পি এম ইণ্ডিয়া
অহা ৭ আৰু ৮ অক্টোবৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট ভ্ৰমণ কৰিব।
৭ অক্টোবৰৰ পুৱা প্রধানমন্ত্রীয়ে দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন কৰিব। দ্বাৰকাত তেওঁ ওখা আৰু বেইট দ্বাৰকাৰ মাজত এখনি সেঁতু আৰু অন্যান্য পথ উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। তাৰ পাছতে তেওঁ এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।
দ্বাৰকাৰ পৰা প্রধানমন্ত্রীয়ে সুৰেন্দ্র নগৰ জিলাৰ চোটিলালৈ যাব। ৰাজকোটত তেওঁ এটি গ্রীনফিল্ড বিমান বন্দৰ, আমেদাবাদ-ৰাজকোটৰ ৰাষ্ট্ৰীয় ঘাইপথ ছিক্সলেনলৈ উন্নীতকৰণ আৰু ৰাজকোট-মোৰবি ৰাজ্যিক পছ ফ’ৰলেনলৈ উন্নীতকৰণ প্রকল্পৰো আধাৰশিলা স্থাপন কৰিব। তদুপৰি, প্রধানমন্ত্রী সম্পূর্ণ স্বয়ংক্রিয়ভাবে দুগ্ধ প্রস্তুতকৰণৰ এটি কেন্দ্র আৰু পেকেজিং প্লান্টো দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰিব। সুৰেন্দ্র নগৰৰ জোড়াবৰনগৰ আৰু ৰতনপুৰ এলেকাৰ মাজত এটি খোৱাপানী প্ৰকল্প পাইপলাইনো দেশবাসীৰ নামত উৎসর্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। সুৰেন্দ্ৰ নগৰতো এখন সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী।
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী গান্ধীনগৰ অভিমুখে ৰাওনা হ’ব। গান্ধীনগৰত তেওঁ নৱনিৰ্মিত আইআইটি দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযান (PMGDISHA)ৰ শুভাৰম্ভ কৰিব। এই অভিযানৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ নাগৰিকক জিডিটেল শিক্ষাৰ প্ৰদান কৰা। ইয়াৰ অধীনত তথ্য আহৰণ, জ্ঞান, শিক্ষা আৰু স্বাস্থ্য সজাগতা জ্ঞান দিয়া হব। এই অভিযানে জিডিটেল লেনদেনকে ধৰি বিত্তীয় অন্তৰ্ভূক্তি তথা জীৱন নিৰ্বাহৰ বিভিন্ন সূযোগৰ সৃষ্টি কৰিব। গান্ধীনগৰতো ৰাজহুৱা সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।
৮ অক্টোবৰৰ পুৱা প্রধানমন্ত্রী ভাদনগৰত উপস্থিত হ’ব। প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হোৱাৰ পাছত এয়া তেওঁৰ ভাদনগৰৰ প্ৰথম যাত্ৰা। তাত তেওঁ হাটকেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰিব। এখন ৰাজহুৱা সভাত প্রধানমন্ত্রীয়ে পৰিৱর্ধিত ‘মিচন ইন্দ্রধনুষ’ আঁচনিৰ শুভাৰম্ভ কৰিব। শিশুসকলক সম্পূর্ণ টিকাকৰণৰ আওতালৈ অনাৰ লক্ষ্যৰে এই কাম ত্বৰান্বিত কৰিবলৈ এই আঁচনি শুভাৰম্ভ কৰা হৈছে। নতুন এই আঁচনিয়ে সমগ্ৰ এলেকাৰ আৰু যিবোৰ অঞ্চলত টিকাকৰণৰ হাৰ কম, তেনে এলেকাত অধিক গুৰুত্ব দিব। প্রধানমন্ত্রীয়ে ‘ইমটেকো’ এপৰ শুভাৰম্ভণী উপলক্ষে স্বাস্থ্যকর্মীসকলক টেবলেট প্ৰদান কৰিব। আশাকর্মীসকলৰ কামৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা ‘ইমটেকো’ হৈছে এটি অভিনব মোবাইল এপ্লিকেচন। ভাৰতত আশাকর্মীসকলক আৰু ভালকৈ পৰিচালনা, সহায় আৰু উদ্বুদ্ধ কৰাৰ জৰিয়তে নৱজাতক শিশু আৰু নতুন সময়সীমাৰ এই প্রকল্পৰ অধীনলৈ অহা আৰু শিশু স্বাস্থ্যৰ ক্ষেত্রত উদ্যোগ লোৱাৰ বাবেই এই এপটি প্ৰস্তুত কৰা হৈছে। ‘ইমটেকো’ৰ সম্পূৰ্ণ পাঠ হৈছে– ইনোভেটিভ মোবাইল ফোন টেকন’লজী ফৰ কমিউনিটী হেল্থ অপাৰেচনছ। গুজৰাটীত ‘টেকো’শব্দৰ অর্থ হৈছে ‘সমর্থন’। সেয়েহে ‘ImTeCHO’ৰ অর্থ হৈছে ‘মই সমর্থন কৰো’। প্রধানমন্ত্রী ইয়াতো এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।
সেই দিনা আবেলি প্রধানমন্ত্রী ভাৰচত উপস্থিত হ’ব। তাত তেওঁ নর্মদা নদীৰ ওপৰত ভাদভুত বান্ধৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছতে গুজৰাটৰ সুৰাটৰ উধনাৰ পৰা বিহাৰ-জয়নগৰ সংযোগী অন্ত্যোদয় এক্সপ্রেছৰ যাত্রা শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাট নর্মদা সাৰ নিগমৰ কেইবাটা প্লান্টৰ লগতে আধাৰশিলা স্থাপনৰ নামফলকো উদ্বোধন কৰিব। ভাৰুচতো তেওঁ এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।
প্রধানমন্ত্রীয়ে ৮ অক্টোবৰৰ সন্ধিয়া দিল্লীলৈ ঘুৰি আহিব।
***
AKT/SH/DB
Will be in Gujarat today & tomorrow, where I will join important programmes across the state. https://t.co/QkJTt3pKzG
— Narendra Modi (@narendramodi) October 7, 2017
My programmes today begin with a visit to the Dwarkadhish Temple. Will lay the foundation stone for a bridge between Okha and Bet Dwarka.
— Narendra Modi (@narendramodi) October 7, 2017
Foundation stones for other projects relating to the road sector will also be laid. I will then address a public meeting at Dwarka.
— Narendra Modi (@narendramodi) October 7, 2017
In Chotila, Surendranagar district, foundation stone for projects including greenfield airport for Rajkot & highway projects will be laid.
— Narendra Modi (@narendramodi) October 7, 2017
A fully automatic milk processing & packaging plant and a drinking water distribution pipeline will be dedicated to the nation in Chotila.
— Narendra Modi (@narendramodi) October 7, 2017
There shall be a public meeting in Chotila after which I will go to Gandhinagar, where a new building of IIT will be dedicated to the nation
— Narendra Modi (@narendramodi) October 7, 2017
The PM Gramin Digital Saksharta Abhiyan (PMGDISHA) aimed at imparting digital literacy to citizens in rural areas will be launched today.
— Narendra Modi (@narendramodi) October 7, 2017
I will also speak at a public meeting in Gandhinagar. Watch all my programmes today on the NM App. https://t.co/TYuxNNJfIf
— Narendra Modi (@narendramodi) October 7, 2017