Manufacturing के लिए।
हमें मिलकर काम करना होगा Cutting Edge Innovation के लिए।
हमें मिलकर काम करना होगा New Age Technology के लिए: PM @narendramodi
देश ने संकल्प लिया है कि आजादी के अमृत महोत्सव के 75 सप्ताह में 75 वंदेभारत ट्रेनें देश के हर कोने को आपस में जोड़ रही होंगी।
— PMO India (@PMOIndia) August 15, 2021
आज जिस गति से देश में नए Airports का निर्माण हो रहा है, उड़ान योजना दूर-दराज के इलाकों को जोड़ रही है, वो भी अभूतपूर्व है: PM @narendramodi
भारत को आधुनिक इंफ्रास्ट्रक्चर के साथ ही इंफ्रास्ट्रक्चर निर्माण में होलिस्टिक अप्रोच अपनाने की भी जरूरत है।
— PMO India (@PMOIndia) August 15, 2021
भारत आने वाले कुछ ही समय में प्रधानमंत्री गतिशक्ति- नेशनल मास्टर प्लान को लॉन्च करने जा रहा है: PM @narendramodi
विकास के पथ पर आगे बढ़ते हुए भारत को अपनी मैन्यूफैक्चरिंग और एक्सपोर्ट, दोनों को बढ़ाना होगा।
— PMO India (@PMOIndia) August 15, 2021
आपने देखा है, अभी कुछ दिन पहले ही भारत ने अपने पहले स्वदेशी एयरक्राफ्ट कैरियर INS विक्रांत को समुद्र में ट्रायल के लिए उतारा है: PM @narendramodi
भारत आज अपना लड़ाकू विमान बना रहा है, सबमरीन बना रहा है, गगनयान भी बना रहा है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
देश के सभी मैन्यूफैक्चर्स को भी ये समझना होगा-
— PMO India (@PMOIndia) August 15, 2021
आप जो Product बाहर भेजते हैं वो आपकी कंपनी में बनाया हुआ सिर्फ एक Product नहीं होता।
उसके साथ भारत की पहचान जुड़ी होती है, प्रतिष्ठा जुड़ी होती है, भारत के कोटि-कोटि लोगों का विश्वास जुड़ा होता है: PM @narendramodi
मैं इसलिए मनुफक्चरर्स को कहता हूँ -
— PMO India (@PMOIndia) August 15, 2021
आपका हर एक प्रॉडक्ट भारत का ब्रैंड एंबेसेडर है। जब तक वो प्रॉडक्ट इस्तेमाल में लाया जाता रहेगा, उसे खरीदने वाला कहेगा - हां ये मेड इन इंडिया है: PM @narendramodi
हमने देखा है, कोरोना काल में ही हजारों नए स्टार्ट-अप्स बने हैं, सफलता से काम कर रहे हैं।
— PMO India (@PMOIndia) August 15, 2021
कल के स्टार्ट-अप्स, आज के Unicorn बन रहे हैं।
इनकी मार्केट वैल्यू हजारों करोड़ रुपए तक पहुंच रही है: PM @narendramodi
Reforms को लागू करने के लिए Good औऱ Smart Governance चाहिए।
— PMO India (@PMOIndia) August 15, 2021
आज दुनिया इस बात की भी साक्षी है कि कैसे भारत अपने यहां गवर्नेंस का नया अध्याय लिख रहा है: PM @narendramodi
मैं आज आह्वान कर रहा हूं, केंद्र हो या राज्य सभी के विभागों से, सभी सरकारी कार्यालयों से। अपने यहां नियमों-प्रक्रियाओं की समीक्षा का अभियान चलाइए।
— PMO India (@PMOIndia) August 15, 2021
हर वो नियम, हर वो प्रक्रिया जो देश के लोगों के सामने बाधा बनकर, बोझ बनकर, खड़ी हुई है, उसे हमें दूर करना ही होगा: PM @narendramodi
आज देश के पास 21वीं सदी की जरूरतों को पूरा करने वाली नई ‘राष्ट्रीय शिक्षा नीति’ भी है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2021
जब गरीब के बेटी, गरीब का बेटा मातृभाषा में पढ़कर प्रोफेशनल्स बनेंगे तो उनके सामर्थ्य के साथ न्याय होगा।
— PMO India (@PMOIndia) August 15, 2021
नई राष्ट्रीय शिक्षा नीति को गरीबी के खिलाफ लड़ाई का मैं साधन मानता हूं: PM @narendramodi
नई राष्ट्रीय शिक्षा नीति की एक और विशेष बात है।
— PMO India (@PMOIndia) August 15, 2021
इसमें स्पोर्ट्स को Extracurricular की जगह मेनस्ट्रीम पढ़ाई का हिस्सा बनाया गया है।
जीवन को आगे बढ़ाने में जो भी प्रभावी माध्यम हैं, उनमें एक स्पोर्ट्स भी है: PM @narendramodi
ये देश के लिए गौरव की बात है कि शिक्षा हो या खेल, बोर्ड्स के नतीजे हों या ओलपिंक का मेडल, हमारी बेटियां आज अभूतपूर्व प्रदर्शन कर रही हैं।
— PMO India (@PMOIndia) August 15, 2021
आज भारत की बेटियां अपना स्पेस लेने के लिए आतुर हैं: PM @narendramodi
आज मैं एक खुशी देशवासियों से साझा कर रहा हूँ।
— PMO India (@PMOIndia) August 15, 2021
मुझे लाखों बेटियों के संदेश मिलते थे कि वो भी सैनिक स्कूल में पढ़ना चाहती हैं, उनके लिए भी सैनिक स्कूलों के दरवाजे खोले जाएं: PM @narendramodi
दो-ढाई साल पहले मिजोरम के सैनिक स्कूल में पहली बार बेटियों को प्रवेश देने का प्रयोग किया गया था।
— PMO India (@PMOIndia) August 15, 2021
अब सरकार ने तय किया है कि देश के सभी सैनिक स्कूलों को देश की बेटियों के लिए भी खोल दिया जाएगा: PM @narendramodi
भारत की प्रगति के लिए, आत्मनिर्भर भारत बनाने के लिए भारत का Energy Independent होना अनिवार्य है।
— PMO India (@PMOIndia) August 15, 2021
इसलिए आज भारत को ये संकल्प लेना होगा कि हम आजादी के 100 साल होने से पहले भारत को Energy Independent बनाएंगे: PM @narendramodi
भारत आज जो भी कार्य कर रहा है, उसमें सबसे बड़ा लक्ष्य है, जो भारत को क्वांटम जंप देने वाला है- वो है ग्रीन हाइड्रोजन का क्षेत्र।
— PMO India (@PMOIndia) August 15, 2021
मैं आज तिरंगे की साक्षी में National Hydrogen Mission की घोषणा कर रहा हूं: PM @narendramodi
21वीं सदी का आज का भारत, बड़े लक्ष्य गढ़ने और उन्हें प्राप्त करने का सामर्थ्य रखता है।
— PMO India (@PMOIndia) August 15, 2021
आज भारत उन विषयों को भी हल कर रहा है, जिनके सुलझने का दशकों से, सदियों से इंतजार था: PM @narendramodi
Article 370 को बदलने का ऐतिहासिक फैसला हो,
— PMO India (@PMOIndia) August 15, 2021
देश को टैक्स के जाल से मुक्ति दिलाने वाली व्यवस्था- GST हो,
हमारे फौजी साथियों के लिए वन रैंक वन पेंशन हो,
या फिर रामजन्मभूमि केस का शांतिपूर्ण समाधान, ये सब हमने बीते कुछ वर्षों में सच होते देखा है: PM @narendramodi
त्रिपुरा में दशकों बाद ब्रू रियांग समझौता होना हो,
— PMO India (@PMOIndia) August 15, 2021
ओबीसी कमीशन को संवैधानिक दर्जा देना हो,
या फिर जम्मू-कश्मीर में आजादी के बाद पहली बार हुए BDC और DDC चुनाव,
भारत अपनी संकल्पशक्ति लगातार सिद्ध कर रहा है: PM @narendramodi
आज दुनिया, भारत को एक नई दृष्टि से देख रही है और इस दृष्टि के दो महत्वपूर्ण पहलू हैं।
— PMO India (@PMOIndia) August 15, 2021
एक आतंकवाद और दूसरा विस्तारवाद।
भारत इन दोनों ही चुनौतियों से लड़ रहा है और सधे हुए तरीके से बड़े हिम्मत के साथ जवाब भी दे रहा है: PM @narendramodi
आज देश के महान विचारक श्री ऑरबिंदो की जन्मजयंती भी है।
— PMO India (@PMOIndia) August 15, 2021
साल 2022 में उनकी 150वां जन्मजयंती है: PM @narendramodi
वो कहते थे कि- हमें उतना सामर्थ्यवान बनना होगा, जितना हम पहले कभी नहीं थे।
— PMO India (@PMOIndia) August 15, 2021
हमें अपनी आदतें बदली होंगी, एक नए हृदय के साथ अपने को फिर से जागृत करना होगा: PM @narendramodi
जिन संकल्पों का बीड़ा आज देश ने उठाया है, उन्हें पूरा करने के लिए देश के हर जन को उनसे जुड़ना होगा, हर देशवासी को इसे Own करना होगा।
— PMO India (@PMOIndia) August 15, 2021
देश ने जल संरक्षण का अभियान शुरू किया है, तो हमारा कर्तव्य है पानी बचाने को अपनी आदत से जोड़ना: PM @narendramodi
मैं भविष्य़दृष्टा नहीं हूं, मैं कर्म के फल पर विश्वास रखता हूं।
— PMO India (@PMOIndia) August 15, 2021
मेरा विश्वास देश के युवाओं पर है।
मेरा विश्वास देश की बहनों-बेटियों, देश के किसानों, देश के प्रोफेशनल्स पर है।
ये Can Do Generation है, ये हर लक्ष्य हासिल कर सकती है: PM @narendramodi
21वीं सदी में भारत के सपनों और आकांक्षाओं को पूरा करने से कोई भी बाधा रोक नहीं सकती।
— PMO India (@PMOIndia) August 15, 2021
हमारी ताकत हमारी जीवटता है, हमारी ताकत हमारी एकजुटता है।
हमारी प्राणशक्ति, राष्ट्र प्रथम, सदैव प्रथम की भावना है: PM @narendramodi
यही समय है, सही समय है,
— PMO India (@PMOIndia) August 15, 2021
भारत का अनमोल समय है।
असंख्य भुजाओं की शक्ति है,
हर तरफ़ देश की भक्ति है,
तुम उठो तिरंगा लहरा दो,
भारत के भाग्य को फहरा दो: PM @narendramodi
यही समय है, सही समय है, भारत का अनमोल समय है।
— PMO India (@PMOIndia) August 15, 2021
कुछ ऐसा नहीं जो कर ना सको,
कुछ ऐसा नहीं जो पा ना सको,
तुम उठ जाओ, तुम जुट जाओ,
सामर्थ्य को अपने पहचानो,
कर्तव्य को अपने सब जानो,
भारत का ये अनमोल समय है,
यही समय है, सही समय है: PM @narendramodi
India marks Amrit Mahotsav with a sense of gratitude to those who toiled for freedom and with a commitment to build a strong and prosperous India.
— Narendra Modi (@narendramodi) August 15, 2021
Here are glimpses from the Red Fort today. #IndiaIndependenceDay pic.twitter.com/y0i0FVKKFx
I bow to the great Sri Aurobindo Ji on his Jayanti. His intellectual clarity, noble tenets and emphasis on India's regeneration give us great strength. He made pioneering contributions to India's freedom movement. pic.twitter.com/Q6UkV4swkd
— Narendra Modi (@narendramodi) August 15, 2021