Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাঁচীত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ৰাঁচীত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ৰাঁচীত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ৰাঁচীত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে ৰাঁচী ভ্ৰমণ কৰে। ইয়াতেই আয়ুষ্মান ভাৰত যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে তেওঁ মত-বিনিময় কৰে। এই মত বিনিময়ত অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মূৰ্মু আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী ৰঘূবীৰ দাসো উপস্থিত থাকে।

এই মত বিনিময় অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ হাজাৰিবাগত উপস্থিত হয় আৰু তাত তেওঁ কয় যে এইয়েই হৈছে ঝাৰখণ্ড, য’ত আয়ুষ্মান ভাৰত যোজনা প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল, আৰু ইয়াৰ দ্বাৰা ইতিমধ্যেই ঝাৰখণ্ডৰ লগতে সমগ্ৰ দেশৰ হেজাৰ হেজাৰ লোক উপকৃত হৈছে। উল্লেখ্য যে ২০১৮ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে ৰাঁচীৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা চমুকৈ আয়ুষ্মান ভাৰতৰ শুভাৰম্ভ কৰিছিল আৰু এই যোজনাই কালক্ৰমত দেশৰ দৰিদ্ৰ জনতাৰ বাবে এক বৃহৎ সহায়ৰ কাম কৰিছে।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উদ্দেশ্য হৈছে দৰিদ্ৰ লোকসকলৰ পৰা চিকিৎসা ব্যয়ৰ বোজা আঁতৰ কৰা। মানসম্পন্ন চিকিৎসা সেৱা প্ৰদানেৰে চিকিৎসা ব্যয় বহন কৰিব নোৱাৰো লোকসকলক সহায় কৰাই হৈছে এই আঁছনিৰ উদ্দেশ্য। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা আছে। এই আঁচনিয়ে দেশৰ ৫০ কোটিৰো অধিক লোকক স্বাস্থ্য সুৰক্ষা প্ৰদান কৰিব। বিশ্বৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য আঁচনি হিচাপে অভিহিত হোৱা এই আঁচনিৰে উপকৃত হোৱা লোকৰ সংখ্যা ইউৰোপিয়ান ইউনিয়নৰ জনসংখ্যাৰ সমান বা আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাৰ সমান।

******

AKT/ VJ/RD